Alt
28 Mar 2023 6:02 PM
 বৰাক নদীৰ পাৰত জীৱন 
১৯৮৮ চনতে মই মোৰ জন্মস্থান এৰিছিলো। বৰাক নদীৰ দক্ষিণ পাৰৰ এখন সৰু গাঁও চিঙ্গাৰবান্দ, য’ত মোৰ জন্ম হৈছিল। গাঁওখন এৰি আহিবলৈ মোৰ মন যোৱা নাছিল। উচ্চশিক্ষা গ্ৰহণৰ বাবেহে গাঁও এৰিবলৈ বাধ্য হৈছিলোঁ। কিন্তু মই এতিয়াও গাঁওখনৰ সৈতে মোৰ শিশুকালৰ কৌতুহলপূৰ্ণ স্মৃতিবোৰ বহন কৰি আছোঁ। গাঁওৰ বন্ধুসকলৰ সৈতে নদীৰ পাৰৰ বালি চাপৰিবোৰত খেলা-ধূলা কৰি ডাঙৰ হৈছিলোঁ। নদীত সাঁতোৰা শিকিছিলো। বন্ধুবৰ্গৰ সৈতে কৈশোৰৰ দিনবোৰত নদীত নাও বোৱাৰ কথাবোৰ জানো কেতিয়াবা পাহৰিব পাৰি! আমাৰ মা-দেউতাই নাও পাৰত চপা-চপা বুলি মাতি মাতি ভাগৰি পৰিছিল। আমি মাছ ধৰিছিলোঁ।  নদীৰ পৰা শামুক বুটলিছিলোঁ। জুই ধৰিবৰ বাবে নদীৰ পানীত উটি অহা কাঠখৰিবোৰ ধৰি আমি বৰ আমোদ পাইছিলোঁ। আমাৰ বাবে আটাইতকৈ আকৰ্ষণীয় আছিল অক্টোবৰ মাহত গাঁৱৰ জ্যেষ্ঠসকলে আয়োজন কৰা নাওখেল চোৱা।

নদীখন চহা জীৱনৰ আত্মা আছিল। জন্মৰ পৰা মৃত্যুলৈ আমিবোৰ নদীকে মুখ্য কৰি বসবাস কৰিছিলোঁ। সঁচা অৰ্থত এটা নদীকেন্দ্ৰিক জীৱন আছিল!

গাঁওবাসীয়ে বৰাকৰ পানী ব্যৱহাৰ কৰিছিল। “আমি নদীত কাপোৰ ধুইছিলোঁ। ৰন্ধা আৰু খোৱাৰ বাবেও নদীৰ পৰা পানী আনিছিলোঁ। আমাৰ খেতিত নদীৰ পানী দিছিলোঁ। সেই দিনবোৰত নদীৰ পাৰতেই আমি শৌচ কৰিছিলোঁ আৰু আমি বৰাকতে গা ধুইছিলোঁ, কিন্তু সকলোবোৰ আমি অতি কঠোৰ নিয়মৰ মাজেৰেহে কৰিছিলোঁ। শৌচ কৰাৰ পিছত গা ধোৱাটো আমাৰ বাবে আছিল বাধ্যতামূলক। সেইকাৰণে আমি  সৰুকালত আমাৰ বেছিভাগেই নদীত দিনে দুবাৰ বা তিনিবাৰ স্নান কৰিছিলোঁ।” নদীখনৰ পাৰবোৰ মৃতসকলৰ বাবে অন্তিম যাত্ৰাৰ স্থান আছিল। এনেদৰেই আমি নদীৰ সৈতে এক অতি ঘনিষ্ঠ সম্পৰ্কেৰে ডাঙৰ-দীঘল  হৈছিলোঁ। এতিয়াও মই নদীখনৰ সৈতে থকা সেই ঘনিষ্ঠতা জীয়াই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ।

৩০ বছৰৰ পাছত মই মোৰ জন্মস্থানলৈ উভতি আহিলোঁ। লগত লৈ আহিলো ভিন ভিন ঠাইত কৰা কামৰ অভিজ্ঞতাবোৰ। এনে নহয় যে মই মোৰ গাঁওৰ সৈতে সম্পূৰ্ণৰূপে সম্পৰ্ক হেৰুৱাইছিলো। বছৰত কমেও এবাৰ চিঙ্গাৰবান্দলৈ আহি আছিলোঁ। ঘৰলৈ অহা  সেই সময়খিনিতেই, ক্ৰমান্বয়ে পৰিৱৰ্তন হ’ব খোজা গাঁওবাসীৰ জীৱনশৈলী সুক্ষ্মভাৱে লক্ষ্য কৰিছিলো।

চিঙ্গাৰবান্দৰ ১০০% জনসংখ্যাই শিক্ষিত, সেই হিচাপে গাঁওখনক "শিক্ষিত গাঁও" বুলি জনা যায়। সেইবাবে চিঙ্গাৰবান্দক এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিব পৰা সম্ভাৱনা আছিল। ইতিমধ্যে গাঁওখনে পাইপৰ দ্বাৰা পানী যোগান, পকী শৌচাগাৰ আদি কিছুমান 'উন্নয়নমূলক কামৰ' সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৮০ ৰ আৰম্ভণিতেই গাঁওখনত পানীৰ পাইপলাইন বহুওৱাই গাঁওখনৰ ৰাস্তাৰ কাষত কিছুমান স্থানত পানীৰ টেপ স্থাপন কৰা হৈছিল। "সুৰক্ষিত খোৱা পানীৰ প্ৰৱেশত আমি সকলোৱে সুখী হৈছিলো। ২০১৬ চনত, আমাৰ গাঁওখন আৰু "বিকশিত" হৈ পৰিছিল। প্ৰায় প্ৰতিটো পৰিয়াল টেপৰ পানী আৰু বিদ্যুত যোগান ব্যৱস্থাৰে সংযোজিত হৈছিল। বেছিভাগ পৰিয়ালে শৌচাগাৰ আৰু স্নানাগাৰ নিৰ্মাণ কৰাটোত গৌৰৱ অনুভৱ কৰিছিল।" অৱশ্যে, এনে পৰিয়ালো আছিল যিয়ে টেপৰ পানীৰ সংযোগ, শৌচাগাৰ আৰু স্নানাগাৰ বাবদ নিৰ্ধাৰিত মূল্য বহন কৰিব পৰা নাছিল। তেওঁলোকক দৰিদ্ৰ আৰু "অনুন্নত" বুলি গণ্য কৰা হৈছিল। এতিয়াও এনেকুৱা কেইবাটাও পৰিয়াল গাঁওখনত আছে।

প্ৰায় সকলোৰে ঘৰৰ দুৱাৰ মুখত খোৱা পানীৰ উপলব্ধতাই নিশ্চিতভাৱে দৈনিক কামৰ প্ৰাৱল্য হ্ৰাস কৰিছে, বিশেষকৈ মহিলাসকল উপকৃত হৈছে। কিন্তু প্ৰক্ৰিয়াটোৱে পৰম্পৰাগত কৰ্মপদ্ধতি সলনি কৰি বৰাক নদীৰ সৈতে অন্তৰঙ্গ সম্পৰ্ক কমাই পেলাইছে! সেই অনুসৰি অপ্ৰত্যাশিতভাৱে নদীখনৰো চৰিত্ৰ সলনি হৈছে।

মণিপুৰ আৰু নাগালেণ্ডৰ উচ্চভূমিৰ সীমাত থকা পুলিবুদজ অঞ্চলত উদ্ভৱ হোৱা বৰাকে নাগালেণ্ড, মণিপুৰ আৰু দক্ষিণ অসমৰ মাজেৰে দীঘলীয়া দূৰত্ব (প্ৰায় ৫৩০ কিলোমিটাৰ) পাৰ হৈ কৰিমগঞ্জৰ সীমান্ত জিলাৰ ভাঙ্গাত বাংলাদেশত প্ৰৱেশ কৰিছে। নদীখনৰ  সৈতে মণিপুৰ, উত্তৰ কাছাৰ পাহাৰ আৰু মিজোৰামৰ কেইবাটাও উপনদী লগ হৈছে। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ দক্ষিণ পশ্চিমৰ টিপাইমুখত, বৰাকৰ সৈতে মিজোৰামৰ উত্তৰ-প্ৰবাহিত নদী টুইভাই লগ লাগে আৰু ইউ-টাৰ্ণ লয় দক্ষিণ অসমৰ সমভূমিত প্ৰৱেশ কৰে। বৰাক নদীৰ সমৃদ্ধশালী পৰিৱেশতন্ত্ৰ আৰু জৈৱ বৈচিত্ৰই জলজ জীৱনৰ লগতে অৱবাহিকাটোত বসবাস কৰা লোকসলকৰ জীৱন-জীৱিকাত প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

অৱশ্যে 'আধুনিক বিকাশ'ৰ অনুকৰণে নৱপ্ৰজন্মক পৰম্পৰাগত প্ৰকৃতি-আধাৰিত জীৱন শৈলীৰ পৰা আঁতৰাই পেলোৱা দেখা গৈছে।  তেখেতসকলৰ মাজত বস্তুগত সংস্কৃতি গ্ৰহণ কৰাৰ প্ৰৱণতা দিনক দিনে বাঢ়ি আহিছে।

"নদীৰ চাৰিওফালে আগতে কৰা প্ৰায় সকলো কাৰ্যকলাপ অদৃশ্য হৈ পৰা কথাটোৱে মোক বৰকৈ আঘাত কৰিছিল। গাঁওবাসীয়ে এতিয়া নদীক বেছিকৈ ব্যৱহাৰ নকৰে – তেওঁলোকে গা বা কাপোৰ ধোৱাৰ বাবে খুব কমেই নদীলৈ যায়। বেছিভাগ পৰিয়ালত এতিয়া ৰন্ধন গেছ আছে। দৰিদ্ৰ পৰিয়ালকেইটাৰ বাহিৰে নদীৰ খৰি বা বাঁহ সংগ্ৰহ কৰিবলৈ বাকীবোৰ নাযায়। গাঁওবাসীয়ে এতিয়া অনুভৱ কৰে যে, শিশুসকল নদীলৈ যোৱাটো সুৰক্ষিত নহয়।" নদীলৈ যোৱা লোকৰ সংখ্যা দিনে দিনে হ্ৰাস পাইছে। এতিয়া কেৱল কেইটামান মাছমৰীয়া পৰিয়ালেহে জীৱিকাৰ বাবে বৰাক নদীৰ ওপৰত নিৰ্ভৰ কৰে। গাঁওবাসীসকলে আৰু আগৰ দৰে তেওঁলোকৰ ঘৰৰ পৰা নদীলৈ অহা যোৱা কৰা বাট-পথবোৰ ৰক্ষণাবেক্ষণ দিয়া বা পৰিষ্কাৰ কৰা কামবোৰ আৰু নকৰে। কোনো শিশুৱে নদীত খেলিবলৈ নাযায়। আজি আৰু আমাৰ গাঁওৰ শিশুৱে সাঁতোৰা বা নাও বোৱা আদি নিশিকে। সাঁতোৰা আৰু নাও বাব জনাতোক আমি আগতে গুৰুত্বপূৰ্ণ দক্ষতা বুলি বিবেচনা কৰিছিলোঁ। আমি শিশু অৱস্থাত নদীখনলৈ কেতিয়াও ভয় কৰা নাছিলো। কিন্তু এতিয়া গাঁৱৰ শিশুসকলৰ মনত নদী আৰু জলাশয়ৰ প্ৰতি এক ভয় ভাৱৰ বিকাশ হোৱা দেখা যায়।

অৱশ্যে এতিয়া নদীৰ পাৰত মুকলি শৌচ বন্ধ হৈছে- ই এক ইতিবাচক দিশ। কিন্তু মই ভাবি আচৰিত হওঁ যে, কিছুদিনৰ ভিতৰতে  হয়তো আমি "বিকাশ"ৰ অংশ হিচাপে আমাৰ গাঁৱৰ শিশুসকলক কেনেদৰে সাঁতুৰিব লাগে শিকাবলৈ সকলো সুৰক্ষা ব্যৱস্থাৰে চুইমিং পুল নিৰ্মাণ কৰি দিব লাগিব! আমাৰ জীৱনৰ পৰা যেন চিৰকালৰ বাবে কিবা এটা হেৰাই যাব ধৰিছে!

কিন্তু গাঁওবাসীয়ে জানো কেতিয়াবা ক্ষতিৰ এই অনুভৱবোৰ কাৰোবাৰ আগত ব্যক্ত কৰিছে? মই বুজিব বিচাৰিছিলো গাঁৱৰ জেষ্ঠসকলে চিঙ্গাৰবান্দলৈ অহা এই পৰিৱৰ্তন আৰু 'বিকাশ'ৰ বিষয়ে কি ভাবে। তাৰেই ফল এই চমু লিখনিটি।
 

 বৰাকৰ স্মৃতি 
মই চিঙ্গাৰবান্দৰ জ্যেষ্ঠসকলক মোৰ সৈতে বাৰ্তালাপ কৰিবলৈ অনুৰোধ কৰিছিলোঁ। সম্ভৱতঃ তেখেতসকলেও প্ৰথমবাৰৰ বাবে এনে অনুৰোধ লাভ কৰি সহজে সন্মত হৈছিল। গাঁও আৰু বৰাক নদীৰ সৈতে সংপৃক্ত জীৱন বৰ্ণনা কৰাৰ লগে লগে নাষ্টলজিয়াত তেওঁলোক সোমাই পৰিছিল। ৬৮ বছৰীয়া নাদিয়াচান্দৰ মতে "নদীখন তেতিয়া বৰ্তমানৰ বসতি অঞ্চল আৰু পিডব্লিউডি পথৰ পৰা প্ৰায় ৩০০-৫০০ মিটাৰ দূৰত আছিল। নদীখনৰ প্ৰস্থ প্ৰায় ১৫০ মিটাৰ আছিল কিন্তু বহুত গভীৰ আছিল। আনকি শীতকালতো, নদী পাৰ হ'বলৈ সাঁতুৰিব বা নাৱত যাব লাগিছিল। আজি নদীখন খোজ কাঢ়ি পাৰ হব পৰা হ’ল।" তেওঁ কয়, "প্ৰতি বছৰে বানপানীয়ে নদীৰ পাৰবোৰ প্লাবিত কৰে আৰু পুষ্টি সমৃদ্ধ পলসেৰে মাটি উৰ্বৰ কৰি দিয়ে। গাঁওবাসীয়ে তাৰ পাছতে শীতকালীন শস্য যেনে আলু, ক'লা ডাল, কোমোৰা, কুহিয়াঁৰ, বীন আদি শস্যৰ খেতি কৰে। নদীৰ পাৰত শীতকালীন শস্য ভাল হয়।"

গাঁওখনত সকলো প্ৰকাৰৰ ফলৰ গছ-গছনি যেনে মধুৰী, আম, কঁঠাল, তামোল, জুজুব, কল, অমিতা, ক'লা তাল, কমলা, নেমু ,স্থানীয় গছ - লেহাও, চাম, চিংচু, ৱাং, ৰামডালা, কাদাম, তেৰা, ৰাতা, পুমা, চেগুন, টাইৰেন, খোংনাং (মনিপুৰী ভাষাত) আদিৰ উপৰিও, গাঁওখনৰ চাৰিওফালে খেৰ, বেত আৰু বাঁহ প্ৰচুৰভাৱে পোৱা গৈছিল। নদীৰ পাৰত ইমান ডাঠ অৰণ্য আছিল যে শিশুসকলক কেতিয়াও অকলে নদীলৈ যাবলৈ দিয়া হোৱা নাছিল। অঞ্চলটো বন্য জন্তু আৰু সৰীসৃপেৰে ভৰি আছিল। গাঁওখনৰ সকলোৱে চুবুৰীয়াসকলৰ সৈতে ভাগ বতৰা কৰি খাবলৈ যথেষ্ট আছিল। গাঁওবাসীসকলে সমজুৱা অৰণ্যৰ পৰা কাঠ, বাহ, খেৰ আদিবোৰ সংগ্ৰহ কৰি ঘৰ আৰু অন্যান্য ঘৰুৱা আচবাব নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিছিল। বহু দশক ধৰি, গাঁওখনৰ লোকসকলৰ দ্বাৰা সম্পদৰ অত্যধিক ব্যৱহাৰৰ বাবে অৰণ্য হ্ৰাস পাবলৈ ধৰে। নদীৰ গৰা খহনীয়াৰ বাবেও বনভূমিৰ কিছু অংশ হেৰাই গৈছিল। গাঁৱৰ জেষ্ঠ ব্যক্তি কেছোয়ে কয়, "মোৰ জীৱনকালত আমাৰ গাঁৱৰ মানুহে সংৰক্ষণ আৰু বৃক্ষৰোপণৰ বিষয়ে কথা কোৱা মই কেতিয়াও শুনা নাছিলো। তাৰ পৰিণতিত এতিয়া নদীখন আমাৰ গাঁৱৰ কাষ পালেহি। প্ৰতি বছৰে খহনীয়াৰ আশংকাত কেইঘৰমান নহয় কেইঘৰমান লোক বেলেগ স্থানলৈ স্থানান্তৰ হবলৈ বাধ্য হয়। যোৱা দশকত নদীত শ শ একৰ মাটি  জাহ গৈছে। ফলত গাঁওবাসীৰ বাবে পাচলি খেতি কৰিবলৈ নদীৰ পাৰত অতি কম পৰিমানৰ মাটিহে বাকী আছেগৈ। খহনীয়া প্ৰভাৱিত পৰিয়ালৰ স্থানান্তৰণৰ বাবে ভূমিৰ অভাৱ। তেওঁলোক কৃষিভূমিৰ ওপৰত পুনঃসংস্থাপিত হবলগা হৈছে। যি নিত্যান্তই খাদ্য সুৰক্ষাৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাব।

 

 নদী পৰিবহন, ভ্ৰমণ আৰু বাণিজ্য 
৭৭ বছৰ বয়সৰ কেছোৱে পুৰণি সময়ৰ নদী সমৃদ্ধ বাণিজ্য আৰু পৰিবহন সেৱাৰ বিষয়েও কয়, "পূব পাকিস্তানৰ মাজেৰে কলিকতা (বৰ্তমান কলকাতা) আৰু লাখীপুৰৰ মাজত নিয়মীয়া ষ্টীমাৰ্ সেৱা আছিল। স্থানীয় ব্যৱসায়ীসকলে পূৱ পাকিস্তান (বাংলাদেশ) আৰু কোলকোটাৰ পৰা কয়লা আৰু খাদ্য সামগ্ৰী আমদানি কৰিছিল আৰু স্থানীয় উৎপাদন ৰপ্তানি কৰিছিল। চাহ, আনাৰস, কমলা, মচলা, ঝাড়ু ইত্যাদি। এই ব্যৱস্থা ১৯৬০ ৰ আৰম্ভণিলৈকে চলি আছিল। জ্যেষ্ঠসকলে কৈছিলে যে অতিমাত্ৰাত বালি পৰি নদীৰ বুকু তৰাং হোৱাৰ বাবে পাছলৈ ষ্টীমাৰ্ সেৱা বন্ধ হৈ গৈছিল। আমি বঙালী ব্যৱসায়ীসকলক দেখিছোঁ, তেওঁলোকে ডাঙৰ দেশীয় নাও (স্থানীয়ভাৱে ‘জোৰিন্দৰ’ বুলি কোৱা হয়) ব্যৱহাৰ কৰি স্থানীয় লোকসকলৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰী আৰু অন্যান্য ঘৰুৱা সামগ্ৰীৰ ব্যৱসায় কৰিছিল। সেই ব্যৱসায়ীসকল বণিজৰ বাবে টিপাইমুখলৈ গৈছিল। নদীৰ পাৰৰ টিপাইমুখ আৰু অন্যান্য জনজাতীয় গাঁৱৰ লোকসকলৰ বাবে তেতিয়াৰ পৰা আজিলেকে নাওৱেই হ'ল একমাত্ৰ পৰিবহন ব্যৱস্থা। অৱশ্যে ১৯৯০ মানৰ পৰা মেচিন নাৱে জোৰিন্দাৰৰ স্থান অধিগ্ৰহণ কৰিলে।

নাদিয়াচান্দে সন্মতি সূচক মন্তব্যৰে কলে "নাওখন নদী কাষৰ গাঁওবোৰৰ বাবে এক ডাঙৰ পৰিবহন আছিল। সেয়েহে, প্ৰতিটো পৰিয়ালত কমেও এখন নাও আছিল। মোৰ শৈশৱকালত, মই নাৱৰীয়াসকলে নামনিৰ নদী কাষৰীয়ালোক, কৃষক আৰু ব্যৱসায়ীসকলক সোনাইৰ পৰা গায়কবন্দ হৈ লখীপুৰৰ বজাৰলৈ লৈ যোৱা দেখিছিলোঁ। লখীপুৰ বজাৰখন সপ্তাহত দুবাৰকৈ বহিছিল। একেদৰে, উজনিৰ টিপাইমুখ আৰু অন্যান্য নদীকাষত থকা গাঁৱৰ কৃষক আৰু গাঁওবাসীসকলে তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰিবলৈ আৰু সাপ্তাহিক বজাৰৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ নাৱেৰে লখীপুৰলৈ আহিছিল।"

নাদিয়াচান্দে আকৌ কৈছিল যে, ঐতিহাসিক বাণিজ্য পথটো পুনৰআৰম্ভ কৰিবলৈ ভাৰত চৰকাৰে লোৱা উদ্যোগত তেওঁ যথেষ্ট আশাবাদী। "মই শুনিছো যে ভাৰত চৰকাৰে বৰাকক ৰাষ্ট্ৰীয় জলপথ-১৬ হিচাপে ঘোষণা কৰিছে আৰু নেভিগেচনৰ বাবে নদীখন ড্ৰেজ কৰি ভাঙ্গা (কৰিমগঞ্জ)ৰ পৰা লখীপুৰলৈ ১২১ কিলোমিটাৰৰ জলপথ বিকশিত কৰাৰ পৰিকল্পনা কৰিছে"।

কেছোৱে কলে, "যুৱ অৱস্থাত মই আৰু মোৰ বন্ধুসকল উজনিৰ ফৰজলৈকে গৈছিলোঁ। বৰাক নদীখন ইয়াৰ উজনিলৈ প্ৰায় ১০৪ কিলোমিটাৰ দূৰলৈকে বৃষ্টিত হৈ আছে। নদীখন অসমৰ আলিনিৰ পৰা আৰম্ভ হৈ উজনিত মণিপুৰৰ টিপাইমুখত শেষ হৈছে। আমি দেশী নাও ব্যৱহাৰ কৰিছিলো। সেই দিনবোৰত, আমাৰ গাঁওৰ প্ৰায় ৩০% যুৱকে শীতকালত উজনিলৈ যায়। যেতিয়াই আমাৰ কোনো বনজাত সামগ্ৰীৰ (যেনে আশ্ৰয় গৃহ, ৰাজহুৱা আদি নিৰ্মাণৰ বাবে বেত, বাঁহ, বন, খেৰ, কলপাত ইত্যাদিৰ) প্ৰয়োজন হৈছিল, আমি উজনিৰ পৰা আনিবলৈ যাওঁ। সেই সময়ত নদীৰ পাৰত বাঁহ, বন, বেত, খেৰ পৰ্যাপ্ত পৰিমানে পোৱা গৈছিল। গতিকে আমাৰ প্ৰয়োজন অনুসাৰে বস্তুবোৰ সংগ্ৰহৰ বাবে ঘন অৰণ্যৰ ভিতৰত সোমোৱাৰ প্ৰয়োজন হোৱা নাছিল। যিহেতু বাঁহ, গছ, বেত বোৰ ঘৰুৱা কামত ব্যৱহাৰৰ বাবে কম পৰিমাণত কটা হৈছিল, সেয়েহে উজনিত বাস কৰা জনজাতীয় লোকসকলে  আমাক কেতিয়াও বস্তুবোৰ সংগ্ৰহত বাধা দিয়া নাছিল।"

বাঁহৰ কথা পাতি থাকোঁতে ৫২ বছৰীয়া মুতাম ৰবীন্দ্ৰে আমাৰ লগত যোগদান কৰে। তেওঁ কৈছিল যে তেওঁ ১৯৯৫-২০০৫ চনত গছ আৰু বাঁহৰ ব্যৱসায়ত জড়িত আছিল। প্ৰথমতে, তেওঁ কাচাৰ কাগজ মিললৈ বাঁহ যোগান ধৰিছিল। তেওঁ কয়, "যেতিয়া স্থানীয় লোকৰ লগতে ব্যৱসায়ীসকলে বৰাক নদীৰ মাজেৰে বনজ সম্পদৰ ব্যৱসায় আৰম্ভ কৰিছিল, তেতিয়াৰে পৰা  বৃহৎ পৰিমাণৰ বন ধ্বংস আৰম্ভ হৈছিল। ফলা ল’গ (কাঠ) আৰু কটা বাঁহবোৰেৰে ভেলা (মেলেং) তৈয়াৰ কৰি ফুলাৰতাল, লখীপুৰ, বাস্কন্দী, শিলচৰ আৰু কৰিমগঞ্জলৈ প্ৰেৰণ কৰা হৈছিল। এই সৰু চহৰ/বজাৰৰ পৰা, কাঠ আৰু বাঁহবোৰ পথৰে আন গন্তব্যস্থানলৈ লৈ যোৱা হৈছিল’’।

এনে অবৈধ গছ কটা আৰু বন সামগ্ৰীৰ ব্যৱসায়ৰ ফলত প্ৰাকৃতিক অৰণ্যৰ অপৰিৱৰ্তনীয় ক্ষতি হৈছিল। ৰাজ্য আৰু অ-ৰাজ্যিক অংশীদাৰসকল অবৈধ বাণিজ্যত জড়িত আছিল। যিহেতু তেখেতসকল অতি শক্তিশালী আছিল, অঞ্চলটোৰ কোনো  লোকে বিষয়টো উত্থাপন কৰিব পৰা নাছিল। 

আচলতে, ১৯৮৮ চনত স্থাপন কৰা কাছাৰ পেপাৰ মিলে নদী অৱবাহিকাটোৰ উজনি অঞ্চলত বৃহৎ পৰিমাণৰ বন ধ্বংস কৰা আৰম্ভ কৰিছিল। হাজাৰ হাজাৰ বাঁহ বোজাই ট্ৰাক কাগজ কললৈ গৈছিল। মিলৰ বাৰ্ষিক উৎপাদন ক্ষমতা বহু বছৰ ১০ টন আছিল যি সম্পূৰ্ণ উৎপাদন ক্ষমতাতকৈ বহু বেছি। টি এন গোদাবৰ্মন থিৰুমুলপদৰ আবেদনৰ ওপৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পিছত ১৯৯৬ চনৰ পৰা বন ধ্বংসৰ হাৰ বন্ধ হৈ গৈছিল। দেশজুৰি লগিং নিষিদ্ধ হ’ল। ৰবীন্দ্ৰই কয়, "বাঁহ আৰু গছৰ অবৈধ ব্যৱসায় আজিলৈকে চলি আছে। মই মোৰ ব্যৱসায় এৰি দিছিলো কাৰণ মোৰ দৰে সৰু ব্যৱসায়ীসকলে ব্যৱসায় ধৰি ৰাখিব নোৱৰা হলোঁ। প্ৰশাসনিক আৰু ৰাজনৈতিক দুয়োটা সংযোগ থকা ডাঙৰ ব্যৱসায়ীসকলেহে এনে ব্যৱসায়ত টিকি থাকি উন্নতি কৰিব পাৰে"। উজনিৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয়, "বাঁহ আৰু গছ পাবলৈ মই নদীৰ পাৰৰ পৰা ৩ৰ পৰা ৫ কিলোমিটাৰ খোজকাঢ়ি বা তাতকৈ অধিক ভ্ৰমণ কৰিব লগা হৈছিল। ই নদীৰ কাষতে আগতে থকা গছ, বন বাঁহ  আদি ধ্বংসৰ উমান দিয়ে।" কেছোয়ে  লগে লগে কৈছিল, "পাহাৰত জুম খেতিও বন ধ্বংসৰ অন্যতম মুখ্য কাৰণ আছিল"। মই যুক্তি দিছিলো যে ঝুম হৈছে কৃষিৰ এক পৰম্পৰাগত আৰু প্ৰাকৃতিক পদ্ধতি। যদি ঝুম চক্ৰটো দীঘল হয়, ঝুমে বহনক্ষম আৰু কেতিয়াও বৃহৎ পৰিমাণৰ বন ধ্বংস নকৰে। তেথেতে কথাখিন মানি লোৱা নাছিল, ঝুম বন ধ্বংসৰ মুখ্য কাৰণ সম্পৰ্কীয় নিজা ধাৰণাতে তেখেত অটল আছিল।

তেওঁলোকে ভাবিছিল যে বৃহৎ পৰিমাণৰ বন ধ্বংসই পাৰিপাৰ্শ্বিক বিপদ যেনে, ভূমিস্খলন আৰু গৰাখহনীয়া আদি সৃষ্টি কৰি নদীৰ পৃষ্টভাগ বালিৰে পুতি তৰাং কৰিছিল। ফলস্বৰূপে, বহু দশকধৰি বাৰিষাৰ সময়ত নদীৰ পাৰৰ  বৃহৎ অঞ্চল প্লাবিত হয়। "আমি চিঙ্গাৰবান্দ গাঁৱত নদীৰ খহনীয়াৰ প্ৰভাৱ দেখিছোঁ।“  তেওঁলোকে মত দিছিল।

 

 মৎসজীৱিসকলৰ জীৱন কাহিনী 
বৰাক আৰু ইয়াৰ জৈৱিক বিবিধতাৰ সৈতে সম্পৰ্কিত তেওঁলোকৰ কাহিনী আৰু অভিজ্ঞতা শুনিবলৈ এক অনুষ্ঠানৰ জৰিয়তে  মই ৬৪ বছৰীয়া মুতুম থাম্বালাংগু, ৫৬ বছৰীয়া কেচাম বামচা আৰু ৫৫ বছৰীয়া মজিৰ উদ্দিনৰ সৈতে কথা পাতিছিলোঁ। থাম্বলাংগুৱে তেওঁৰ কাহিনী উৎসাহেৰে কৈছিল। "আন বহুতৰ দৰে, মই মোৰ শৈশৱকালৰ পৰাই বাৰকত মাছ ধৰিবলৈ আৰম্ভ কৰিছিলোঁ। মাছ ধৰা আমাৰ জীৱিকাৰ মুখ্য উৎস। মই এশৰো অধিক বিভিন্ন প্ৰকাৰৰ মাছ আৰু অন্যান্য প্ৰজাতিৰ জলজ প্ৰাণী বৰাকত দেখিছিলোঁ। ঘঁৰিয়াল, ডলফিন, কাছ ইত্যাদি। মোৰ জীৱনত এই নদীত ধৰা  আটাইতকৈ ডাঙৰ মাছটো আছিল এটা ঙাৰেন (বৰালি) মাছ যাৰ ওজন ৬৫ কিলোগ্ৰাম আছিল! আৰু বহুতো প্ৰকাৰৰ মাছ ধৰিছিলোঁ। যেতিয়া মই সৰু আছিলো, এটা ৪০ কিলোগ্ৰামতকৈ অধিক ওজনৰ বিশাল কাচ বৰাকৰ পৰা ধৰি অনা দেখিছিলোঁ। সেই দিনবোৰত, আমি সঁচাকৈয়ে মাছ ধৰা কামটো অতি নৈতিকতাৰে কৰিছিলোঁ। উদাহৰণ স্বৰূপে, যদি যিকোনো প্ৰকাৰৰ পোনা বা সৰু মাছ আমাৰ হাতত পৰিছিল, আমি লগে লগে সেইবোৰ নদীত মুকলি কৰি দিছিলোঁ"।

এইবাৰ কেচাম বামচাকে মাঠা লৰালে "বৰাকৰ মাছ ইমান বেছি পোৱা গৈছিল যে ধৰা মাছবোৰ কেৱল গাঁওখনতে বিক্ৰী কৰি শেষ কৰাটো আমাৰ বাবে কঠিন আছিল। মাছ ব্যৱসায়ীসকল মাছ ক্ৰয় কৰিবলৈ মাছমৰীয়াসকলৰ ঘৰলৈ গৈছিল, যিবোৰ তেওঁলোকে তাৰ পিছত লখীপুৰ, বিনাকান্দী আৰু ফুলাৰতালৰ স্থানীয় বজাৰত বিক্ৰী কৰিছিল।" তেওঁ কৈছিল যে দৈনিক মাছ ধৰি কৰা উপাৰ্জন এটা পৰিয়ালৰ বাবে পৰ্যাপ্ত আছিল। "অধিক উপাৰ্জনৰ বাবে চিঙ্গাৰবান্দৰ বহুতো মাছমৰীয়া মাছ ধৰিবলৈ টিপাইমুখলৈ গৈছিল। তেওঁলোকে বাঁহৰ খাঁচা আৰু হুক লৈ গৈছিল। মাছবোৰ সজাঁৰ ভিতৰৰ পানীত জীয়াই থাকিবলৈ দিয়ে। যাতে তেওঁলোকৰ সজাঁটো সতেজ ৰাখি বিক্ৰী কৰিব পাৰে আৰু ঘূৰি অহাৰ পিছত ভাল মূল্য পাব পাৰে।" মজিৰ উদ্দিনে লগতে কয়, নদীৰ উজনি (উৰ্ধৱতী) অংশত মাছৰ বিবিধতা অধিক আছিল। অৱশ্যে, যোৱা দুই দশকত তেওঁ লক্ষ্য কৰিছিল যে মাছৰ সংখ্যাৰ লগতে প্ৰকাৰৰ সংখ্যা তীব্ৰ হ্ৰাস পাইছে। "আমি এতিয়া বহুতো মাছৰ প্ৰকাৰ দেখা নাপাওঁ, আৰু সেয়েহে, বৰাকৰ জীৱিকা হিচাপে মাছ ধৰা কাম এতিয়া আৰু স্থায়ী নহয়"।

কিন্তু মাছৰ পৰিমান কিয় কমি গৈছিল? বামচা আৰু থাম্বালাংগো দুয়োজনে এতিয়াৰ মাছমৰীয়া সকলৰ অনৈতিক অনুশীলনৰ কথা কয়। "এতিয়া মাছ নিৰ্বিচাৰে ধৰে। তেওঁলোকে সকলো প্ৰকাৰৰ উপায় নিয়োগ কৰে। মাছ ধৰাৰ বাবে বিভিন্ন আকাৰৰ জাল, হুক, ডিনামটাইট, বিষ আদি ব্যৱহাৰ কৰে। তেওঁলোকে আটাইতকৈ সৰু মাছও এৰি নিদিয়ে। মাছৰ পৰিমান আৰু প্ৰকাৰসমূহ ক্ৰমান্বেয়ে হ্ৰাস পাই অহাৰ এইবোৰেই প্ৰধান কাৰণ।“ আনহাতে চিলেটেচনৰ মতে নদীৰ বুকু তৰাং হৈ উঠাটো এটা কাৰক যিয়ে মাছৰ বাসস্থান ধ্বংস কৰে।

 

পৰিস্থিতিতন্ত্ৰ আৰু অৰ্থনীতি 
বৰাক নদীৰ ওপৰৰ অংশত জলজ জীৱন আৰু তেওঁলোকৰ বাসস্থান কেনেদৰে ধ্বংস কৰা হৈছে সেই বিষয়ে পৰিবেশবিদসকলে সময়ে সময়ে উদ্বেগ প্ৰকাশ কৰি আহিছে। শিলচৰস্থিত   Society for Activists for Forest and Environment (SAFE) নামৰ স্থানীয় বেচৰকাৰী সংগঠনটোৱে বৰাকত স্থানীয় মাছমৰীয়াসকলৰ দ্বাৰা বিহ আৰু ডিনামাইট ব্যৱহাৰ কৰি  নিৰ্বিচাৰে মাছ ধৰা প্ৰক্ৰিয়াবোৰৰ ফলত কেনেকৈ জলজ প্ৰাণী সমূহৰ বিবিধতা, বিশেষকৈ ডলফিন, কাছ আৰু স্থানীয় মাছৰ সংখ্যা কমাই পেলাইছে এক অধ্যয়নৰ জৰিয়তে প্ৰকাশ কৰিছিল। ২০০৭-১১ চনৰ ভিতৰত বৰাক আৰু ইয়াৰ কেইখনমান উপনদীত থলুৱা মাছ আৰু ইয়াৰ বাসস্থান সম্পৰ্কত কৰা এক প্ৰাথমিক ক্ষেত্ৰভিত্তিক জৰীপ অনুসৰি, " মাছৰ ২৪ টা পৰিয়ালৰ ৫৭ টা জেনেৰাৰ অধীনত ৫ টা প্ৰজাতিৰ মাহচিয়াৰকে আদি কৰি ১০৩ টা প্ৰজাতি আৰু ১০ টা অৰ্ডাৰ ৰেকৰ্ড কৰা (তালিকাত অন্তৰ্ভুক্ত আছে) হয়। ইয়াৰে বৰাক নদীৰ মুঠ ৮৭ টা প্ৰজাতি, জাতিঙ্গা নদীৰ পৰা ৫১ টা প্ৰজাতি আৰু ধালেশ্বৰী নদীৰ পৰা ৪০ টা প্ৰজাতি (দুয়োখন বৰাকৰ উপনদী) পোৱা যায়" । অৱশ্যে, জৰীপটোৱে উল্লেখ কৰিছিল যে "নদীবোৰৰ মুখ্য পথত মাহচিৰৰ কোনো প্ৰজনন ক্ষেত্ৰ প্ৰত্যক্ষ কৰা হোৱা নাছিল," মাহচিৰ প্ৰজাতিবোৰ এতিয়া 'বিলুপ্তিৰ সীমাত আছে।' 

বিশেষজ্ঞসকলৰ মতে উচ্ছাকাংক্ষামূলক বিকাশ আৰু মানৱ সৃষ্ট কাৰক যেনে বান্ধ, বেৰেজ, জলসিঞ্চন সম্পৰ্কীয় আন্তঃগাঁঠনি, বালি আৰু শিলৰ চিপৰ বাবে নদীবক্ষৰ খনন, লগিংৰ ফলত বনৰ অৱক্ষয় আৰু অবৈজ্ঞানিক মাছ ধৰাৰ আদিৰ ফলত নদীৰ পৰিৱেশতন্ত্ৰৰ ভয়ংকৰ পৰিবৰ্তন, জলজ জীৱন আৰু বিবিধতা, বিশেষকৈ বাসস্থান সমূহ ধ্বংস কৰি পেলাইছে।

'বিকাশৰ আৰু পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষাৰ মাজৰ ভাৰসাম্য, বহনক্ষম জীৱন যাপনৰ বাবে গুৰুত্বপূৰ্ণ। ৬০ বছৰীয়া থকচোম বিস্বনাথ আৰু ৬৩ বছৰীয়া কেচাম চম্পালালে এইদৰে কৈছিল "সকলোকে 'বিকাশ'ৰ প্ৰয়োজন। কিন্তু বিকাশৰ বাবদ হোৱা পাৰিপাৰ্শ্বিক আৰু সামাজিক ব্যয়ৰ 'বিকাশ'ৰ অবিত্তীয় ব্যয়ৰ প্ৰতি দৃষ্টি হেৰুৱাব নালাগে। কেইটামান উদাহৰণ উল্লেখ কৰি বিশ্বনাথে উল্লেখ কৰে, "বৰাক অঞ্চল আৰু মণিপুৰক সংযোগ কৰা ৰেলৱে আৰু ঘাইপথ নিৰ্মাণ, উদ্যোগ স্থাপন (কাচাৰ কাগজ কল) আদিৰ দৰে আন্তঃগাঁথনিৰ বিকাশ অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু এই সকলোবোৰে অৰণ্য, জৈৱ বৈচিত্ৰতা আৰু পৰিৱেশৰ অৱক্ষয়, ভূমিস্খলন আৰু মাটিৰ খহনীয়া আদিত অৰিহণা যোগাইছে। বিভিন্ন উপধাৰা আৰু নলাৰ পৰা পলস ভৰা পানী বৰাক নদীত পৰে, যাৰ ফলত নদীপৃষ্ঠ বালিৰে ভৰি পৰে। তেওঁ লগতে কয়, "আমি উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম লিমিটেড ( নেপক’)ৰ দ্বাৰা বৰাকৰ উজনিত নিৰ্মাণ কৰিব লগীয়া ১৫০০ মেগাৱাট জলবিদ্যুৎ প্ৰকল্পৰ বিষয়েও জানিবলৈ পাইছোঁ। প্ৰকল্পৰ প্ৰতিবেদন অনুসৰি টিপাইমুখত বৰাক আৰু টুইভাইৰ সংযোগস্থলত, বিদ্যুৎ উৎপাদন আৰু সমভূমিত বানপানী নিয়ন্ত্ৰণ কৰিবলৈ ১৬৩ মিটাৰ উচ্চতাৰ এটা বান্ধ নিৰ্মাণ কৰা হ'ব। মণিপুৰত তেলৰ অনুসন্ধানৰ বাবেও এটা প্ৰস্তাৱ আছে। এই 'উন্নয়ন' প্ৰকল্পবোৰ, যদি প্ৰকল্প স্থানৰ উজনি আৰু নামনিৰ পৰিৱেশ আৰু সামাজিক প্ৰভাৱৰ কথা বিবেচনা নকৰাকৈ ৰূপায়ণ কৰা হয়, বৰাক নদী আৰু ইয়াৰ পৰিৱেশ প্ৰণালীৰ ওপৰত তীব্ৰ প্ৰভাৱ পৰিব।" সকলোবোৰৰ উপৰিও নদী প্ৰদূষণৰ বিষয়টো আছে, চম্পালালে কয়। এইটো সাধাৰণ জ্ঞানৰ কথা যে লখীপুৰ, ফুলাৰতাল, জিৰিঘাটৰ দৰে বেছিভাগ চহৰৰ সকলো ঘৰুৱা নৰ্দমা আৰু নগৰীয়া আৱৰ্জনা বৰাকলৈ নিষ্কাশন কৰা হয়। ইয়াৰ পানী এতিয়া মানুহৰ ব্যৱহাৰৰ বাবে অনুপযুক্ত, তেওঁ অনুতাপ কৰিছিল। "যেতিয়া মই সৰু আছিলো তেতিয়া বৰাকৰ পানীৰ ৰং গভীৰ নীলা আছিল আৰু যিকোনো লোকে ফিল্টাৰ নকৰাকৈ পানী খাব পাৰিছিল। কিন্তু, এতিয়া আমি সকলো প্ৰকাৰৰ আৱৰ্জনা যেনে প্লাষ্টিকৰ মোনা, প্লাষ্টিকৰ বটল, আৰু জন্তুৰ মৃতদেহ আদি পানীত উপঙি থকা দেখা পাওঁ। আমাৰ খেতিপথাৰত সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ বৃদ্ধিয়ে পানীক আৰু দূষিত কৰিছিল," চম্পালালে দুখ প্ৰকাশ কৰি কৈছিল।

চিঙ্গাৰবান্দৰ জ্যেষ্ঠসকলৰ সামূহিক স্মৃতি আৰু গাঁওবাসীৰ সৈতে বাৰ্তালাপক এক সংকলিত ৰূপ দিয়াৰ মানসেৰে, এটি সন্ধিয়া আমাৰ খচৰা বৰ্ণনাৰ বিষয়ে আলোচনা কৰি কাহিনীটো চূড়ান্ত কৰিবলৈ সকলোকে আমন্ত্ৰণ জনাইছিলোঁ। এক প্ৰকাৰে চিঙ্গাৰবান্দৰ বৰ্তমান পৰিস্থিতি বুজি অতীতক পুনৰ বিবেচনা কৰা, আৰু আমাৰ ভৱিষ্যতৰ কাৰ্যৰ ওপৰত প্ৰতিফলিত কৰাই এই সামূহিক অনুশীলনৰ উদ্দেশ্য আছিল।

তেওঁলোকে তেওঁলোকৰ মন্তব্য সমাপ্ত কৰিছিল এনেদৰে-

(ক) আধুনিক 'বিকাশ', বস্তুবাদী চিন্তা আৰু আৰামদায়ক নিচাৰ অনুসৰণত আমি নদী, প্ৰকৃতি আৰু ইয়াৰ সমৃদ্ধ সম্পদৰ পৰা কেনেকৈ বিচ্ছিন্ন হৈ পৰিছিলো সেইটো আমি অনুভৱ কৰা নাছিলো।

(খ) আমি কেৱল নদী আৰু ইয়াৰ সম্পদক শোষণ কৰিছোঁ। সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ বিষয়ে কেতিয়াও চিন্তা কৰা নাই।

(গ) আমি নদী আৰু প্ৰকৃতিক বন্ধকত দিছোঁ।

(ঘ) আমি ভাবিছিলো যে প্ৰকৃতিয়ে বহু শতাব্দী ধৰি যিদৰে আমাক সম্পদৰ যোগান ধৰি আছে চিৰকাল সেইদৰেই সম্পদৰ যোগান ধৰি থাকিব।

(ঙ) আমি অনুভৱ কৰিছোঁ যে প্ৰকৃতি যদি লালিত-পালিত, সংৰক্ষণ আৰু সুৰক্ষিত নহয়, ইয়াৰ সীমাবদ্ধতাৰ বাবে আমাক প্ৰকৃতিয়ে সম্পদৰ যোগান ধৰাও বন্ধ কৰিব।

(চ) আমি বিত্তীয়ভাৱে "বিকশিত", শিক্ষিত আৰু সমৃদ্ধ হ'ব পাৰো, কিন্তু, জৈৱ-বৈচিত্ৰতা আৰু আমাৰ পৃথিৱীৰ স্বাস্থ্যৰ বাবে লোৱা দায়িত্বৰ ক্ষেত্ৰত এতিয়াও আমি বহুত দৰিদ্ৰ হৈয়েই আছোঁ।

আমি ভাবিছিলো যে ধন আৰু বজাৰে আমাৰ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সকলো বোৰ প্ৰদান কৰিব। কিন্তু, কৰোনা মহামাৰীৰ সময়ত, আমি অনুভৱ কৰিছোঁ যে মানৱ জাতিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ধন আৰু বজাৰে একো কৰিব নোৱাৰে। ইয়াৰ বিপৰীতে, মাতৃ-প্ৰকৃতিৰ যদি সংৰক্ষিত ৰাখি সুৰক্ষিত ৰখাৰ যত্ন লওঁ- প্ৰকৃতিয়ে আন জীৱ আৰু প্ৰাণীৰ সৈতে মানৱ জীৱনকো সমৰ্থন কৰি থাকিব! 

আমি সঁচাকৈয়ে আনন্দিত হৈছিলো। সংখ্যাত কম হ'লেও প্ৰাকৃতিক সম্পদৰ মনহীন শোষণ আৰু 'প্ৰগতি' আৰু 'বিকাশ'ৰ নামত জীৱন-সহায়ক পৰিৱেশতন্ত্ৰ ধ্বংসৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ, ভাৰত চৰকাৰে বাণিজ্য, ভ্ৰমণ আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে দেশৰ আভ্যন্তৰীণ জলপথ আন্তঃগাঁথনি আৰু উন্নত কৰাৰ বাবে এক ৰাষ্ট্ৰীয় জলপথ উন্নয়ন কাৰ্যসূচী আৰম্ভ কৰিছে। পৰম্পৰাগত বাণিজ্য আৰু পৰিবহন পথ পুনৰুদ্ধাৰৰ বাবে বৰাকক ১৬ তম ৰাষ্ট্ৰীয় জলপথ হিচাপে চিনাক্ত কৰা হৈছে। বৰাক নদীৰ ভাঙ্গা (কৰিমগঞ্জ) আৰু লখীপুৰ (কাচাৰ) মাজত ১২১ কিলোমিটাৰৰ এটা অংশ নদীবক্ষৰ খনন কৰি তৈয়াৰ কৰা হ'ব এই পথ। কাৰ্যক্ষম হোৱাৰ পিছত, জলপথটোৱে সকলো গুৰুত্বপূৰ্ণ বন্দৰ নেটৱৰ্ক সংযোগ কৰিব। চট্টগ্ৰাম আৰু বাংলাদেশৰ অন্যান্য বন্দৰৰ মাজেৰে বংগোপসাগৰলৈ প্ৰৱেশ কৰাত সহায় কৰিব। এই জলপথে উদ্যোগীক বাণিজ্য, ভ্ৰমন আৰু পৰ্যটনৰ অৰ্থনৈতিক সুযোগ মুকলি কৰিব। কিন্তু আন্তঃগাঁথনি বিকাশৰ প্ৰভাৱ যেনে, পৰিবহন নিশ্চিত কৰিবলৈ নদীপৃষ্ঠৰ খননৰ ফলত নদীৰ আচৰণ আৰু পৰিৱেশৰ ক্ষতিগ্ৰস্ততা নুই কৰিব নোৱাৰি। আশা কৰা হৈছে যে, এক ব্যাপক পৰিৱেশ সম্পৰ্কীয় প্ৰভাৱ মূল্যায়ন কৰি বিপদ শংকা  হ্ৰাস কৰিবলৈ ব্যৱস্থা ল’ব। মই আশাবাদী, জলপথটো কৰ্মক্ষম হোৱাৰ পিছত নদীকাষৰীয়া ৰাইজৰ বাবে অৰ্থনৈতিক সুযোগৰ বাট মুকলি হ’ব।

 

(মূল ইংৰাজীৰ পৰা অসমীয়া অনুবাদ কেশৱ কৃষ্ণ ছত্ৰধৰাৰ)