![]() |
ডিব্ৰুগড় জিলাৰ কিছু অংশ চুই অহা দিচাং নৈখনে শিৱসাগৰ জিলাৰ মাজেৰে বৰহাট, সাপেখাতী, লংপতীয়া, ভজো, চফ্ৰাই, লাকুৱা, খালৈযোগোৰা, পাটসাঁকো, বকতা, বেতবাৰী, ৰজাবাৰী, আখৈফুটীয়া, দিচাংমুখ আদি বহুতো ঠাই সামৰি এটা দীঘলীয়া পথ অতিক্ৰম কৰিছে। দিচাং নৈৰ সৰ্বমুঠ দৈঘ্য ২৩০ কিলোমিটাৰ আৰু অৱবাহিকাৰ কালি ৩৯৫০ কিলোমিটাৰ।
প্ৰদূষণঃ বৰ্তমান আধুনিক মানৱ সমাজে সভ্যতাৰ বিকাশৰ লগে লগে উন্নয়ন আৰু বিকাশৰ নামত নদীক নিজে বিচৰামতে আচৰণ কৰাটো বিচাৰিছে। শিৱসাগৰ জিলাৰ অন্তৰ্গত অন্যতম নদী দিচাং বৰ্তমান সময়ত বিভিন্ন কাৰণত প্ৰদূষিত হ'বলৈ ধৰিছে।
দিচাং নদীৰ প্ৰদূষণৰ প্ৰধান কাৰকসমূহ হ'ল-
১) ঔদ্যোগিক কাৰণত হোৱা প্ৰদূষণঃ কল কাৰখানাৰ পৰা নিৰ্গত হোৱা ধাতৱ পদাৰ্থবিলাক বৰষুণৰ পানীয়ে মাটিৰ উপৰিভাগৰ পৰা উটুৱাই নি দিচাঙৰ বুকুত পেলাই দিয়ে। ইয়াৰ ফলত দিচাঙৰ পানী প্ৰদূষিত হৈছে।
২) নগৰীকৰণঃ জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰীকৰণ বৃদ্ধি হৈ হৈ গৈ আছে। চহৰৰ মানুহৰ দৈনিক সৃষ্টি হোৱা আৱৰ্জনাবোৰ দিচাঙত নিক্ষেপ কৰাৰ ফলত ইয়াৰ পানীবোৰ প্ৰদূষিত হৈ আহিছে।
৩) কৃষি কাৰ্যৰ পৰা হোৱা প্ৰদূষণঃ দিচাং নদীৰ কাষত বসবাস কৰা লোকসকলে শস্যৰ অধিক উত্পাদনৰ আশাত নানা ধৰণৰ মাৰাত্মক কীটনাশক সাৰ ব্যৱহাৰ কৰাৰ ফলত মাটিত ৰৈ যোৱা ৰাসায়নিক দ্ৰব্য বৰষুণৰ পানীয়ে উটুৱাই নি দিচাঙত পেলোৱাৰ কাৰণে ইয়াৰ পানী প্ৰদূষিত হৈছে।
খ) কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ পৰিৱৰ্তে কীটৰ জৈৱিক নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।
গ) বৰ্জিত মলমূত্ৰ নাইবা আন আন পদাৰ্থসমূহ নদীত নেপেলাই গোবৰ গেছ প্ৰকল্প স্থাপন কৰি পুনৰাৱৰ্তন কৰা প্ৰয়োজন।
ঘ) কল-কাৰখানাসমূহ নৈৰ পৰা আঁতৰত ৰখাটো প্ৰয়োজন।
ওপৰত উল্লেখিত ব্যৱস্থাসমূহৰ লগতে আমি অন্য আঁচনিৰো সহায় ল'ব লাগিব। যেনে;-
১) নদীৰ বুকু আৰু পাৰত জমা হোৱা আৱৰ্জনা নিষ্কাষণৰ বাবে আঁচনি।
২) নদীৰ বুকু খান্দি নদীখনৰ প্ৰবাহী ক্ষমতা বৃদ্ধিৰ আঁচনি।
৩) জনসচেতনতা বৃদ্ধি কৰাৰ বাবে আঁচনি।
৪) নদীৰ দুয়োপাৰে গছ-গছনি ৰোপন কৰি সৌন্দৰ্ষ বৰ্ধনৰ লগতে পাৰিপাৰ্শ্বিকতা বজাই ৰখাৰ আঁচনি।
৬) প্লাষ্টিককে আদি কৰি বিভিন্ন পৌৰ আৱৰ্জনা যাতে নৈৰ বুকুলৈ প্ৰক্ষেপ কৰিব নোৱাৰে, তাৰ ব্যৱস্থা কৰা ।
দিচাং নদীখনৰ সংৰক্ষণৰ কাৰণে জনসাধাৰণ, চৰকাৰী বিভাগ তথা বেচৰকাৰী প্ৰতিষ্ঠান(NGO)সকলোৱে একেলগে কৰ্মপন্থা হাতত ল'ব লাগিব। দিচাং নৈৰ সংৰক্ষণৰ ক্ষেত্ৰত ইয়াৰ দুয়োটা পাৰৰ উন্নতিকৰণো অতিকৈ আৱশ্যক।
আমি মুঠৰ ওপৰত এটা কথা মনত ৰখা উচিত যে প্ৰকৃতিৰ নিয়মক বাধা দিলে তাৰ কু-ফল ভোগ কৰিবই লাগিব। দিচাং নদীয়ে শিৱসাগৰ জিলাৰ সমাজ-সংস্কৃতি তথা অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰি আহিছে। সেয়েহে দিচাং নদীৰ সংৰক্ষণ কৰাতো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য।
দিচাং নৈখনে অৰুণাচল প্ৰদেশৰ পাটকাই পৰ্বতৰ বুম শৃংগৰ পৰা ভৈয়ামৰ মাজেৰে বৈ আহি আমাৰ পৰিৱেশতন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দিচাং নৈখনে পাহাৰীয়া লোকৰ ভাষা গাঁথাক সমতলৰ নৈপৰীয়ালোকৰ সংস্কৃতিৰ লগত বিলীন কৰাই এক সমন্বয়ৰ ধাৰা বহন কৰিছে। কিন্তু মানুহৰ লোভ-মোহৰ পৰিণতিত আজি দিচাং সংকটত পৰিছে। দিচাং নৈৰ পাৰত বে-আইনীভাৱে বালি আৰু মাটি খনন, আৱৰ্জনা পেলোৱা, নৈৰ পাৰত শৱদাহ কৰা, মৰা জীৱ-জন্তু নৈত পেলাই দিয়া, বিষাক্ত দ্ৰব্য দি ইয়াৰ মাছ নিধন কৰা আদি কাৰণত দিচাং সকটত পৰিছে। দিচাং নৈখনিৰ সুৰক্ষা তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। দিচাং নদীৰ সংৰক্ষণ ব্যৱস্থা সঠিক লব লাগে। দিচাং প্ৰথমতে প্ৰাকৃতিক সম্পদ, দ্বিতীয়তে দিচাঙৰ লগত আমাৰ কৃষিকৰ্মৰ লগতে সামাজিক তথা পাৰিবাৰিক জীৱন, আশা-অনুভূতি আদি এৰাব নোৱাৰাকৈ জড়িত হৈ আছে। সকলোৱে দিচাঙৰ সংৰক্ষণৰ বাবে হাত আগবঢ়োৱাটো প্ৰয়োজনীয়। ই আমাৰ দায়িত্ব তথা কৰ্তব্য।
♦এই ৰচনাৰ লেখক প্ৰদীপ টায়ে। প্ৰদীপ টায়ে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ। এই ৰচনা 'নৰ্থ ইষ্ট ৱাটাৰ টক্'ৰ হৈ ২০২১ চনত প্ৰাৰ্থনা আৰন্ধৰাই আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ পৰা সংগৃহীত।