Hello Rajib Patir (not Rajib Patir?
Sign out).
ৰাজীৱ পাতিৰ মাজুলীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক৷ মাজুলীৰ অতি ভিতৰুৱা পিছপৰা, জনজাতি অঞ্চল জেংৰাই চাপৰি গাঁৱত ১৯৮২ চনৰ ১১ নৱেম্বৰত জন্ম লাভ কৰা ৰাজীৱ পাতিৰে মাজুলীৰ প্ৰথমখন উচ্ছ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰী জনপ্ৰিয় অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া প্ৰতিদিন কাকতত সাংবাদিকতা জীৱন আৰম্ভ কৰে৷ পাতিৰে সাংবাদিকতাৰ দৰে কণ্টকময় যাত্ৰাৰ মাজতে ৰাজ্যিক পৰ্যায়ৰ ‘সংবাদ ইন্দ্ৰ গ্ৰাম্য বঁটা-২০১৭’ক্সআৰু মাজুলী জিলা সাংবাদিক সন্থাই প্ৰদান কৰি অহা ‘কুমুদ দত্ত সোঁৱৰণী গ্ৰাম্য সাংবাদিকতা বঁটা-২০২১’ক্সৰ দৰে সন্মান বুটলিবলৈ সক্ষম হৈছে৷ সুদীৰ্ঘ সময় সংবাদ সেৱাত জড়িত হৈ দেশ তথা জাতিৰ কাৰণে কৰা কামৰ পুৰস্কাৰ হিচাপে অসম চৰকাৰে ইতিমধ্যে ২০১৬ চনত ৰাজীৱ পাতিৰক স্বীকৃতিপ্ৰাপ্ত সাংবাদিক হিচাপে পৰিচয় পত্ৰ প্ৰদান কৰিছে৷ ২০০৭ চনত সাংবাদিকতাৰ দৰে বৃত্তিত ভৰি দিয়া পাতিৰে বৰ্তমানলৈ প্ৰায় কুৰিৰো অধিক বিভিন্ন গ্ৰন্থ- আলোচনী সম্পাদনা কৰাৰ লগতে তেওঁৰ দ্বাৰা লিখিত লেখা বিভিন্ন বাতৰি কাকত, গ্ৰন্থ -আলোচনী আদিত প্ৰকাশিত হৈ আহিছে ৷ সংবাদ সেৱাৰ সমান্তৰাল ভাৱে মিচিং জাতীয় সংগঠন ‘টি. এম. পি.কে.’ মাজুলী জিলাৰ সম্পাদক হিচাপে দুটাকৈ কাৰ্যকাল সুচাৰুভাৱে পালন কৰাৰ উপৰিও মাজুলী জিলা সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক তথা এসময়ৰ মাজুলী সুৰক্ষা মঞ্চৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে দীৰ্ঘসময় কৰ্তব্যৰত আছিল৷ শেহতীয়াকৈ ৰাজীৱ পাতিৰে বিত্তীয় প্ৰতিষ্ঠান অসম গ্ৰামীণ বিকাশ বেংকৰ সৈতেও জড়িত হৈ মাজুলীৰ আৰ্থ-সামাজিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷