১) বগৰীবাৰীৰ বিষাদ
কৰবাত যদি ২ ফুট , কৰবাত আকৌ ৬ ফুটলৈ বালিয়ে পুতি পেলাইছে খেতিপথাৰ। ৰঙিয়াৰ নিকটৱৰ্তী তামুলপুৰ জিলাৰ বগৰীবাৰীত এতিয়া মৰুৰ পৰিবেশ। যোৱা ১৬ জুনত পুঠিমাৰি নদীৰ মথাউৰি ভাঙিছিল। বাঢ়নি পানীয়ে পিছে পলস কঢ়িয়াই নানিলে। আনিলে বালি। পানীয়ে অনা বালিয়ে এতিয়া বিপৰ্যয় মাতিছে। ১ নম্বৰ বগৰীবাৰীৰ দণ্ডী দাসক পৰিয়ালসহ লগ পাইছিলো মথাউৰিত আশ্ৰয় লৈ থকা অৱস্থাত। তেওঁ জনাইছিল -পানীয়ে যে এনে বিপদ মাতি আনিব ভাবিবই পৰা নাছিলো। মোৰ ১৪ বিঘা খেতি মাটিত বালি পৰিল। এতিয়া সেই মাটিত কি খেতি কৰিম ভাবিবই পৰা নাই। জলসিঞ্চনৰ সুবিধা থাকিলে , চৰকাৰে সহায় কৰিলে কমকৈ বালি পৰা ঠাইত ৰঙালাও , বাদাম আদি কৰি চাব পাৰিলোহেঁতেন। সেই সুবিধাও নাই। গাঠিৰ ধন ভাঙি বালি গুচোৱা অসম্ভব। 'অঞ্চলটোত ২০০০ চনৰ পৰাই অলপ অলপকৈ বালি পৰা আৰম্ভ হৈছিল ।কমকৈ বালি পৰা ৬ বিঘা মাটিত ২০২১ চনৰ পৰা অলপ অচৰপকৈ খেতি আৰম্ভ কৰিছিল কৃষক হৰেণ দাসে। ২০২২ চনৰ ১৬ জুনত মথাউৰি ভাঙি তাৰো মুদা মাৰিলে। কৃষকজনে কৈছিল -'চৰকাৰে বিভিন্ন সহায় আগবঢ়াইছে যদিও বালি পৰা মাটিৰ পৰা বালি আঁতৰাবলৈ একো ব্যৱস্থা লোৱা নাই। সেয়ে আমাৰ বিপদ বাঢ়িছে। গাৱঁখনৰ আৰ্থ -সামাজিক দিশত নেতিবাচক প্ৰভাৱ পৰিব। ধান খেতিৰ লোকচান পূৰাবলৈ আমি কুঁহিয়াৰ খেতি কৰিছিলো। বালিয়ে পোতা পথাৰত পানীৰ সুবিধা নাথাকিলেনো আমি কি খেতি কৰিব পাৰো। আনকি ৰবি শস্যও কৰিব নোৱাৰি। 'সমীন্দ্ৰ দাস, নিৰ্মালী দাসৰ দৰে পৰিয়ালে আকৌ পানীৰ পৰা বাচিবলৈ , ধানতকৈ লাভ অকণমান বেছি কৰিবলৈ আৰম্ভ কৰিছিল মীনপালন। তিনি বিঘাৰ পুখুৰী খন্দাই মীন পালন আৰম্ভ কৰা নিৰ্মালী দাসৰ পুখুৰীটো চিনচাব নোহোৱাকৈ বালিয়ে পুতি পেলালে। তেওঁ কৈছিল -'আমি কি কৰো কওঁকছোন। ' গাওঁখনৰ প্ৰায় ৯০% লোক কৃষিজীৱী। প্ৰতিঘৰৰে অনুৰূপ অৱস্থা। ৰাইজৰ অনুৰোধ -'মথাউৰিটো ভালদৰে বন্ধাই দিয়ক । জলসিঞ্চনৰ ব্যৱস্থা কৰি দিয়ক। কম পানীত কৰিব পৰা লাভজনক কৃষিকাৰ্যৰ সন্ধান দিয়ক।'
কাজি নেমু , ধান , কুহিঁয়াৰ , হাঁহ- কুকুৰা বেচা ধন অলপ অলপকৈ সাঁচি কোনোমতে পকী ঘৰটো বান্ধিছিল বগৰীবাৰীৰ জাকিৰ হুছেইনে। এতিয়া আৰু ঘৰটোত থকা নাযায়। থাকিবলৈ লোৱাৰ ছমাহমান হৈছিলহে। ঘৰৰ কাম বাকী আছিল। চূন-তেল সনাই নহ'ল। বাঢ়নি পানীৰ প্ৰবল সোঁতে ঘৰটো থকা ঠাইত এটা পুখুৰী কৰি পেলাই ঘৰটো বিধ্বস্ত কৰি পেলালে।
কৃষক হুছেইন ঘৰত নাছিল। আমি লগ পাইছিলো পত্নী আচমা বেগমক । মহিলা গৰাকীয়ে জনাইছিল -'ধান খেতিত লাভ নোহোৱাত আমি ৫ বিঘা মাটিত কুহিঁয়াৰ , নেমুটেঙাৰ খেতি কৰি উপাৰ্জনৰ চেষ্টা কৰিছিলো। ২০২২ ৰ বানপানীৰ পিছত এতিয়া কি কৰিম ভাবিয়েই পোৱা নাই। বালিয়ে পোতা মাটিত কুহিঁয়াৰ , নেমুৰ উৎপাদনো কমিল। পানীয়ে আমাৰ সৰ্বনাশ কৰিলে। ' পৰিয়ালটোৱে পৰ্যায়ক্ৰমে কম পানীৰ প্ৰয়োজন হোৱা তৰমুজ , ৰঙালাও , বাদামৰ খেতি লাহে লাহে আৰম্ভ কৰাৰ কথা ভাবিছে। কিন্তু তাৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱ তেওঁলোকৰ। ওচৰৰ এখন গাঁও ধূলাবড়ীত ১০ বিঘা মাটি বছৰেকীয়া চুক্তিত লৈ হুছেইনে ধান খেতি কৰিছিল যদিও বানপানীৰ পিছত আকৌ বৰষুণ কমি যোৱাত ধান খেতি একেবাৰে ভাল নহল। অঞ্চলটোত বহু কৃষকে এইবাৰ এই সমস্যাৰ সম্মুখীন হৈছে বুলি জনাইছিল অন্য এজন কৃষক আব্দুল হাইয়ে। আচমা বেগমে কৈছিল -'বানপানী , বানপানীৰ সৈতে অহা বালি আৰু সময়মতে বৰষুণ নপৰাত কৃষকসকলৰ বিপদ বাঢ়িছে। '
(২) সুনেৰটাৰি
তাইজুদ্দিন আহমেদ অঞ্চলটোত খেতিৰ মাষ্টৰ বুলিয়েই পৰিচিত কৃষক তাইজুদ্দিন আহমেদে।কলা শাখাৰ স্নাতক আহমেদে একেডৰা মাটিকে বিভিন্ন সময়ত বিভিন্ন ধৰণে ব্যৱহাৰ কৰাই নহয়, এনেয়ে পৰি থকা বা পৰম্পৰাগত খেতি নোহোৱা মাটিতো আহমেদে খেতি কৰি সফলতা লাভ কৰিছে। শালি, আহু, বৰো ধানৰ খেতি কৰা তাইজুদ্দিন আহমেদে অন্য সকলো শাক-পাচলিৰ উপৰি ক’লা জিৰা, বাদাম, তৰমুজ, কুঁহিয়াৰ আদিৰো খেতি কৰি আনৰ বাবে আদৰ্শ হৈছে। কৃষক আহমেদে জনাইছিল— ‘বাদাম, তৰমুজৰ খেতিত উৎপাদন ব্যয় যথেষ্ট কম। কিন্তু উপাৰ্জন বেছি। বাদাম, তৰমুজৰ বাবে সাধাৰণতে অন্য খেতি নোহোৱা এনেয়ে পৰি থকা বালি মাটিৰ প্ৰয়োজন। এবিঘা মাটিৰ বাদাম খেতিৰপৰা গড় হিচাপত ১২ হাজাৰ টকা লাভ কৰিব পাৰি। তাৰ বিপৰীতে তৰমুজৰ খেতিৰ লাভ আৰু বেছি।’ কৃষকজনে পৰীক্ষামূলকভাৱে কুঁহিয়াৰ খেতিৰ তলত আলু খেতি একেলগে কৰিছিল। মাটিখিনি এনেয়ে পৰি থকাৰ সলনি কুঁহিয়াৰৰ তলত আলু খেতি কৰি প্ৰতি বিঘাত ২২ কুইণ্টলপৰ্যন্ত আলু পাবলৈ সক্ষম হৈছিল। আহমেদৰ মন্তব্য— আলু খেতি কৰি পোৱা পইচাৰে কুঁহিয়াৰ খেতিৰ খৰচৰ এটা অংশ ওলাইছিল।’ কিন্তু জলবায়ু পৰিৱৰ্তন, খহনীয়া, পানীৰ সমস্যাৰ বাবে বৃহত্তৰ অঞ্চলটোত কৃষিকাৰ্য এতিয়া আৰু পূৰ্বৰ দৰে লাভজনক হৈ থকা নাই। সেয়ে একেডৰা মাটিতে বেলেগ খেতি আৰু এটাৰ সৈতে আন এটা খেতি কৰি উপাৰ্জন বঢ়োৱাৰ পোষকতা কৰে আহমেদে।
জলবায়ু পৰিৱৰ্তনে অসমৰ কৃষকসকলৰ ওপৰত কি ভয়াৱহ প্ৰভাৱ পেলাইছে আৰু অনাগত সময়ত কেনে দিনে অপেক্ষা কৰি আছে সেয়া বুজিবলৈ, তাইজুদ্দিন আহমেদ আৰু তেওঁৰ গাঁৱৰ কৃষকসকলৰ ওচৰলৈ যোৱা উচিত। বৰপেটা জিলাৰ সুনেৰটাৰিৰ কৃষক আহমেদে ২০১৭, ২০১৮ চনমানলৈ প্ৰায় ৫০ বিঘা মাটিত বছৰটোত বিভিন্ন খেতি কৰিছিল। নিজৰ মাটি ১০ বিঘামান যদিও অইন কৃষকৰ মাটি বা অব্যৱহৃত মাটি আধিলৈ লৈ খেতি কৰা আহমেদে ২০২২ চনত ৰবিৰ বতৰত মাত্ৰ ১৫-২০ বিঘা মাটিতহে খেতি আৰম্ভ কৰিছে। কিয়— ব্ৰহ্মপুত্ৰৰ খহনীয়া, অসময়ত অহা বানপানী, বাৰিষা কালত ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰা বানপানীৰ প্ৰকোপ, উত্তাপ বৃদ্ধি, ৰবি শস্যৰ বতৰত বৰষুণ কমি যোৱা আদি কাৰকৰ বাবেই বছৰি লোকচান বাঢ়িছে কৃষক আহমেদৰ। ব্ৰহ্মপুত্ৰই বৃহত্তৰ অঞ্চলটোৰ কেইবা হাজাৰ বিঘা খেতি কৰা মাটি সামৰি ল’লে। পূৰ্বে আহমেদে বছৰটোত ১৫- ২০ জন লোকক নিয়মীয়াকৈ খেতিৰ কামত লগাই সংস্থাপন দিছিল। এতিয়া সেই সংখ্যা ৫জনমানলৈ নামি আহিল। ২০২২ বৰ্ষৰ কথা উল্লেখ কৰি আহমেদে কৈছিল— ২০২২ৰ বানপানীত পুখুৰীৰ মাছৰ পৰা মৰাপাট, বৰো ধান সকলো নষ্ট হৈ মই সৰ্বস্বান্ত হ’লোঁ। খেতি কৰি চলাটোৱেই এতিয়া সমস্যা। ৰবি শস্যৰে লোকচান কিছু পূৰণ কৰিব লাগিব। উল্লেখ্য যে প্ৰগতিশীল কৃষক ৰূপে জিলা আৰু ৰাজ্যিক ভিত্তিত পুৰস্কাৰ পোৱা আহমেদহঁতৰ গাঁৱত কৃষি বিভাগে বৰো ধানৰ প্ৰদৰ্শনীমূলক খেতি কেইবছৰমান পূৰ্বে আৰম্ভ কৰিছিল। খেতি কৰিয়েই স্বচ্ছল জীৱন-যাপন কৰা আহমেদে জনাইছিল— জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহবান গ্ৰহণ কৰি আমি আগুৱাব লাগিব। তাৰ বাবে বেলেগ কৌশল গ্ৰহণ কৰি, কৃষি উদ্যান শস্য বিভাগে আমাক আগবঢ়াই নিব লাগিব। কম পানীৰ প্ৰয়োজন হোৱা কৃষিকাৰ্অয আমি আদৰি লব লাগিব । অন্যথা জলবায়ু পৰিৱৰ্তনে গ্ৰাস কৰা কৃষকৰ ভৱিষ্যৎ অন্ধকাৰ।