![]() |
দিচাং নদীৰ প্ৰদূষণ আৰু সংৰক্ষণ সম্পৰ্কীয় ৰচনাঃ ধ্ৰুৱজ্যোতি ডেকা
প্ৰাকৃতি ক সৌন্দৰ্য্যৰে ভৰপূৰ অসমৰ বকুত নদী, উপনৈ, জান, জৰিুৰি, লইুতৰ পৰা বৰাকলৈ, দিখৌৰ পৰা সোৱণশিৰি লৈ এই নদ-নদী বোৰ অসমৰ মানহুৰ সভ্যতা-সংস্কৃতি ৰ বাবে বৰ মুল্যবান। অসমৰ সৰু-বৰ বহুত নৈত পানীৰদ্বাৰা ভালে মান জলসিঞ্চন আৰু খোৱা পানী যোগান আঁচনি কাৰ্য্যকৰি কৰা হৈছে। পৰিতাপৰ কথা যে বৰ্ত্তমানে ও বহুত নদ-নদী অতি অৱহেলিত অৱস্থাত আছে। বৰ্ত্তমান নদীৰ কাম যেন সমস্ত আৱৰ্জনা কাঢ়িওৱাটোহে। ঘৰ-বাৰী সজাঁ, বাট-পদূলি বন্ধাৰ ওপৰি ও খেতি ৰ বাবে ব্যৱহাৰ কৰি বহুত সৰসুুৰা নৈ-বিল নিচিহ্ন কৰাত প্ৰাকৃতিক ভাৰসাম্য হেৰাই গৈছে ফলত পৰিবেশৰ ওপৰত হেঁচা পৰিছে। অসমত সকলো প্ৰকাৰৰ নৈ পোৱা যায়। নদী সমূহুৰ কাৰিকৰী তথা বিজ্ঞানভিত্তিক গৱেষণাৰ বাবে অসমখন সৰ্বোকৃষ্ট প্ৰাকৃতিক কৰ্মশলা। মীন পালন, নৌ পৰিবহন, প্ৰমোদ ভ্ৰমন আদি কাৰ্যত অসমৰ নদ-নদী সমূহক ব্যৱহাৰ কৰাৰ থল আছে। অসমৰ নদ-নদীসমূহৰ সুসংগত অধ্যয়ন আৰম্ভ হ’লে নদী সমন্ধে লাগতিয়াল আৰু গুৰত্বুপূৰ্ণ নতুন সূত্ৰ আৱিষ্কাৰ হোৱাৰ সম্ভাৱনা নথকা নহয়। সেয়েহে নৈ সমূহৰ গুৰুত্ব উপলব্ধি কৰি ইহঁতক আদৰ কৰাটো সকলোৰে বাবে বাঞ্ছনীয় হৈ পৰিছে। দিচাং নৈখন অৰুণাচলৰ টিৰাপ জিলাৰ দক্ষিণ অংশৰ পাটকাই পৰ্বতৰ ২৬০০ মিটাৰ ওখ বমু শৃংগৰ পৰা ওলাইছে। তাৰ পাচত অৰুণাচল আৰু অসমৰ সীমাৰ কাষে ৰে বৈ আহি দিল্লি নৈ নাম লৈ নামৰূপৰ দিল্লি ঘাট হৈ নামৰূপ ষ্টেচনৰ পৰা ১ কিঃ মিঃ দক্ষিণে বৈ গৈ সাপেখাতী সংৰক্ষিত বনাঞ্চলৰ সীমাইদি বৈ লংপতিয়া হৈ টিমক নৈ ৰ লগ হয়। ইয়াৰ পৰা ৩০ কিঃ মিঃ পশ্চিম-দক্ষিণ দিশত বৈ গৈ টাওকাক নৈ ৰ লগ হয়। তাৰ পাচত ১২ কিঃ মিঃ আহি চফ্ৰাই নৈৰ সৈতে লগ লাগি ৫ কিঃ মিঃ ভটিয়াই নঙলামৰা হৈ ৰজাবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ ৫ কিঃ মিঃ আহি আখৈফুটীয়াৰ বিপৰীত পাৰে বৰ পালেঙী জানৰ লগ হয়। তাৰ পাচত ডিমৌ নৈ লগ হৈ ৫ কিঃ মিঃ ভটিয়াই আহি দি চাংমখুত ব্ৰহ্মপুত্ৰত পৰিছে। দিচাং নৈৰ দীঘ ২৩০ কিঃ মিঃ আৰু অৱবাহিকাৰ কালি ৩৯৫০ বৰ্গ কিঃ মিঃ,আজিৰ ৰচনাখনত মলূতঃ দিচাং নদীৰ প্ৰদূষণ, সংৰক্ষণ আৰু আমাৰ অভিজ্ঞতা সম্পৰ্কে থোৰতে বিশ্লেষণ আগবঢ়ো হ'ব।
বৰ্ণনাঃ সাম্প্ৰতি ক সময়ত অসমৰ জনসংখ্যাৰ বিস্ফোৰণৰ ফলত প্ৰাকৃতিক সম্পদ সমূহ এপদ এপদকৈ ধ্বংস গৰাহলৈ গতি কৰি আছে। উল্লেখনীয় যে অসম এখন নদী প্ৰধান ৰাজ্য, কিন্তু বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ সৰুবৰ উপনৈ সমহূৰ অবস্থা অত্যন্ত শোচনীয়। আমাৰ সকলোৰে জ্ঞাত যে এই নদী সমূহ প্ৰকৃতিৰ দান আৰু বিজ্ঞান কেতিয়াও প্ৰকৃতিৰ উৰ্ধত হ'ব নোৱাৰে কিন্তু বৰ্তমান সময়ত জনসাধাৰণৰ সুবিধাৰ্থে প্ৰকৃতিৰ ওপৰত অবাধে কৰি অহা অন্যায়ৰ ফল এদিন সমগ্ৰ মানব জাতয়ে ভুগিব লাগিব। ব্ৰহ্মপুত্ৰ নদীৰ মলূ উপনৈ দিচাং নৈখন অসমৰ কেইবাটাও অঞ্চলৰ জনজীৱনৰ বাবে আশীৰ্বাদ স্বৰূপ, কিন্তু বৰ্তমান সময়ত পৰিবেশত বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰাই নদীখনলৈ কঢ়িয়াই আনিছে এক গভীৰ সমস্যা। বৰ্তমান সময়ত অত্যাধিক ব্যবহৃত প্লাষ্টিক জাতীয় সামগ্ৰীৰ আৰ্বজনা, পশুধনৰ মতৃদেহ, নগৰ সমূহত প্ৰতি দিনে উৎপন্ন হোৱা অলাগতীয়াল বস্তু সমূহ নলা নৰ্দমাৰে উটি আহি নৈত পৰাৰ লগে লগে নদী প্ৰদূষণ হয়। নদী প্ৰদূষণৰ লগে লগে পানীৰ ওপৰত নিৰ্ভৰ কৰা জলজ প্ৰাণী সমূহেও বহৃৎ প্ৰত্যাহ্বানৰ সম্মখুীন হয়। ইয়াৰ উপৰিও যতে ততে নিৰ্মাণ কৰা কাৰখানা বা অন্যান্য উদ্যোগেও দিচাং নৈ খনলৈ এক গভীৰ সমস্যা কঢ়িয়াই আনিছে। এনে এক পৰিপ্ৰেক্ষিতত নৈ খনৰ সংৰক্ষণ অতি প্ৰাসংগিক বিষয় হৈ পৰিছে। জনসাধাৰণৰ লগতে চৰকাৰৰো এইক্ষেত্ৰত যথেষ্ট কৰণীয় আছে। অসমৰ চৰকাৰৰ পৰিবেশ আৰু বন বিভাগে পানীৰ মানদণ্ডৰ মণিটৰিং ব্যবস্থাৰ জৰিয়তে নৈখন প্ৰদূষণৰ মাত্ৰা সম্পৰ্কে জনসাধাৰণক জ্ঞাত কৰাই ইয়াৰ ক্ষয় ক্ষতিৰ প্ৰভাব সম্পৰ্কে জনসাধাৰণক সজাগ কৰিব লাগে, অবশ্যে অসম চৰকাৰে MINARS কাৰ্য্যসূচীৰ জৰিয়তে দিচাং নৈখনৰ বাবে গুদামঘাট আৰু চেপাখাটিত মণিটৰিঙৰ ব্যৱস্থা কৰিছে, ইয়াৰ উপৰিও যতে ততে উদ্যোগ স্থাপনৰ অনুমতি প্ৰদান নকৰি নদী অববাহিকা এলেকাৰ ক্ষতি নোহোৱা ঠাইত উদ্যোগ স্থাপনৰ ব্যবস্থা কৰিব লাগিব। সময়ে সময়ে নৈখন চাফ চিকুণ কৰাৰ উপৰিও ওখ ওখ মথাউৰি বান্ধি নদীৰ মলূ গতি পথৰ যাতে দিশ সলনি নহয়, তাৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত জৰৰুী। ইয়াৰ উপৰিও স্থানীয় জনসাধাৰণৰ এইক্ষেত্ৰত বহুখিনি কৰণীয় আছে, প্ৰকৃততে নৈ খনক জীয়াই ৰখাটো প্ৰত্যেক গৰাকী জনসাধাৰণে নিজৰ নৈতিক দায়িত্ব বুলি ভাৱিব লাগিব। মতৃ পশুধন নাইবা অন্যান্য আৰ্বজনাসমহূ নৈ খনত পেলোৱাৰ পৰিবৰ্তে তাৰ বিকল্প ব্যৱস্থাৰ চিন্তা কৰিব লাগিব। দিচাং নৈ খনে চুই যোৱা নগৰ সমহূৰ নলা নৰ্দমাৰে উটি অহা পানী সমূহ ঠায়ে ঠায়ে প্ৰতি শোধনৰ ব্যবস্থা কৰিব লাগিব। এনে ধৰণৰ কাৰ্যকলাপৰ দ্বাৰা কিছু পৰিমানে হ'লেও নৈ খনৰ প্ৰদূষণ ৰোধ কৰিব পৰা যাব বুলি আমাৰ মনে ধৰে। ঠিক একেদৰে সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট কৰণীয় থাকিব, যিহেতু নদী সংৰক্ষণ ইমানো সহজ কথা নহয়। ৰাষ্ট্ৰীয় নদী সংৰক্ষণ বিভাগে নদী সংৰক্ষণৰ যথেষ্ট কাম কৰি আহিছে, বিভিন্ন আঁচনিৰ জৰিয়তে নদী সমূহৰ সংৰক্ষণৰ ব্যৱস্থা কৰাও পৰিলক্ষিত হৈছে। দিচাং নদী সংৰক্ষণ কৰিবলৈ হ'লেও ৰাষ্ট্ৰীয় নদী সংৰক্ষণ বিভাগৰ আঁচনি সমূহ চৰকাৰে কাৰ্যকৰী কৰিব লাগিব। এই আঁচনি সমহূ হ'ল-
১) নদীলৈ বৈ অহা নলা নৰ্দমাৰ প্ৰদূষিত পানী পৰিশোধনৰ কৰা আঁচনি।
২) নদীৰ বকু আৰুপাৰত জমা হোৱা আৰ্বজনা নিষ্কাষণৰ আঁচনি।
৩) নদীৰ বকু খান্দি নদীৰ প্ৰবাহী ক্ষমতা বদ্ধিৃদ্ধিৰ আঁচনি।
৪) নদীৰ দুয়োপাৰে গছ-গছনি ৰোপন কৰি সৌন্দৰ্য বৰ্ধনৰ লগতে আমোদ প্ৰমোদৰ ব্যৱস্থাৱলীৰ আঁচনি।
৫) সমূহীয়া অনাময়ৰ আঁচনি।
৬) জনসচেতনতা বৃদ্ধিৰ আঁচনি।
ইয়াৰোপৰি নৈখনৰ যিবোৰ ঠাইৰ তলি বাম হৈ গৈছে সেই ঠাইসমূহ নতুনকৈ খান্দি নদীখনৰ পানী ধাৰণ ক্ষমতা বৃদ্ধিৰ আঁচনি গ্ৰহণ কৰিব লাগিব। নৈনক আগৰ দৰে জীয়াই ৰাখিবলৈ হ'লে দয়ুয়োপাৰে বক্ষৃ ৰোপণ কৰি পদ পথ নিৰ্মাণ কৰাৰ আঁচনি গ্ৰহণ কৰিব লাগিব। যাতে মানুহে সময়ে সময়ে নৈ খনৰ সৌন্দৰ্য উপভোগ কৰাৰ উপৰিও ভৱিষ্যতে সেই ঠাইসমূহ পৰ্যটন স্থলীলৈও ৰূপন্তৰিত কৰাৰ ব্যবস্থা কৰিব লাগিব। এই আঁচনি সমূহৰ সফল কাৰ্য্যকৰীকৰণৰ দ্বাৰাহে নিঃসন্দেহে দিচাং নৈ খনকো সংৰক্ষণ কৰিব পৰা যাব ।
সামৰণিঃ আমি সকলোৱে জানো অথবা জনা উচিত যে যিকোনো ধৰণৰ প্ৰাকৃতিক অথবা সামাজিক সমস্যা সমাধানৰ বাবে জনসচেতনতা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় । একমাত্ৰ জনসচেতনাৰ জৰিয়তেহে কিছুমান সমস্যাৰ সমাধানৰ আৰম্ভণি কৰি ব পাৰি, ঠিক একেদৰে ই প্ৰদূষণ অথবা নদী সংৰক্ষণৰ নিচিনা সমস্যাবোৰৰ বাবেও জনসচেতনতাই মুল চালিকাশক্তিৰ কাম কৰিব পাৰে। সদৌশেষত ক'ব লাগিব যে অসমৰ আশীৰ্বাদ স্বৰূপ দিচাং নৈখন চৰকাৰ আৰু জনসাধাৰণৰ উমৈহতীয়া প্ৰচেষ্টাতহে ইয়াৰ প্ৰদূষণ ৰোধ তথা সংৰক্ষণ কৰিব পৰা যাব, ইয়াৰ বাবে লাগিব সুস্থ আন্তঃগাথনি তথা সুস্থ জনসচেতনতা লগতে জনসাধাৰণৰ নৈতিক দায়িত্ব স্বীকাৰ। অন্যথা ভবিষ্যতে এনে এটা দিনতে দি চাং নৈখন অসমৰ মানচিত্ৰৰ পৰাই হেৰাই যাব।
♦এই ৰচনাৰ লেখক ধ্ৰুৱজ্যোতি ডেকা। ধ্ৰুৱজ্যোতি ডেকা (ফোন নং:-৯৩৬৫৬৪৯২৩) ভট্টদেৱ বিশ্ববিদ্যালয়, বজালীৰ পঞ্চম ষাণ্মাষিকৰ ছাত্ৰ। এই ৰচনা 'নৰ্থ ইষ্ট ৱাটাৰ টক্'ৰ হৈ ২০২১ চনত প্ৰাৰ্থনা আৰন্ধৰাই আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ পৰা সংগৃহীত।
(ৰচনাটি পঢ়িবলৈ তলত সংলগ্ন হৈ থকা পিডিএফ কপিটো ডাউনলোড কৰক)
দিচাং নদী সম্পৰ্কীয় অন্যান্য ৰচনা পঢ়িবলৈ ইয়াত ক্লিক কৰক