Alt
07 Aug 2023 11:43 AM
আৰম্ভণি
পানী এবিধ জুলীয়া পদাৰ্থ৷ প্ৰকৃতি প্ৰদত্ত এই পানী অবিহনে পৃথিৱীত প্ৰাণীৰ অস্তিত্বই নাথাকিব৷ সৌভাগ্যৰ কথা যে পৃথিৱীত মাটিতকৈ পানী ভাগৰ পৰিমাণেই বেছি৷ পানীৰ অৱিহনে কেৱল প্ৰাণীয়ে নহয়, প্ৰাকৃতিক জগতখনো পানীৰ বিনে অচল হৈ পৰিব৷
 
 পানীৰ ৰূপ 
পানীৰ ৰূপ তিনিটা৷ স্বাভাৱিক অৱস্থাত ই জুলীয়া হৈ থাকে৷ পানী উতলালে জুলীয়া বাষ্পলৈ ৰূপান্তৰিত হয়৷ আনহাতে বেছি চেঁচা হ’লে পানী বৰফলৈ ৰূপান্তৰিত হয়৷ এতেকে উষ্ণতা অনুসৰি পানীৰ তিনিটা ৰূপ দেখাবলৈ পোৱা যায়৷পানী  হাইড্ৰজেন আৰু অক্সিজেন গেছৰ যৌগ৷ ইয়াত দুভাগ হাইড্ৰজেন আৰু এভাগ অক্সিজেন গেছ থাকে৷ নিৰ্মল আৰু বীজাণুমুক্ত পানীৰ কোনো আকাৰ,  ৰং আৰু গোন্ধ নাই৷

 

 পানীৰ উৎস 
পৃথিৱীৰ উপৰিভাগৰ তিনিভাগৰ দুভাগ। পৃথিৱীৰ থকা অধিকাংশ পানীয়েই সাগৰ,  মহাসাগৰত আছে৷ অৱশ্যে সাগৰৰ পানী লুণীয়া আৰু সেইবোৰ খোৱাপানী হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি৷ নদী, পুখুৰী, কুঁৱা আদিয়ে সাধাৰণতে খোৱাপানীৰ মূল উৎস। মানুহে কুঁৱা, পুখুৰী, নলীনাদ আদি খান্দি খোৱা পানী আহৰণ কৰে৷ ৰ’দৰ তাপত পৃথিৱীৰ উপৰিভাগৰ পানী বাষ্প হৈ ওপৰলৈ গৈ আকাশত ডাৱৰৰ সৃষ্টি কৰে৷ ডাৱৰবোৰৰ পৰা এই বাষ্প শীতল হৈ পানীৰ কণিকালৈ পৰিণত হয় আৰু বৰষুণৰ ৰূপত পৃথিৱীলৈ নামি আহে৷ পানীৰ বৰণ আৰু আকাৰ নাই, ই স্বচ্ছ৷ যি পাত্ৰত থোৱা যায়, পানীয়ে তাৰেই আকাৰ লয়৷ পানীৰ এটা প্ৰধান ধৰ্ম হৈছে ই সদায় ওখ ঠাইৰ পৰা তললৈ নামি আহে৷
 
পানীৰ গুৰুত্ব
পানীৰ বাবেই জীৱজগত আৰু প্ৰাকৃতিক জগত চলি থকা সম্ভৱ হৈছে৷ পানীৰ বাবেই গছ-গছনিকে ধৰি প্ৰাণীজনগত জীয়াই আছে। মানুহে পিয়াহ গুচাবলৈ বা খোৱ বস্ত হজম কৰিবলৈ পানী খাবই লাগিব৷ পানীৰ বাবেই আমি মাছ-কাছৰ দৰে পুষ্টিকৰ খাদ্য পাইছোঁ৷ সাগৰৰ পানীৰ তলত থকা বিভিন্ন মণি-মুকুতা গোটাব পাৰিছোঁ৷ পানী থকাৰ বাবে অতীতত দেশে-বিদেশে ব্যৱসায় বাণিজ্য আৰু যোগাযোগ সম্ভৱ হৈছিল৷ বিভিন্ন খেতিৰ বাবে যথাসময়ত পানী নাপালে, মানুহৰ কোনো শস্য উৎপাদন নহ’লহেঁতেনে৷
 
 উপকাৰিতা 
পানীক জীৱ-জগতৰ প্ৰাণ বুলি কোৱা হয়৷ পানী নহ’লে কোনো জীৱ-জন্ত জীয়াই থাকিবই নোৱাৰে৷ মানৱ জীৱনৰ প্ৰতিটো খোজতে পানী অপৰিহাৰ্য্য৷ খেতি-বাতিৰ পৰা আৰম্ভ কৰি দৈনন্দিন কাম-কাজ পানীৰ ব্যৱহাৰ কৰা হয়৷ জুই  নুমুৱাবলৈকো পানীৰ প্ৰয়োজন৷ পানীৰ সোঁতত থকা শক্তিক ব্যৱহাৰ কৰি জলবিদ্যুৎ শক্তি উৎপাদন কৰা হয়৷
 
 অপকাৰিতা  
পানীয়ে আমাক কেতিয়াবা অপকাৰো কৰে৷ দূষিত পানীৰ পৰা আমাৰ বেমাৰ-আজাৰ হয়৷ সেয়ে আমি পানী সদায় বিশুদ্ধ কৰি খাব লাগে৷ আনহাতে বাৰিষা বানপানীয়ে ঘৰ-বাৰী খেতি-বাতি আদি নষ্ট কৰি চহা ৰাইজৰ অনিষ্ট সাধন কৰে৷ আজিকালি বাৰিষা চহৰ অঞ্চলতো ক্ষন্তেকিয়া বানৰ সৃষ্টি কৰি বৰষুণৰ পানীয়ে হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰে৷
 
 সামৰণি 
প্ৰকৃতিয়ে অকৃপণভাৱে দান কৰা পানী আমাৰ বাবে অমূল্য সম্পদ৷ পানীয়ে নদী-নিজৰাক সুন্দৰ কৰে৷ গছ-লতাক নৱপল্লৱিত কৰি প্ৰাকৃতিক সৌন্দৰ্য বৃদ্ধি কৰে৷ প্ৰকৃতিৰ এই অনবদ্য উপহাৰ পানীক আমি প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ যত্ন কৰা উচিত৷ পানী সকলো ঠাইতে পোৱা যায়৷ কিন্ত খোৱা পানীৰ ক্ষেত্ৰত আমি সাৱধান হোৱা উচিত৷ বীজাণুমুক্ত,  লেতেৰা পানী বেমাৰৰ প্ৰধান উৎস৷ আমাৰ দেশত এতিয়াও বহুলোকে পানী পৰিস্কাৰ কৰি খাব নাজানে৷ এই ক্ষেত্ৰত চৰকাৰ আৰু জনা-শুনা মানুহে তেওঁলোকক পানী উতলাই আৰু পৰিস্কাৰ কৰি খাবলৈ শিকাব লাগে৷ বিশুদ্ধ পানীয়ে মানুহৰ জীৱন শক্তি৷ পানী আমি সদায় পৰিস্কাৰকৈ ৰাখিব লাগে৷