Alt
10 Aug 2023 12:49 PM
 আৰম্ভণি 
পৃথিৱীত প্ৰত্যেক উন্নত ভাষাতে লিখিত সাহিত্যৰ আগতে মৌলিক সাহিত্য সৃষ্টি হোৱা দেখা যায়৷ মানুহৰ জ্ঞানৰ বিকাশ হোৱাত প্ৰকৃতিৰ শব্দৰ অনুকৰণ বা প্ৰকৃতি জগতৰ বস্তুক বুজাবলৈ বা নিজৰ মৌলিক প্ৰয়োজন সমূহক বুজাবৰ বাবে কিছুমান ইঙ্গিত ব্যৱহাৰ কৰিছিল৷ কালক্ৰমত ভাবৰ আদান প্ৰদান কৰিব পৰাকৈ ভাষাৰ সৃষ্টি হ’ল৷ কিন্তু মৌখিক পৰ্যায়ৰ পৰা ভাষাৰ লিখিত ইতিহাসৰ আৰম্ভণি বহুকাল পাছতহে হয়৷ উদাহৰণস্বৰূপে ভাৰতীয় আৰ্য ভাষাত লিখিত সাহিত্যৰ প্ৰথম নিদৰ্শন ঋকবেদ৷

বৃহৎ অসমীয়া জাতি গঠন সবাৰ্ধিক ভূমিকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত জনগোষ্ঠী লোক সকলৰ বৰঙণি অতুলনীয়৷ জনগোষ্ঠীসকল হ’ল- আহোম, চুতীয়া, বড়ো, ডিমাছা, মিচিং, ৰাভা, টিৱা, কাৰ্বি, দেউৰী, গাৰ, মৰাণ, মটক, সোণোৱাল কছাৰী, চাহ জনগোষ্ঠী, কোঁচ- ৰাজবংশী এই সকলোৰে সংমিশ্ৰণত অসমীয়া জাতীৰে একতাৰ এনাজৰী বান্ধ খাই আছে৷ প্ৰধানকৈ এই সকলো জনগোষ্ঠী লোকসকল মঙ্গোলীয় গোষ্ঠীৰ লোক৷ এওঁলোকৰ ভাষা তিব্বতধৰ্মীয় ভাষা। সাধাৰণতে জনগোষ্ঠীৰ লোকসকলে নৈৰ পাৰত ওখ ঘৰ (চাংঘৰ)ত বাস কৰে৷ অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰধানকৈ ধেমাজি, লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শোণিতপুৰ, বাক্সা, কোকৰাঝাৰ, কাৰ্বি-আংলং আদি জিলাত বিভিন্ন জনগোষ্ঠীৰ উপস্থিতি অধিক দেখা পোৱা যায়৷

অসমৰ জনগোষ্ঠী লোক সাহিত্যৰ প্ৰকাৰঃ আদিম মানুহৰ জৈৱিক প্ৰয়োজন আহি পৰাৰ লগে লগে তেওঁলোকে সংঘবদ্ধ জীৱন কটাবলগীয়া হৈছিল৷ সংঘবদ্ধ জীৱনত অভিজ্ঞ পুৰুষে নিজৰ বা পূৰ্বপুৰুষৰ বীৰত্বব্যঞ্জক কাহিনী কোৱাৰ প্ৰয়াস আৰু শুনোতাৰ আগ্ৰহৰ ভিত্তিতে কথাগত সাধুৰ সৃষ্টি হ’ল৷ সেই গীত সৃষ্টিৰ ক্ষেত্ৰত দুটা কথা আহে -(১) মানুহৰ মনত স্থায়ীভাৱে থকা, শোক, ক্ৰোধ, উৎসাহ, ৰতি, হাস্য আদি ভাবৰ ভিত্তিত সুৰীয়াকৈ চিঞৰি চিঞৰি মনৰ ভাব প্ৰকাশ কৰা হৈছিল; আৰু (২) অনুষ্ঠানকেন্দ্ৰিক নৃত্যৰ লগত বা নৃত্যবিহীন গীতি অনুষ্ঠানৰ প্ৰচলন আছিল৷

গতিকে মানুহৰ জৈৱিক প্ৰয়োজনৰ প্ৰসংগ ইয়াত জড়িত হৈ আছে৷ গতিকে সৃষ্টিৰ উৎসৱ আৰু পৰিৱেশীয় ৰীতি অনুসৰি লোক-সাহিত্যৰ প্ৰকাশ মাধ্যম দুটা – ক) গদ্য বা কথা আৰু খ) পদ বা গীত। কিন্তু বিষয়বস্তুৰ বৰ্ণনা দীৰ্ঘতা, সংক্ষিপ্ততা, প্ৰকাশভঙ্গীৰ গীতিময়তাৰ আদিৰ আধাৰত পশ্চিমৰ সমালোচক উইলিয়াম ৱেচকমে লোকসাহিত্যক প্ৰধানকৈ তিনিটা ভাগত ভগাইছে৷

১) বৰ্ণনাত্মক কাহিনী
২) লোকগীত
৩) লোককথা

বিষয়বস্তু উভয়কে সামৰি এনেদৰে ভাগ কৰিব পাৰোঁ-

১) লোককথা- সাধুকথা,  সাথঁৰ,  ফকৰা যোজনা,  ডাকৰ বচন
২) লোকগীত- অনুষ্ঠানকেন্দ্ৰিক,  আখ্যাকেন্দ্ৰিক,  কৰ্মকেন্দ্ৰিক
৩) মিশ্ৰ- মন্ত্ৰ

১. জনগোষ্ঠীয় লোককথা সমূহঃ

১.ক) সাধু কথাঃ সাহিত্যই লিখিত ৰূপ পোৱাৰ আগত মৌখিক ৰূপত সাধুকথাৰহে প্ৰচলন আছিল৷ সাধুৰ সৃষ্টি কেতিয়া হৈছিল কোনেও ক’ব নোৱাৰে৷ অতীত কালৰ পৰা পূৰ্বপুৰুষে উত্তৰপুৰুষৰ আগত জীৱন অভিজ্ঞতাৰ পাতনি মেলাৰ মাজত ইয়াৰ বীজ নিহিত আছে৷ বীৰত্বব্যঞ্জক কাহিনী শুনাৰ হেঁপাহ,  অলৌকিক জগতত বিচৰণৰ আনন্দ,  লৌকিক জগত, পশু-পক্ষীৰ লগত ভাব বিনিময় কৰিব পৰা দুৰ্বাৰ হেঁপাহ আদি মানুহৰ আদিম প্ৰবৃত্তি৷ কালক্ৰমত এনেধৰণৰ বিষয় সংপৃক্ত কৰি শিশুৰ উপযোগীকৈ কাহিনী একোটা প্ৰস্তুত হ’ল৷ জ্যেষ্ঠসকলে শিশুৰ সন্মুখত অলৌকিক অবাস্তৱ,  অতিৰঞ্জিত কাহিনী কোৱাতেই সাধু কথাৰ সৃষ্টি বুলি ক’ব পৰা যায়৷

১.খ) সাঁথৰঃ সাঁথৰবোৰৰ প্ৰাচীনত্ব স্বীকাৰযোগ্য৷ সাঁথৰবোৰ শব্দৰ মায়াজাল৷ এই মায়াজান ভেদ কৰিব পাৰিলেই প্ৰকৃত কথাটোৰ সম্ভেদ পোৱা যাব৷ সাঁথৰবোৰৰ ভাষা উদ্দীপক বিষয়৷ শব্দৰ গঠনৰীতিত বুদ্ধিমত্তাৰ পৰিচয় পোৱা যায়৷ ই এক প্ৰকাৰ শব্দৰ যাদু৷ প্ৰশ্নকৰ্তাৰ বুদ্ধিক উত্তৰদাতাই ভেদ কৰিব পাৰিলে৷ উত্তৰদাতাৰ বুদ্ধিমত্তাৰ পৰিচয় ফুটি উঠে-

আইৰ হয় ভাই
মোৰ হয় মোমাই
মোমাইৰ ভাগিনীয়েকক কি বুলিব পায়

উত্তৰ- মই

 

১.গ) ফকৰা যোজনাঃ অসমীয়া সমাজত প্ৰচলিত এফাঁকি কথা আছে-‘‘বাৰকুৰি বৰগীত তেৰকুৰি ফকৰা৷’’  ফকৰাৰ ক্ষেত্ৰত সংযোজিত শব্দবোৰে পোনপটীয়া অৰ্থ নিদি সুকিয়া অৰ্থবোধ এটাহে দিয়া যায়৷ যি পৰিৱেশত পোনপটীয়াকৈ কথা ক’বলৈ অসুবিধা, তেনে পৰিৱেশত মূল বিষয়ৰ লগত সংগতি ৰাখি বেঁকাকৈ কথা কোৱা হয়৷ গতিকে ফকৰাবোৰ হৈ পৰে অতি গূঢ়াৰ্থমূলক৷ সংখ্যাগতভাৱে ফকৰাৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰিব নোৱাৰি৷ বৰ্তমানো এনে কিছুমান ভিতৰুৱা গাওঁ আছে য’ত একোগৰাকীলোকে এনে কিছু ফকৰা কয় যিবোৰ কাহিনীও শুনা নাযায়৷ গাঁৱৰ মানুহ কিছুমানৰ আচৰিতজনকভাৱে যিকোনো পৰিস্তিতিৰ লগত মিলাই একোটা ফকৰা কৈ দিব পৰাৰ বিচক্ষণতা আছে৷ অসমীয়া ভাষাত দুই ধৰণৰ ফকৰা দেখা যায়- ক) ভকতীয়া ফকৰা আৰু খ) সাধাৰণ ফকৰা৷ যেনে,- সাত পুৰুষত নাই গাই কৰিয়া লৈ খীৰাবলৈ যায়

১.ঘ) ডাকৰ বচনঃ অসমীয়া সমাজত ‘ডাকৰ বচন বাণী’ ৰূপে গণ্য হৈ আহিছে৷ প্ৰকৃতাৰ্থত ডাক বচনবোৰ উপদেশমূলক৷ এই উপদেশ মানুহৰ বহু যুগৰ জীৱন অভিজ্ঞতাৰ ফচল৷ ব্যৱহাৰিক জীৱনত এই উপদেশ বাণীবোৰ উপযোগী আছে৷ শব্দগত অৰ্থৰ ফালৰ পৰা চাবলৈ গ’লে ডাক শব্দৰ অৰ্থ হ’ল - কোৱা,  মতা, ধ্বনি কৰা আৰু বচন মানে সংলাপ, কথা৷ যেনে,-

পুহত আহু জেঠত শালি
তেহে চাবা গৃহস্থালি৷৷
২. লোকগীতঃ
ভাষাই পূৰঠ ৰূপ পোৱাৰ পাছতহে গীত সৃষ্টি সম্ভৱ৷ কিন্তু সৃষ্টি পাছৰ হ’লেও গতিত বেগী৷ কথাসাহিত্য যেনিবা পদযাত্ৰা আৰু গীতি- সাহিত্য হ’ল ৰথযাত্ৰা৷ সেইবুলি আধুনিক ৰেল বা প্লেন বুলিব নোৱাৰি৷ জাতীয় মনৰ প্ৰকাশৰ আকৰ্ষণীয় মাধ্যম হ’ল গীতি-সাহিত্য৷ ব্যক্তিমন, সমষ্টিমন উভয়ৰে প্ৰকাশ ঘটে গীতি-সাহিত্যত৷ অসমীয়া গীতি-সাহিত্যত কেতিয়া সৃষ্টি হ’ল সঠিককৈ ক’ব নোৱাৰি৷সেইধৰণে অনুষ্ঠান কেন্দ্ৰিক লোকগীতো ভিন্নধৰণৰ। পৰিৱেশ ৰীতিৰ আনুষ্ঠানিকতাৰ বাবে একশ্ৰেণীৰ গীতক অনুষ্ঠানকেন্দ্ৰিক বুলি অভিহিত কৰা হৈছে৷ ইয়াৰ প্ৰধান উপভাগবোৰ হ’ল- বিহুনাম, বিয়ানাম, আইনাম,  ভেকুলী বিয়াৰ নাম, লক্ষিমী সবাহৰ নাম,  অপেচৰা সবাহৰ নাম, সদাশিৱ নাম,  গোসাই নাম,  দেহবিচাচৰৰ গীত ইত্যাদি৷
 
২.ক) অনুষ্ঠানকেন্দ্ৰিকঃ
  • বিহুঃ বিহুনামক অনুষ্ঠানকেন্দ্ৰিক বুলি ধৰা হৈছে যদিও ই প্ৰথম অৱস্থাত অনুষ্ঠানকেন্দ্ৰিক নাছিল৷ কোনোবা ডেকাই গছৰ তলত পথাৰৰ মাজত, ম’হৰ পিঠিত উঠি চিঞৰি চিঞৰি মনৰ ভাব ব্যক্ত কৰিছিল৷
দেউতাৰ পদূলিত গোন্ধাইছে মালতী
কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম৷
  • বিয়ানামঃ লোক-সাহিত্যত বিয়ানামৰ বিশেষ স্থান আছে৷ বিয়ানামবোৰ প্ৰথমৰ পৰাই অনুষ্ঠানকেন্দ্ৰিক জীৱনৰ এটা বিশেষ পৰ্যায়ত পুৰুষ-নাৰীয়ে যুগ্মজীৱনৰ পাতনি মেলে। উল্লাহ-আনন্দৰ মাজেদি আনুষ্ঠানিকভাৱে বিবাহ অনুষ্ঠান অনুষ্ঠিত হয়৷ বিবাহক উপলক্ষ্য কৰিয়েই আয়তীসকলে কিছুমান গীত পৰিৱেশন কৰে৷ এইবোৰ গীতেই বিয়া নাম৷ বিয়ানাম দুইপ্ৰকাৰৰ- ক) কৰুণ; যেনে-
কৈকেয়ী ওলোৱা   সুমিত্ৰা ওলোৱা
ওলোৱা ৰামৰে মান
জনকৰ জীয়াৰী   জানকী সুন্দৰীক
জোৰণ পিন্ধাবলৈ যাওঁ৷

আৰু খ) হাস্যৰসাত্মকঃ

হাতত পাণ-বঁটা লৈ
দেউতাৰাক মাতা গৈ
মৰমৰ দেউতা ঐ
যাবলৈ ওলালো
যাবৰে সময়ত
সেৱাহে জনাইছোঁ৷

 

  • আইনামঃ পৰিৱেশ ৰীতিৰ ফালৰ পৰা দেখা যায় আইনাম অনুষ্ঠানকেন্দ্ৰিক৷ শাক্ত ধৰ্মত মূল উপাস্যদেৱী দুৰ্গতি নাশিনী দেৱী দুৰ্গা৷ দূৰ্গাৰ এটা ৰূপ মহামায়া৷ অসমৰ লোকবিশ্বাস অনুসৰি মহামায়াৰ সাত গৰাকী বাই-ভনী৷ প্ৰচলিত আইনামবোৰত আইৰ সাতগৰাকী বাইভনী বুলি উল্লেখ আছে৷
  • ভেকুলীৰ বিয়া নামঃ অসমৰ লোকবিশ্বাসমতে ভেকুলীয়ে ইন্দ্ৰ দেৱতাক ক’লেহে বৰষুণ দিয়ে৷ সেইবাবে দীৰ্ঘদিন খৰাং মাৰি থাকিলে কৃষিজীৱী লোকসকল একত্ৰিত হৈ ভেকুলীৰ বিয়া আয়োজন কৰে৷ এহাল চুক ভেকুলী ধৰি এটাক দৰা আৰু এটাক কন্যা পাতি বিয়াৰ ৰীতিমতেই পানী তুলি,  নোৱাই-ধুৱাই বিয়া পতা হয়৷ এই বিবাহ  অনুষ্ঠানৰ লগত সংগতি ৰাখি কিছুমান গীত চলি আহিছে৷ এইখিনি গীতকে কোৱা হয় ভেকুলী বিয়াৰ নাম৷
  • লখিমী সবাহৰ নামঃ কৃষিজীৱী সমাজত ধানক লক্ষ্মী বুলি জ্ঞান কৰা হয়৷ সেইবাবে লখিমীক সন্তুষ্ট কৰিবলৈ লখিমী সবাহ পাতি শস্যৰ ৰোগ নিৰাময়ৰ চিন্তা কৰা হয়৷ লক্ষ্মী আৰু লখিমী একেগৰাকী দেৱীয়েই কাতিমাহৰ পূৰ্ণিমা তিথিত লক্ষ্মী পূজা দেশৰ প্ৰায়৷ কিন্তু লখিমী সবাহ উজনি অসমৰ অনুষ্ঠানহে, নামনিৰ ফালে নচলে৷ লখিমী সবাহ দুটা সময়ত অনুষ্ঠিত কৰা দেখা যায়৷ ব’হাগ-জেঠ মাহত খেতিৰ পথাৰলৈ নমাৰ আগে আগে আৰু ঘৰলৈ প্ৰথম আগ বা লখিমী অনাৰ দিন৷
  • অপেচৰা সবাহ নামঃ দেৱতা বা অপদেৱতাৰ বিশ্বাসৰ ভিত্তিত যিবোৰ আচাৰ-অনুষ্ঠানৰ অসমত প্ৰচলন আছে৷ সেইবোৰৰ ভিতৰত অপেচৰা সবাহৰ প্ৰভাৱ আছে৷ অপেচৰা আকাশত থাকে ‘ৰূপৰে জখলা সোণৰ হেতা মাৰি, আহে অপেচৰা নামি৷’ বিশ্বাস অনুসৰি ল’ৰা-ছোৱালী শুকাই খীণাই যোৱা, চকুৰ ৰোগ, ছোৱালী পুষ্পিতা সময়ত নোহোৱা আদি অপেচৰাৰ দোষ থকা বুলি ধৰা হয়৷ এই দোষ খণ্ডন কৰিবলৈ কল, পিঠগুড়ি, গাখীৰ আদিৰে অপেচৰা সবাহ পতা হয়৷
  • সদা শিৱৰ নামঃ আৰ্য সকলে বেদৰ ৰুদ্ৰৰ লগত শিৱক অভিন্ন কৰিলে৷ শংকৰদেৱেও শিৱ নিন্দা পাপ বা শিৱ-বিষ্ণু অভিন্ন বুলিহে বনৰ্ণা দি গৈছিল৷ এই উপাস্য দেৱতাজন কিন্তু লোক-বিশ্বাসত গৃহ সংসাৰৰ প্ৰতি উদাসীন সাধাৰণ লোক স্বৰূপ হৈ উঠিছে৷
  • দেহবিচাৰৰ গীতঃ ধৰ্মীয়ভাব সমাৱিষ্ট দেহ-বিচাৰৰ গীতকো অনুষ্ঠানমূলক গীতৰ ভাগত ৰাখিব পাৰি৷ দেহ-বিচাৰৰ গীতৰ লগত জড়িত হৈ আছে দেহৰ ক্ষণ-স্থায়িত্বতা, আত্মাৰ অবিনশ্বৰতা, কাম-ক্ৰোধ, লোভ-মোহ আদি ৰিপুসমূহৰ প্ৰসংগ৷ দেহক নাও ঘৰ গছ আদিৰ লগত তুলনা কৰা হৈছে৷ মানুহৰ আশা-ভাৰসা, ধন-জন সকলো মিছা, এই পৃথিৱীৰ সম্পদ ইয়াতে এৰি এদিন যাবই লাগিব৷ দেহৰ মাংস শিয়াল-শগুণৰ আহাৰ হ’ব৷ গতিকে এই ই’ৰা, পিঙ্গলা, সুষন্না আৰু হংসা এই চাৰি নাড়ি ইন্দ্ৰিয় মন আদি সাধনাৰ জৰিয়তে সংযম কৰিবলৈ গীতবোৰত কোৱা হৈছে৷

 

২.খ) আখ্যাকেন্দ্ৰিক গীতঃ

অসমীয়া আখ্যানমূলক গীতৰ ভিতৰুৱা বুৰঞ্জীমূলক গীতত ঐতিহাসিক চৰিত্ৰৰ একো-একোটা দিশ স্পষ্ট কৰিবলৈ যাওঁতে স্থানবিশেষে জাতীয়তা বা স্বদেশানুৰাগ ফুটি উঠিছে। কিংবদন্তিমূলক গীতত আখ্যানৰ অলৌকিক বৰ্ণনাহে প্ৰধান হৈ উঠে৷ দুঃসাহসিক, বীৰত্বব্যঞ্জক ঘটনাৰ বৰ্ণণাৰ ক্ষেত্ৰত চহা কবিৰ কল্পনা সুদূৰ প্ৰসাৰিতা হৈ উঠে৷ ইংৰাজী বেলাডৰ লগত নৃত্য আৰু ছন্দৰ সম্পৰ্ক আছে৷ অসমীয়া আখ্যানমূলক গীতৰ পংক্তি কেতবোৰ ব’হাগ বিহুৰ সময়ত সুৰীয়াকৈ গোৱা হয় আৰু নৃত্যও চলে৷ তাৰ বাহিৰে অসমীয়া মালিতাবোৰত নৃত্যগীতৰ বতাহ-বিৰিখ সম্পৰ্ক দেখা নাযায়৷

  • বুৰঞ্জীমূলকঃ এই শ্ৰেণীৰ গীত সৃষ্টিৰ মূলতে কোনো ঐতিহাসিক চৰিত্ৰৰ প্ৰকাশ কৰা, ঐতিহাসিক চৰিত্ৰৰ বীৰত্বব্যঞ্জক অথবা কৰুণ গীতৰূপে প্ৰচলন হৈ আহিছে৷ বুৰঞ্জীমূলক গীতৰ ভিতৰত উল্লেখযোগ্য বৰফুকনৰ গীত, হৰদত্ত-বীৰদত্তৰ গীত, মণিৰাম দেৱানৰ গীত, চিকণ সৰিয়হৰ গীত, নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত,  গৌৰিনাথ সিংহৰ গীত ইত্যাদি৷
  • বদন বৰফুকনৰ গীতঃ অসম বুৰঞ্জীৰ ১৮১৫ৰ পৰা ১৮২৪ খ্ৰীষ্টাব্দলৈ এই দহ বছৰ কালৰ ঘটনা বদন বৰফুকনৰ গীতত সামৰি লোৱা হৈছে৷ গতিকে মালিতাটিৰ ৰচনাকাল ঊনবিংশ শতিকাৰ তৃতীয়-চতুৰ্থ দশকমান হ’ব বুলি ভাবিব পাৰি৷ ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ বেলিমাৰৰ সময়ছোৱাৰ ঘটনা ইয়াত বৰ্ণিত হৈছে৷
  • মণিৰাম দেৱানৰ গীতঃ মণিৰাম দেৱানৰ গীততো লেখকৰ নাম উল্লেখ নাই৷ ইংৰাজক অসমলৈ আদৰণি জনোৱাসকলৰ ভিতৰত মণিৰামো অন্যতম আছিল৷ কিন্তু সময়ত মণিৰাম বিদ্ৰোহী হৈ উঠিছিল৷ ইংৰাজৰ আমোলত মণিৰামৰ প্ৰতিপত্তি দেখি এচামে সহ্য কৰিব পৰা নাছিল৷ কিন্তু তেতিয়া ইংৰাজৰ দ্বাৰা মণিৰাম ক্ৰমে শোষিত হৈছিল৷ সেই ক্ষোভতে মণিৰামে বৃটিছ বিৰোধী আন্দোলন কৰিছিল৷ ব্যক্তিগত ক্ষোভ জাতীয় ক্ষোভলৈ উন্নীত হ’ল৷ ১৮৫৭ চনত প্ৰথম স্বাধীনতা যুঁজৰ সময়তে অসমত মণিৰামে ইয়াৰ নেতৃত্ব লোৱাত ইংৰাজে তেওঁক ফাঁচী দিয়ে৷ স্বদেশপ্ৰেমিকৰ বাবে মৃত্যু অসমবাসীৰ বাবে কৰুণ বিষয় হৈ উঠিল৷ মণিৰাম দেৱানৰ মৃত্যুৰ কাৰুণ্যও এই গীতৰ বিষয়বস্তু৷
  • নাহৰৰ গীতঃ নাহৰ এটি ঐতিহাসিক চৰিত্ৰ৷ বুৰঞ্জীবোৰত নাহৰৰ কাহিনীৰ মাজত সামান্য পাৰ্থক্য দেখা যায়৷ সদাৰমিনৰ বুৰঞ্জীমতে খোৰাৰজাৰ সোণাৰিৰ জীয়াৰী সৰু মেচলৌ, বৰ মেচলৌৱে, নাহৰক পো বুলি ৰজাৰ বংগ নাই বুলি জনালে৷ ৰজাই তোলনীয়া নাহৰলৈ টানিছে বুলি ভাবি ডাঙৰীয়াৰ হতুৱাই নাহৰক বধ কৰালে৷ ‘সাতসৰী অসম বুঞ্জীৰ বৰ্ণনাৰ আঁত ধৰি ক’বলৈ আছিল৷ সৰুমেচলৌ-বৰমেচলৌৰ মৃত্যুৰ পাছত কাঞ্চনী ৰাণী হৈ নাহাৰক তোলনীয়া ‘পো’  বুলি চপাই আনে৷ নাহৰৰ পদ-মৰ্যাদা বাঢ়ি যোৱাত বৰগোহাঁইয়ে সহিব নোৱাৰি ৰজাক গোচৰ দিলে৷ ৰজায়ো শাস্তি হয় দিবলৈ কোৱাত নামচাঙৰ পৰা আহোঁতে বৰদুৱাৰমুখতে নাহৰক বধ কৰে৷ এইখিনি বিষয়বস্তু নাহৰৰ গীতত বৰ্ণিত হৈছে৷
  •  চিকণ সৰিয়হৰ গীতঃ চিকণ সৰিয়হ আছিল জয় ধ্বজ সিংহৰ শহুৰেক নাওবৈচা ফুকনৰ পুতেক৷ চিকণ সৰিয়হৰ সাতজন ককাই-ভাই- চান, বয়ন,  হেলন, চিকণ, সৰিয়হ আৰু মৌপিয়া৷ দ্বিতীয় গৰাকী ৰাণীৰ পুত্ৰ তোলন৷ এওঁ বুঢ়াগোহাঁই ফৈদৰ৷ চিকণ সৰিয়হহঁতে তোলনক ৰজা পতাৰ ছলেৰে নিজে ৰজা হ’বলৈ চাইছিল৷ ৰজাই বাৰীচোৱা আৰু সনাতন কটকীৰ মুখে ৰজাই সংবাদ পাই মৌপিয়াৰ বাহিৰে বাকী ৬ জনক বধ কৰিলে৷ ডা-ডাঙৰীয়াসকলে ভতিজাক চক্ৰধ্বজক ৰজা পাতিলে৷ শিৱসাগৰৰ বাঘ চোং অঞ্চলত চিকণ সৰিয়হৰ সাতোটা মৈদাম এতিয়াও আছে৷ এইখিনি ঘটনাই চিকণ সৰিয়হ গীতৰ মূল বিষয়৷
  • গৌৰীনাথ সিংহৰ গীতঃ গৌৰীনাথ সিংহৰ গীতত আছে এটি প্ৰণয় কাহিনী৷ তেওঁৰ দিনৰ সম্ভ্ৰান্ত বিষয়া বাখৰ বৰাক প্ৰজাদ্ৰোহী বুলি ৰাইজে বধ কৰাৰ বিৱৰণ এই গীতত আছে৷ গৌৰিনাথ সিংহই কাৰেঙৰ গড় বগাই পাৰ হৈ সোণাৰি হাবিৰ জী তৰাৱতীৰ কাষলৈ যোৱাৰ বিৱৰণ এই গীতত আছে৷
  • জয়মতী কুৱঁৰীৰ গীতঃ আহোম ৰাজত্ব কালত অশেষ কষ্ট ভোগ কৰিও ত্যাগৰ আদৰ্শ দাঙি ধৰা জয়মতী কুৱঁৰীৰ গীতত বুঢ়াগোহাঁইৰ জী জয়মতী বিবাহ আৰু শাস্তি ভোগৰ বৰ্ণনা পোৱা যায়৷

কিংবদন্তি বা জনশ্ৰুতিমূলকঃ আখ্যানমূলক গীতৰ দ্বিতীয় ভাগটো হ’ল কিংবদন্তি বা জনশ্ৰুতিমূলক৷ এই শ্ৰেণীৰ গীতৰ প্ৰধান ভাগসমূহ হ’ল ফুলকোঁৱৰৰ গীত জনা গাভৰুৰ গীত, কমলা কুঁৱৰীৰ গীত, ৰাধিকা শান্তিৰ গীত, দুবলা শান্তিৰ গীত ইত্যাদি৷

  • ফুলকোঁৱৰ আৰু মণি কোৱৰৰ গীতঃ গীতৰ আখ্যান অনুসৰি মণিকোঁৱৰ শংখদেৱ (শংকৰদেউ) ৰজাৰ পুতেক৷ এদিন ঘোঁৰাত উঠি নগৰত ঘুৰি ফুৰোঁতে বৰফুকনৰ জীয়াৰী কাঞ্চনমতীক দেখা পালে৷ কোঁৱৰৰ মন ভাল নোহোৱা হ’ল৷ পাছত গায়নে-বায়নে কেঁকুৰি দোলাত উঠি হীৰা-মুকুতাৰে সজাই মণিকোঁৱৰে কাঞ্চনক বিয়া পাতিলে৷ বৰছা কুৱঁৰী বহুবছৰ অপুত্ৰক হৈ থাকি পাছত জলকুঁৱৰীক পূজা দি পুত্ৰ লাভ কৰিলে৷ তাকো গণকে চাই ক’লে যে ষোল্ল বছৰতে জলকুঁৱৰীয়ে হৰি নিব৷ সেইমতে নৈত গা ধুবলৈ যাওঁতেই কোঁৱৰক জলকুঁৱৰীয়ে হৰণ কৰিলে৷ সোণাবৰ তামুলীৰপৰা খবৰ পাই কাঞ্চনমতীয়ে কান্দিবলৈ ধৰিলে৷ ৰজাই কাঞ্চনমতীৰ কান্দোন সহিব নোৱাৰি ফুকনক নিজৰ ঘৰলৈকে লৈ যাব ক’লে৷
  • জনাগাভৰুৰ গীতঃ জনাগাভৰুৰ গীতটোৰ মূল জকাটো মোগল সৈন্যৰ লগত অহা কোনো সৈন্যই উজনি অসমলৈ আনে আৰু জকাটোৰ আলমতে অসমীয়া কবিয়ে গীতটো পৰিপূৰ্ণ কৰি তোলে৷
  • কমলা কুঁৱৰী গীতঃ কমলা কুঁৱৰীৰ গীতৰ বিষয়বস্তুও অলৌকিক৷ জলকোঁৱৰে কমলা কুঁৱৰীক বিয়া কৰোৱাৰ বৰ্ণনা আছে৷ ৰাজ্যত পানী নাইকিয়া হ’ল৷ ৰাইজে জলকোঁৱৰক খাটনি ধৰাত জলকোঁৱৰে কমলা কুঁৱৰীক পালেহে পানী দিব বুলিলে৷ ৰাইজে গৈ তেতিয়া কমলা কুঁৱৰীৰ ওচৰ পালেগৈ৷ গীতত আছে-
গিৰিয়েকঃ
ওলাই আহ ওলাই আহ কমলা কুঁৱৰী
নাগে বৰিবলৈ যাওঁ৷
কমলাঃ
কেলৈবা মাতিছে মোৰ প্ৰাণ স্বামী
বৰঘৰ সাৰি থৈ যাওঁ।

 

কাল্পনিক গীতঃ আখ্যামূলক গীতত স্থান দিব পৰা একশ্ৰেণীৰ কাল্পনিক গীতো আছে৷ কিংবদন্তীমূলক গীত আৰু কাল্পনিক গীতৰ মাজত সীমাৰেখা সিমান স্পষ্ট নহয়৷ কাল্পনিক কাহিনীমূলক গীতৰ মাজতো কিংবদন্তীৰ সাঁচ এটা দেখা যায়৷ জুনা কন্যা, বাৰমাহীৰ গীত, মধমহীৰ গীত, জয় ধন বনিয়াৰ গীত, লীলাৱতীৰ গীত এইবোৰক কাল্পনিক শ্ৰেণীৰ অন্তৰ্ভূক্ত কৰিব পাৰি৷ আটাইবোৰ গীতেই একে সাঁচত গঢ় লোৱা৷ পতিৰ বিচ্ছেদ-বিৰহনী নাৰীৰ মনোবেদনা এই গীতবোৰত প্ৰকাশ পাইছে৷

  • জুনাঃ অসমীয়া লোক-সাহিত্যত পৰুৱাৰ জুনা, নাঙলৰ জুনা, তাঁতীৰ জুনা, কপাহৰ জুনা আদিৰ বিশেষ মূল্য আছে৷ বেছিভাগেই তাঁতৰ লগত জড়িত৷
  • বাৰমাহী গীতঃ বাৰমাহৰ প্ৰকৃতি বিভিন্ন ৰূপ সম্পৰ্কে বৰ্ণনা থকা গীতেই বাৰমাহী গীত৷ তাত কোনো সময়ত স্বামী বিৰহী নাৰীৰ মনোবেদনা ফুটি উঠিছে৷ বাৰমাহী গীতবোৰৰ বেছিভাগে আঘোণ মাহৰ পৰা আৰম্ভ হোৱা বাৰমাহী গীতৰ ভাগবোৰ-
  • মধুমতীৰ গীতঃ মধুমতীৰ স্বামী বেপাৰলৈ গ’ল৷ প্ৰকৃতিৰ বিভিন্ন ৰূপবোৰে নিসঙ্গ মধুমতীৰ মনত অনেক ভাবৰ জোৱাৰ তুলিলে৷
  • শান্তি বাৰমাহী গীতঃ শান্তি বাৰাহীৰ গীতত বনবাসী সীতাৰ নিসঙ্গ যন্ত্ৰণাৰ লগত প্ৰকৃতিৰ পৰিৱৰ্তনৰ অপূৰ্ব সমন্বয় ঘটিছে৷
  • ৰাধিকা বাৰমাহী গীতঃ বৈষ্ণৱ আদৰ্শবিহীন এই শ্ৰেণীৰ গীতা ৰাধা-কৃষ্ণৰ প্ৰেমৰ লগত প্ৰকৃতিক পৰিৱেশৰ সজীৱতা স্পষ্ট৷

 

২.গ) কৰ্মকেন্দ্ৰিক গীতঃ

কৰ্মকেন্দ্ৰিক গীতবোৰৰ কেন্দ্ৰীয় বিষয় বিবিধ ধৰ্ম৷ কোনোৱে এই শ্ৰেণীৰ গীত বিবিধ বিষয়ক গীত বুলিও অভিহিত কৰিছে৷ পৰিৱেশন ৰীতি বা আখ্যান এইবোৰ গীতৰ প্ৰধান বিশেষত্ব৷ নিচুকণি গীত, নাও খেলৰ গীত, মহ খেদা গীত, গৰাখহনীয়াৰ গীত, ল’ৰা-ধেমালীৰ গীত আদি কৰ্মকেন্দ্ৰিক গীতৰ শ্ৰেণীত ধৰিব পাৰি৷

 

৩) মিশ্ৰ মন্ত্ৰঃ

মন্ত্ৰসমূহ লোক-সাহিত্যৰ অন্তৰ্গত কৰি ইয়াৰ মিশ্ৰ সাহিত্য ৰূপ বুলিব পাৰি৷ মন্ত্ৰবোৰৰ ৰচনা ছন্দোবদ্ধ হ’লেও বহু ঠাইত ছন্দৰ নিটোল ৰূপ পাবলৈ নাই৷ মন্ত্ৰৰ পৰিৱেশন ৰীতিত লয়ৰ মাধুৰ্য আছে৷ কিন্তু তাল, লয় বা সুৰৰ গীতিময় উপস্থাপন নাই৷ গীতিধৰ্মী হ’ব খুজিও কথাৰ ভংগীত ৰৈ যাব লগা হোৱা বাবে মন্ত্ৰক মিশ্ৰ শ্ৰেণীত ধৰি আলোচনা কৰা হৈছে৷ ই যেনিবা গৃহস্থৰ ঘৰৰ পোহনীয়া ৰাজহাঁহ৷ এটা নিভাঁজ চৰাই৷ প্ৰকাণ্ড দুখন পাখি৷ যেতিয়া কোবাব ওচৰৰ সামান্য গধুৰ বস্তুও উৰি যায়৷ কিন্তু ব্যতিক্ৰমটো হ’ল মাংসৰ ভৰত নিজেই উৰিব নোৱাৰে৷ উৰিব খুজিও উৰিব নোৱাৰা ৰাজহাঁহৰ গুণ মন্ত্ৰ সাহিত্যত এশ শতাংশই আছে৷ ছন্দবদ্ধ বা গীতৰ ৰূপত ৰচনা নহয় বুলি কোনেও নকয়,  কিন্তু গীত হৈ প্ৰকাশ নহয়, কথাৰ লয়হে তাৰ গতি৷

জনগোষ্ঠীয় লোক কথাত পানীঃ অসমখন পাহাৰ-পৰ্বতৰে আৱৰা৷ শস্য-শ্যামলা এই অসম ভূমিত জনগোষ্ঠীয় লোকসকলে বাস কৰে৷ পূৰ্বৰ ইতিহাসত বিচাৰিলে আমি পাওঁ যে পৰ্বতীয় ঠাইত তেওঁলোকে ওখ টিলাত চাঙঘৰ সাজি জীৱন নিৰ্বাহ কৰে৷ পাহাৰৰ ঢালৰ পৰা নামি অহা চঞ্চলা-চপলা গাভৰু হৈ অহা নদীৰ পাৰত কৃষিজীৱি বাবে বসবাস কৰে৷

জনগোষ্ঠীয় ভাই-ভনীসকলে নদীৰ পানী আৰু নাদৰ পানী ব্যৱহাৰ কৰে৷ পৰম্পৰা অনুসৰি জনগোষ্ঠীয় লোকসকলে খেতি-বাতিৰ লগত জড়িত৷ ঝুম (জুম) প্ৰথাৰে অৰ্থাৎ পাহাৰৰ এঢলিয়া ঠাইত কৃষি কৰ্ম কৰে৷ বিশেষকৈ গম, কুঁহিয়াৰ,  ৰোপন শস্য কৰা দেখা যায়৷ নিজা নিজা সংস্কৃতি ভেদে নিজা নিজা পৰম্পৰাগত কৃষি কৰ্ম কৰে৷ অতিশ্ৰমী লোকসকলে বাস কৰে৷ অসমত বসবাস কৰা জনগোষ্ঠীয় লোকসকলৰ যিমান শাখা পোৱা যায় তাৰে বহুতে নিজৰ ভাষা এৰি আৰ্য ভাষা গ্ৰহণ কৰিছে। বহুতৰ মাজত নিজা নিজা ভাষাৰ ৰূপৰ প্ৰচলন আছে,  ভাষিক বিচাৰত উত্তৰ অসম শাখাৰ অন্তৰ্গত অকাঁ, মিৰি, ডফলা, মিছিমি, অসমবৰ্মী শাখাৰ বড়ো, ডিমাছা, ৰাভা, গাৰো, তিৱা, দেউৰী, কাৰ্বি, মিচিং টিপৰা আদিৰ ভাষাৰ প্ৰচলন আছে৷ প্ৰতিটো শাখাৰ নিজা সুকীয়া সংস্কৃতিৰ পৰম্পৰাও আছে৷ এটা ভাষা কোৱা লোকে আন এটা ভাষা বুজি নাপায়৷ সেয়ে তেওঁলোকে ভাব বিনিময় সুবিধাৰে অসমীয়া ভাষাক উমৈহতীয়া ভাষা ৰূপে ব্যৱহাৰ কৰে৷ অসমীয়া ভাষাৰ সংস্পৰ্শত পৰি চুতীয়া, মৰাণ, বৰাহী, কোঁচ-ৰাজবংশী এওঁলোকে নিজৰ ভাষা হেৰুৱাই পেলালে৷ তাইভাষিক সকল জনগোষ্ঠীয় গোষ্ঠীৰ লোক৷ গদাধৰ সিংহই সেইবাবেই বাক্ষণ-গণক, কলিতা, কায়স্থ এই চাৰিঘৰক বাদ দি বাকী সকলোৰে একেটা চৰু কৰোঁ বুলি চাউদাঙৰ হতুৱাই ভাত ৰন্ধাই একেখন থালতে খুৱাইছিল৷ অসমৰ বিভিন্ন ঠাইত সিচঁৰিত হৈ থকা জনগোষ্ঠীয় গোষ্ঠীৰ লোকসকলৰ মাজত (তীব্বত বৰ্মী) কিছুমান উমৈহতীয়া লক্ষণ দেখা পাইছিল সমাজতত্ত্ববিদ ডব্লিউ-চি-স্মিথে৷ সেই লক্ষণবোৰ হ’ল- ১) মৃগ চিকাৰ প্ৰথা, ২) মুৰংঘৰ, ৩) চাংঘৰ, ৪) চাঙৰ ওপৰত মৰা সৎকাৰ, ৫) প্ৰাক বিবাহ যৌন সম্পৰ্ক, ৬) তামোল পাণ খোৱা, ৭) গাখীৰ নোখোৱা, ৮) গাত টাটু অকাঁ, ৯) ৰাজনৈতিক শক্তিৰ পৰা মুক্ত, ১০) দুমুখীয়া থিয় কমাৰৰ ভাতী,  ১১) চালৰ ব্যৱহাৰ, ১২) পৰ্বতত বসবাস আৰু আদিম পদ্ধতিৰে খেতি৷

 

 অসমৰ কেইটামান জনগোষ্ঠীয় পৰিচয় 
সোণোৱাল কছাৰীঃ মঙ্গোলীয় নৃ-গোষ্ঠীৰ অন্তৰ্গত সোণোৱাল কছাৰীসকল প্ৰাক্ ঐতিহাসিক কালতেই অসমত প্ৰৱেশ কৰে৷ এওঁলোকৰ নিজা ভাষা আৰু সংস্কৃতি আছিল৷ কিন্তু কালক্ৰমত একেলগে বসবাস কৰা অসমীয়া ভাষীসকলৰ লগতে অসমীয়া ভাষা ভাব বিনিময় কৰিবলৈ লোৱা নিজা ভাষা-সংস্কৃতি এৰি বৃহৎ অসমীয়া জাতিৰ প্ৰধান অংগ হিচাপে অসমীয়া ভাষাক গ্ৰহণ কৰিলে৷ সোণোৱাল কছাৰীসকল আনবোৰ সাংস্কৃতিক দিশৰ লগতে পালনীয় বহুকেইটা উৎসৱে তেওঁলোকৰ সাংস্কৃতিক জীৱনৰ পৰিচয় দিয়ে৷

ডিমাছা-কছাৰীঃ অসমত কছাৰী জনগোষ্ঠীৰ লোকৰূপে পৰিচিত মঙ্গোলীয় শাখাৰ অন্তৰ্গত কেইবাটাও ঠাই দেখা যায়৷ সেইবোৰৰ ভিতৰত বড়ো-কছাৰী, সোণোৱাল কছাৰী, ঠেঙ্গাল কছাৰী, ডিমাছা কছাৰী আদিয়েই প্ৰধান৷ কামৰূপ, বৰপেটা, ধুবুৰী, গোৱালপাৰা, দৰং আৰু শোণিতপুৰ জিলাত বড়ো কছাৰী, উজনি অসমৰ ধেমাজি, লক্ষিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট জিলাত সোণোৱাল কছাৰী আৰু ঠেঙ্গাল কছাৰী, উত্তৰ কাছাৰ পাৰ্বত্য জিলা আৰু কাৰ্বি আংলং জিলাত ডিমাছা কছাৰীসকলে বসবাস কৰে৷

 

 সামৰণি 
পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীৰ মাজত আদিম কালৰ পৰা নৃত্য-গীতৰ প্ৰচলন হৈ আহিছে৷ প্ৰথম অৱস্থাত মৌলিক প্ৰয়োজনসমূহৰ ভিতৰত আহাৰৰ কথাই আহি পৰে৷ আহাৰ মানুহৰ ভৌতিক প্ৰয়োজন৷ কিন্তু মানুহক অন্য প্ৰাণীৰ দৰে কেৱল ভৌতিক প্ৰয়োজনেই সীমায়িত কৰিব নোৱাৰে৷ আহাৰৰ বাবেই চিকাৰ, কৃষি আদি বৃত্তিত লিপ্ত হ’ব লগা হয়৷ চিকাৰ, কৃষি আদিক আনন্দপূৰ্ণভাৱে গ্ৰহণ কৰিব বিচাৰিছিল৷ সেয়ে এইসমূহৰ লগত কিছুমান নৃত্যানুষ্ঠানৰ আয়োজন কৰিছিল৷ আনন্দাত্মক নৃত্যভঙ্গীৰে চিকাৰলৈ যোৱা, ধুমুহা, বৰষুণ, বানপানী প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পাবৰ বাবে, কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে নৃত্যানুষ্ঠানৰ আয়োজন আদি কৰ্মক কেন্দ্ৰ কৰিয়েই পৰৱৰ্তী সময়ত নৃত্য-গীতিধৰ্মী অনুষ্ঠান কিছুমানৰ সৃষ্টি হ’ল৷ এনেদৰে সৃষ্টি হোৱা অনুষ্ঠানবোৰে সময়ত কলাত্মক ৰূপত প্ৰকাশ লাভ কৰিলে৷