Alt

নৈকোষঃ

     মোৰ শৈশৱ-কৈশোৰৰ চিনাকী ঠাই৷ তেতিয়া ২০০৬ চন৷ মই বৰপাক মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা উচ্ছ প্ৰাথমিক শিক্ষা সাং কৰি মাছখোৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিছোঁ৷ আমাৰ সৈতে নামভৰ্ত্তি কৰা পবিতা, মিলনহঁতে তেতিয়া আমাৰ বিদ্যালয়ৰ কাষতে থকা এখন নদীৰে টুলুঙা নাৱত উঠি পাৰ হৈ আহিবলগীয়া হৈছিল৷ এই নদীখনৰ নামেই হ’ল লাইপুলীয়া নদী৷ লাইপুলীয়া ঘাট পাৰ হৈ পবিতাহঁতে নৈকোষ গাঁৱত উঠেহি৷ নৈকোষৰ পাৰে পাৰে আমি চাইকেল লৈ বিদ্যালয়লৈ যাওঁ৷ সিহঁতেও আমাৰ লগ দিয়ে৷ নৈকোষ গাঁৱৰ কাষতে আমাৰ বিদ্যালয়খন৷

     নৈকোষৰ পাৰৰ গাঁওবাসীৰ জীৱনৰ বহু উত্থান পতনৰ সাক্ষী এই নদীখন৷ এই নদীপাৰৰ লোকসকলৰ জীৱন শৈলী, ইয়াৰ বৈচিত্ৰ্যময় পৰিৱেশ, নদী-মানুহ আৰু পানীৰ সৈতে সম্পৰ্ক কেনেধৰণৰ সেই বিষয়ে জানিবলৈ আমি যাত্ৰা কৰিলোঁ নৈকোষলৈ৷

     বলকচোন, আজি আমি নৈকোষ আৰু লাইপুলীয়া পাৰৰ জনজীৱনৰ মাজলৈ সোমাই যাওঁ৷ আচলতে, কৈশোৰৰ এচোৱা সময় এই নদীপাৰৰে ঐতিহ্যমণ্ডিত বিদ্যালয়খনত পাৰ কৰা সূত্ৰে মোৰ বহুকেইজন সহপাঠী নদী পাৰৰ, নদী কাষৰীয়া অঞ্চল নৈকোষ, দেউঘৰীয়া, গোহাঁই গাঁও আদিৰে আছিল৷ তেনে এজন বন্ধু হ’ল টিকেন্দ্ৰ৷ টিকেন্দ্ৰ চেতিয়া৷ টিকেন্দ্ৰই তাৰ ঘৰৰ পৰা মোক লগ দিয়াৰ কথা৷

লাইপুলীয়া নদীঃ

          ধেমাজি জিলাৰ বানে গৰকা অঞ্চলত বসবাস কৰা লোকসকল বিভিন্ন সময়ত নদীৰ মমতাময় বান্ধোনেৰে জীৱন-জীৱিকা লাভ কৰাৰ বিপৰীতে বহু সময়ত নদীৰ কালমূতি সন্মুখীন হ’বলগীয়াও হৈছে৷ লাইপুলীয়া নদীখনৰ কথা ক’বলৈ হ’লে আমি প্ৰথমেই চিজি নৈৰ পাৰলৈ আগবাঢ়ি যাব লাগিব৷ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চিয়াং পাহাৰৰ পৰা ওলোৱা নদীখনৰ নাম হ’ল চিজি নদী৷ অৰুণাচল প্ৰদেশৰ দক্ষিণ-পশ্চিম দিশৰ ছিবা, ছিমা আৰু য়াৎটে নৈক লগ লগাই চিলাপথাৰৰ দাঁতিকাষৰীয়া লিকাবালিৰ মাজেদি ধেমাজিত চিচি নাম লৈছেহি৷ চিচি নৈখন চুমনি বিলত সোমাই কাপোৰধোৱা নৈ নাম লয়৷ কাপোৰধোৱা নৈয়ে দক্ষিণ পশ্চিম দিশত বৈ আহি গাই নৈত লগ লাগে৷ গাই নৈৰ পৰা প্ৰায় এক কিঃমিঃ ভটিয়াই আহি কানি বিলত লগ হয়গৈ৷ কাপোৰধোৱা নৈখন আহি মাছখোৱা মৌজাত সোমাই লাইপুলীয়া নাম লৈছে৷ নদীখনে এনেদৰে প্ৰায় জ্ঝ কিঃমিঃ পথ গতি কৰি চাৰিকৰীয়া নাম লৈছে৷

নৈকোষ আৰু লাইপুলীয়াৰ পাৰে পাৰেঃ

          লাইপুলীয়াৰ পাৰে পাৰে ময়ো টিকেন্দ্ৰৰ ওচৰলৈ আগবাঢ়িলোঁ৷ সি মোৰ বাবে বাট চাই সাজু হৈয়ে আছিল৷ আমি নদীৰ পাৰলৈ আগবাঢ়িলোঁ৷ মাছখোৱা মৌজাৰ পূৱ মাছখোৱা গাঁও পঞ্চায়তৰ অধীনৰ এই ঠাইডোখৰৰ লগতে মানুহৰ জীৱন শৈলীলৈয়ো পৰিৱৰ্তন আহিছে৷ পূৰ্বে খোৱাপানী, কাপোৰ ধোৱা আদি কাৰ্যৰ বাবে নদীখনৰ ওপৰত নিৰ্ভৰশীল গাঁওবাসীৰ প্ৰত্যেকৰে ঘৰতে বৰ্তমান দমকল আছে৷ কাপোৰ-কানি ধোৱাৰ বাবে নদীৰ পৰা আঁতৰি অহাটো অৱশ্যে নদীখনৰ বাবে আশীৰ্বাদ স্বৰূপ৷ নদীত প্ৰদূষণৰ পৰিমাণ ক্ৰমশঃ নোহোৱা হৈছে৷

          ইতিমধ্যে আমিও আগবাঢ়িলোঁ৷ আমি দেখিলো যে গৰাখহনীয়া এতিয়াও লাইপুলীয়াৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হৈয়ে আছে৷ অৱশ্যে এতিয়া লাইপুলীয়াই নিজকে স্থিৰ কৰি ৰাখিছে বুলি স্থানীয় লোকসকলে আমাক জানিবলৈ দিয়ে৷ লাহে লাহে আমি গন্তব্যস্থানত ভৰি দিলোগৈ৷ সমুখত লাইপুলীয়া নদী৷ “সেউজীয়া মেটেকাৰে পানীবোৰক যেন আৱৰি আছে”, তেনে এক ৰূপেই দেখা পোৱা গ’ল লাইপুলীয়াৰ নীলান্ত জলবক্ষত৷ নদীৰ সিটো পাৰত এতিয়া হেমন্তৰ হালধীয়া ৰঙৰ সমাহাৰ৷ গাঁওবাসীও ব্যস্ত হৈ আছে৷ হেমন্তৰ হালধীয়া মানে আপোনালোকে বুজিছেই চাগৈ৷ হয়, মই সৰিয়হ খেতিৰ কথাকে ক’বলৈ খুজিছোঁ৷ কৃষিজীৱী নৈপৰীয়া ৰাইজৰ বাবেই এতিয়া এক লাভজনক খেতি৷ নদীৰ আনটো পাৰত থকা সৰু সৰু জোপোহাকৃতিৰ গছবোৰে পৰিৱেশটোক নান্দনিক কৰি তুলিছে৷ আমি পলম নকৰি লাইপুলীয়াৰ পানী গচকি উমান ল’লো ইয়াৰ চৰিত্ৰৰ৷ হেমন্ত কালৰ বাবেই হয়তো ইয়াৰ পানী খুউব চেচাঁ হৈ আছিল৷ আমাক এজাক পাতল বতাহে কোবাই থৈ গ’ল৷

          আমি সমুখলৈ আগবাঢ়িলো৷ নাতি দূৰৈত কিছুমান ঝাও গছ দেখুৱাই টিকেন্দ্ৰই ক’লে, “এই ঝাও গছ থকা ঠাইডোখৰ আৰু আমি ৰৈ থকা ঠাইডোখৰ চাচোন৷ য’ত ঝাও গছবোৰ আছে, তাত কোনোধৰণৰ খহনীয়া হোৱা নাই৷ আনহাতে এইডোখৰত চাচোন, খহনীয়া হৈ আছে৷” মই মন কৰিলোঁ, টিকেন্দ্ৰই কোৱা কথাষাৰ মিছা নহয়৷ সম্ভৱতঃ গৰা খহনীয়া ৰোধত ঝাওগছবোৰেও বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷

          আমি পুনৰ নদীৰ পাৰে পাৰে আগুৱাই গ’লোঁ৷ ২০০ মিটাৰ মান আগুৱাই গৈ পুনৰ দুখনমান টুলুঙা নাও দেখা পালো৷ মানুহে এই টুলুঙা নাওবোৰ ব্যৱহাৰ কৰে যদিও মূল পথেৰে পাৰ হ’বলৈ ইতিমধ্যে দলং নিৰ্মাণ কৰা হৈছে৷

          অলপ আগবাঢ়িছোহে, এনেতে দেখিলোঁ–এডাল বাহৰ মাৰিত এডোখৰ ৰঙা কাপোৰ বান্ধি নদীত পুতি থোৱা আছে৷ কলপাতত তামোল পান আৰু চাকি-বন্তি৷ তাৰ পৰা গতিদূৰৈত কিছু সংখ্যক মানুহ৷ মনতে ভাবিলোঁ–মানুহ, পৰম্পৰা আৰু পানীৰ সম্পৰ্কৰ সৈতে ইয়াৰ নি(য় কিবা নহয় কিবা সম্বন্ধ আছে৷ আমি মানুহখিনিৰ ওচৰলৈ গ’লো৷

          মানুহখিনিৰ ওচৰ পাই দেখিলোঁ–তাত আমাৰ হাইস্কুলীয়া বন্ধু ‘বেথা’ও আছে৷ আমাক দেখাৰ লগে লগে সি মাত লগালে–

          ঃ টিকেন্দ্ৰচোন, আহ৷

মই মাজতে মাত দিলো–

          ঃ কিহে বেথা৷ চিনি পাইছনে?

          ঃ মানুহবোৰৰ চেহেৰাবোৰ সলনি হৈছে৷ তই মানস নহয় জানো? সলনি হ’লি দেখোন তই৷

          ময়ো শলাগিলোঁ৷ এৰা, হাইস্কুলীয়া মানস আৰু এতিয়াৰ মানসৰ মাজত আকাশ-পাতাল পাৰ্থক্য৷ কথাৰ মাজতে মই নদীখনত এনেদৰে বাহৰ মাৰি পুতি থোৱাৰ কাৰণ জানিব খোজাত বেথাই ক’লে–

          ঃ ইয়াত জেং দিছিল৷ কালিলৈৰ পৰা মাছ ধৰিব৷ সেয়ে নদী আৰু পানীক সন্তুষ্টিৰ বাবে এনেদৰে নৈবদ্য আগবঢ়াই উপাসনা কৰা হয়৷

 

নৈকোষৰ ঐতিহ্য বিচাৰিঃ

          আমি আমাৰ শিক্ষাগুৰু তথা নৈকোষতে বসবাস কৰা অৱনী বুঢাগোহাঁই ছাৰৰ ঘৰত উপস্থিত হৈছিলো৷ ছাৰ দেউতাৰ সহপাঠী আছিল৷ সেয়ে ছাৰক মই তাৱৈদৌ বুলিও মাতিছিলোঁ৷ আমি গৈ পাওঁতে ছাৰে বাৰীতে মগুমাহৰ মৰনাৰ বাবে মাহবোৰ শুকাবলৈ দি আছিল৷ আমাক আথে-বেথে বহিবলৈ দিলে৷ কথাৰ মাজতে ছাৰৰ পৰা মই নৈকোষ নামৰ ইতিবৃত্ত জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলোঁ৷ ছাৰে কৈছিল–

          ঃ আচলতে আমাৰ গাঁওখন নদীপাৰত নদীৰ  নদীৰ পাৰত, কাষত হোৱা হাবেই নৈকোষ হ’ল বুলি দুই একে কয়৷ অৱশ্যে এইক্ষেত্ৰত নিৰ্ভৰযোগ্যতাও মোৰ লগত নাই৷

          ল’ৰালিৰ দিনবোৰত লাইপুলীয়া বুুকুতে সাতুৰি - নাদুৰি ডাঙৰ-দীঘল হোৱা ছাৰে [৫১ বছৰ] আমাক নদীখনৰ মমতাময়ী আৰু নিদাৰুণ দুয়োটা ৰূপৰ কথাই ক’লে৷ আপদে-বিপদে লগৰীয়াৰ দৰে হৈ পৰা নদীখনৰ পুৰণি কথাবোৰলৈ ছাৰে ভূমুকি মাৰিব খুজিলে৷

মমতাময়ী লাইপুলীয়াঃ

          লাইপুলীয়া নদীখন নৈকোষৰ ভিন্নজনৰ জীৱন-জীৱিকাৰ থলী৷ এই নদীখনেই এসময়ত মৎস্যৰ উভৈনদী ভঁৰালস্বৰূপ আছিল৷ অৱনী ছাৰে স্মৃতি ৰোমন্থন কৰি লাইপুলীয়াৰ মাছৰ বৈচিত্ৰ্যৰ কথা কৈছিল–

          ঃ ১৯৮০ চন আৰু ১৯৮২ চনত আমাৰ মনত থকা মতে দুটা ডাঙৰ বানপানী হৈছিল৷ অৱশ্যে খেতি পথাৰ খহনীয়াই বিশেষ নষ্ট কৰা নাই৷ মানুহবোৰহে মদীৰ কাষলৈগৈ থকাৰ দৰে হৈছে৷ লাইপুলীয়াৰ সেউজীয়া পথাৰ অংশৰ ফালে দুটা জান লগ লাগিছে৷ এটা ডোমকটা জান আনটো মৌমৰা জান৷ এই জানটোৰ মুখতেই সেউজীয়া পথাৰ অঞ্চল বহুকেইজনৰ মাটি-বাৰী নদীত জাহ গৈছে৷ অৱশ্যে নদীৰ পূৰ্বৰ ধাৰটোৱে এতিয়া গতি সলাইছে৷ আগতে নদীখন দ আছিল৷ নল-খাগৰি আছিল৷ সেয়ে তাত বিভিন্ন মাছ আছিল৷ সৰু সৰু মোহাবোৰত ডুকা কাছ দেখিছিলোঁ৷ এতিয়া অৱশ্যে নদীখন বাম হৈছে৷ মাছ-পুঠিও কমি আহিছে৷ খাৰ বন আছিল৷ এতিয়া খাৰ-বনো নোহোৱা হ’ল৷ আঁৰি, গাগল, চিতল আদি বিভিন্ন মাছৰ সমাহাৰ আছিল৷ আজিকালি গাগল মাছ একেবাৰে নোহোৱা হ’ল৷ পূৰ্বতে পোৱা কুকি, মৰথী, চেনী, বৰালি আদি মাছ আজিও পোৱা যায় যদিও এলেং, পাভ আৰু গাগল মাছ একেবাৰে নোহোৱা হ’ল৷

          তেখেতে সৰুতে উদ দেখাৰ কথাও আমাক উনুকিয়াইছে৷

          ছাৰৰ লগত কথা পাতি থাকোতেই টিকেন্দ্ৰ আৰু মই লাইপুলীয়া নদীৰ পাৰে পাৰে আহি থাকোতে মাছ শুকাবলৈ যা-যোগাৰ কৰি থকা দেখা পোৱাৰ কথা মনলৈ আহিছিল৷ ঠাইডোখৰত এতিয়াও মাছ শুকোৱাই ব্যৱসায়িকভাৱে ১৫ানি কৰা হয়৷ ই অতি লাভজনক ব্যৱসায়ো৷

          লাইপুলীয়া নদীখন কেৱল মাছ পুঠিয়েই যোগান নধৰে বৰং ই বিভিন্ন খাব পৰা জলজ উদ্ভিদৰো আবাসস্থল৷ অৰ্থাৎ উদ্ভিদ বৈচিত্ৰ্যৰ ক্ষেত্ৰত নদীখন খুবেই চহকী৷ আমি নদীখনৰ কাষত দেখা পোৱা খাব পৰা উদ্ভিদসমূহৰ ভিতৰত– মাটি কান্দুৰী (Altern Anthere sessilis (Linn),হাতী খুতুৰা (Amaranthus spinosun Linn) কণা শিমলু (Commeline benghalensis Linn), কেঞাবন (Cyperus rotundus Linn), লাইজাবৰী (Drymaria cordata (Linn), কলমৌ (Ipomoca aquatica Forsskal), শিঙৰি (Trapa natursvar bispinosa (Rocbuagh) Makino)আদি অন্যতম৷

নিদাৰুণ লাইপুলীয়াঃ

          নৈকোষ নিবাসী অৱনী ছাৰে লাইপুলীয়াৰ নিদাৰুণ ছবিৰ কথা ক’বলৈ গৈ আৱেগিক হৈ পৰিছিল৷ কাৰণ এই নদীখনেই তেখেতৰ দেউতাকৰ প্ৰাণ লৈছিল৷ সেই ভয়ানক দিনটোৰ কথা মনত পেলাই তেখেতে আমাক কৈছিল–

          ঃ দেউতা ১৯৬৫ চন মানত ঢুকাইছিল৷ দেউতাই সিদিনা ঘাঁহ-কাটিবলৈ গৈছিল৷ ঘাঁহ কাটিবলৈ যাওঁতে দলঙত খুন্দা মাৰিলেগৈ৷ সোঁতে নাওখনৰ এটা টিং মাৰি দিলে৷ তেওঁ সাতুৰিব নাজানে৷ তেতিয়াই দেউতাই প্ৰাণ হেৰুৱালে৷

          ছাৰে কয় থাকোতে মোৰ মনলৈ আহিছিল আমি মাছখোৱা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা দিনতে আমাৰ বিদ্যালয়ৰ এজন কৰ্মচাৰীয়ে লাইপুলীয়াৰ বুকুতে প্ৰাণ হেৰুৱাইছিল৷

          টিকেন্দ্ৰয়ো এনে দুৰ্ঘটনাৰ কথা সুঁৱৰি ক’লে–

          ঃ আমি শুনামতে এবাৰ এজন ব্যক্তিয়ে নদীৰ সিপাৰে সৰিয়হতলীত কাম কৰিবলৈ গৈছিল৷ নদী পাৰ হ’বলৈ তাত এডাল সাঁকো আছিল৷ তেখেতে কাম কৰি ঘূৰি আহোতে সেই সাঁকোৰ পৰা পিচলি প্ৰাণ হেৰুৱাইছিল৷

          এনে বহুতো কৰুণ স্মৃতিৰ মাজেৰেও লাইপুলীয়া বৈ আছে নিজা গতি পথেৰে৷

          সময় সলনি হৈছে৷ পৰিৱৰ্তন আহিছে৷ তথাপিও নদী আৰু মানুহৰ আত্মিক সম্পৰ্ক আজিও বৰ্তি আছে৷ নিজম-নীৰৱ পৰিৱেশে অৱশ্যে কমি আহিছে৷ নদী কাষলৈকে মানুহে বসতি স্থাপন কৰিবলৈ লৈছে৷ ই নদীৰ ভৱিষ্যতক খুউব এটা ভাল প্ৰভাৱ পেলাব বুলিও ক’ব নোৱাৰি৷

          এতিয়া, লাইপুলীয়া আৰু নদীপৰীয়া মানুহৰ সম্পৰ্ক নিৰ্ভৰ কৰিব লাইপুলীয়া আৰু নদী পৰীয়া মানুহৰ সম্পৰ্কৰ দায়বদ্ধতা মাজতেই৷