Alt
10 Aug 2023 11:57 AM
 আৰম্ভণি 
পানীয়ে প্ৰাণীৰ প্ৰাণ৷ পানীৰ আন এটা নাম হ’ল জল৷ পানী বা জল হৈছে এক প্ৰকাৰৰ স্বচ্ছ জুলীয়া পদাৰ্থ৷ পানীৰ অবিহনে কেৱল প্ৰাণীয়ে নহয়, প্ৰাকৃতিক জগতখনো অৰ্থহীন হৈ পৰিব৷
 
পানীৰ গঠন
অক্সিজেনৰ এটা আৰু হাইড্ৰ’জেনৰ দুটা পৰমাণু লগ হৈ পানীৰ অনু গঠন হয়৷ মান্য উষ্ণতাত আৰু চাপত পানী জুলীয়া অৱস্থাত থাকে যদিও ইয়াক কঠিন অৱস্থা অৰ্থাৎ বৰফ আৰু গেছীয় অৰ্থাৎ বাষ্প অৱস্থাতো পোৱা যায়৷ হিম, কুঁৱলী, নিয়ৰ আৰু ডাৱৰ পানীৰেই বিভিন্ন ৰূপ। নিৰ্মল আৰু বীজাণুযুক্ত পানীৰ কোনো আকাৰ ৰং আৰু গোন্ধ নাই৷ পানীৰ ৰাসায়নিক সংকেত H2O৷
 
 পানীৰ গুৰুত্ব 
পানীৰ বাবেই জীৱজগত আৰু প্ৰাকৃতিক জগত চলি থকা সম্ভৱ হৈছে৷ পানীৰ বাবেই গছ-গছনি, শাক-পাচলি আদি জীয়াই আছে৷ মানুহে পিয়াহ গুচাবলৈ বা খোৱা বস্তু হজম কৰিবলৈ পানী খাবই লাগিব৷ পানীৰ বাবেই আমি মাছ কাছৰ দৰে বিভিন্ন পুষ্টিকৰ খাদ্য পাইছো৷ সাগৰৰ পানীৰ তলত থকা বিভিন্ন অতীতত দেশে-বিদেশে ব্যৱসায় বাণিজ্য আৰু যোগাযোগ সম্ভৱ হৈছিল৷ বিভিন্ন খেতিৰ বাবে যথাসময়ত পানী নাপালে মানুহে কোনো শস্য উৎপাদন নহ’লহেতেন৷

পৃথিৱীৰ পৃষ্ঠভাগৰ প্ৰায় ৭১ শতাংশ পানীয়ে আগুৰি আছে৷ এতিয়ালৈকে আৱিষ্কৃত সকলোধৰণৰ জীৱৰ জীৱন ধাৰণৰ বাবে পানী অপৰিহাৰ্য৷ পৃথিৱীৰ ৯৬.৫ শতাংশ পানী সাগৰ আৰু মহাসাগৰসমূহত, ১.৭ শতাংশ ভূমিৰ আভ্যন্তৰত, ১.৭ শতাংশ এণ্টাৰ্কটিকা আৰু গ্ৰীণলেণ্ডৰে হিমখণ্ডত আৰু ০.০০১ শতাংশ বাষ্প অথবা ডাৱৰৰ ৰূপত পোৱা যায়৷ পৃথিৱীৰ পানীভাগৰ ২.৫ শতাংশহে সতেজ পানী আৰু বাকী ৯৮.৮ শতাংশ বৰফ আকাৰে আৰু ভূমিৰ আভ্যন্তৰত জমা হৈ আছে৷ সতেজ পানীভাগৰ ০.৩ শতাংশতকৈয়ো কম অংশ নদী,  হ্ৰদ আৰু আমাৰ চাৰিওফালৰে পৰিৱেশত নিহিত হৈ থাকে৷ তাতোতকৈয়ো কম একাংশ পানী জীৱদেহ আৰু অন্যান্য সামগ্ৰীত নিহিত হৈ থাকে৷

পৃথিৱীৰ পানীভাগৰ জলস্তৰৰ যোগেদি অহৰহ ৰূপান্তৰ ঘটি থাকে৷ সাগৰ মহাসাগৰ,  নদী হ্ৰদৰ পানী সূৰ্যৰ তাপত শুকাই জলীয় বাষ্পৰ ৰূপত আকাশলৈ উৰি যায়৷ এই বাষ্পই ঘণীভূত হৈ ডাৱৰৰ ৰূপ লয় আৰু বৰষুণ হিচাপে পুনৰ ভূ-পৃষ্ঠলৈ নামি আহে৷ পানীয়ে কোনো কেলৰি বা পুষ্টিৰ যোগান নধৰিলেও সকলো জীৱকে বিশুদ্ধ বা সুৰক্ষিত খোৱাপানীৰ প্ৰয়োজন৷ এতিয়াও বিশ্বৰ প্ৰায় ১০০ কোটি মানুহৰ বাবে বিশুদ্ধ খোৱাপানী উপলব্ধ নহয়৷ বিশুদ্ধ খোৱাপানীৰ উপলব্ধতাৰ সৈতে মুঠ জনমূৰি আয়ৰ এক পোনপটীয়া সম্পৰ্ক আছে৷ কিছুসংখ্যক পৰ্যবেক্ষকৰ মতে ২০২৫ চনলৈ বিশ্বৰ জনসংখ্যাৰ প্ৰায় আধা সংখ্যকেই জল সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ’ব৷ ২০০৯ চনৰ এক প্ৰতিবেদন মতে, ২০৩০ চনলৈ একাংশ উন্নয়নশীল অঞ্চলত পানীৰ চাহিদা ইয়াৰ যোগানতকৈ ৫০ শতাংশ বৃদ্ধি পাব৷ উদ্যোগসমূহত শীতলীকৰণৰ বাবে আৰু দ্ৰৱণ হিচাপে পানীৰ ব্যৱহাৰ হয়৷ সতেজ পানীৰ প্ৰায় ৭০ শতাংশ কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়৷

 

 বিশ্বব্ৰহ্মাণ্ডত পানীৰ উপস্থিতি
বিশ্বব্ৰহ্মাণ্ডৰ সৰহভাগ পানী তাৰকা একোটাৰ জন্ম হওঁতে তাৰ লগতে উৎপন্ন হয়৷ তাৰকা এটাৰ জন্মৰ সময়ত গেছ আৰু ধূলিৰ এক প্ৰবল বৰ্হিগামী সোঁতৰ সৃষ্টি হয়৷ এই সোতত থকা পদাৰ্থ কণাসমূহে চাৰিও কাষৰ গেছত খুন্দা মাৰি প্ৰচণ্ড উত্তাপ আৰু চাপৰ সৃষ্টি কৰে৷ ইয়াৰ ফলত গেছৰ ঘনত্ব বৃদ্ধি পায় আৰু পানীৰ সৃষ্টি হয়৷

২০১১ চনৰে ২২ জুলাইত যুগুত কৰা এক প্ৰতিবেদনৰ মতে পৃথিৱীৰ পৰা ১,২০,০০০ কোটি আলোকবৰ্ষ দূৰত্বত এক বিশালকাৰ ডাৱৰ পুঞ্জৰ সন্ধান পোৱা গৈছে৷ ইয়াত নিহিত হৈ থকা পানীৰ পৰিমাণ পৃথিৱীৰ মহাসাগৰকেইখনৰ পানীৰ ১৮০ ট্ৰিলিয়ন গুণ৷

 

 সামৰণি  
পানী সকলো ঠাইতে পোৱা যায়৷ কিন্তু খোৱা পানীৰ ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত৷ বীজাণুমুক্ত, লেতেৰা পানী বেমাৰৰ প্ৰধান উৎস। আমাৰ দেশত এতিয়াও বহুলোকে পানী পৰিষ্কাৰ কৰি খাব নাজানে৷ এই ক্ষেত্ৰত চৰকাৰ আৰু জনা-শুনা মানুহে তেওঁলোকক পানী উতলাই আৰু পৰিষ্কাৰ কৰি খাবলৈ শিকাব লাগে৷ বিশুদ্ধ পানীয়েই মানুহৰ জীৱন শক্তি৷