Alt
07 Aug 2023 11:58 AM
 আৰম্ভণি 
পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়৷ পানী অবিহনে প্ৰাণী জীয়াই থাকিব নোৱাৰে৷ এই ধৰাত যিমান প্ৰাণী আছে, সকলো প্ৰাণীয়ে পানীৰ ওপৰত নিৰ্ভৰশীল৷ পানীক বাদ দি কোনো প্ৰাণী জীয়াই থকাটো অসম্ভৱ৷ জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন আছে যদিও আহাৰ নোখোৱাকৈও কিছুদিন প্ৰাণী জীয়াই থাকিব পাৰে৷ কিন্তু পানী নেখোৱাকৈ প্ৰাণী জীয়াই থাকিব নোৱাৰে৷ সেয়ে জীৱন ধাৰণৰ তালিকাত পানীৰ স্থান শীৰ্ষত৷ বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল,-‘হয় জীয়াই থাকিবৰ বাবে খোৱা, নহ’লে খাবৰ বাবে জীয়াই থকা৷’ সাধাৰণতে প্ৰাণীয়ে মাথোঁ খাবৰ বাবে জীয়াই থাকে। মানুহৰ বাবে তেনে জীৱন কাম্য নহয়৷ কিয়নো জীৱৰ ভিতৰত মানুহক শ্ৰেষ্ঠ বুলি কোৱা হয়৷ সেয়ে জীয়াই থাকিবৰ বাবে মানুহে নীতি-নিয়মত থাকিহে খাদ্য গ্ৰহণ কৰা দৰকাৰ৷ আমি খোৱা পানীটুপিও খাওঁতে নিয়মবোৰ মানি চলাটো স্বাস্থ্যৰ বাবে উপকাৰী৷
 
 পানী কেনেদৰে সেৱন কৰিব লাগে 
পানীয়েই প্ৰাণীৰ প্ৰাণ বুলি ভাবি জধে-মধে পানী সেৱন কৰিব নালাগে। পানী সেৱন কৰাৰ পূৰ্বে পানীৰ বিশুদ্ধতাৰ ওপৰত গুৰুত্ব দিব লাগে৷ ফটফটীয়া পানী মানেই বিশুদ্ধ নহয়। তিনিটা পদ্ধতি মানি চলিহে পানী সেৱন কৰিব লাগে৷ কুঁৱা,  দমকল,  নদী-নিজৰা আদি য’ৰ পৰাই পানী নাখাওক কিয়,  সেই পানী আনি পৰিশোধন কৰিব লাগে৷ পৰিশোধনৰ পাছত সেই পানী গৰম কৰিব লাগে৷ কেৱল পাঁচ বা দহ মিনিট গৰম কৰিব লাগে৷ কিন্তু কেৱল পাঁচ বা দহ মিনিট গৰম কৰিলে পানীত থকা বীজাণু নমৰে৷ সেয়ে সম্পূৰ্ণ ২০ মিনিট গৰম কৰিলেহে পানী সেৱনৰ বাৰে উপযুক্ত৷ পানী সেৱন কৰোঁতে কেতিয়াও প্লাষ্টিক পাত্ৰ ব্যৱহাৰ কৰিব নালাগে৷ কাৰণ প্লাষ্টিক শৰীৰৰ বাবে ব্যাধিস্বৰূপ। সেয়ে তাম, কাঁহৰ ঘটি বা ষ্টিলৰ পাত্ৰত পানী খাব লাগে৷

পানী কিমান পৰিমাণত খাব লাগে, সুস্বাস্থ্যৰ বাবে বিশুদ্ধ পানী সেৱন কৰাটো যিমান দৰকাৰী; তাতোকৈ দৰকাৰী পানীৰ পৰিমাণ জনাটো৷ এটা নিৰোগী শৰীৰৰ বাবে দৈনিক ৬ৰ পৰা ৮ গিলাচ পানী সেৱন কৰা দৰকাৰ৷ কিন্তু পানী যেতিয়াই তেতিয়াই নাখাই নিম্নোক্ত সময়ত খোৱা উচিত৷ যিয়ে সু-স্বাস্থ্য গঠনত সহায় কৰে৷

১) পুৱা দাঁত পৰিস্কাৰ কৰাৰ পূৰ্বে৷

২) খোৱাৰ ৩০ মিনিট পূৰ্বে৷

৩) শুই উঠাৰ পাছত।

 

 সামৰণি 
বহু মানুহে আহাৰ গ্ৰহণৰ মাজত পানী সেৱন কৰে৷ এনে কৰা অনুচিত৷ কিছু নীতি-নিয়ম মানি চলি পানী সেৱন কৰিব লাগে৷ পানী সেৱন কৰোঁতে পানী কিদৰে সেৱন কৰোঁ, তাৰ ওপৰত বহু পৰিমাণে স্বাস্থ্যৰ বিষয়টো নিৰ্ভৰ কৰে৷ পানী খাওঁতে কেতিয়াও কোনো পাত্ৰ পৰা ঢালি খাব নালাগে৷যদি আমি খোৱা পানী বিশুদ্ধ নীতি-নিয়মৰ মাজত থাকি সেৱন কৰোঁ,  তেন্তে সেই পানীয়ে আমাৰ শৰীৰৰ বাবে উপকাৰী হৈ সুন্দৰ নিৰোগী স্বাস্থ্য প্ৰদান কৰাত সহায় কৰে৷