মিচিংঃ অসমৰ ভৈয়ামৰ জনজাতি সমূহৰ ভিতৰত মিচিংসকল বড়ো-কছাৰীসকলৰ পিছতেই দ্বিতীয় বৃহত্তম জনজাতি৷ মিচিং সকল মূলত মংগোলীয় জনগোষ্ঠীৰ মান-তিব্বতী শাখাৰ অন্তৰ্গত৷ ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাদি গাঁও পাতি বাস কৰে৷ মিচিংসকল আদিতে অসমৰ উত্তৰ-পূব ফালৰ পাহাৰত আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা ‘‘মিয়ং’’ আৰু ‘‘দাম’’ নামৰ দুই জাতিৰ পৰাই ফাটি আহিছে৷ অসমৰ লক্ষীমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, দৰং, শোণিতপুৰ জিলাত মিচিংসকলে প্ৰধানকৈ বাস কৰিছে৷ সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি বাস কৰা বাবে মিচিংসকলৰ জীৱন ধাৰণ প্ৰণালী নৈৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত৷ বিশেষকৈ তেওঁলোকে খেতি-বাতিৰ লগতে মাছৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰে৷
ডিমাছাঃ অসমৰ অন্যতম প্ৰাচীন জনগোষ্ঠী ডিমাছাসকল ডিমা হাছাও জিলাত বাস কৰে৷ ডিমাহাছাওৰ ওপৰি কাছাৰ জিলা, কাৰ্বি আংলং সমতল অঞ্চল, নগাঁও, নাগালেণ্ডৰ ডিমাপুৰ আৰু ধনশিৰি অঞ্চলত বাস কৰি আহিছে৷ ডিমাছা শব্দৰ অৰ্থ হ’ল ডি-পানী, মা-বৃহৎ, ছা-সন্তান৷ ডিমাছাসকলে সাধাৰণতে গাঁও পাতি বাস কৰে৷ কৃষিজীৱী হোৱাৰ বাবে সাধাৰণতে তেওঁলোকে নৈ বা নিজৰাৰ পাৰৰ সাৰুৱা মাটিত বাস কৰে৷ একেদৰে আৰু অন্যান্য জনগোষ্ঠীৰ লোক সকলে নদীৰ ওপৰত ভৰষা কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ আমাৰ জনগোষ্ঠীয় মানুহবোৰৰ মাজত পানীক লৈ আৰু বহুতো ধাৰণা আছে৷ বিশেষকৈ গাঁও অঞ্চলসমূহত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ কোনোবা এজন লোকৰ অসুখ হ’লে নৈৰ ঘাটৰ পৰা পানী আনি তাত মন্ত্ৰ মাটি খাবলৈ দিয়া হয়, যাতে মানুহজনৰ অসুখটো ভাল হয়৷ কোনোবা লোকৰ মুখ লাগি কাৰোবাৰ অসুখ হৈছে বুলি পানীত মন্ত্ৰ মাতি মুখলগা পানী খাবলৈ দিয়া হয়৷ এনেদৰে আৰু মানুহৰ মৃত্যু হ’লে মৃতকৰ ঘৰৰ সকলো বস্তুতে পানী ছটিয়াই শুদ্ধ কৰা হয়৷ এনে ধৰণৰ আৰু বহুতো বিশ্বাস পানীৰ ওপৰত কৰা হয়৷ অসম যিহেতু এখন নদী মাতৃক দেশ অসমত বানপানীৰ প্ৰভাৱো বিশেষভাৱে পৰিলক্ষিত৷ প্ৰতিবছৰে বানপানীয়ে মানুহক জুৰুলা-জুপুলা কৰি পেলাইছে৷ বাৰিষা দিনত অসমৰ নৈ সমূহ পানীৰে উপচি পৰে আৰু পাৰ বাগৰি বানপানীৰ ফলত ৰাইজৰ বহুতো অনিষ্ট হৈছে৷ সেইবাবে আমি সকলোৱে পানীক লৈ সজাগ হ’বৰ হ’ল৷ বানপানীয়ে যে কেৱল বানপানীৰ সময়চোৱাত আৰু কেৱল বানপানী বিধ্বস্ত অঞ্চলৰ অনিষ্ট কৰে এনে নহয়৷ বানপানীৰ পিছতে সচৰাচৰ হোৱা আকাল আৰু নানান মহামাৰিয়ে গোটেই দেশকে অভাৱগ্ৰস্ত কৰে৷ আমাৰ সৰ্বসাধাৰণ ৰাইজ প্ৰায় আটায়ে খেতিয়ক, অৱস্থা এনেয়ে বেয়া। তাতে আকৌ প্ৰতি বছৰতে খেতিৰ অনিষ্ট হ’লে তেওঁলোক চিৰকালৰ কাৰণে দুৰ্ভাগ্যৰ কঢ়াল গ্ৰাসত পতিত হয়৷
বৰ্তমানেও আমাৰ অসমৰ বিভিন্ন ঠাইৰ মানুহে পানীৰ বাবে বিশুদ্ধ এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ বৰ্তমান ভাৰত চৰকাৰে গোটেই ভাৰতবৰ্ষতে ‘‘জলজীৱন মিচন’’ আঁচনিৰ জৰিয়তে মানুহক বিশুদ্ধ খোৱা পানীৰ পানী যোগান ধৰিবৰ বাবে ব্যৱস্থা হাতত লৈছে৷ ভাৰতবৰ্ষৰ প্ৰায়বিলাক স্কুল, কলেজতো ইয়াৰ বাবে সুবিধা কৰি দিছে৷ আমাৰ মানুহবোৰ পানীৰ ওপৰত যথেষ্ট সজাগ হ’ব লাগে৷ পানীৰ অপব্যৱহাৰ কৰিব নালাগে৷ বৰ্তমান চৰকাৰে ইয়াৰ ওপৰতো বহুত দিৱসো উদ্যাপন কৰি আহিছে৷