Alt
 
অৱস্থানঃ লক্ষীমপুৰ জিলাৰ তেলাহি উন্নয়ন খণ্ডৰ পানীগাঁও পঞ্চায়তৰ অধীনত অৱস্থিত।
GPS অৱস্থানঃ ২৭°০৫'২৮.২"N ৯৪°০৮'০৫.০"E (০৫-০৩-২০২০)
 
মুদৈ বিললৈ যোৱাৰ ধাৰণাটো কাৰপৰা ওলাল সঠিককৈ ক’ব নোৱাৰিম! কিন্তু আমি বানপানী-খহনীয়াত আক্ৰান্ত, আৰু নদীৰ পাৰত অৱস্থিত গাঁও এখনলৈ যোৱাৰ কথা প্ৰায়ে ভাবি আছিলোঁ। উদ্দেশ্য, নদীৰ কিনাৰত বাস কৰা লোকসকলৰ সৈতে তেখেতসকলৰ সুখ-দুখৰ কথাবোৰ পতা। তেখেত সকলেনো কিদৰে পৰম্পৰাগত জ্ঞান আৰু কৌশলবোৰ প্ৰয়োগ কৰি এক অনিশ্চিত পৰিস্থিতিৰ সৈতে সহবাস কৰে তাৰ বিষয়ে অৱগত হোৱা। এই চিন্তাৰ ফল আমাৰ এই মুদৈবিল যাত্ৰা।
 
এতিয়া আহক, আমি মুদৈবিল গাঁৱৰ গভীৰৰ পৰা গভীৰলৈ সোমাই যাওঁ।
 
পোনপ্ৰথমেই চাগে আপুনি মুদৈবিল শব্দটোৰ অৰ্থ বিচাৰি উজুতি খাব।
 
সাধাৰণভাৱে শব্দটোৱে আমাৰ মনত এক বিশাল জলাহ ভূমিৰ ছবি দাঙি ধৰে। নিশ্চিতভাৱে, গাঁওবাসীৰ লগত কথা পাতিলে আমি মুদৈবিলৰ অৰ্থ সম্পৰ্কীয় বহু কথাই গম পাম। পাছে, তাৰবাৰে আমি মুদৈবিল গাঁও গৈ পোৱাৰ সময়খিনিলৈ অপেক্ষা কৰিব লাগিব। অৱশ্যে এনে সম্ভাৱনাও নথকা নহয়,  মুদৈবিল গৈ পোৱাৰ পাছত আমি গম পালোঁ যে, বৰ্তমান সোৱণশিৰি নদীৰ পাৰত গাঁও হিচাপে প্ৰতিষ্ঠা লাভ কৰা মুদৈ বিলৰ পাৰিপাৰ্শ্বিক অতীতৰ বিষয়ে গাঁওবাসীসকলৰ এজনেও ভালদৰে নাজানে।
 
লক্ষীমপুৰ জিলাৰ বানপানী অধ্যুষিত অঞ্চলত বাস কৰা গাঁৱৰ লোকসকল বহু দশক ধৰি সোৱণশিৰি আৰু ৰঙানদীৰ আক্ৰোশৰ বলি হৈ আহিছে। এই দুয়োখন নদী অৰুণাচল প্ৰদেশৰ পৰা বৈ আহি উত্তৰ লক্ষীমপুৰ জিলাৰ দক্ষিণে প্ৰবাহিত হৈ ব্ৰহ্মপুত্ৰত লগ লাগিছে। তিব্বতৰ হিমবাহৰ পৰা ওলাই অহা সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ এখন অন্যতম উপনদী। ৰঙানদীখন অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা ওলাই আহি সোৱণশিৰিত লগ লাগিছে। এই উপত্যকাটোৰ দুটা চিৰস্থায়ী বৈশিষ্ট্য হ’ল,
 
১. বিপদজনক বাৰ্ষিক বানপানী আৰু
২. খহনীয়াৰ ফলত হোৱা ভূমিৰ অতিমাত্ৰা অৱক্ষয়।
 
বানপানী প্ৰতিৰোধৰ বাবে মথাউৰিকে আদি কৰি নদীৰ উজনিত ইতিমধ্যে নিৰ্মিত বৃহৎ নদীবান্ধ আদি প্ৰযুক্তিগত হস্তক্ষেপে এই সমস্যাবোৰৰ স্থায়ী সমাধান আনিব বুলি এসময়ত ভৱা হৈছিল। কিন্তু ই আজি পৰ্যন্ত হৈ নুঠিল। ইয়াৰ বিপৰীতে সমাধানৰ বাবে নিয়োজিত এই অভিযান্ত্ৰিক নিৰ্মাণৰ সূত্ৰসমূহ সম্পূৰ্ণৰূপে বিফল হোৱা দেখা গ’ল। লগতে এইবোৰ পাৰিপাৰ্শ্বিক দুৰ্যোগৰ অন্য এক জীৱন্ত উদাহৰণ ৰূপেহে পৰিলক্ষিত হৈছে।
 
উত্তৰ-পূৱ বৈদ্যুতিক শক্তি নিগম (নেপক্)ৰ দ্বাৰা বিকশিত ৰঙানদী জলবিদ্যুৎ প্ৰকল্পটো হ’ল এনে এক বিতৰ্কিত উন্নয়নমূলক আঁচনি। প্ৰকল্পটো ২০০২ চনত আৰম্ভ হোৱাৰে পৰা নদীখনৰ অৱবাহিকাটোত বাসকৰা জনসাধাৰণৰ বাবে দুখৰ কাৰক ৰূপে পৰিগণিত হৈছে। আনহাতে, নদীৰ কাষেৰে নিৰ্মাণ কৰা মথাউৰিবোৰ কেৱল শ্লুইচ গেট হিচাপেহে কাম কৰে। যদি কেনেবাকে ভাঙি যায়, পানীয়ে সকলোবোৰ ঢাহি-মুহি ধুই পেলায়। প্ৰায়ে হৈ থকাৰ বাবে, এনেবোৰ ঘটনা অঞ্চলটোৰ বাবে এক পৰম্পৰাত পৰিণত হৈছে। আচলতে, বান নিয়ন্ত্ৰণ ব্যৱস্থা যিয়েই নহওঁক কিয়, বানপানী সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰা সম্ভৱ নহয়। নদী এখনে অৱবাহিকাটোত ইয়াৰ অধিকাৰ যিকোনো প্ৰকাৰে সাব্যস্ত কৰিব বিচাৰে, আৰু কৰিবই।
 
এতিয়া আহোঁ আমি মুদৈবিলৰ দিশে যাত্ৰা আৰম্ভ কৰোঁ
 
এতিয়া সেইয়া আছিল ২০২০ চনৰ মাৰ্চ মাহৰ আৰম্ভণি কথা। কভিড্-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশব্যাপী লকডাউন ঘোষণা কৰাৰ ঠিক আগমুহূৰ্ততে আমি পানীকথা নামেৰে পানী বিষয়ক এলানি আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। ভাবিছিলোঁ, মুদৈবিল পানী কথা অন্বেষণৰ এক আদৰ্শ স্থান হ’ব! তাৰবাবেই আমাৰ যাত্ৰা আৰম্ভ হৈছিল মুদৈ বিল গাঁৱৰ দিশে।
 
সোৱণশিৰি নদীৰ বেঁকা অংশত অৱস্থিত মুদৈবিল গাঁওখন লক্ষীমপুৰ জিলাৰ তেলাহি ব্লক অধীনস্থ পানীগাঁও গাঁও পঞ্চায়তত অৱস্থিত। অঞ্চলটোত একে নামৰ আৰু দুখন গাঁও আছে যিকেইখন লোহিত খাবলু গাঁও পঞ্চায়তৰ অধীনৰ।
 
আপুনি জানি আচৰিত হ’ব যে, আমাৰ গন্তব্য স্থান হ’ল এনে এখন গাঁও য’ত মানুহৰ স্থায়ী ঠিকনা নাই। তেওঁলোকে সদায় চলমান অৱস্থাত থাকি নদীৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে!
 
উত্তৰ লক্ষীমপুৰ নগৰৰ পৰা আমি কমলাবাৰী ৰাস্তা লৈছিলোঁ। এই পথেদি পানীগাঁও চাৰিআলি পাৰ হৈ ৰঙটিজান তিনিআলিলৈকে উত্তৰ লক্ষীমপুৰ নগৰৰ প্ৰায় ২৪ কিলোমিটাৰ। ৰঙটিজানতে মুদৈবিললৈ যোৱা পথৰ নিৰ্দেশনা লৈ আমি এক সংকীৰ্ণ পথেৰে আগবাঢ়ি গৈছিলোঁ। প্ৰকৃততে এইটো ঠিক পথ নহয়। বানপানী প্ৰতিৰোধৰ বাবে নিৰ্মিত এটা মথাউৰিহে। আমি গাড়ী চলাই যাওঁতে,  ৰাস্তাৰ ওপৰত খেলি থকা কণ কণ ল’ৰাবোৰ খৰধৰকৈ আঁতৰিছিল । হাঁহ কুকুৰাৰ জাক, গাহৰি আদিবোৰে ৰাস্তাৰ পৰা আঁতৰিব খোজো নোখোজোকৈহে আঁতৰি দিছিল। ঘৰুৱা জন্তুবোৰৰ বাবে যেন ৰাস্তাটো একমাত্ৰ চৰনীয়া স্থান। আমি লেহেম গতিৰে আগবাঢ়িছিলোঁ। পথচাৰী লোকসকলৰ ব্যৱহাৰলৈ চাই পথচোৱা স্থানীয় লোকসকলৰ বাবেও মনোৰঞ্জনৰ ক্ষেত্ৰ যেন লাগিল। আমি গম পালোঁ যে প্ৰতি বছৰে এই মথাউৰিটোৰ উচ্চতা বৃদ্ধি কৰা হৈছে। যাৰ বাবে কাষৰ কৃষিভূমিবোৰ ক্ৰমান্বয়ে আৱদ্ধ পানীৰ প্ৰভাৱৰ সন্মুখীন হ’বলৈ ধৰিছে।
 
আমি আহি আহি নদী এখনৰ প্ৰায় সন্মুখত উপস্থিত হ’লোঁ। এয়াই বিশাল সোৱণশিৰি। যাত্ৰাৰ বাবে তাত এখন ফেৰী ৰৈ আছিল। গন্তব্যস্থান মাজুলী। যাত্ৰী আৰু সামগ্ৰী অনা নিয়া কৰিবৰ বাবে খাবলু ঘাটতেই ফেৰীবোৰ অপেক্ষা কৰে। যাত্ৰীৰ লগতে আলু, দালি, কেৰাচিন আদিবোৰেই হ’ল ফেৰীবোৰৰ প্ৰধান বহন সামগ্ৰী। অৱশ্যে ফেৰীবোৰৰ গন্তব্য স্থানটো প্ৰায়ে সলনি হয়। ই সম্পূৰ্ণৰূপে যাত্ৰী আৰু সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে।
 
এৰি আহিবলৈ মন নোযোৱা ঠাইডোখৰ এৰি আমি ধাননি পথাৰ আৰু বনৰীয়া ঘাঁহৰ বিশাল চাপৰিটোৰ মাজেৰে পাৰ হৈ গলোঁ।
 
এইবাৰ আমি আমাৰ গন্তব্যস্থানত উপস্থিত হ’লোঁ। নতুনকৈ নিৰ্মিত মাটিৰ এটা ওখ ভেঁটি। তাৰ কাষতে কিছুসংখ্যক গাঁওবাসী আমাৰ বাবে অপেক্ষা কৰি আছিল। আই্ জি্ এছ্ এছ্ য়ে বানপানীৰ সময়ত গাঁওবাসীৰ আশ্ৰয়ৰ সুবিধা হোৱাকৈ এই ওখ ভেঁটিটো নিৰ্মাণ কৰিছিল। ক্ষন্তেক কথা পতাৰ পাছতেই আমি গাঁওবাসীৰ সৈতে মুদৈ বিলৰ মাজেৰে খোজ কঢ়াৰ সিদ্ধান্ত ললোঁ । কেইখোজমান যোৱাৰ পাছতে প্ৰত্যক্ষ কৰিলোঁ, শক্তিমান সোৱণশিৰি নদীখনে মুদৈ বিলৰ পূৱ দিশে এই স্থানতে সামান্য ভাঁজ লৈছে।
 
এইয়া আমি নদীৰ কাষ পাওঁ পাওঁ। নাতিদূৰৈত শুভ্ৰ বালিৰে বিশাল বলুকা। এক অনাবিল বিশুদ্ধতা অনুভৱ হ’ল। নদীৰ সিটো পাৰে পাহৰণিৰ গৰ্ভত হেৰাই যাব খোজা বনৰীয়া জোপোহাৰ দ্বাৰা আবৃত্ত এক বিশাল চাপৰি। পলম নকৰি, নদীৰ পানী স্পৰ্শ কৰিবলৈ গৰাৰ কাষেৰে তললৈ নামি গ’লোঁ। নদীখনৰ পানী ঠাণ্ডা। কিছু পৰিমাণে ঘোলা পানীখিনিৰ সোৱাদ, বৰফ মিহলোৱা পানীৰ দৰে। বৈ থকা ঠাণ্ডা, শুকান বতাহজাকে পৰিবেশটো আৰু অধিক ছন্দোময় কৰি তুলিলে। আমি যেন নদীখনৰ সৈতে হেৰাই যাব খুজিলোঁ।
 
ওচৰতে কেইজনমান মাছমৰীয়াক তেওঁলোকৰ  টুলুঙা নাওবোৰ নদীৰ কাষত বান্ধিবলৈ যো-জা কৰা দেখিলোঁ। নাৱত আৱদ্ধ হৈ আছে নদীত উটি অহা বিচ্ছুৰিত কাঠৰ টুকুৰাৰ খোলা, হাড়, আৰু মজ্জ্বা। তাৰ ওচৰতে বালিত সিঁচৰতি হৈ আছে বাঁহৰ শিল্পকলাৰ অৱশেষ, যিবোৰ এসময়ত স্থানীয় লোকসকলে মাছ ধৰা সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। সেইবোৰৰ চাৰিওফালে সিঁচৰতি হৈ পৰি আছিল কিছুমান উজ্জ্বল ৰঙা পলিয়েষ্টাৰ কাপোৰৰ টুকুৰা। এক মোহময়ী পৰিবেশ। এই লোকসকলৰ জীৱন, পানী আৰু নদীৰ সৈতে, এনেদৰেই সংপৃক্ত হৈ থাকে। নদীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক সম্বলিত এক জীৱন্ত প্ৰদৰ্শনী প্ৰত্যক্ষ কৰি থকা যেন লাগিল আমাৰ।
 
(ফটোত মুদৈবিল গাঁৱৰ কৰিম্মা পেগু আৰু হিমামাতা পেগু। ফটোঃ মনোজ গগৈ)
 
দুজনী  সৰু ছোৱালী  চকুত পৰিল। দুয়োৰে হাতত কিলিং (কিলিং, মিচিং ভাষাত পানীৰ পাত্ৰ বুজোৱা এটা শব্দ)। কঁকালত ভীৰ দি লোৱা দুটা ৰূপবৰণীয়া পাত্ৰ। ইমান আলসুৱাকৈ ধৰি ৰাখিছে ! এনে লাগিল যেন দুয়োগৰাকীয়ে তেওঁলোকতকৈ সৰু ভায়েক-ভনীয়েককহে কোলাত লৈ আছে।
 
কিলিংকেইটাৰ পাৰকেইতাইদি  বৈপৰা লোহা বৰণৰ দাগকেইটাই পানীত লোৰ পৰিমাণ যে বেছি আছে তাৰ সাক্ষ্য বহন কৰিছে। গাঁওবাসীয়ে পৰিষ্কাৰ আৰু সুৰক্ষিত খোৱা পানীৰ গুৰুত্ব বিষয়ক কথাবোৰ নাজানে যেন লাগিল। মুদৈ বিল বিদ্যালয়ৰ এজন শিক্ষকে বোলে এবাৰ পানীৰ নমুনা সংগ্ৰহ কৰি জনস্বাস্থ্য বিভাগৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছিল। পৰীক্ষাগাৰৰ প্ৰতিবেদনে পানীত দূষিত পদাৰ্থৰ উপস্থিতি নিশ্চিত কৰিছিল। কিন্তু বিষয়টো সিমানতে শেষ। জনস্বাস্থ্য কৰ্তৃপক্ষৰ পৰা খোৱাপানী পৰিশোধন নতুবা সজাগতামূলক কাৰ্যসূচী আদি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল।
 
কিলিং বহন কৰা ছোৱালী দুজনীৰ, দিনটোৰ বাবে প্ৰয়োজনীয় পানী কঢ়িওৱাৰ, এইটোৱেই উপযুক্ত সময়। পুৱাৰ সকলো কাম কৰি,  তেওঁলোকৰ মাতৃসকল হয়তো এতিয়া মাছ ধৰিবলৈ গৈছে। সেইসময়তে এখন মেচিন নাও, পানীৰ মাজেৰে তৰ্জন-গৰ্জন কৰি আৰু ক’লা ধোঁৱা উৰুৱাই উৰুৱাই পাৰ হৈ গ’ল। এই নাওবোৰ খাবলু ঘাটৰ পৰা আন পাৰৰ, মাজুলী, খেৰকটা আৰু অন্যান্য স্থানলৈ চলাচল কৰে। নাওবোৰে  যাত্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰী দুয়োটা বহন কৰে। পূৰ্ণাঙ্গ সূৰ্যটোৰ সৈতে দৃশ্যটো দূৰপৰ্য্যন্ত দেখা গ’ল। একে সময়তে আমাৰ আগেৰে বহুৰঙী কাপোৰ পৰিহিত কেইগৰাকীমান মহিলা পাৰ হৈ গল। কিলিং বহন কৰা ছোৱালী দুজনীলৈ লক্ষ্য কৰি আমি অনুভৱ কৰিলোঁ, সৰু ছোৱালী দুজনীয়ে এতিয়া নদীত স্নান কৰিব। আমাৰ বাবে এই স্থান এৰাৰ ই যেন প্ৰকৃতিৰ এক নিৰ্দেশ।
 
আমি পুনৰ নদীৰ পাৰৰ পৰা আধা কিলোমিটাৰ দূৰৰ মুদৈ বিল গাঁওখনৰ সোঁমাজলৈ খোজ ললোঁ। গাঁওবাসীৰ সৈতে খোজ কঢ়া সময়খিনিয়ে, তেওঁলোকৰ জীৱনৰ বিষয়ে এক আভাস দিছিল। ঘূৰি আহোতে আমি বাটতে চাৰিওফালে ঘণ্টাৰে মেৰিয়াই থোৱা, ৰঙা কাপোৰেৰে সজ্জিত এজোপা দৈত্যকায় বৰগছ দেখিলোঁ। গছজোপাৰ তলৰপৰা সস্তীয়া ধূপকাঠি আৰু মিঠাতেলৰ চাকিৰ গোন্ধ আহি আমাৰ নাকত লাগিছিলহি । দৈত্যকায় গছজোপা বোলে বহু যুগ ধৰি সগৌৰৱেৰে এই ঠাইডোখৰত থিয় হৈ আছে।
 
এখন বিদ্যালয় দেখিলোঁ। বন্ধ হৈ আছে। কাৰোবাক প্ৰশ্ন কৰাৰ আগতে কোনোবা এজনে ক’লে, “প্ৰায়ে স্কুলখন সোনকালে ছুটী দিয়া হয়। শিক্ষকসকলো বিদ্যালয়ত দেৰিকৈ উপস্থিত হয়। এটা বা দুটা ক্লাছ কৰাৰ পাছতে ছুটী দি ঘৰলৈ যায়গৈ। এনেদৰেই চলে স্কুলখন। শিক্ষা বিভাগৰ পৰা আজিকোপতি কোনো নিৰীক্ষক অহা আমি দেখা নাই।‘’ শিক্ষকসকলৰ অজুহাত হয়তো পথটো, যিটো জৰাজীৰ্ণ পথেৰে আমি আহিছিলোঁ সেইটো পথেৰে  প্ৰতিদিনে তেখেতসকল অহা-যোৱা কৰিব লাগে। কিন্তু সেইটো জানো শিক্ষক বৃত্তিৰ অজুহাত হোৱা উচিত ? শিক্ষকসকলৰ লগতে কিন্তু গাঁওবাসীৰো এই ক্ষেত্ৰত গা-এৰা মনোভাৱ সুস্পষ্ট। শিক্ষক, গাঁওবাসী, কৰ্তৃপক্ষ কোনেও শিক্ষা বিভাগৰ নিয়ম নামানে বা নাজানে। ছাত্ৰ-ছাত্ৰী, শিক্ষক, গাঁওবাসী আৰু গাঁওখনলৈ চালে শিক্ষাৰ অধিকাৰ আইন কেৱল চৰকাৰী দস্তাবেজতে সীমাবদ্ধ হৈ থকা যেন লাগিল। শৈক্ষিক অনুশীলন তিলমানো দৃশ্যমান নহ’ল। ই এক চূড়ান্ত অপৰাধ। শিক্ষাৰ ক্ষেত্ৰত কৰা অপৰাধ কোনোপধ্যে গ্ৰহণযোগ্য নহয়।
 
এইবাৰ আমি পানীকথাৰ বাবে নিৰ্দিষ্ট কৰি ৰখা ঠাইটুকুৰাত পানীৰ বিষয়ে কথা পাতিবলৈ বহি পৰিলোঁ। আমাৰ বাৰ্তালাপ কেৱল পানীৰ ওপৰতে সীমাবদ্ধ নাথাকিল। আমাৰ কথা বতৰাত মুদৈবিলৰ বিভিন্ন বিষয় প্ৰতিফলিত হ’বলৈ ধৰিলে। আমি সুধিলোঁ, গাঁওখনক 'মুদৈবিল' বুলি কিয় কোৱা হয়?  জ্যেষ্ঠ এজনে আওৰালেঃ ‘’মুদৈ হ’ল নাওত উঠি বা ভ্ৰমণ কৰি ব্যৱসায় কৰা লোক আৰু 'বিল' হৈছে পানীৰ ক্ষুদ্ৰ হ্ৰদসদৃশ আকাৰৰ জলাহ।‘’ কিন্তু গাঁওৰ বৰ্তমানৰ দৃশ্যপটে জ্যেষ্ঠজনে আগবঢ়োৱা ব্যাখ্যাক অস্বীকাৰ কৰে। এতিয়া আৰু গাঁওখনৰ চাৰিওফালে বিল বুলিব পৰা কোনো জলাহভূমি নাই। অৱশ্যে কিছুমান ব্যৱসায়ীয়ে ওচৰৰ ফেৰী ঘাটটো স্থানীয় উৎপাদিত সামগ্ৰী আদান প্ৰদানৰ বাবে ব্যৱহাৰ কৰে।
 
আমাৰ মনত বহুবোৰ প্ৰশ্নই একেলগে জুমুৰি মাৰি ধৰিলে। কেনেবাকৈ মুদৈবিলৰ ইতিহাসৰ পৰা কিবা নোহোৱা হৈছে গৈছে নেকি? লোক কাহিনীৰ কোনো কিংবদন্তি বা জনপ্ৰিয় নায়ক নতুবা একেলগে বহু 'মুদৈ' সঁচাকৈয়ে ইয়াত বণিজৰ বাবে আহিছিল নেকি?  আমাৰ হাতত এনে কোনো নথি পৰিব বাৰু, যাৰ সহায়ত পাহৰণিৰ গৰ্ভত বুৰ যোৱা মুদৈবিলৰ বাৰ্তাবোৰ পুনৰ উদ্ধাৰ কৰিব পাৰিম? আদি অনেক প্ৰশ্নৰ থূপে আমাক হেঁচা মাৰি ধৰিলে।
 
মুদৈবিলৰ 'পৌৰাণিক' ইতিহাস
 
'আমি মাথো ইতিহাসৰ এক অনুপলহে' বাক্যশাৰীৰে গাঁওৰ জ্যেষ্ঠ ব্যক্তি আমেৰিকান দলেই ক’বলৈ আৰম্ভ কৰিলে "১৯৫২ চনত আমি ইয়ালৈ আহিছিলোঁ। আমাৰ আদি বাসস্থান আছিল খেৰকটাৰ ওচৰৰ দফলা পথাৰত। সেই ঠাই বৰ্তমানৰ মুদৈবিলৰ পৰা প্ৰায় ৩০-৩৫ কিল’মিটাৰ দক্ষিণে যোৰহাট জিলাৰ মাজুলী মহকুমাত অৱস্থিত।" মাজুলীক জিলালৈ উন্নীত কৰাৰ লগে লগে খেৰকটা মাজুলীৰ অংশ হৈ পৰিল। দলেই কৈ গ’ল, তেওঁৰ পূৰ্বপুৰুষসকলে নাওৰে মুদৈবিললৈকে অহা-যোৱা কৰি মুদৈবিলত মাছ ধৰিছিল। সেই সময়ত শুকান মাছৰ চাহিদা অধিক হোৱাৰ লগতে শুকান মাছ ব্যৱসায় বৰ লাভজনক আছিল। অঞ্চলটোত  শুকান-মাছৰ বজাৰ ১৯৯৫ চনলৈকে চলি আছিল। ব্যৱসায়ীসকল আহি স্থানীয়ভাৱে উৎপাদিত শুকান মাছবোৰ ক্ৰয় কৰি গাঁওখনৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰৈত থকা জাগীৰোডৰ শুকান মাছ বজাৰলৈ লৈ গৈছিল। তেতিয়া জাগীৰোডক এছিয়াৰ অন্যতম বৃহৎ শুকান মাছৰ বজাৰ বুলি কোৱা হৈছিল। কিন্তু সময়ৰ লগে লগে,  সেই জলাহভূমি সোৱণশিৰিৰ বুকুত বিলীন হৈ গ'ল। তাৰ লগতে সোৱণশিৰি নদীখনে, যোৱা তিনি দশকত অঞ্চলটোৰ প্ৰায় তিনি-চাৰি কিলোমিটাৰৰ বৃহৎ ভূমি খহাই পেলালে।
 
তেখেতে পৌৰাণিক ৰজা আৰিমত্তৰ সৈতে জড়িত এটা কিংবদন্তিও বৰ্ণনা কৰিলে। ৰজা আৰিমত্তই গাঁওখনৰ চাৰিওফালে কিছুমান পুখুৰী খনন কৰিছিল বুলি তেখেতসকলৰ বিশ্বাস। দোপনিৰে আৱৰি থকা পুখুৰীৰ অৱশেষসমূহ এতিয়াও আছে। এই পুখুৰীবোৰৰ ওচৰলৈ অকলে যাবলৈ বা পুখুৰীবোৰত থকা দোপৰ ওপৰত খোজ কাঢ়িবলৈ কোনেও সাহস নকৰে। গাঁওবাসীয়ে এই জলাহ ভূমিবোৰ আত্মা আৰু কালিকাৰ বাসস্থান বুলি বিশ্বাস কৰে। পুখুৰী চাবলৈ, তেখেতসকলে আমাক গভীৰ অৰণ্য আৰু বাঁহনিৰ দ্বাৰা পৰিবেষ্টিত পুখুৰীসদৃশ কেইটামান স্থানলৈ লৈ গৈছিল। জংঘলৰ মাজেৰে খোজ কাঢ়ি যাওঁতে আমি অদ্ভূতভাৱে শিহৰিত হৈছিলোঁ! কিন্তু প্ৰকাশ নকৰি আগবাঢ়ি গৈছিলোঁ। প্ৰাক-মধ্যযুগীয় ৰজা আৰিমত্তৰ বিষয়ে জনাৰ আগ্ৰহে আমাক নিসংকোচে গৈ থাকিবলৈ বাধ্য কৰিছিল। শেষত আমি দোপনিৰে পোত যোৱা এক পুখুৰীসদৃশ অবয়ব দেখা পালোঁ। এইটো পুখুৰীৰ উপৰিও গাঁৱৰ চাৰিওফালে বহুতো ঐতিহাসিকভাৱে অপ্ৰমাণিত আৰু পৌৰাণিকভাৱে সম্পৰ্কিত পুখুৰী আছিল বুলি আমাক ক’লে। সেই পুখুৰীবোৰ বালি পৰি নতুবা  খহনীয়াৰ ফলত অদৃশ্য হৈ পৰিল। গাঁওবাসীসকলে বৰ্ণনা কৰা ৰজা আৰিমত্ত আৰু পুখুৰীৰ দাবীবোৰৰ সত্যসত্যাক লৈ আমি বিভ্ৰান্তিত পৰিলোঁ। আমি নাজানো, কোনোবাই কেতিয়াবা এই মধ্যযুগীয় কাহিনীৰ উপস্থিতিৰ নথি-পত্ৰ সংৰক্ষণ কৰি ৰাখিছেনে নাই। একেদৰে গাঁওবাসীৰ আৰিমত্ত পুখুৰী সম্পৰ্কীয় বিশ্বাসৰ সত্যতাৰ ওপৰত প্ৰশ্ন কৰাৰ অধিকাৰো আমাৰ নাই। সত্যতাৰ বিচাৰ খোচাৰ নকৰাকৈ পৌৰাণিক কাহিনীটো যেনেদৰে আছে তেনেদৰে জীয়াই ৰখাই ভাল হ’ব বুলি আমি বিবেচনা কৰিলোঁ ।
 
(গাঁওখনত অৱস্থিত এটা আৰিমত্ত পুখুৰী। ফটোঃ মানস জ্যোতি চুতীয়া)
(পৌৰাণিক সম্পৰ্কৰ বাবেই এই ঐতিহাসিক জলাশয়বোৰ আজিও নামাংকন কৰা নাই। তাৰপৰা গাঁওবাসী পৰাপক্ষত আঁতৰত থাকিব বিচাৰে।)
 
মুদৈবিলৰ নদী-মানুহৰ সম্পৰ্ক আৰু পৰিৱেশগত প্ৰভাৱ
 
খহনীয়াপ্ৰৱণ অঞ্চলবোৰ সততেই অভাৱ-অনাটনৰ সন্মুখীন হয়। জীৱন-জীৱিকা আৰু বাসস্থানৰো কোনো নিশ্চয়তা নাই। সেয়েহে, গাঁওবাসীয়ে স্থায়ী গৃহ নিৰ্মাণ আৰু অন্যান্য স্থায়ী আন্তঃগাঁথনিত বিনিয়োগ কৰিব নিবিচাৰে। বিশেষকৈ স্থায়ীভাৱে বাসগৃহ নিৰ্মাণ কৰিব নিবিচৰাটো  বানপানী-গৰাখহনীয়া অঞ্চলত বসতি স্থাপন কৰা গাঁওবোৰৰ এক প্ৰধান চৰিত্ৰ।  মিছিং জনগোষ্ঠীৰ দৰে সম্প্ৰদায়বোৰে বাঁহ-কাঠৰ খুঁটাৰ ওপৰত চাংঘৰ আকাৰে তেওঁলোকৰ ঘৰবোৰ নিৰ্মাণ কৰি লয়। তেওঁলোকে ঘৰবোৰ এনেদৰে নিৰ্মাণ কৰে যাতে ঘৰৰ তলৰে স্বাভাৱিক বানপানী প্ৰবাহিত হ’ব পাৰে। কিন্তু, কেতিয়াবা বানপানীৰ প্ৰকোপ বাঢ়িলে পানীৰ স্তৰ স্বাভাৱিক উচ্চতাতকৈ বৃদ্ধি হয়।  তেতিয়া, তেওঁলোকে প্ৰভাৱিত লোকসকলৰ বাবে,   অস্থায়ী আশ্ৰয়ৰ উদ্দেশ্যে নিৰ্মাণ কৰা, ওচৰৰ ওখ ভেঁটিলৈ আঁতৰি যায়।
 
(নদীৰ খহনীয়াৰ কৱলত পৰিব পৰা এটা পৰিয়াল। ফটোঃ মানস জ্যোতি চুতীয়া)
 
মুদৈবিল গাঁৱৰ মিথুন দলে নামৰ যুৱকজনে আমাক ক’লে, "আমি মিচিং জনগোষ্ঠীৰ লোক।  পৰম্পৰাগতভাৱে আমি চাংঘৰত বাস কৰোঁ। আমি বানপানী বা নদীক ভয় নকৰোঁ। সময়ে আমাক বানপানীৰ সৈতে সহাৱস্থান কৰি জীয়াই থাকিবলৈ শিকাইছে। কিন্তু আমাৰ প্ৰধান সমস্যা হ’ল গৰাখহনীয়া। আমাৰ কৃষিভূমি, আমাৰ ঘৰ, সকলোবোৰ নদীৰ দয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। খহনীয়াই মানুহক স্থানান্তৰিত হ’বলৈ বাধ্য কৰে। আমি আমাৰ ঘৰবোৰ অসংখ্যবাৰ সলনি কৰিছোঁ।‘’ ২০০০ চনত, তেওঁলোকে পুৰণি বসতি এৰি বৰ্তমানৰ স্থানলৈ আহিছিল। তাৰ পাছৰ সময়খিনিত এই নতুন গাঁওখনক তেওঁলোকে ১ নং মুদৈবিল হিচাপে নামকৰণ কৰি ললে।
 
নদীৰ পাৰ সুৰক্ষাৰ পৰাম্পৰাগত জ্ঞান
 
গাঁওবাসীসকলে কৈছিল, অতীতত তেওঁলোকক কিছুমান গছে খহনীয়া প্ৰতিৰোধত সহায় কৰিছিল। বিশেষকৈ 'কৰক' গছে সুৰক্ষা দিছিল। কৰক এবিধ ওক জাতৰ মেনগ্ৰোভ প্ৰজাতিৰ গছ। এই গছবোৰ নদীৰ কিনাৰত প্ৰাকৃতিকভাৱে গজি উঠিছিল। মুদৈ বিলৰ লগতে নদীৰ পাৰৰ প্ৰায় সকলো ঠাইতে ইয়াৰ শ্ৰীবৃদ্ধি হৈছিল। কৰক গছৰ ঘন শাখা-প্ৰশাখাবোৰে মাটিক টানকৈ ধৰি ৰাখে। কেৱল খহনীয়াৰ পৰা ভূমি সুৰক্ষিত কৰাই নহয়,  চেং (চান্না অৰিয়েণ্টেলচিছ) আদিৰ দৰে কিছুমান স্থানীয় মাছৰ প্ৰজনন ক্ষেত্ৰ আৰু আৱাসস্থল আছিল এই গছবোৰ। দুৰ্ভাগ্যবশতঃ, মানুহে স্থানীয় কৰক অৰণ্যৰ পাৰিপাৰ্শ্বিক মূল্যায়ন কৰাত ব্যৰ্থ হৈছিল আৰু সেইবোৰ কাটিবলৈ আৰম্ভ কৰিছিল।
 
গছবোৰ খৰি হিচাপে অতি উপযোগী বিবেচিত। বহু বছৰ ধৰি, লাভৰ বাবে এই গছবোৰ অনিয়ন্ত্ৰিতভাৱে কটাৰ ফলত কৰক অৰণ্য ব্যৱস্থাটোৱেই ধ্বংস হৈ পৰিল। গাঁওবাসীয়ে কৈছিল, এতিয়া মাত্ৰ কেইজোপামানহে কৰক গছ বাচি আছেগৈ। সোৱণশিৰি নদীৰ কাষৰ কৰকনি নামৰ ঠাইখন কৰক গছৰ বাবে এসময়ত বিখ্যাত আছিল। কিন্তু কৰকনি গাঁওখন এতিয়া খহনীয়াই বিধ্বস্ত কৰি পেলাইছে।
 
(ফটোঃ কিংবদন্তী কৰক (স্থানীয়ভাৱে জনা নাম)। বিগত সময়ত খহনীয়াৰ বিৰুদ্ধে বিশেষ ভূমিকা পালন কৰিছিল। ফটোঃ ৰাতুল গোহাঁই)
গছজোপাৰ পৰা ওলাই অহা ঘন শিপাসদৃশ শাখা-প্ৰশাখাবোৰে বোৰে নদীৰ পাৰৰ মাটি খামুছি মাৰি ধৰি ৰাখিছিল। 
এক কথাত বৰ্তমানৰ অভিযন্তাই পানীলৈ নিক্ষেপ কৰা পৰ্কিউপাইনৰ দৰে কাম কৰিছিল তেতিয়াৰ কৰক গছবোৰে।
 
গাঁওবাসীয়ে তেওঁলোকৰ প্ৰয়োজনীয় পানী নদীৰ পৰাই সংগ্ৰহ কৰে। খোৱা পানী বিশুদ্ধকৰণৰ বাবে বালি,  শিল আৰু কাঠ কয়লাৰ দৰে মৌলিক সামগ্ৰীৰে ফিল্টাৰ নিৰ্মাণ কৰি লয়। কিছুমানে ফিল্টাৰ কৰা পানী গৰম কৰি ব্যৱহাৰ কৰে। বেছিভাগে কেৱল ফিল্টাৰ কৰা পানীকেই পান কৰে, গৰম নকৰে। আমাৰ দৃষ্টিৰে সাধাৰণ দিনবোৰত খোৱাপানীৰ ব্যৱস্থাটো ঠিক যেনেই লাগিল। কিন্তু, বানপানীৰ সময়ত সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ মহিলাসকল পানী বিষয়ক সমস্যাৰ সন্মুখীন হয়। কিয়নো তেওঁলোক ঘৰুৱা সকলোবোৰ কামৰ বাবে প্ৰয়োজনীয় পানী সংগ্ৰহ আৰু সংৰক্ষণত পোনপটীয়াকৈ জড়িত হৈ থাকে।
 
আমাৰ বাবে আশ্বৰ্যৰ কথা হ’ল আমাৰ পানীকথাৰ সময়ত মুদৈবিলৰ কোনো মহিলাই পানীৰ বিষয়ে একো কোৱা নাছিল। তেওঁলোকৰ চকুত মাথো এক অজ্ঞতাৰ ছবি।  মহিলাসকলৰ দেই-পোৰা ছাল,  হালধীয়া চামনিৰ চকু, কৰ্মঠ হাতৰ তলুৱা আদিয়ে  তেখেতসকলৰ দৈনিক কৰ্ম তীব্ৰতাক প্ৰতিফলিত কৰিছিল। তেওঁলোকে কেৱল শান্তভাৱে বহি আমাৰ বাৰ্তালাপ শুনিছিল। হতাশাৰ এক সুপ্ত চেপামৰা ছবি আমি তেখেতসকলৰ দৃষ্টিত দেখা পাইছিলোঁ ।
 
গাঁওখনত মুঠ ৩০ টা দমকল আছে। গড় হিচাপে ১ টাকৈ দমকল তিনিটা পৰিয়ালে ভাগ বতৰা কৰি ব্যৱহাৰ কৰে। দমকলবোৰ কম উচ্চতাৰে সমতল স্তৰতেই স্থাপন কৰা দেখা গ’ল। অনুমান হয় দমকলবোৰ বানপানীৰ সময়ৰ জলমগ্নতাক বিবেচনা নকৰাকৈ স্থাপন কৰিছে। যাৰ ফলত প্ৰতি বছৰে অহা বানপানীয়ে তেখেতসকলৰ দমকলবোৰো বুৰাই পেলায়।
 
অকল দমকলেই নহয় অনাময় গৃহবিলাকৰো একেই অৱস্থা।
 
এনেবোৰ ঠাইত দমকল আৰু অনাময় গৃহবোৰ বাৰ্ষিক বানপানীৰ স্তৰ তুলনা কৰি ওখকৈ নিৰ্মাণ কৰিব লাগিছিল। অনাময় আচঁনিৰ অধীনৰ অনাময় গৃহবোৰ বানপানীৰ সময়ত একেবাৰে কাম নোহোৱা হৈ পৰে। ওলোটাকৈ পানী বাঢ়ি আহিলে টেংকিৰ পৰা মলবোৰ  ওলাই পানীত উপঙি ফুৰে। এই লেট্ৰিনসমূহকে ইয়াত 'মোডী লেট্ৰিন' বুলি কয়। আমি 'মোডী লেট্ৰিন' আৰু বাকী পানী বিষয়ক চৰকাৰী ব্য়ৱস্থাপনাবোৰ গাঁওখনত প্ৰত্যক্ষ কৰি এটা কথাত উপনীত হ’লোঁ যে, অনাময় আৰু পানী ব্যৱস্থাকে আদি কৰি কেন্দ্ৰীয় আঁচনিৰ অধীনৰ এই  নিৰ্মাণ ব্যৱস্থাবোৰে বানাক্ৰান্ত অঞ্চলৰ বাবে থকা নিৰ্মাণ নিৰ্দেশনাবোৰ উপেক্ষা কৰিছে।
 
যেতিয়া ৰঙানদী, সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ ওফন্দি উঠে তেতিয়া অঞ্চলটোৰ সকলোবোৰ ভূমি প্লাবিত হয়। শস্য আৰু পশুধন ধ্বংস কৰে। বাসস্থানৰ পৰা হাজাৰ হাজাৰ পৰিয়ালক স্থানচ্যুত কৰে। আনহাতে, মথাউৰিয়ে বানপানী প্ৰতিৰোধ কৰাৰ বিপৰীতে বানপানীৰ ফলত সোমাই অহা অতিৰিক্ত পানী পুনৰ নদীলৈ ঘূৰি যোৱাত বাধাৰহে সৃষ্টি কৰে। ফলত অতিৰিক্ত পানীবোৰ বহু দিনলৈ গাঁওৰ চৌহদতে থাকি যায়। ঘূৰি যাৰ নোৱাৰি মথাউৰিৰ কাষৰ কৃষি ভূমিসমূহত থাকি যোৱা বন্ধ পানীৰ ক্ষেত্ৰসমূহ গাঁওবোৰত মেলেৰিয়া বিয়পি থকা মহৰ প্ৰজনন ক্ষেত্ৰ হৈ পৰে। ফলস্বৰূপে ডায়েৰীয়া আৰু জণ্ডিচৰ দৰে পানীবাহক ৰোগবোৰ বিয়পি পৰে। মানুহ, গৰু-ম’হ আৰু অন্যান্য পশুধন ৰোগত আক্ৰান্ত হয়।
 
জীৱন আৰু জীৱিকাৰ অনিশ্চয়তাৰ এক সহৱস্থান ক্ষেত্ৰ মুদৈবিল
 
বানপানীৰ পাছৰ সময়ত অঞ্চলটোৰ সম্পূৰ্ণ দৃশ্যপট সলনি হৈ যায়। বালি পৰি সাৰুৱা কৃষিভূমিসমূহ কৃষিকাৰ্যৰ বাবে অনুপযুক্ত হৈ পৰে। একে সয়মতে গৰাখহনীয়াৰ ফলত বিঘা বিঘা কৃষিভূমি নদীত জাহ যায়। এই কাৰকবোৰৰ উপৰিও জলবায়ু পৰিবৰ্তন সম্পৰ্কীয় অনিশ্চয়তাই গাঁওখনৰ কৃষি ভিত্তিক গ্ৰাম্য অৰ্থনীতিক ভাৰসাম্যহীন অৱস্থালৈ ঠেলি দিছে। তেখেতসকলৰ মতে জলবায়ু পৰিবৰ্তনে কৃষিৰ উৎপাদন ওপৰত প্ৰভাৱ পেলাইছে। নিয়মীয়া বৰষুণ আৰু অনুকূল জলবায়ুৱে সময়মতে খেতি পথাৰ উপযুক্ত ৰূপে তৈয়াৰ কৰাত সহায় কৰাৰ লগতে খেতিৰ জনমূৰি উৎপাদন হাৰ নিৰ্ধাৰণত উল্লেখযোগ্য ভূমিকা পালন কৰে। আজিকালি সঘনাই সৰিয়হ ফুল ফুলাৰ সময়ত শিলাবৃষ্টি (জানুৱাৰি মাহত) হয়। আগতীয়া বৰষুণে (মাৰ্চ, এপ্ৰিল মাহত) ধান সিঁচাত বাধা দিয়ে। অবাঞ্চিত খৰাং পৰিস্থিতিয়ে শীতকালীন শস্যৰ খেতিৰ বাবে ভাবুকিৰ সৃষ্টি কৰে। অক্টোবৰ মাহত থাকি যোৱা পানীৰ জলাহবোৰে মাটিত হালবোৱা আৰু শুকুউৱাত বাধাৰ সৃষ্টি কৰে।
 
বালিপৰা মাটিসমূহ পুনৰ উৎপাদনশীল হ’বলৈ বহু বছৰ সময় লাগে। কমেও ছয়ৰ পৰা আঠ বছৰ সময়ৰ প্ৰয়োজন। কিন্তু অঞ্চলটোত পুনঃউৰ্বৰ হোৱাৰ বহু আগতেই তেনেবোৰ মাটিত হালজোৰা হয়। পুষ্টিৰ বাবে ন্যূনতম তিনি-চাৰি বছৰ হাল নাজোৰাকৈ থকাৰ  প্ৰয়োজন আছিল। আগতে তেনে কৰিব লগা নহৈছিল। ৬-৭ বছৰৰ পাছতহে খেতি কৰিছিল। এতিয়া গাঁওবাসী সেইখিনি সময়ো ৰব নোৱৰাৰ কাৰণ বহুতো।
 
প্ৰথম কাৰণটো হল, গৰাখহনীয়াৰ ভাবুকি আৰু উৎপাদনশীল কৃষিভূমি ক্ৰমান্বয়ে খহনীয়াত জাহ যোৱা। খহনীয়াত জাহ গৈ গৈ বাকী থকা ভূমিবোৰহে গাঁওবাসীয়ে তেখেতসকলৰ  মাজত ভগাই লয়। সমান্তৰালকৈ কিছু বছৰৰ পৰা গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি পাব লাগিছে।
 
দ্বিতীয়তে, জনসংখ্যা বৃদ্ধি। পৰিয়াল বাঢ়ি অহাৰ লগে লগে কৃষিভূমিৰ ভাগৰ পৰিমাণ প্ৰজন্ময়ে প্ৰতি কমিব লাগিছে। ফলত প্ৰয়োজন অনুসাৰে ভূমিৰ পৰিমাণ সংকুচিত হৈ পৰিছে আৰু খেতি অনুপযুক্ত মাটিতো হাল বাবলৈ তেখেতসকল বাধ্য হৈ পৰিছে।
সকলোৰে ওপৰত, বানপানী আৰু গৰাখহনীয়াত স্থানচ্যুতিৰ উদ্বেগ মুদৈবিলবাসীৰ মনত সদায় আছিল, আছে আৰু থাকিব। বসতিৰ বাবে অনবৰতে নতুন ভূমিৰ সন্ধানত ব্যস্ত থাকিবলৈ তেখেতসকল বাধ্য। আনহাতে এইবোৰ প্ৰত্যাহ্বানৰ সৈতে মোকামিলা কৰিবলৈ গাঁৱত থকা আজিৰ যুৱকসকলে অপাৰগতা প্ৰকাশ কৰে। ফলত আন ঠাইলৈ জীৱিকাৰ সন্ধানত গাঁৱৰ পৰা আঁতৰি যায়। ওচৰৰ আন গাঁওৰ দৰে দৈনিক কাম আৰু অন্যান্য অৰ্থনৈতিক সুযোগৰ সন্ধানত মুদৈবিলৰ যুৱক-যুৱতীসকল চহৰলৈ গুছি যোৱাটো এক স্বাভাৱিক প্ৰক্ৰিয়াত পৰিণত হৈ পৰিছে।
 
"আমি শান্তিপ্ৰেমী লোক। এতিয়াৰ পৰা দহ বছৰ পাছত হয়তো সকলোবোৰ হেৰাই যাব, তেতিয়া আমি সকলোৱে নদীৰ আনটো ফালে নিৰৱে গুছি যাম" গাঁৱৰ নেতৃত্ব বহন কৰা যুৱক মিথুন দলেৰ মন্তব্য এইয়া। কথাষাৰে আমাৰ মনত অন্য এক আশংকা নিৰ্দিষ্ট কৰে। এই স্থানান্তৰণে ভৱিষ্যত ভূমি আৰু পানীৰ অধিকাৰ সম্পৰ্কীয় অন্য এক সংঘাতময় পৰিস্থিতিৰ উদ্ভৱ কৰিব পাৰে। এনে সংঘাত একেটা পৰিয়ালৰ সদস্যৰ মাজত সৃষ্টি নহ’লেও, নিৰ্ধাৰিত সংৰক্ষিত ভূমিত বাস কৰা আৰু বাণিজ্যিক ভাৱে মাছ ধৰা ভিন্ ভিন্ ফৈদবোৰৰ মাজত সংঘাত হোৱাটো প্ৰায় নিশ্চত।
ভূমিৰ অধিকাৰ পোৱাৰ বাবে এটা সম্প্ৰদায় বা পৰিয়াল নিৰ্ধাৰিত সময়ৰ বাবে একেটা স্থানতে বসবাস কৰাটো প্ৰয়োজন। এই অঞ্চলবোৰ পবা সংৰক্ষিত বনাঞ্চলৰ পৰিধিৰ ভিতৰত। যিহেতো, এতিয়ালৈকে বনাঞ্চলখনৰ ভূমি অধিকাৰ সম্পৰ্কীয় স্থিতি সলনি কৰাৰ কোনো পৰিকল্পনা নাই। গতিকে, তেওঁলোকে এই ভূমিৰ ওপৰত ভূমি অধিকাৰ দাবী কৰিব নোৱাৰে। এক কথাত এই লোকসকলৰ মাটিৰ পট্টা নাই। হয়তো তেওঁলোকৰ ভূমিৰ অনিশ্চিত স্থিতিৰ বাবেই এই ঠাইবোৰত কোনো সঠিক সামাজিক-অৰ্থনৈতিক আন্তঃগাঁথনি যেনে বাট-পথ, খোৱা পানী যোগান আৰু জলসিঞ্চন আদি পদক্ষেপসমূহ উপযুক্তভাৱে লোৱা হোৱা নাই।  ফলত আগৰ দৰেই তেওঁলোকে নগদ শস্যৰ খেতি কৰিবলৈ বৰষুণৰ ওপৰতেই নিৰ্ভৰ কৰিব লাগিব।
 
কিন্তু কিমান দিন মানুহৰ বাবে এনে জীৱনধাৰণ প্ৰক্ৰিয়াৰে জীয়াই থকা সম্ভৱ? আৰু কিমান দিন,  তেওঁলোকে কেৱল নদীৰ পানীৰ ওপৰতেই নিৰ্ভৰ কৰিব লাগিব? সেইয়া সময়েহে ক’ব।
 
নদীৰ ভাঁজটো ক্ৰমান্বয়ে তেওঁলোকৰ গাঁৱৰ ফালে দ্ৰুত গতিৰে আগবাঢ়িব লাগিছে। খহনীয়াত ঘৰ-বাৰী হেৰুউৱাৰ ভয়ে তেওঁলোকৰ মনত ইমান গভীৰ সাঁচ বঢ়োৱাইছে যে, বিশুদ্ধ খোৱা পানীৰ বিষয়ে চিন্তা কৰাৰ অৱকাশ তেওঁলোকৰ কাৰোৰে নাই। পানী পৰীক্ষা আৰু নিষ্কাশন কৰা হৈছেনে সেই কথা আৰু কোনোৱে নাভাবে।
 
বেলিটো তেতিয়া লহিয়াইছে। এক গাঢ় সোণালী আভা নদীৰ পানীত হেন্দুলিত হৈ প্ৰতিবিম্বিত হোৱা দেখিলোঁ। নদীৰ সিটোপাৰৰ পৰিবেশটোৱে আমাক যেন আমন্ত্ৰণ কৰিব লাগিছে। সিপাৰে এতিয়া ওখ ঘাঁহবোৰৰ সৈতে, পশু-পক্ষী, জীৱ-জন্তু সকলোৱে একেটা পৰিবেশকে ভাগ বতৰা কৰি বাস কৰে। এতিয়াৰ পৰা আৰু ১০ বা ২০ বছৰ। সেই স্থান ভূমি হেৰুউৱা মুদৈবিলৰ  লোকসকলে দখল কৰিব। সেইয়াই হ’বগৈ মুদৈ বিলৰ নতুন ঠিকনা। আৰু মুদৈবিলক লগ পাবলৈ আমিবোৰে কৰিব লাগিব অন্য এক পানীযাত্ৰা।
 
(ফটোত মনোজ গগৈ, কেশৱ কৃষ্ণ ছত্ৰধৰা, ধৰনী পায়েং আৰু মুদৈবিল গাঁৱৰ দুজনমান সতীৰ্থ ।ফটোঃ মানস জ্য়োতি চুতীয়া)
পানীকথা অনুষ্ঠিত হোৱাৰ প্ৰায় আঠ মাহ হৈছে।
এই মাহবোৰৰ মাজত, আমি ফটোৰ বাবে থিয় হৈ থকা সেই বেঁকাভাঁজটোৱে ইয়াৰ ৰূপৰেখা সলনি কৰিছিল।
নদীখনে ১.৩ কিলোমিটাৰতকৈ অধিক খহাই এতিয়া মুদৈবিল গাঁৱৰ মাজত গৌৰৱেৰে থিয় হৈ থকা কৰক গছৰ ওচৰ পাও পাও। (১২-১২-২০২০) পৰিতাপৰ বিষয় এছ্ ডি্ জি্-৬, সকলোৰে বাবে পৰিষ্কাৰ পানী আৰু অনাময় ব্যৱস্থা বিষয়ক আহ্বান আৰু লক্ষ্যৰ পৰা এই ঠাই উপেক্ষিত। একেদৰে 'জীৱনৰ বাবে পানী' সম্বলিত দশকযোৰা কৰ্ম পৰিসৰো মুদৈবিল গাঁৱত উপনীত হোৱাত ব্যৰ্থ হ’ল।
 
(মূল ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ আৰু ভাবান্তৰঃ কেশৱ কৃষ্ণ ছত্ৰধৰা)