Alt

এদিন আমি একেলগে কাম কৰা সহকৰ্মীবোৰে অসমৰ চাহ বাগিচাত পানী বিতৰণ প্ৰণালীৰ বিষয়ে কথা পাতি আছিলোঁ। চাহ বাগানত মহিলাসকলে পানী সংগ্ৰহৰ বাবে দৈনিক শাৰী পাতিবলগীয়া হোৱাটো আমাৰ আলোচনাৰ মূল বিষয় আছিল। এগৰাকীয়ে ক’লে "মই আচৰিত হওঁ, এতিয়াও অসমৰ বেছিভাগ চাহ বাগিচাত পানীৰ বাবে সেই একে ধৰণেৰে শাৰী পতা ব্যৱস্থাই অব্যাহত আছে!" তাইৰ কথাত বৰহাট চাহবাগানলৈ মোৰ মনত পৰি গ’ল। বৰহাট অসমৰ পুৰণি আৰু ডাঙৰ চাহ বাগানবোৰৰ ভিতৰৰ এখন। সেই বৰহাটত এতিয়ানো কি হৈ আছে। জানিবৰ বৰ মন গ’ল। পৰিয়ালৰ সম্পৰ্ক সূত্ৰে বৰহাটৰ এজন অৱসৰপ্ৰাপ্ত বাবু মোৰ বৰ ভাল চিনাকি। কথাষাৰ ভাবি আৰু ৰৈ থাকিব নোৱৰা হ’লোঁ। লগে লগে আমি আমাৰ যাত্ৰা আৰাম্ভ কৰিলোঁ।

"কাকা, তুই আসলিয়ে নেকি? হামি পাব’ই এখন"(খুৰা, আপুনি পালেহি নেকি? আমি গৈ পাবৰ হ’ল আৰু)। জেছলাল কাকাক ফোন কৰি নিশ্চিত হ’লোঁ, তেখেত নিৰ্দিষ্ট স্থানত আহি পাইছেহি নাই। ইতিমধ্যে ৰাতিপুৱা তিনিচুকীয়াৰ পৰা বৰহাটলৈ বুলি আমি এখন যাত্ৰীবাহী ৰেলত উঠি পৰিছিলোঁ।

কাকাই বৰহাট ষ্টেচনত আমাৰ বাবে অপেক্ষা কৰি আছিল। ৰে'লষ্টেচনটোৰ পৰা চাহবাগানখনৰ দূৰত্ব এক কিলোমিটাৰমান হ’ব। সেয়েহে আমি কথা পাতি পাতি খোজ কাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। বৰহাটলৈ তিনিচুকীয়া আৰু মৰিয়নি, দুয়ো ফালৰ পৰাই ৰে'লপথৰে অহা-যোৱাৰ সু-ব্যৱস্থা আছে। তিনিচুকীয়াৰ পৰা যাত্ৰীবাহী ৰে'লত প্ৰায় ডেৰ ঘণ্টাৰ যাত্ৰা। ভাৰা কেৱল দহ টকা। বৰহাট ৰে'ল ষ্টেচনটোলৈ নামৰূপৰ পৰাও ১৮ কিলোমিটাৰমানহে হ’ব। নামৰূপ এখন সৰু ঔদ্যোগিক চহৰ, য’ত হিন্দুস্তান সাৰ নিগম, অসম পেট্ৰ'কেমিকেলছ আৰু এ এছ্ ই্ বি্ ৰ তাপ বিদ্যুৎ আদি কেইবাটাও অসমৰ গুৰুত্বপূৰ্ণ প্ৰকল্প আছে।

খোজেৰে গৈ থাকোতে কাকাই ক’লে, বৰহাট চাহবাগানখন ১৮৮০ চনতে স্থাপন কৰা হৈছিল আৰু চাহ বাগানখন বৰহাট টি্ কোম্পানীৰ মালিকানাধীন আছিল। এতিয়া সংযুক্ত ৰূপত কাম কৰে। আগতে টাটা টি লিমিটেডৰ লগত কাম কৰিছিল। চৰাইদেও জিলাখন শিৱসাগৰ জিলাৰ পৰা পৃথক হোৱাৰ আগতে বাগানখন অবিভক্ত শিৱসাগৰ জিলাৰ ভিতৰত আছিল। কথাখিনি শেষ কৰি কাকাই পুনৰ এটা কাহিনী আৰম্ভ কৰিলে। এসময়ত এই বাগিচাৰ পৰা প্ৰায় ১০ কিলোমিটাৰমান দূৰৈৰ নাগাপাহাৰ নামৰ ঠাইত নিমখৰ খনি আছিল। সেই সময়ত নগাপাহাৰ অবিভক্ত অসমৰ ভিতৰতেই আছিল। এতিয়া পাছে নাগালেণ্ড ৰাজ্যত। অৰুণাচলীসকলে জয়পুৰ বৰ্ষাৰণ্যয়েদি দিল্লী ঘাট হৈ সেই নিমখৰ খনি থকা ঠাইলৈ আহিছিল। দিল্লী ঘাট বৰ্দ্ধিত বৰহাটৰে এক অংশবিশেষ। নাগাপাহাৰ নামৰ ঠাইডোখৰ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ ত্ৰি-সংযোগস্থল বুলি ক’ব পাৰি। নগা আৰু অৰুণাচলীসকল বহুদূৰ খোজকাঢ়ি সেই খনিৰপৰা নিমখ সংগ্ৰহ কৰিবলৈ, ওখ পাহাৰৰ পৰা নামি আহিছিল। সংগৃহীত নিমখ তেখেতসকলে প্ৰতি দেওবাৰে 'ৰাজাপুখুৰী' নামৰ পুখুৰীৰ পাৰত বহা বজাৰত বিক্ৰী কৰিছিল। তললৈ নামি আহোঁতে তেওঁলোক নামনিৰ স্থানীয় বাসিন্দাসকলৰ ঘৰত এৰাতিৰ বাবে থাকিবলগাও হৈছিল। পাছদিনা তেওঁলোকে লগত অনা বস্তু (বিশেষকৈ নিমখ) বিক্ৰী কৰি বজাৰৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ঘূৰি গৈছিল। বিশেষভাৱে তেখেতসকলে চাহপাত কিনিছিল। সেই সময়ত পাহাৰ আৰু সমভূমিৰ লোকসকলৰ মাজত বিনিময় প্ৰথা প্ৰচলিত আছিল। বিশেষকৈ যাৰ ঘৰত তেখেতসকলে ৰাতি কটাইছিল সেই পৰিয়ালটোৰ সৈতে তেখেতলোকে সামগ্ৰীৰ বিনিময় কৰিছিল। বহু বছৰ ধৰি এনেদৰেই চলি আছিল। বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবৰ বাবে পাছলৈ ৰাজাপুখুৰীৰ পাৰত এখন ডাঙৰ সপ্তাহিক বজাৰ বহিবলৈ ধৰিলে। সেই বজাৰখনৰ নামেই হ’ল এতিয়াৰ বৰহাট। 'বৰ' শব্দটোৰ অৰ্থ হ’ল 'ডাঙৰ' আৰু 'হাট' মানে বজাৰ। অৰ্থাত বৰহাট মানে হ’ল ডাঙৰ বজাৰ। এনেদৰেই অঞ্চলটো পাছলৈ বৰহাট বুলি জনাজাত হৈ পৰিল। লাহে লাহে দেওবাৰৰ সেই বিনিময়সূচক বজাৰখনৰো বিলুপ্তি ঘটিল। দেওবৰীয়া বজাৰৰ কিছুসংখ্যক দোকান ৰে'ল ষ্টেচনৰ ওচৰত বহিলহি বুলি কাকাই আমাক ক’লে। 'এইয়া আমি বৰহাট বগান পালোহি', কাকাই ফটকৰে কোৱা কথাষাৰে আমাক বাস্তৱলৈ ঘূৰাই আনিলে। ওপৰলৈ চাওঁতে বৰহাট বাগানৰ এখন ডাঙৰ ছাইনব'ৰ্ড দেখা পালোঁ। কাকাৰ কাহিনীত ইমানেই মগ্ন আছিলোঁ যে এক কিলোমিটাৰ বাট আমি কেতিয়ানো খোজ কাঢ়ি পাৰ হ’লোঁ গমেই নাপালোঁ! 

গোলাঘাট আৰু ডিব্ৰুগড়ৰৰ জয়পুৰ সংযোগী ঐতিহাসিক "ধোদৰ আলি" টো বৰহাট বাগানৰ ঠিক মাজেৰেই পাৰ হৈ গৈছে। আহোম ৰজা গদাধৰ সিংহয়ে ১৬৮৭ চনত এই পথটো নিৰ্মাণ কৰাইছিল। কানি আসক্ত ধোদসকলৰ হতুৱাই এই আলিটো নিৰ্মাণ কৰোৱা বাবে আলিটোৰ নাম 'ধোদৰ আলি' নামেৰে বিখ্যাত হৈ পৰিল।

এপ্ৰিল মাহৰ, এক সুন্দৰ পুৱা আমি বৰহাটত উপভোগ কৰিছিলোঁ। চাৰিওফালে সকলোবোৰ কেৱল সেউজীয়া দেখা গৈছিল। চৰাইবোৰে চিঁ-চিয়াঁই দেও দি দি ঘূৰি ফুৰিছিল। মুখেৰে আপোনা-আপুনি ওলাই আহিল 'কি সুন্দৰ, শান্তিময় পৰিবেশ!'। তাৰ লগে লগে মিঠা মিচিকিয়া হাঁহিটোৰে কাকাই আমাক সহযোগ কৰিলে 'পৃথিৱীৰ ভূমিভাগত এতিয়াও সকলোবোৰ ঠিকেই আছে।'

"কিয়! পৃথিৱীৰ ভূ-ভাগত (মাটিৰ তলত) কিবা নহ’বলগীয়া হৈছে নেকি?" নিজকে ধৰি ৰাখিব নোৱাৰি কাকাক সুধিলো। "নাই একো হোৱা নাই " কাকাই উত্তৰত ক’লে, "সময়বোৰহে বৰ বেগেৰে পাৰ হৈ গৈছে। সেই অনুসৰি আমি আশা কৰাৰ দৰে, আমাৰ কৰ্মবোৰ সলনি কৰিব পৰা নাই। এই ধৰক, আশী দশকৰ পৰাই এই বাগানৰ লোকসকলে বাগিচা কৰ্তৃপক্ষই যোগোন ধৰা পানীকেই গ্ৰহণ কৰি থাকিবলগা হৈছে। বাগানৰ পৰা ৰাতিপুৱা আৰু সন্ধিয়া দুবাৰ পানী যোগান ধৰে। পানীবোৰ ট্ৰেক্টৰত কঢ়িয়াই অনা হয়। বিশুদ্ধতাৰ কোনো পৰীক্ষা নকৰাকৈয়ে পানীবোৰ বিলাই দিয়া হয়। এতিয়া ২০২০ চন। কিন্তু ১৯৮০ চনৰ পৰা আমাৰ ইয়াত সেই একে ব্যৱস্থাই প্ৰচলিত হৈ আছে।" উশাহ এটা সলাই তেখেতে পুনৰ ক’লে, "পানীৰ বাবে বাগানৰ লোকলকলে কিদৰে যুঁজ কৰিবলগা হয়, আপোনালোকে অলপ পৰ পাছতে দেখিব।"

"আপুনি মানে পানীৰ বিষয়ে কৈছিলে," মই ক’লোঁ।

"হ’ ট’ (হয়তো)! আপুনি কিনো ভাবিছিল? প্ৰতিটো কামৰ বাবে আমাক পানীৰ প্ৰয়োজন, কিন্তু পৰ্যাপ্ত পানী আমাৰ হাতত নাই" কাকাই ক’লে।

আমি স্থানীয় লোকসকলৰ বাবে সুপৰিচিত দৰিকা বণিয়াৰ ঘৰত সোমালোঁ। তেখেত ইতিমধ্যে ঢুকাইছে। আমি দৰিকা বণিয়াৰ বোৱাৰী তুচ্ছৰ বণিয়াক লগ পালোঁ। প্ৰায় ৬০ বছৰ বয়সত ভৰি দিছে তুচ্ছৰ বণিয়াই। পানীৰ বিষয়ে সোধাত তুচ্ছৰে আমাক ক’লে, " মোৰ শহুৰ বাগানৰ চৰ্দাৰ আছিল। সেই সূত্ৰে আমাৰ পৰিয়ালটোৱে বাগানৰ পানী পাইছিল। আমি প্ৰতিদিনে পুৱা আৰু সন্ধিয়া বাগিচা কৰ্তৃপক্ষই টেংকাৰেৰে যোগান ধৰা পানী আনিছিলোঁগৈ। কিন্তু শহুৰৰ অৱসৰৰ পিছত বাগিছা কৰ্তৃপক্ষই আমাক পানী যোগান ধৰিবলৈ অস্বীকাৰ কৰিছিল" ।

সাধাৰণতে কৰ্তৃপক্ষৰ দ্বাৰা দৈনিক পানীযোগানৰ ব্যৱস্থা স্থায়ী শ্ৰমিকৰ পৰিয়ালৰ বাবেহে কৰা হয়। সেই পানীত কেৱল স্হায়ী শ্ৰমিকসকলৰ প্ৰাপ্তিৰ অধিকাৰ থাকে। স্থায়ী শ্ৰমিকসকলে পানী সংগ্ৰহ কৰাৰ পাছত যদি কেনেবাকে পানী বাচি থাকেগৈ, তেতিয়াহে আনবিলাকে সেই পানী সংগ্ৰহ কৰিব পাৰে। "সেই সময়ত আমাৰ দুৰ্দশা কল্পনা কৰিব নোৱৰা ধৰণৰ আছিল। আমাৰ পৰিয়ালৰ কোনো সদস্য বাগিচাৰ কৰ্মচাৰী নোহোৱাত, আমাক পানী দিয়াত তেওঁলোকৰ আপত্তি আছিল। সেয়েহে বাগিচাৰ সা-সুবিধা, বিশেষকৈ পানী-যি জীৱন ৰক্ষাৰ বাবে প্ৰকৃতিৰ অন্যতম উপহাৰ,তাৰপৰা আমি বঞ্চিত হৈছিলোঁ। আমাৰ সন্মুখতে কম যোগানৰ দোহাই দি স্হায়ী শ্ৰমিকসকলক পানী দিয়া হৈছিল। আমি কেৱল চাই থাকিব লাগিছিল।" তুষাৰ বণিয়াই কৈ গৈছিল।

" সেই সময়বোৰ আপোনাৰ বাবে অতি কঠিন সময় আছিল!" আমি সান্ত্বনা দিবলৈ চেষ্টা কৰিছিলোঁ।

‘হ ট’ (হয়)!’’ তেওঁ ক’লে, "ভগৱান আহে ন’ (ঈশ্বৰ আছে, তুমি জানা)। আমি তেওঁৰ চকুৰ ফালে চাইছিলোঁ। তেওঁ আৰু ক’বলৈ ইচ্ছুক আছিল। গতিকে আমি তেওঁৰ বক্তব্য অব্যাহত ৰাখিব বিচাৰি মূৰ দুপিয়ালোঁ।

"মই ১৯৭৯ চনত ইয়ালৈ আহিছিলোঁ।" তেওঁ কাহিনী আৰম্ভ কৰিলে, "মোৰ শহুৰ (দৰিকাদেও) এই বাগিচাৰ এজন চৰ্দাৰ আছিল। ইয়াত পৰিয়ালৰ মহিলাসকলে 'পানী টেংকি'ৰ পৰা পানী আনিব লাগিছিল। মোৰ দেউতাৰ ঘৰত, নিজৰ দমকল আছিল। আমি কেতিয়াও পানীৰ বাবে বাহিৰলৈ যাব নালাগিছিল। যেতিয়া, মই মোৰ বিবাহৰ পিছত ইয়ালৈ আহিছিলোঁ, মই (নৱেম্বৰৰ পৰা মাৰ্চ মাহৰ সময়খিনিত) বাৰিষাৰ প্ৰথম বৰষুণ আৰম্ভ হোৱালৈকে আমি তীব্ৰ পানীৰ অভাৱত পৰিছিলোঁ। অৱশ্যে, আমাৰ ইয়াত এটা কুঁৱা আছিল। কিন্তু ই অতি সোনকালে শুকাই পৰে, অক্টোবৰৰ শেষলৈ পানী শেষ হৈ যায়। তাৰ পিছত আমাৰ দুখ আৰম্ভ হয়। আপুনি কল্পনা কৰকছোন এগৰাকী নৱ বিবাহিত মহিলা পানী টেংকিৰ (পানী বাহক) পৰা পানী আনিবলৈ শাৰীত থিয় হৈ থাকিলে তাইৰ কি অৱস্থা হ’ব! মোৰ বাবে এইটো এটা সম্পূৰ্ণ বেলেগ অভিজ্ঞতা আছিল! কিমান লাজ পাইছিলোঁ আপুনি ভাৱিব নোৱাৰে। কিন্তু উপায়বিহীন হৈ কামটো কৰিব লগা হৈছিল। কিন্তু সমস্যাটো তাত শেষ হোৱা নাছিল। পানীৰ অভাৱৰ বাবে মই ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব পৰা নাছিলো। তীব্ৰ পানীৰ অভাৱৰ বাবে বাচনবোৰ সঠিকভাৱে ধুব পৰা নাছিলোঁ। মই নিজকে পৰিষ্কাৰ ৰাখিব পৰা নাছিলোঁ। শৌচাগাৰত উপযুক্ত পৰিমাণৰ পানীৰ ব্যৱহাৰ আমাৰ বাবে সপোনৰ দৰে আছিল। প্ৰথমে সেই পৰিস্থিতি মোৰ বাবে অসহনীয় আছিল। লাহে লাহে মই মোকাবিলা কৰিবলৈ শিকিছিলোঁ। পাছলৈ ই অভ্যাসত পৰিণত হ’ল।," তাই অলপ বিৰতি লৈ আকৌ ক’বলৈ আৰম্ভ কৰিলে " মোৰ স্বামী জগন্নাথ বণিয়া শিক্ষক হোৱাৰ পিছত আমাৰ ঘৰৰ সন্মুখত এটা দমকল স্থাপন কৰিবলৈ সক্ষম হ’ল। আমি দমকলটো আমাৰ পাছফালে স্থাপন কৰিব পাৰিলোঁ হয়। আমি বাগানবাসী যিহেতু একেখন নাওৰে যাত্ৰী। আমি ভাবিলোঁ ঘৰৰ সন্মুভাগত দমকলটো স্থাপন কৰিলে পানীৰ প্ৰয়োজন থকা সকলোৱে দমকলটো সহজতে ব্য়ৱহাৰ কৰিব কৰিব পাৰিব। এতিয়া মানুহবোৰে আমাৰ ঘৰলৈ পানী সংগ্ৰহ কৰিবলৈ আহে। আমাৰ ভাল লাগে" তেওঁ সগৌৰৱেৰে কৈছিল। সেই সময়তে কিছুমান স্কুলীয়া ল’ৰা-ছোৱালী তৃষ্ণা পূৰণ কৰিবলৈ তেখেতৰ ঘৰৰ সন্মুখত জুম কৰা দেখা পালো। পানী খোৱাৰ পাছত ল’ৰাহঁতক সুখী দেখা গৈছিল।

আমি পুনৰ চাহবাগানখনৰ মাজেৰে খোজ কঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সু-পৰিকল্পিতভাৱে ৰোপণ কৰা ওখ শিৰিষ গছে চাহ গছবোৰক ছাঁ প্ৰদান কৰাৰ উপৰিও বিস্তৃত অঞ্চলটো সেউজীয়া কৰি ৰাখি সৌন্দৰ্য বৰ্দ্ধনত সহায় কৰিছে। আগতীয়া বৰষুণজাকে ৰাস্তাৰ কাষৰ নলাবোৰ পানীৰে ভৰ্তি কৰি পেলাইছে। চাহ গছবোৰ সৰু সৰু প্লটত বিভক্ত কৰি গছবোৰৰ মাজেৰে নলাসমূহৰ এক বিস্তৃত জালিকা খনন কৰি চাহ বাগানখনৰ পৰা জমা হোৱা পানীবোৰ নিষ্কাশনৰ ব্যৱস্থা কৰা আছে। চাহ খেতিৰ বাবে পানী ভালদৰে নিষ্কাশন কৰাটো  অতি প্ৰয়োজন। আমি কেইজনমান পুৰুষ শ্ৰমিকক তেওঁলোকৰ পিঠিত কীটনাশকেৰে ভৰ্তি একোটাকৈ ডাঙৰ স্প্ৰেয়াৰ লৈ নতুনকৈ গজা চাহ পাতৰ ওপৰত কীটনাশক স্প্ৰে কৰি থকা দেখিছিলোঁ। তেওঁলোকৰ কিছুমানে কাম শেষ কৰি কাষৰ নলাবোৰত থকা পানীৰে ড্ৰামবোৰ পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছিল।

"এইটো বেয়া অভ্যাস – স্প্ৰেয়াৰ ৰৈ যোৱা বিষাক্ত ক্ষতিকাৰক পদাৰ্থবোৰে নলাৰ পানীবোৰ দূষিত কৰিব!" মই ক’লোঁ। কাকায়েও উদ্বেগ প্ৰকাশ কৰিলে।" হেই, কি খাতিৰ ধুছি? (ইয়াত এইবোৰ কিয় ধুইছ) ? " কাকাই তেওঁলোকক ধমকিৰ সুৰত কলে, "যখন মৰবি, তখন গম পাবি! নাই জানি এইতা বিষ লাগে (যেতিয়া মৰিবি, তেতিয়া গম পাবি। এইবোৰ বিষ হয় তঁহতি গম পাইছনে নাই)?"

শ্ৰমিক কিজনে মাত্ৰ ইজনে সিজনক চাই হাঁহিছিল। এজনে ভেঙুচালি কৰি কাকাক ক’লে "ধুলে ক’ন নাই হবেক। (একো নহয় দে)"

তেওঁলোকৰ সৈতে তৰ্ক কৰাটো অৰ্থহীন,  সেয়েহে আমি আগবাঢ়ি গৈছিলোঁ। কাকা সঁচাকৈয়ে বিচলিত হৈ পৰিছিল, কিয়নো তেওঁ বহুসময় বিৰবিৰাই আছিল, "এই কীটনাশকে পানী দূষিত কৰিব আৰু নলাত থকা সকলো জল-জীৱৰে হানি কৰিব। লগতে জন্তুৰ ক্ষতি কৰিব। যি এই দূষিত পানী পান কৰিব তাৰ অনিষ্ট হোৱাটো নিশ্চিত। বাৰিষাৰ সময়ত, মানুহে চাহ বাগিচা অঞ্চলৰ মাজত থকা নলা আৰু কাষৰ ধানৰ পথাৰত মাছ ধৰিবলৈ যায়," তেওঁ কয়।

মাছ মৰা কাৰ্যত তেখেতসকলে স্থানীয়ভাৱে নিৰ্মিত মাছ ধৰা সামগ্ৰী ব্যৱহাৰ কৰে। থলুৱা জাল ব্যৱহাৰ কৰে। বেছিভাগে বাঁহ-বেতেৰে মাছ ধৰা সামগ্ৰীবোৰ নিৰ্মাণ কৰি লয়। বিশেষকৈ বাৰিষা কালত যেতিয়া বাগানৰ সকলো নলা ভৰ্তি হয় আৰু ওচৰৰ ধাননি পথাৰবোৰ প্লাবিত হয়, পুৰুষ-মহিলা আৰু শিশু, সকলোবোৰ মাছ ধৰিবলৈ ওলাই যায়। পাছে এতিয়া মাছৰ পৰিমাণ কমি আহিছে।

খোজ কাঢ়ি কাঢ়ি আমি এটা ডাঙৰ পুখুৰী পাৰ হৈ গ’লোঁ। কাকাই আমাক কৈছিল, এইটো বাগিচাৰ ৰাজহুৱা পুখুৰী আৰু খোৱা পানীৰ একমাত্ৰ উৎস। ইয়াক সম্ভৱতঃ ব্ৰিটিছৰ সময়ত  খনন কৰা হৈছিল। কিন্তু পুখুৰীটো পৰিষ্কাৰ কৰি সঠিকভাৱে ৰখা হোৱা নাই। পুখুৰীটোৰ চাওফালে কোনো বেৰা দিয়া হোৱা নাছিল। " বাগিচা কৰ্তৃপক্ষই এই পুখুৰীৰ পৰাই পানী যোগানৰ বাবে সৌ ডাঙৰ পানীৰ টাৱাৰটোলৈ পানী উঠায়। সেই পানী পাছত পাইপলাইনৰ সহায়ত ৰাস্তাৰ কাষৰ টেপবিলাকৰ জৰিয়তে বাগানবাসীক যোগান ধৰা হয়। পানী এবাৰ ৰাতিপুৱা আৰু এবাৰ সন্ধিয়া দিয়ে। আনহাতে যিবোৰ ঠাইত পানীৰ পাইপ উপলব্ধ নহয় সেই ঠাইলৈও এই পুখুৰীৰ পৰাই টেংকাৰৰ সহায়েৰে দৈনিক পানী বিতৰণ কৰা হয়," তেওঁ কয়। "পানীবোৰ ফিল্টাৰ কৰা নহয়। অন্ততঃ বাগিচাৰ ৪০ বছৰীয়া কৰ্মজীৱনত মই কেতিয়াও এই পুখুৰীটো পৰিষ্কাৰ কৰা দেখা নাই", কাকাই দুখ প্ৰকাশ কৰিছিল।

আহি আহি আমি বৰহাট আলিত প্ৰৱেশ কৰিছিলোঁ। অলপ গৈয়ে আমি ভিক্টৰ ডুংডুং নামৰ এজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ তেখেতৰ ঘৰত সোমালোঁ। ডুংডুঙৰ পত্নী বাগিচাৰ স্থায়ী কৰ্মচাৰী। তেখেতে আমাৰ বাবে ৰৈ ঘৰৰ চোতালত বহি কুকুৰা পোৱালীবোৰৰ বাবে এটা বাঁহৰ খাঁচা তৈয়াৰ কৰি আছিল। চোতালৰ মজিয়াখন ৰঙচুৱা মুগা বৰণৰ মটিৰে খুউব সুন্দৰকৈ মচি থোৱা আছে। এক চিনাকি সুগন্ধি নাকত লাগিছিলহি। আমি দেখিলোঁ পানীৰে ভৰ্তি বটুৱা মূৰত লৈ মহিলাৰ এটা সৰু গোট আমাৰ সন্মুখেৰে পাৰ হৈ গৈছে। তেওঁলোকে বাগিচাৰ ওচৰৰ পানী টেংকি (পানী বাহক) ৰ পৰা পানী সংগ্ৰহ কৰি আনিছে। তাৰে এগৰাকী মহিলা ঘৰটোত প্ৰৱেশ কৰিছিল। তাই এখন ৰং লগা শাৰী পিন্ধি আছিল। পানীত লোৰ পৰিমাণ বেছি হোৱাৰ বাবে শাৰীখন প্ৰায় ৰঙা হৈ পৰিছিল। পানী অনা পাত্ৰটোও কোনো ঢাকনিৰে ঢাকি দিয়া হোৱা নাছিল। আমি লক্ষ্য কৰিছিলোঁ যে তেওঁলোকে পানী অনা পাত্ৰবোৰৰ এটাটো ঢাকনি মৰা নাছিল। মই ভাবিছিলোঁ, তেওঁলোকে সদায় পানীৰ পাত্ৰবোৰ এনেকৈ নঢকাকৈয়ে, খোৱা পানীবোৰ লৈ আনে! কথাটো ধৰিব পাৰি ভিক্টৰে হাঁহিলে, "কি হ’বনো? একো নহয় দিয়ক। তেওঁলোকে সদায় এনেদৰেই পানী আনে," তেওঁ উত্তৰ দিলে।

সহাঁৰি দিয়াৰ আগতেই আমাৰ মনোযোগ কিছুমান জোৰেৰে হাঁহি- খিকিন্দালি কৰি থকা শিশুৰ ফালে স্থানান্তৰিত হ’ল। তেওঁলোকৰ কেইজনমানে নাক বজাই আছিল, কিছুমানে তেওঁলোকৰ গাবোৰ খজুৱাই আছিল। সকলোকে দুৰ্বল যেন লাগিছিল যদিও উৎফুল্লিত আৰু সুখী যেন অনুভৱ হ’ল। কাকাই হয়তো আমাৰ উদ্বিগ্নতা বুজি পাইছিল "এই শিশুসকল বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হয়। ইয়াৰে বেছিভাগ পানী সম্পৰ্কীয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বিষয়ক। তেওঁলোকৰ পিতৃ-মাতৃৰ ওচৰত তেওঁলোকক পৰিষ্কাৰ কৰি ৰাখিবলৈ সময় আৰু পৰ্যাপ্ত পানী নাথাকে। তদুপৰি, বেছিভাগ পৰিয়ালৰে সুৰক্ষিত আৰু পৰিষ্কাৰ খোৱা পানী সহজে উপলভ্য নহয়। তেওঁলোকৰ সজাগতাৰো অভাৱ। কেৱল বিদ্যালয়বোৰতহে শিশুৱে ব্যক্তিগত পৰিচ্ছন্নতা, ৰন্ধা খাদ্য আৰু খোৱা পানী আদিবোৰ আৱৰি ৰখাৰ গুৰুতৰ বিষয়ে কিবা শিকে। ঘৰত, তেওঁলোকক শিকোৱা নহয়। শিশুবোৰ এনেদৰেই ডাঙৰ-দীঘল হয়," চাহবাগানৰ জীৱন যাপনৰ অৱস্থা আৰু জীৱনৰ মানদণ্ড কিয় ইমান বেয়া ব্যাখ্যা কৰি তেওঁ কয়।

আমি কাকাৰ অন্যতম শ্ৰেষ্ঠ বন্ধু আলফ্ৰেডৰ ঘৰত উপস্থিত হৈছিলোঁ। আলফ্ৰেডৰ ল'ৰাই বাগিচাত কাম কৰে। আলফ্ৰেডৰ পত্নী মাৰিয়ামে আমাৰ বাবে অপেক্ষা কৰি আছিল। তাই আমাক বাহিৰ ফুৰিবলৈ যোৱাৰ পথ দেখুৱাই দিলে। চাৰিটা বাঁহৰ স্তম্ভ আবৰি বস্তাৰে সৈতে একেলগে নিৰ্মাণ কৰা শৌচাগাৰ আৰু সৰু গা-ধোৱা ঘৰ।

মুখ-হাত ধুই হোৱাৰ পিছত, আমি ঘৰৰ সন্মুখৰ চোতালৰ গছৰ ছাঁত বহি পৰিলোঁ। তেতিয়া সূৰ্য আমাৰ মূৰৰ ওপৰত আছিল। আমাক কিছু সতেজ চাহ যোগান ধৰা হ’ল। আমি চাহ খাই থাকোতে আৰু চাৰিগৰাকী মহিলা বটুৱা লৈ দমকলৰ পৰা পানী আনিবলৈ আহিল। পানীৰ পাত্ৰবোৰত তেতিয়াও কোনো ঢাকনি নাছিল।

মাৰিয়ামে বাগিচাৰ মহিলাসকলৰ মাজত ঋতুস্ৰাৱকে ধৰি অনাময় আৰু পৰিচ্ছন্নতাৰ বিষয়ে থকা অজ্ঞতা আৰু সজাগতাৰ অভাৱৰ কথা আমাক কৈছিল। পানীৰ সংকটে অৱস্থা আৰু বেয়া কৰি তোলে। তাই কৈছিল, "কেতিয়াবা আমি লেতেৰা হৈয়ে থাকিব লাগে," তাই উশাহ সলাই পুনৰ ক’বলৈ ধৰিলে, "কৰ্মী মহিলাসকল অধিক অসুবিধাৰ সন্মুখীন হয়। তেওঁলোকে তেওঁলোকৰ ঋতুস্ৰাৱৰ সময়তো কাম কৰিবলৈ যাব লাগে। তেওঁলোকে আঠ ঘণ্টাৰ কামৰ সময়ত, কাপোৰ সলনি কৰিবলৈ কোনো বিৰতি ল’ব নোৱাৰে। যেতিয়া তেওঁলোকে ঘৰলৈ যায় তেতিয়া পানীৰ অভাৱৰ বাবে তেওঁলোকৰ শৰীৰ বা কাপোৰ সঠিকভাৱে ধুব নোৱাৰে।"

"তেওঁলোকে চেনিটাৰী পেড ব্যৱহাৰ নকৰে নেকি?" আমি মাজতে সুধিলো।

তাই জোৰেৰে হাঁহিছিল, "এইটো প্ৰশ্নৰ বাহিৰত! মই ১৯৮০ চনৰ কথা কৈ আছোঁ। সেই সময়ত মহিলাসকলে পুৰণি, বৰ্জন কৰা কাপোৰ ব্যৱহাৰ কৰিছিল। আৰু তেওঁলোকে এতিয়াও সেই একে অভ্যাস কৰে। পেডবোৰ বৰ্তমানেও ব্যৱহাৰ কৰা নহয়। তেওঁলোকৰ বেছিভাগেই ইয়াৰ লাভালাভৰ বিষয়ে অৱগত নহয়। ইয়াৰোপৰি বহুতে আধুনিক ডিচপোজেবল চেনিটাৰী পেড ক্ৰয় কৰিব নোৱাৰে।" বৰ লজ্জ্বিত অনুভৱ হৈছিল। আমি ২০২০ চনত বাস কৰি আছোঁ আৰু আজিৰ মহিলাসকলে চেনিটাৰী পেড কেনেকৈ আৰু কিয় ব্যৱহাৰ কৰিব লাগে নাজানে! "কিন্তু খোৱা পানীখিনিনো কিয় ঢাকি নিনিয়ে? কি ক’ব?" এটা সঁহাৰিৰ বাবে অপেক্ষা কৰিলোঁ।

তেওঁ স্বীকাৰ কৰিছিল যে চাহ বাগিচাৰ লোকসকল প্ৰায় নিৰক্ষৰ আৰু তেখেতসকলৰ মাজত সজাগতাৰ অভাৱ। পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু উপযুক্ত অনাময়ৰ অভাৱেই অসুস্থতা আৰু কলেৰা, ডায়েৰিয়া, নিউমোনিয়া আদি ৰোগৰ মুখ্য কাৰণ। মাৰিয়ামে কৈছিল যে, শ্ৰমিকসকলৰ বাবে মূল সমস্যা হ’ল বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা বিতৰণ কৰা পানী। শ্ৰমিকসকলক যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰা পানীৰ বাহনবোৰ অতি পুৰণি আৰু খুব কমহে পৰিষ্কাৰ কৰা হয়। বাসিন্দাসকলে নিজৰ নিজৰ খোৱাপানী বিশুদ্ধ কৰিবলৈ নিজৰ ধৰণে চেষ্টা কৰে। তেওঁলোকে চাহ পাতৰ সৈতে পানী সিদ্ধ কৰে আৰু ইয়াক ঠাণ্ডা কৰি 'স্বাভাৱিক খোৱা পানী' হিচাপে ব্য়ৱহাৰ কৰে, তাত এচিকুট নিমখও যোগ কৰি লয়, তাই ব্যাখ্যা কৰিছিল। "সেয়েহে, মই ভাবোঁ, শিক্ষা আৰু জনসজাগতা হৈছে এই সমস্যাবোৰেৰে মোকাবিলা কৰাৰ একমাত্ৰ উপায়। বহুত সময় লাগিব পাৰে, কিন্তু মই বিশ্বাস কৰোঁ যে ক্ৰমান্বয়ে এটা পৰিৱৰ্তন আহিব," মাৰিয়ামে হাঁহিলে।

আমি তাইৰ চকুৰ ফালে চালো। আশাৰে লোতকেৰে তাইৰ চকুহাল জিলিকি আছিল।

 

ডঃ ৰঞ্জিতা বনিয়া আৰু ইশানী গগৈ
(লিখাৰ সময়ঃ এপ্ৰিল মাহ, ২০২০)
(মূল উংৰাজীৰ পৰা অসমীয়া ভাষান্তৰঃ  কেশৱ কৃষ্ণ ছত্ৰধৰা)