Alt
31 Jan 2025 7:56 PM
  • #majuli
  • #water
  • #books

"মাজুলীৰ পানীৰ কথা"

১১ জানুৱাৰী ২০২৫, সময়ঃ ৫ বজা

স্থানঃ মিলনজ্যোতি সঙ্ঘ। কমলাবাৰী। মাজুলী।

অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ২০২৫ বৰ্ষটো “কিতাপৰ বৰ্ষ” ঘোষণাৰ ঠিক পাছতে, NEIWT ৰ প্ৰচেষ্টাত বছৰটোৰ প্ৰথমখন পানী বিষয়ক কিতাপ মাজুলীৰ ৰাইজৰ হৃদয়ত অৰ্পণ কৰি নথৈ সুখী অনুভৱ কৰিছোঁ।

নাটঘৰ মাজুলী থিয়েটাৰ ফেষ্টিভেল-২০২৫ (নএমটিএফ-২০২৫)ত "মাজুলীৰ পানীৰ কথা" কিতাপখনৰ শুভাৰম্ভ কৰা হয়। এই কিতাপখন হল মাজুলীৰ বিভিন্ন কোণৰ ২১ গৰাকী লেখক-লেখিকাই লিখা ২১ টা পানী বিষয়ক কাহিনীৰ এক অনন্য সংকলন। মাজুলীৰ পশ্চিমতম অংশত অৱস্থিত মিছামৰা গাঁৱৰ সন্মানীয় মহিলা ৰিংকুমোনি পায়েঙে, অভিনেতা আদিল হুছেইন আৰু মাজুলীৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত কিতাপখন আনুষ্ঠানিকভাৱে মুকলি কৰে। মিছামৰা গাঁৱখন ইয়াৰ মনোমোহা সূৰ্যাস্তৰ বাবে বিশেষভাবে জনাজাত।

কিতাপখনৰ সম্পাদনা কৰিছে কেশৱ কৃষ্ণ ছত্ৰধৰা আৰু ভাস্কৰ জ্যোতি বৰাই। কেশৱ কৃষ্ণ ছত্ৰধৰা এজন সু-লেখক, আৰু সমাজকৰ্মী। আনহাতে, ভাস্কৰ জ্যোতি বৰা মাজুলীৰ এজন বিশিষ্ট সাংস্কৃতিক কৰ্মী। তেওঁলোকৰ যুটীয়া প্ৰচেষ্টাত এই কিতাপখনত মাজুলীৰ পানীৰ সৈতে জড়িত বিভিন্ন কাহিনী সংগ্ৰহ কৰা হৈছে, যিয়ে দ্বীপখনৰ পাৰিপাৰ্শ্বিক ইতিহাস, সংস্কৃতি, পৰম্পৰা, আৰু জীৱনশৈলীৰ এক গভীৰ আভাস দিয়ে।

"মাজুলীৰ পানীৰ কথা" কিতাপখন মাজুলীৰ স্থিতিস্থাপকতা আৰু পানীৰ সৈতে ইয়াৰ গভীৰ সম্পৰ্কৰ এক জ্বলন্ত প্ৰমাণ। মাজুলীৰ সংস্কৃতি, ইতিহাস, আৰু পৰিৱেশৰ প্ৰতি আগ্ৰহী যিকোনো ব্যক্তিৰ বাবে এই কিতাপখন এক অমূল্য সম্পদ। কিতাপখন পঢ়ি মাজুলীৰ জনজীৱন, পৰিৱেশ, আৰু সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে অধিক জ্ঞান লাভ কৰিব পাৰিব।

কিতাপখনৰ উন্মোচনৰ দিনটো স্মৰণীয় হৈ ৰব।

কিতাপখন যদি পঢ়িব বিছাৰে। আমাক যোগাযোগ কৰিলে সুখী হম।

newatertalk@gmail.com

মাজুলীত পাবৰৰ বাবেঃ

70026 90866

 

 

 

 

 

Download this story: PDF icon Natgghar Majuli 2.0.pdf
State: Assam