কাহিলি পুৱাৰে পৰা ব্যস্ত হৈ পৰে মৌমিতা সূত্ৰধৰ। শুই উঠি কিতাপ পঢ়া, স্কুলৰ গৃহকৰ্মবোৰ শেষ কৰা, স্কুললৈ যোৱাৰ প্ৰস্তুতি চলোৱা ইত্যাদি, ইত্যাদি। ব্যস্ততাৰ শেষ নাই মৌমিতাৰ পাঁচ বছৰীয়া কণমানি জীৱনটোৰ। চহৰীয়া শিশুসকলৰ দৰেই তাইও স্কুলত সময়মতে উপস্থিত হ’বগৈ লাগে। চহৰৰ ল’ৰা-ছোৱালী আৰু তাইৰ মাজত পাৰ্থক্য এটাই। স্কুল যোৱাৰ আগতে মৌমিতাই যিবোৰ কাম কৰে সেইবোৰ চহৰীয়াসকলে নকৰে। সেইবোৰ চহৰীয়াসকলক মাক-দেউতাকেহে কৰি দিয়ে। ইয়াৰোপৰি বিদ্যালয়লৈ যোৱাৰ আগত, প্ৰায় দুই কিলোমিটাৰ বাট খোজ কাঢ়ি খোৱা পানী আনিবলৈ যোৱাৰ দায়িত্বও মৌমিতাৰে। যিটো চহৰৰ কোনো শিশুৱে কৰিব লগা নহয়। অৱশ্য়ে কেৱল মৌমিতাই নহয়; গাঁওখনত বাস কৰা তাইৰ লগৰ সকলোবোৰ বান্ধৱীয়েই একে নিয়মেৰেই পানী আনিবলৈ যায়। পৰিয়ালটোৰ পানীৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা এবাৰ, কেতিয়াবা দুবাৰ আৰু কেতিয়াবা তিনিবাৰতকৈও অধিক পানী আনিবলৈ যাব লগা হয় গাঁৱৰ শিশুসকল। গাঁওখনৰ শিশুসকলক এই কাম কৰিবলৈ বাধ্য কৰোৱা হয়, তেনে নহয়। গাঁওবাসীৰ বাবে ই এক স্বভাৱগত পৰম্পৰাত পৰিণত হৈ পৰিছে। পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়েই অন্যান্য ঘৰুৱা কাম কৰাৰ লগতে, তেখেতসকলৰ প্ৰয়োজনীয় পানীৰ বাবে নদীলৈ যাবলৈ বাধ্য।
হয়, মই পাচনি কেম্প নামৰ গাঁওখনৰ কথাকে কৈ আছোঁ। গাঁওখনত বাস কৰা লোকসকলে পানীৰ সন্ধান আৰু সংৰক্ষণতেই দৈনন্দিন, অধিক সময় ব্যস্ত থাকিবলগীয়া হয়।
পাচনিকেম্পৰ সংক্ষিপ্ত ইতিহাস
১৯৭০ চন মানত কুশৰাম পাচনি নামৰ এজন লোকে ঠাইখনত এটা শ্ৰমিক শিবিৰ স্থাপন কৰে। পাচনি অসম চৰকাৰৰ ই্ এণ্ড্ ডি্ বিভাগৰ কৰ্মচাৰী আছিল। তেখেতক ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ আয়োগ (বি্ এফ্ চি্ চি্) ৰ অধীনত এখন ওলমা দলঙৰ নিৰ্মাণ তত্বাৱাধনৰ মহৰী হিচাপে আয়োগে তালৈ পঠিওৱা হয়। দলংখন গোগামুখৰ পৰা গেৰুকামুখক সংযোগ কৰিবলৈ চাউলধোৱা নলাৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত পাচনি সেই দলং নিৰ্মাণ শ্ৰমিকসকলৰ সৈতে তাতে শিবিৰ পাতি আছিল। সেয়েহে স্থানীয় লোকসকলে, কুশৰাম পাচনিৰ নাম অনুসাৰে শিবিৰটোক পাচনিৰ শিবিৰ বা কেম্প বুলি ক’বলৈ ধৰে। এনেদৰেই ঠাইখনৰ পাচনি কেম্প নামটো প্ৰসাৰ হ’বলৈ ধৰে। আৰু পাছত গোটেই অঞ্চলটোৰেই নাম পাচনি কেম্প হৈ পৰিল।এইটোৱেই পাচনি কেম্প নামৰ গুৰিৰ কাহিনী।
অসম-অৰুণাচল প্ৰদেশ সীমাৰ পাদদেশত অৱস্থিত বৰ্তমানৰ পাচনিকেম্প বহুকেইখন বনগাঁৱৰ সমষ্টি। অঞ্চলটোক অসম আৰু অৰুণাচল দুয়োখন ৰাজ্যই নিজৰ বুলি দাবী কৰে। ফলত মাজে সময়ে অঞ্চলটোক লৈ সীমা বিবাদৰ উকমুকনি দিয়ে। অৱশ্য়ে আজি পৰ্যন্ত অঞ্চলটোৰ ৰাইজ কোনো ৰক্তক্ষয়ী সংঘাতত লিপ্ত হোৱা নাই। সকলো মিলা প্ৰীতিৰেই বসবাস কৰি আছে।
প্ৰশাসনিকভাৱে পাচনি কেম্প অঞ্চলটো ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ মিংমাং গাঁও পঞ্চায়তত অৱস্থিত। সমান্তৰালকৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ (এম্ এ্ চি্) মিংমাং সমষ্টিৰ অধীনস্থ অঞ্চলটো পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (চি্ ই্ এম্ ) শ্ৰীযুত পৰমানন্দ চায়েঙ্গীয়াই প্ৰতিনিধিত্ব কৰে।
বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰাৰে পৰা অঞ্চলটোৰ ৰাইজ বিশুদ্ধ খোৱাপানী আৰু অন্যান্য পানী সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈ আহিছে। গাঁওবাসীৰ লগত কথা পাতিলে ধৰিব পাৰি, পানীৰ দীৰ্ঘস্থায়ী সমস্যাৰ সৈতে দিৰপাই, শান্তিপুৰ, ধৰ্মপুৰ আৰু কৈলাশপুৰ আদি গাঁৱৰ ৰাইজে এতিয়াও যুঁজ দি থাকিবলগীয়া হৈছে ।
অসমৰ মানুহে সুচল পানী ব্যৱস্থাক প্ৰাধান্য প্ৰদান কৰি বসতি স্থাপনৰ বাবে নতুন স্থান নিৰ্ধাৰণ কৰে। কিন্তু ,পাচনিকেম্প এই সূত্ৰটোৰ ব্য়তিক্ৰম। অঞ্চলটোৰ পানী ব্যৱস্থা একেবাৰে সুচল নহয়। দীৰ্ঘ সময়ৰ পৰা পানী ডাঙৰ সমস্যা হিচাপে দেখা দি আহিছে। ইয়াৰ শুকান মাটি খেতিৰ বাবেও অনুপযুক্ত। ইমান কষ্ট আৰু অনিশ্চয়তাস্বত্বেও শ শ পৰিয়ালে পাচনি কেম্পত বসতি স্থাপন কৰি গাঁও স্থাপন কৰা কাৰ্যত কিবা গুপুত কাৰণ নিহিত থকা যেন লাগিল। সমান্তৰালকৈ অঞ্চলটো সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰো অন্তৰ্গত। য’ত যিকোনো সময়তে উচ্ছেদিত হোৱাৰ ভয়। আৰম্ভণিৰ সময়ত নিৰ্মাণ কৰা বাঁহৰ পঁজাবোৰ, ৰোপণ কৰা কলজাতীয় গছবোৰ বনকৰ্মীসকল হাতীৰ সৈতে আহি সঘনাই ভাঙি-ছিঙি পেলাইছিল। এতিয়াও সময়ে সময়ে এই কাৰ্যৰ পুনৰাবৃত্তি ঘটি থাকে।
১৯৫০ চনৰ বৰভূঁইকপৰ পাছৰে পৰাই ঠাইখিনিত বেলেগ বেলেগ অঞ্চলৰ পৰা চেগা- চোৰোকাকৈ অহা মানুহে পাচনিকেম্পত বসতি আৰম্ভ কৰে। ১৯৫০ চনৰ বৰভূঁইকপ আৰু তাৰ পাছৰে পৰা ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাত সঘনাই হোৱা বানপানী-গৰাখহনীয়াৰ ফলত উপত্যকাটোৰ ভূমি আৰু জনবিন্যাসৰ ৰূপৰেখা সততে সলনি হৈছিল। বিশেষজ্ঞসকলৰ মতে, অধিক উচ্চতাৰ পৰা বৈ অহা নদীৰ পানীৰ তীব্ৰতা, ঘেল আদিৰ পৰিণতিত নদীবক্ষৰ উচ্চতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰা আদিয়েই বানপানী আৰু গৰাখহনীয়াৰ প্ৰধান কাৰণ। অঞ্চলটোলৈ অহা অধিকসংখ্যক পৰিয়াল ১৯৫০ চনৰ ভূমিকম্পৰ পাছৰ সময়খিনিত অবিভক্ত লক্ষীমপুৰ জিলাৰ বানপানী আৰু খহনীয়াত প্ৰভাৱিত অঞ্চলৰ পৰা স্থানচ্যুত হোৱা লোক। তেখেতসকলৰ মতে পাচনি কেম্পৰ পানীৰ অভাৱতকৈ বানপানী আৰু গৰাখহনীয়া অধিক বিপদজনক আছিল।
অৱশ্যে এনে উদাহৰণো আছে যে, বানপানী আৰু খহনীয়াৰ দ্বাৰা স্থানচ্যুত হৈ বহু বছৰ ধৰি পাচনি কেম্পত বসতি স্থাপন কৰা কেইবাটাও পৰিয়াল, পুনৰ পানীৰ অভাৱৰ বাবেই ঠাইখন এৰি গুছি গৈছিল। মিচিং, আহোম, চুতীয়া, কোচ-ৰাজবংশী, বড়ো, চাওতাল সম্প্ৰদায়ৰ বহু পৰিয়াল বানৰ দ্বাৰা স্থানচ্যুত হৈ কিছুদিন অস্থায়ীভাৱে থকাৰ উদ্দেশ্যেৰেহে এই ঠাইত আশ্ৰয় লৈছিল। অৱশেষত, তেওঁলোক তাতে স্থায়ীভাৱে থাকি গৈছিল।
পাচনিকেম্প এলেকাৰ দুয়োফালে অৰুণাচল পাহাৰৰ উজনিৰ পৰা দুখন হাতৰ দৰে দুটা জান বৈ গৈছে। বৈ যোৱা জান দুটাৰ মাজৰ অৰুণাচল পাহাৰৰ পাদদেশৰ ওখ নামনি অঞ্চলটোৱেই হ’ল পাচনিকেম্প। পাচনিকেম্পৰ পূৱ ফালৰ পৰা দক্ষিণ ফালে প্ৰৱাহিত জানটোৰ নাম নাহৰজান। নাহৰজান নামৰ এই সৰু অগভীৰ সুঁতিটো তলফালে বৰলা নামৰ আন এটা সুঁতিৰ লগ হৈ আৰু অধিক পূৱলৈ বৈ গৈছে। আনটো হ’ল চাউলধোৱা নলা। ওচৰৰ পাহাৰ অংশৰ পৰা ওলাই অহা নলাটো পাচনিকেম্পৰ ওচৰৰে পশ্চিম দিশলৈ গতি কৰে। দুয়োটা জানেই শেষত সোৱণশিৰি নদীত লগ লাগে। জান দুটাই হৈছে অঞ্চলটোত বসতি স্থাপন কৰা প্ৰায় এক হাজাৰ পৰিয়ালৰ বাবে পানীৰ একমাত্ৰ উৎস। গাঁওবোৰৰ পৰা পূৱ আৰু পশ্চিম দিশত থকা এই সুঁতি দুয়োটাৰ দূৰত্ব অঞ্চলটোৰ মধ্যভাগৰ পৰা ৩-৫ কিলোমিটাৰ পৰ্যন্ত হ’ব। দিৰপাই শন্তিপুৰ হ’ল চাউলধোৱা নলাৰ নিকটতম গাঁও। গাঁওখন পানী অনা ঘাটৰ পৰা প্ৰায় ৫০০ মিটাৰৰ পৰা ২ কিলোমিটাৰ দূৰত্বৰ ভিতৰত হ’ব। ধৰ্মপুৰ গাঁওখন প্ৰায় ২-৩ কিলোমিটাৰ দূৰৈত অৱস্থিত। কৈলাশপুৰ গাঁওখন চাউলধোৱা নলাৰ ঘাটৰ পৰা আটাইতকৈ দূৰৈত থকাৰ হেতু কৈলাশপুৰৰ বেছিভাগ বাসিন্দা পানীৰ বাবে নাহৰজানলৈ যায়। কিন্তু বাৰিষাৰ মাহকেইটাৰ বাহিৰে (জুন, জুলাই, আগষ্ট), নাহৰজান প্ৰায় শুকান হৈ থাকে। কিছু অংশত অলপ পানী পোৱা যায় যদিও সেই পানী ব্যৱহাৰ কৰাটো অতি কঠিন হৈ পৰে।
আনহাতে, চাউলধোৱা নলাত গোটেই বছৰ ধৰি আঠুমূৰীয়া পানী থাকে। অৰুণাচলৰ পাহাৰ অংশত বৰষুণ দিলে সুঁতিটোৰ পানী উপচি পৰে।
গাঁওবাসীৰ নদী পৃষ্ঠৰ পৰা খোৱাৰ পানী সংগ্ৰহ প্ৰক্ৰিয়াটো আকৰ্ষণীয়। খোৱাৰ উদ্দেশ্যে ব্যৱহৃত পানী তেখেতসকলে পোনপটীয়াকৈ নদীৰ পানী প্ৰৱাহিত অংশৰ পৰা সংগ্ৰহ নকৰে। প্ৰথমতে তেওঁলোকে নদীৰ কাষৰ বালিভাগৰ এটা স্থান বাচনি কৰে। তাৰ পাছত এভৰি জোখৰে এটা ঘূৰণীয়া গাঁত খনন কৰি নদীৰ মুকলি পানী পোনে পোনে সোমাব নোৱৰাকৈ গাঁতটো বালিৰে বেৰা দি দিয়ে। ফলত চাৰিওফালৰ পৰা উঁহ দি পৰিষ্কাৰ পানী গাতটোত সোমাব ধৰে। গাঁতটোত পানী সম্পূৰ্ণ হোৱাৰ পাছত সেই পানী লগত নিয়া পাত্ৰত সংগ্ৰহ কৰে। অৱশ্যে এই প্ৰক্ৰিয়াটো খৰালিৰ সময়তহে উপযোগী, বাৰিষাৰ সময়ত নদীত পানী বেছি থকা সময়ত এই প্ৰক্ৰিয়াটো কামত নহা হৈ পৰে।
পাচনিকেম্প, য’ত প্ৰতিদিনে, প্ৰতি টোপাল পানীৰ বাবে সংগ্ৰাম কৰিবলগা হয়
গাঁওবাসীৰ বাবে নদীৰ পানী সংগ্ৰহ কৰাটো এক দৈনন্দিন এৰাব নোৱৰা কাম। তেখেতসকলৰ বাবে পানীৰ একমাত্ৰ উৎস হ’ল চাউলধোৱা নলা। কেৱল খোৱাৰ বাবেই যে পানী সংগ্ৰহ কৰে তেনে নহয়, নিত্য প্ৰয়োজনীয় যেনে, গা ধোৱা, কাপোৰ ধোৱা আদি প্ৰতিটো কামৰ বাবে তেখেতসকল চাউলধোৱা নলালৈ যোৱাটো অপৰিহাৰ্য। শিশু আৰু বৃদ্ধসকলো এই কামৰ পৰা বাদ নপৰে। শিশু আৰু বৃদ্ধসকলে সদায় এই কাম কৰিব লগা হোৱাটো কিমান দুখজনক ভাবি চাওঁকচোন।
মহিলা আৰু শিশুসকল কাহিলি পুৱাতে পানীৰ পাত্ৰ লৈ নদীলৈ দৌৰ মাৰে। নদীৰ পৰা খোৱা পানী সংগ্ৰহ কৰা, কাপোৰ ধোৱা, বাচন পৰিষ্কাৰ কৰা আৰু স্নান কৰাৰ দৰে সকলো নিত্য-নৈমিত্তিক কাম তেখেতসকলে একেবাৰতে কৰাৰ প্ৰয়াস কৰে। কিয়নো বাৰে বাৰে নদীৰ পাৰলৈ যোৱাতো তেখেতসকলৰ বাবে অস্বস্তিকৰ হৈ পৰে।
নদীলৈ বাৰে প্ৰতি অহা-যোৱা কৰা কামটো কষ্টকৰ আৰু বিপদজনকো। নদীৰ থিয় গৰা আৰু সেই গৰাৰে উঠা নমা কৰাটো কোনোপ্ৰকাৰে সুখকৰ নহয়। গাঁৱৰ বাসিন্দা মুমু বৰুৱাৰ মতে, "মূৰত বা কঁকালত গধুৰ পানীভৰ্তি কলহৰে (পানীৰ পাত্ৰ) গৰাৰ ওপৰলৈ উঠাটো শিশু আৰু মহিলাৰ বাবে বৰ কঠিন কাম।" কিন্তু তেওঁলোকে তেওঁলোকৰ ঘৰুৱা কাম অব্যাহত ৰখাৰ বাবে পানী ননাকৈ থাকিব নোৱাৰে। তাৰ কোনো বিকল্পও নাই। এই কাম সদায় কৰাৰ ফলত গাঁৱৰ বহু যুৱতী মূৰ, ডিঙি, পিঠি আৰু কঁকালৰ বিষত ভোগে। কিন্তু তেখেতসকলে কাকো নকয়। তেওঁলোকে বিষ অসহ্য নোহোৱালৈকে উপেক্ষা কৰি থাকে। গাঁৱৰ বেছিভাগ মহিলা এনেবোৰ বিষজনিত ৰোগৰ নিৰৱ ৰোগী।
গাঁওবাসীৰ দৈনিক পানী সংগ্ৰহ আৰু সন্ধানৰ সৈতে সম্পৰ্কিত বহু অস্বস্তিকৰ অথচ আমোদজনক কাহিনী আছে।
এবাৰ গাঁওলৈ এগৰাকী ন-কইনা আহিল। সেই নৱ বিবাহিত মহিলা গৰাকীয়ে ঘৰখনত পানীৰ কোনো ব্যৱস্থা নাই বুলি জানি আচৰিত হৈছিল। প্ৰত্যেকেই নদীৰ পৰা পানী সংগ্ৰহ কৰিবলৈ বা পানীৰে যুক্ত যিকোনো কামৰ বাবে এক কিলোমিটাৰ বা ততোধিক খোজ কাঢ়িব লাগে। সেই অৱস্থাত, এগৰাকী নৱ বিবাহিতা কইনা কিমান অস্বস্তিত পৰিব, আৰু ঘৰত থকা শাহু গৰাকী কিধৰণে বিব্ৰত হ’ব, কল্পনা কৰকছোন।
গাঁৱৰ মহিলাসকলে যুৱক আৰু বৃদ্ধসকলৰ আগত নদীত মুকলিকৈ গা-ধোৱা কাৰ্য সম্পন্ন কৰিব লগা হয়। সততে তেনে পৰিস্থিতিৰ সন্মুখীন হোৱা গাঁৱৰে এগৰাকী যুৱতী সুজিতা চৌতালৰ মতে, অবাঞ্ছিত পৰিস্থিতিত স্নান কৰা কাৰ্যই তেওঁলোকৰ সন্মান আৰু গোপনীয়তা উলংঘন কৰে। কিন্তু, সকলোবোৰ উপেক্ষা কৰি পৰিস্থিতিৰ সৈতে খাপ খাবলৈ তেখেতসকল বাধ্য। তেখেতসকলৰ ওচৰত বেলেগ কোনো উপায় নাই।
গাঁওবাসীয়ে ৰগৰ কৰে যে, পাচনিকেম্প অঞ্চলত তীব্ৰ পানীৰ সংকটৰ বিষয়ে জনা যুৱতীসকলে এই গাওঁবোৰৰ পুৰুষক কেতিয়াও বিয়া নকৰায়।
পাচনিকেম্পলৈ অহা আলহীসকলৰো বহু কাহিনী আছে। বহুদিন থাকিম বুলি অহা আলহী গাঁৱত পানীৰ অৱস্থা দেখি এদিন-দুদিনতে পলাই পত্ৰং দিয়ে। এই অতিথিসকলে হঠাতে ওলোৱা জৰুৰী কামৰ অজুহাত দেখুৱাই গুছি যায়।
গোগামুখৰ বাসিন্দা, ইণ্ডিয়ান পোষ্টৰ চাকৰিয়াল দিপালী বৰুৱাই তেখেতৰ সম্পৰ্কীয় ভনীয়েক এগৰাকী পাচনিকেম্পত ফুৰিবলৈ গৈ একে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ কথাকে কয়। দিপালী বৰুৱাই কৈছিল "তাই মোক গাঁওখনৰ ভয়ংকৰ পানীৰ পৰিস্থিতিৰ বিষয়ে কৈছিল। ভন্টী ইমানেই বিব্ৰত হয় যে, তাই ভৱিষ্যতে এদিনৰ বাবেও, কেতিয়াও গাঁওখনত থাকিবলৈ নাযায় বুলি কয়।" ঘটনাবোৰে গাঁওবাসীৰ মাজত হাঁহিৰ খোৰাক যোগায়।
দৈনিক মজুৰি আৰু জীৱিকাৰ অন্য উপায়
সংৰক্ষিত বনভূমিৰ অধীনত থকা অঞ্চলটোত উপযুক্ত পৰিমাণৰ পানী আৰু মাটিৰ অভাৱৰ বাবে, খুব কম পৰিয়ালেহে কৃষি আৰু পশুপালন কৰে। গাঁওবোৰৰ পৰিয়ালসমূহত চৰকাৰী চাকৰিও নাই। বেছিভাগে দৈনিক মজুৰিৰ জৰিয়তেই জীৱন নিৰ্বাহ কৰে। গাঁৱৰ প্ৰায় সকলোৱে এম্ এন্ ৰেগা আঁচনিৰ অধীনত জব কাৰ্ড পাইছিল যদিও, অতি কম সংখ্যকেহে কাম পাবলৈ সমৰ্থ হৈছে। তেখেতসকলৰ মতে এতিয়া জব কাৰ্ডৰ কোনো কামেই পাবলৈ নাই। গাঁৱৰ অধিকসংখ্যক পুৰুষে ওচৰৰ অৰুণাচলৰ অধীনৰ আদি জনগোষ্ঠীৰ গাঁওবোৰত শ্ৰমিক হিচাপে কাম কৰে। কিছুমানে গেৰুকামুখৰ সোৱণশিৰি নদীত নিৰ্মীয়মান ২০০০ মেগাৱাট ক্ষমতাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শ্ৰমিক হিচাপে কাম কৰে। ৰাষ্ট্ৰীয় জল বিদ্যুৎ নিগম (এনএইচপিচি) লিমিটেডৰ দ্বাৰা নিৰ্মীয়মান এই বহু বিতৰ্কিত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য কিছুবছৰৰ বাবে স্থানীয় লোকসকলৰ প্ৰতিবাদৰ ফলত বন্ধ হৈ আছিল।
গাঁৱৰ কিছুমান মহিলাই সৰু সৰু গোট হৈ ওচৰৰ ক্ষুদ্ৰ চাহ বাগিচাবোৰত কাম কৰে। জাইল সিং চৌতালে কৈছিল, মহিলা শ্ৰমিকসকল অধিক অসুবিধাৰ সন্মুখীন হয়, কিয়নো তেওঁলোকে কামলৈ যোৱাৰ আগতে সকলো ঘৰুৱা কাম শেষ কৰিব লগা হয়। যাৰ ভিতৰত অতি কষ্টকৰ কামটো হ’ল নদীৰ পৰা পানী অনা। আনহাতে ঘৰৰ সকলোবোৰ কাম কৰি তেখেতসকল পুৱা ৮:০০ বজাত বা তাৰ আগতেই কৰ্মস্থানত উপস্থিত হ’ব লাগিব । নহলে সেই দিনটোৰ কামৰ পৰা বঞ্চিত হ’ব। কোনোৱে আৰু কামত নলগায়।
পানীৰ সমস্যা সমাধানৰ বাবে লোৱা উদ্যোগ
পানীৰ সমস্যা সমাধানৰ বাবে গাঁওবাসীয়ে সদায় চেষ্টা অব্যাহত ৰাখিছে। কেৱল ভাগ্যক দোহাই দি বহি থকা নাই। বহুতো পৰিয়ালে বাৰিষাৰ বতৰত বৰষুণৰ পানী সংগ্ৰহ কৰি ৰখাৰ চেষ্টা কৰে। আৰ্থিকভাৱে দুৰ্বল গাঁওবাসীয়ে কলৰ বকলাৰ নাওৰা ব্যৱহাৰ কৰি ঘৰৰ টিনৰ ছাদত পৰা বৰষুণৰ পানী সংগ্ৰহ আৰু সংৰক্ষণৰ কৌশল অৱলম্বন কৰে। বেছিভাগৰেই বৰষুণৰ পানীখিনিৰো সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা নাই। স্থায়ী পানীৰ টেংক নিৰ্মাণ কৰাৰ বাবে সম্পদ আৰু অৰ্থৰ অভাৱ। বৰষুণ দিওঁতে জমা কৰি ৰাখিব পৰা অধিকভাগ পানী লোকচান হয়। আশ্বৰ্যৰ কথা হ’ল প্ৰচুৰ বৰষুণৰ মাহকেইটাতেই তেখেতসকলৰ বিশুদ্ধ খোৱা পানীৰ তীব্ৰ সংকট হয়। বাৰিষাৰ মুষলধাৰ বৰষুণে পাহাৰৰ পৰা গছ, লতা, লেতেৰা পদাৰ্থ, মৰা শ আদিবোৰ নদীৰ পানী উটুৱাই লৈ আনে। ফলত বাৰিষাৰ সময়ত নদীৰ পানী খোৱাৰ অনুপযোগী হৈ পৰে। সেই সময়ত চাৰিওফালে পানীয়েই পানী দেখি কিন্তু এটোপালো বিশুদ্ধ খোৱাপানী পোৱা নাযায়। গাঁওবাসীৰ বাবে নদীৰ পৰা সেই আৱৰ্জনাবিশিষ্ট পানী সংগ্ৰহ কৰাৰ বাহিৰে উপায় নাথাকে। তেখেতসকলে তেতিয়া স্থানীয়ভাৱে তৈয়াৰ কৰি লোৱা ফিল্টাৰ ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰিবলৈ চেষ্টা কৰে।
বহুতো লোকে দমকল আৰু কুঁৱা স্থাপনৰ চেষ্টা কৰিও ব্যৰ্থ হৈছিল। বাৰিষাত পানীৰ স্তৰ প্ৰায় ৬০-৭০ ফুট তলত থকাৰ বিপৰীতে খৰালি মাহত স্তৰ ৮০ ৰ পৰা ১০০ ফুট তললৈ নামি যায়। গতিকে দমকল আৰু কুঁৱা স্থাপন তেখেতসকলৰ বাবে সম্ভৱ নহয়। চাউলধোৱা নলাৰ ওচৰতে বাস কৰা হাৰু দাসে কৈছিল “আমি দমকল স্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু মাটিৰ ৮০ ফুট তলতো পানী ওলোৱা নাছিল। গতিকে আমি দমকলৰ পানী খোৱা পৰিকল্পনা পৰিত্যাগ কৰি এই চাউলধোৱা নলাকে উপযুক্ত বুলি গ্ৰহণ কৰিলোঁ। যিহেতু অঞ্চলটোত পানী সংগ্ৰহৰ আৰু বেলেগ উৎসও নাই। খৰছৰ কথা নাভাবি আন কেইজনমানেও দমকল স্থাপন কৰিছিল। কিন্তু বাৰিষা শেষ হোৱাৰ পিছতে দমকলবোৰ অকাৰ্যকৰী হৈ পৰে। পানী নোলায়। ছেপ্টেম্বৰৰ মাজভাগলৈ পানীৰ স্তৰ পাইপৰ বহু তললৈ গৈ একেবাৰে শুকাই পৰে।”
মিচিং স্বায়ত্তশাসিত পৰিষদ (এম্ এ্ চি্) আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগেও অঞ্চলটোত গভীৰ নলীনাদ খননৰ কেইবাবাৰো চেষ্টা কৰিছিল, কিন্তু এটাতো সফল নহ’ল।
কেইবছৰমান আগতে স্থানীয় সংবাদ মাধ্যমত এটা অতি দুখজনক ঘটনা প্ৰকাশ পাইছিল। ধৰ্মপুৰ গাঁৱত কুঁৱা খনন কৰোঁতে জীতেন পেগু ওৰফে নামফ্ নামৰ এজন যুৱক খাদতে শ্বাসৰুদ্ধ হৈ মৃত্যু হ’ল। গাঁওবাসীয়ে কৰা বৰ্ণনা অনুসৰি দুপৰীয়া প্ৰায় ১:৩০ বজাত নামফ্ ২৫ ফুট গভীৰ কুঁৱাটো আৰু অলপ দকৈ খনন কৰিবলৈ নামি গ’ল। ওচৰতে একেলগে কাম কৰি থকা প্ৰশান্ত ফুকন আৰু বিজয় কলিতাই অলপ সময়ৰ পিছত নামফক মাতিলে। কিন্তু খাদৰ পৰা নামফই কোনো উত্তৰ নিদিয়াত কুঁৱাটোৰ ওচৰলৈ গ’ল অৰু নামফক খাদৰ গাঁতত অচেতন হৈ পৰি থকা দেখিলে। উদ্ধাৰৰ বাবে দুয়ো তললৈ নামি গ’ল। কিন্তু তলত তেওঁলোকো অজ্ঞান হৈ পৰিল। গাঁওবাসীয়ে দুৰ্ঘটনাটো গম পাই উদ্ধাৰৰ বাবে দৌৰা-দৌৰি কৰিবলৈ ধৰিলে। কিছু সময়ৰ পিছত অসম আৰক্ষী বেটেলিয়ন (এ্ পি্ বি্ এন্) আৰু কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ (চি্ আই্ এছ্ এফ্) ৰ জোৱান আহি তিনিওকে কুঁৱাৰ তলৰ পৰা উলিয়াই আনিলে। দুৰ্ভাগ্যবশতঃ তেতিয়ালৈ নামফৱে শেষ নিশ্বাস ত্যাগ কৰিছিল। অজ্ঞান বিজয় আৰু প্ৰশান্তক গোগামুখ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ল। দুয়াৰে প্ৰাণ ৰক্ষা পৰিল।
এন্ এইচ্ পি্ চি্ লিমিটেডে ইয়াৰ সামাজিক দায়বদ্ধতা (চি্ এছ্ আৰ্) কাৰ্যসূচীৰ অংশ হিচাপে 'কলচ' নামৰে এক পানী যোগান আঁচনি আৰম্ভ কৰিছিল। উক্ত আঁচনিৰ অধীনত জলবিদ্যুৎ প্ৰকল্প স্থানৰ চাৰিওফালে অৱস্থিত গাঁওবোৰৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কেইটামান নিৰ্বাচিত স্থানত ৫০ লিটাৰ ক্ষমতাৰ পানী সংৰক্ষণ টেংক স্থাপন কৰিছিল। এই পদ্ধতিত বৈদ্যুতিক পাম্প ব্যৱহাৰ কৰি মাটিৰ পৰা টেংকলৈ পানী তোলা হয়।
শীতৰ মাহবোৰত বেছিভাগ সময় এই আঁচনিৰ কাম নোহোৱা হৈ পৰে। সেই সময়ত পাম্পবোৰৰ নলীয়ে পানীৰ স্তৰ ঢুকি নোপোৱা হৈ পৰে। ফলত এই আঁচনিৰ ওপৰত সম্পূৰ্ণৰূপে গাঁওবাসী নিৰ্ভৰশীল হ’ব নোৱাৰে। আনহাতে অঞ্চলটোত বিদ্যুতৰ যোগানো অনিয়মীয়া। অসম বিদ্যুৎ বিতৰণ নিগম লিমিটেড (এ্ পি্ ডি্ চি্ এল্ ) অঞ্চলটোত বিদ্যুৎ যোগানৰ বাবে দায়বদ্ধ। কিন্তু গাঁওকেইখনত সঘনাই বিদ্যুৎ কৰ্তন কৰা হয়। আনহাতে, বিদ্যুৎ থকা বেছিভাগ সময় ভল্টেজ কম থাকে। এক কথাত ‘কলচ’ আঁচনি অতি দুৰ্বলভাৱে ৰূপায়ণ কৰা হৈছে। আঁচনিখনে কেৱল পানীৰ টেংকৰ ওচৰতে বাস কৰা পৰিয়ালকেইটাক কিছু পৰিমাণে উপকৃত কৰিছিল। বেছিভাগ গাঁওবাসীয়েই এই আঁচনিৰ পৰা উপকৃত নহ’ল। ধৰ্মপুৰ গাঁৱৰ বাসিন্দা চুচেন বৰুৱাৰ মতে পানীৰ টেংকবোৰ গোটেই অঞ্চলৰ পানীৰ চাহিদা পূৰণ কৰিবলৈ অতিকে সৰু। তদুপৰি তেওঁ অভিযোগ কৰে যে কলচৰ পানীত লোৰ পৰিমাণ বেছি সেয়েহে পিব নোৱাৰি। এই আঁচনিত ব্যৱহৃত সঁজুলিবোৰ নিম্ন মানদণ্ডৰ হোৱা বাবে এইবোৰ প্ৰায়ে অচল হৈ থাকে।
ভাল কথা এয়ে যে, পাচনিকেম্পৰ লোকসকলে এতিয়ালৈকে পানী কিনিব লগা হোৱা নাই। কিন্ত তেওঁলোকে পানী সংৰক্ষণৰ পাত্ৰ ক্ৰয়ৰ বাবে মজুৰিৰ পৰা কিছু টকা সাঁচি ৰাখিবলগীয়া হয়। গাঁৱত আৰ্থিকভাৱে অকণমান সুচল পৰিয়ালে, অহা-যোৱা আৰু অন্যান্য কামৰ লগতে পানী কঢ়িওৱাত সহায় হোৱাকৈ, বাইচাইকেল কিনি লয়।
বন্ধন, আৰোহণ আৰু অন্নপূৰ্ণা নামে কেইবাটাও মাইক্ৰ ফাইনেন্স কোম্পানীয়ে গাঁওবাসীক ঋণ প্ৰদান কৰে। ঋণ গ্ৰহণকাৰীসকলৰ বোছিভাগেই আত্মসহায়ক গোটৰ অধীনৰ মহিলা। এই মহিলাসকলে ঋণসমূহ উপাৰ্জনমুখী কাৰ্য নতুবা জৰুৰীকালীন পাৰিবাৰিক সমস্যা জুৰা মৰাৰ বাবে লয়। কিন্তু, তেওঁলোকে প্ৰায়ে ঋণৰ অংশবিশেষ পানী সংগ্ৰহৰ পাত্ৰ আৰু পাকঘৰৰ সঁজুলি ক্ৰয় কৰাত ব্যয় কৰে।
গাঁওবোৰত পানীৰ অভাৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময়ৰ ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে। স্বচ্ছ-ভাৰত অভিযানৰ অধীনত গাঁওকেইখনত কেইটামান চেনিটাৰী গৃহ নিৰ্মাণ কৰা হৈছিল। পানীৰ অভাৱৰ বাবে মানুহে সেইবোৰ ব্যৱহাৰ কৰিবলৈ ভাল নাপায়। গতিকে এতিয়াও গাঁৱৰ বহুসংখ্যক লোকে শৌচাগাৰ ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে মুকলি স্থানত মল ত্যাগ কৰে। বৰষুণৰ দিনত মানুহে সৃষ্টি কৰা এনেবোৰ মল-মূত্ৰজনিত আৱৰ্জনা নদী আৰু অন্যান্য জলাশয়লৈ বিয়পি পৰে। ফলত গাঁওবাসীৰ, বিশেষকৈ শিশুসকল ৰোগৰ সন্মুখীন হয়। অঞ্চলটোৰ মুক্তভাৱে মল ত্য়াগ কৰা কাৰ্য জনস্বাস্থ্য আৰু পৰিৱেশৰ বাবে অন্য এক গুৰুতৰ সমস্যা।
আমি কি কৰা উচিত
বিশুদ্ধ আৰু সুৰক্ষিত খোৱা পানী নিশ্চিত কৰাত গাঁও পঞ্চায়তৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মিচিং স্বায়ত্তশাসিত পৰিষদ স্থানীয় শাসন ব্যৱস্থাৰ বাবে দায়বদ্ধ। জনসাধাৰণৰ মৌলিক সমস্যাবোৰ সমাধান কৰা তেখেতসকলৰ দায়িত্ব। বিশেষকৈ অঞ্চলটোৰ সুৰক্ষিত খোৱা পানী আৰু অনাময়ৰ সমস্যা সমাধানৰ বাবে বিশেষভাৱে দায়িত্ব গ্ৰহণ কৰা উচিত। প্ৰাৰম্ভিক পদক্ষেপ হিচাপে অঞ্চলটোৰ ৰাইজৰ মাজত পানী বিষয়ক সজাগতা সৃষ্টি কৰিব পাৰি।
দীৰ্ঘম্যাদী পানীৰ সমস্যাৰ প্ৰতি চৰকাৰী কৰ্মকৰ্তাসকলৰ মনোযোগ আকৰ্ষণৰ বাবে গাঁওবাসী একত্ৰিত হৈ তেওঁলোকৰ পানীৰ অধিকাৰ দাবী কৰিব লাগিব। দুৰ্ভাগ্যবশতঃ অঞ্চলটোত কোনো স্থানীয় সংগঠন নাই যি এই সমস্যাবোৰ উপযুক্তভাৱে উত্থাপন কৰিব পাৰে।