ছৈবাৰী হ'ল মোৰ দেউতাহঁতৰ বাপিতসাহোন গাঁওখন। শৈশৱত মই প্ৰায়ে গাঁওখনলৈ গৈছিলোঁ। সেই ছৈবাৰী গাঁৱলৈ যাওতে গাওঁখনৰ গাতে লাগি থকা কালদিয়া নদীখন পাৰ হোৱাকে ধৰি সেইনদীখনৰ সৈতে জড়িত কিছুমান স্পষ্ট আৰু কিছুমান ধূসৰ স্মৃতি মই আজিও মোৰ মানসপটত ধৰি ৰাখিছোঁ। তেতিয়া নদীখনৰ ওপৰত ভালকৈ পাৰ হ'ব পৰা উপযুক্ত দলং এখন নথকাৰ ফলত ছৈবাৰী বহিজগত বাদেই চুবুৰীয়া ৰিহাবাৰীৰ সৈতেই সঠিক যোগাযাগ ব্যৱস্থাৰ পৰা বঞ্চিত আছিল। ছৈবাৰীৰ লোকসকলে অতি কষ্টৰে ঘৰুৱা সামগ্ৰীৰ বজাৰ কৰিবলৈ ৰিহাবাৰীৰ আহিব লগা হৈছিল।আনহাতে গাঁওখনত উচ্চশিক্ষা গ্ৰহণৰ বাবে হাইস্কুল নাছিল। সেয়ে হাইস্কুললৈ যাব বিচৰা শিক্ষাৰ্থীসকলে কালদিয়া নদীৰ সিটো পাৰে থকা ৰিহাবাৰী হাইস্কুললৈ যাবলগীয়া হৈছিল।
বৰপেটা জিলাৰ জালাহ তহচিলত অৱস্থিত আটাইতকৈ পুৰণি গাঁওবোৰৰ ভিতৰত আন্যতম হ'ল ছৈবাৰী গাঁও। গাঁওখন বাক্সা জিলা মুখ্য কাৰ্যালয় জালাহৰ পৰা ৫০ কি.মি. দূৰত আৰু পাঠশালাৰ বজালী মহকুমাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত।জালাহ ছৈবাৰী গাঁৱৰ বাবে উপ-জিলা মুখ্য কাৰ্যালয়। ৪৩১.৯১ হেক্টৰ ভৌগোলিক এলেকাৰ গাঁওখনত, ২০১১ চনৰ লোকপিয়ল অনুসৰি ৩৩৩ ঘৰ লোকেৰে মুঠ জনসংখ্যা ১৫১৬ জন। মুঠ জনসংখ্যাৰ ৯০% ৰো অধিক লোক কোঁচ সম্প্ৰদায়ৰ। কোঁচসকল অনাদিকালৰপৰা অঞ্চলটোত বসবাস কৰি আহিছে।
অতীতত কালদিয়া নদীয়ে ছৈবাৰী গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰশিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোৰ দেউতা মনোৰঞ্জন দাসে (বৰ্তমানৰ বয়স ৭৭ বছৰ) হাইস্কুলীয়া শিক্ষা গ্ৰহণৰ বাবে ৰিহাবাৰীস্থ বিদ্যালয়ত উপস্থিত হ'বলৈ বাৰিষা বতৰত কালদিয়া নদী সাঁতুৰি পাৰ হ'বলগা হৈছিল।সেই সময়ত সাঁতুৰিবলৈ এলাহ কৰাবোৰে হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। স্কুলত উপস্থিত হ'বলৈ সাঁতোৰৰ সৈতে কৰা সংগ্ৰামৰ কথাবাৰ দেউতাই প্ৰায়ে মনত পেলাই থাকে। সাঁতুৰি থাকোঁতে পাঠ্যপুথিবোৰ পানীৰ পৰা ৰক্ষা কৰিবলৈ তেখেতে কেনেদৰে ছাতি ব্যৱহাৰ কৰিছিল, সেই কথা আমাক প্ৰায় কৈছিল। তেখেতে নদীৰ বোৱতী পানীত ছাতিটো ওলোটাকৈ ৰাখি, পাঠ্যপুথিবোৰ ওপঙি থকা ছাতিটোৰ ওপৰত থৈ, এখন হাতেৰে ছাতিটো ঠেলি আৰু আনখন হাত সাঁতুৰিবলৈ ব্যৱহাৰ কৰি নদীখন পাৰ হৈছিল। এবাৰ কালদিয়াই কিতাপবোৰৰ সৈতে তেখেতৰ ছাতিটো উটোৱাই লৈ গৈছিল।
দেউতাৰ দৃষ্টিত আনবোৰ নদীৰ দৰে কালদিয়া নদীও বৰ ধুনীয়া। কিন্তু সময়ত নদীখনে ইয়াৰ নিষ্ঠুৰ ৰূপ দেখুৱাবলৈ পিছহোহকা নাছিল।
১৯৮৯ চনত মোৰ খুৰাৰ বিয়াত বাঁহৰ সাঁকোৰে নদীখন পাৰ হোৱা মোৰ মনত আছে। ৮০ ৰ দশকত ৰিহাবাৰীৰ পৰা ছৈবাৰীলৈ যোৱাৰ একমাত্ৰ উপায় আছিল নদীত থকা শ্লুইটচ গেটৰ কাষেৰে নিৰ্মাণ কৰা সৰু ঠেক দলংখন। শ্লুইটচ গেটখনক মানুহে বান্ধ বুলিয়ে কৈছিল। শ্লুইটচ গেটখন ৭০ ৰ দশকৰ মাজভাগত নিৰ্মাণ কৰা হৈছিল। কালদিয়াৰ বানপানী প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা বান্ধটোৰ ফলত নদীখনৰ গতিপথ সলনি হয় আৰু তাৰ ফলত মৰা বা মৃত কালদিয়াৰ জন্ম হয়। বান্ধৰ ওচৰ অংশক এতিয়াও মৰা কালদিয়া বুলি কোৱা হয়।বান্ধনিৰ্মাণ কৰাৰ ফলত নদীখন নিয়ন্ত্ৰণাধীন হয়। কিন্তু কালিদয়াৰ নদীচৰিত্ৰ আৰু গতি সলনি হৈ পৰে। কালদিয়াৰ চৰিত্ৰৰ কথা ক'বৈল গৈ মোৰ মা মাধৱী দাসে (৬৭) কৈছিল, " কালদিয়াৰ অৰ্থ হৈছে কালে দিয়া বা মৃত্যুৰ উপহাৰ, কোনে এই নদীখনক ক্ৰোধ সৃষ্টি কৰাত বাধা দিবলৈ সাহস কৰিব? সেইয়া অৱশ্যে বান্ধ নিৰ্মাণৰ আগৰ কথা। বৰ্তমানৰ কালদিয়াখন পুৰণি ধ্বংসাত্মক নদীখনৰ এক মধ্যমীয়া সংস্কৰণহে।"
বাস্তৱত, কালদিয়া এতিয়াও শান্ত হোৱা নাই। কালদিয়াই প্ৰতি বছৰে অন্যান্য উপনদীৰ সৈতে মিলি নামনি অসমত বানপানীৰ সৃষ্টি কৰি বাতৰি কাকতৰ শিৰোনামা দখল কৰা দেখা যায়। ২০২০ চনৰ জুন মাহত, কালদিয়া নদীৰ বৰ্ধিত বানপানীয়ে বজালীৰ বৰ্ণালীত এটা মথাউৰি আৰু বৰভালুকীত এটা ৰিং বান্ধ ভাঙি বহুতো গাঁও বুৰাই পেলাইছিল। আজিকালি বজালী অঞ্চলত হোৱা বানপানীৰ সৈতে ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰো সম্পৰ্ক আছে। ২০২০ ৰ বানপানীৰ সৈতেও কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ সম্পৰ্ক আছিল। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ২০২০ চনৰ সেই সময়ছোৱাত নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা জিলাৰ বহুতো অঞ্চল বানপানীত প্লাবিত হৈছিল আৰু ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পৰা অতিৰিক্ত পানী এৰি দিয়াৰ ফলত সমগ্ৰ বৰপেটা জিলাৰ বহুতো গাঁও জলমগ্ন হৈ পৰিছিল। জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কীয় বানপানী তুলনামূলকভাৱে নামনি অসমত এক নতুন পৰিঘটনা। প্ৰাকৃতিকভাৱেই অঞ্চলটোলৈ ভূটানৰ পৰা বহু নদী বৈ আহিছে। ফলস্বৰূপে, নামনি অসমৰ (বৰপেটা,নলবাৰী আৰু কামৰূপ জিলাৰ) লোকসকলে ভূটানৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ফলত হঠাতে প্ৰলয়ংকৰী বানপানীৰ হোৱাৰ কথাটো বুজাত বহু সময় লৈছিল।
কিন্তু মোৰ মাৰ সৈতে নদীখনৰ ভয়ংকৰ স্মৃতি জড়িত হৈ আছে। মোৰ মা ওচৰৰ অকয়া গাঁৱৰ বাসিন্দা আছিল। মায়ে কইনা হিচাপে ছৈবাৰী আহি পোৱাৰ দিনাই কালদিয়া নদীৰ কালৰূপ দেখিছিল। সেইদিনা তেওঁ কালদিয়া নদীৰ প্ৰকৃত ক্ৰোধ অনুভৱ কৰিছিল। ১৯৭০ চনৰ বহাগ (এপ্ৰিল-মে) মাহত মোৰ মায়ে মোৰ দেউতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। বৰষুণৰ দিন আছিল আৰু নদীখনৰ পানী বাঢ়ি আহিছিল। সেইদিনা দৰা আৰু বৰযাত্ৰী বৰষুণৰ বাবে কইনাৰ ঘৰত সময়মতে উপস্থিত হ'ব পৰা নাছিল যাৰ ফলত কইনাৰ ঘৰত সকলো চিন্তিত হৈ পৰিছিল। নিশা ধাৰাসাৰ বৰষুণৰ বাবে ছৈবাৰীক ৰিহাবাৰীৰ সৈতে সংযোগ কৰা বাঁহৰ দলঙৰ ওপৰেৰে পানী বৈ আছিল। তেতিয়া শ্লুইটচ গেট খন নাছিল, যাৰ বাবে ঠেক বাঁহৰ দলংখনেই ছৈবাৰীৰ পৰা ৰিহাবাৰীৰ লগতে বাহিৰৰ সৈতে একমাত্ৰ যোগাযোগৰ উপায় আছিল। বাঁহৰ দলঙৰ ওপৰেৰে খোজ কাঢ়িব নোৱাৰাকৈ পানীৰ সোঁত তীব্ৰতৰ আছিল। ছৈবাৰীৰ ফালৰ পৰা নদী পাৰ হ'বলৈ অপেক্ষা কৰি থকা বৰযাত্ৰীয়ে বানপানী আৰু বৰষুণৰ বাবে সময়মতে নদী পাৰ হ'ব নোৱাৰিলে। অৱশ্যে, কেইবাঘণ্টাৰো অপেক্ষাৰ অন্তত যেতিয়া বৰষুণ বন্ধ হৈছিল, দৰা আৰু বৰযাত্ৰী নদী পাৰ হৈ কইনাৰ ঘৰত উপস্থিত হৈছিল।
সেই ৰাতি মোৰ মায়ে কইনা সাজেৰে ছৈবাৰীৰ দৰা ঘৰলৈ আহোতে নদী পাৰ হ'ব লগা হৈছিল। নতুন কইনাই নদী পাৰ হ'বলৈ বাঁহৰ দলঙৰ ওপৰত খোজ পেলাই বাৰে বাৰে পিছুৱাই আহিছিল। মায়ে মনত পেলাই কয়, "... মই বাঁহৰ দলঙখনৰ বাহৰ ঠাইত তাৰ ওপৰেৰে প্ৰবাহিত পানীতহে ভৰি দিছিলো। মই ভয় খাই পিছুৱাই আহিলো। ইমান ভয় খাইছিলো যে বাঁহৰ দলং খন পাৰ হ'বলৈ কোনোপধ্যে ইচ্ছুক নাছিলো। দৰাৰ সৈতে যোৱা আন লোকসকলে পানীৰ তলত থকা বাঁহৰ দলংখন পাৰ হ'বলৈ আৰম্ভ কৰিছিল। পিছত মোৰ স্বামীয়ে মোক দলঙৰে নদী পাৰ হ'বলৈ সৈমান কৰিছিল।মই সাঁতুৰিবও নাজানো। মই যাতে উটি নাযাওঁ তাৰবাবে মোৰ স্বামী আৰু তেওঁৰ বন্ধুৱে মোক তেওঁলোকৰ হাততে আগুৰি ধৰি ধৰি নিছিল। অৱশেষত আমি তিনিজনে বাঁহৰ দলঙৰে নদীখন পাৰ হৈছিলো।" মই কেতিয়াও কালদিয়াৰে সম্পৰ্কিত এনে ঘটনাৰ বিষয়ে মাৰ সৈতে কথা পতা নাছিলো।
মই সৰুতে বন্ধৰ সময়ত মাজে মাজে ছৈবাৰীলৈ গৈছিলো। তেতিয়া আমাৰ সকলো সম্পৰ্কীয় ভাই-ভনী কালদিয়া নদীত সাতুৰি নাদুৰি গা ধোঁৱা দেখিছোঁ। আনন্দ কৰাৰ স্থান হিচাপে পৰিচিত আছিল কালদিয়া। বিশেষকৈ গা ধোঁৱাৰ ক্ষেত্ৰত। সেই দিনবোৰত যেতিয়া গা ধোৱাৰ সময় হৈছিল, সকলোকে কালদিয়া নদীত দেখা গৈছিল। কেৱল ল'ৰাবোৰেই নহয় ছোৱালীবোৰেও নিয়মীয়াকৈ কালদিয়াত সাঁতুৰিবলৈ গৈছিল। ভদ্ৰা বাইদেউ, মঞ্জু বাইদেউ, হেমো বাইদেউ, ৰীতা, গীতা আৰু অন্যান্যসকলে গা ধোঁৱাৰ লগতে নদীত কাপোৰ ধুবলৈ দলবদ্ধভাৱে যোৱাৰ কথা মোৰ মনত আছে। নদীখন দূৰৈত আছিল। আমি দূৰৰ পৰা নদীলৈকে সিহঁতক ধানৰ পথাৰৰ মাজে মাজে গৈ থকা দেখিবলৈ পাইছিলোঁ। তেতিয়া তাত কোনো বসতি নাছিল। নদীলৈ যোৱা ছোৱালীবোৰ লাহে লাহে আমাৰ দৃষ্টিৰ পৰা হেৰাই গৈছিল আৰু তাৰ লগে লগে তেওঁলোকৰ উল্লাসৰ শব্দবোৰ সৰু হৈ আহিছিল। তাৰ বহুসময়ৰ পিছত তেওঁলোক গা আৰু কাপোৰ ধোঁৱা সম্পূৰ্ণ কৰি ক্ৰমান্বয়ে প্ৰকট হোৱা দেখিবলৈ পাইছিলো। সেইয়া এক নান্দনিক দৃশ্য আছিল।
পুৰণি দিনবোৰৰ কথা মনত পেলাই জেলী দাস (৬০) নামৰ আমাৰ ছৈবাৰীৰ এগৰাকী খুৰীয়ে কয়, "... সেই দিনবোৰত সাঁতোৰ আৰু গা ধোঁৱাৰ বাবে কালদিয়া নদীলৈ যোৱা মূল দলটো নেতৃত্বত আছিল মোৰ ননদ। এইটো এটা দৈনন্দিন কাম যেনেই আছিল। যেতিয়া গা ধোঁৱাৰ কথা আহে, কালিদয়া নদীয়ে আছিল বিকল্প। আন সময়ত, আমাৰ পুখুৰীটো গা ধোঁৱাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। এই পিছফালৰ পুখুৰীটোতে আচলেত সকলোৱে তেওঁলোকৰ প্ৰথম সাঁতোৰৰ পাঠ শিকিছিল। পিছফালৰ পুখুৰীত সাঁতুৰিবলৈ শিকাৰ পিছতহে আমাৰ ল'ৰা আৰু ছোৱালীবোৰ কালদিয়া নদীলৈ যাব দিয়া হৈছিল।" জেলী খুৰীয়ে আৰু কৈছিল, "... এতিয়া সময় বহু সলনি হৈছে; কেৱল কেইজনমানহে আছে যি গা ধুবলৈ কালদিয়া নদীলৈ যায়। আনকি পুখুৰীটোও ইমান সঘনাই ব্যৱহাৰ কৰা নহয়।গাওঁখনৰ বহুতৰ দৰে আমাৰ ওচৰত এটা মটৰ পাম্প আছে। আমি আজিকালি মটৰৰ প্ৰবাহিত পানীহে ব্যৱহাৰ কৰোঁ।"
আমাৰ জেঠাৰ ছোৱালী নিবেদিতা দাসৰো (৩৩) জেলী খুৰীৰ দৰে একে অনুভৱ আছিল। বাৰ্তালাপৰ সময়ত তেওঁ কৈছিল যে কালদিয়াৰ পানীৰে পানী সম্পৰ্কীয় দুটা গুৰুত্বপূৰ্ণ কাৰ্য সম্পন্ন কৰা হৈছিল। কালদিয়া নদীত সদায় পানী ব্যৱহাৰ কৰি কাপোৰ ধোঁৱা আৰু নদীত গা ধোঁৱা। প্ৰকৃততে, গা ধোঁৱা আৰু কাপোৰ ধোঁৱা কাৰ্য দুটা আগতে একেলগে কৰা হৈছিল। "আজিকালি, কোনেও কাপোৰ ধুঁবলৈ নদীলৈ নাযায়," তাই জনাইছিল। নদীৰ প্ৰদূষণৰ দৃষ্টিকোণৰ পৰা এইটো ভালেই হোৱা বুলি ক'ব লাগিব।
গাঁৱৰ বহু লোক জীৱিকাৰ বাবে চহৰ আৰু অন্যান্য ঠাইলৈ প্ৰব্ৰজন কৰিছে। আজিৰ গাঁওখন যেন নিৰ্জনতাই গ্ৰাস কৰি পেলাইছে।গৰুৰ জাকবোৰ আগৰ দেৰ দেখিবৈল পোৱা নাযায়। গৰু-গোৱৰৰ মিশ্ৰিত গোহালিৰ গোন্ধটো গাঁওখনৰ পৰিচয় বুলি গণ্য কৰা হৈছিল। গৰু-গাইৰ সৈতে গৰুগাড়ীখনো গাঁৱৰ পৰা নাইকিয়া হৈ পৰিল।
পৰিৱৰ্তিত বিশ্বৰ সৈতে ২০০০ তকৈও কম জনসংখ্যাৰ এই গাঁওখনেও গাঁওখনত যোৱা কেইটামান দশকত বহুতো পৰিৱৰ্তন প্ৰত্যক্ষ কৰিলে। কিন্তু কালদিয়া নদীখন এই গাঁও, মাটি আৰু মানুহৰ সমন্বয়েৰে এতিয়াও বৈ আছে।
কালদিয়াৰ ওপৰত এতিয়া এখন দলং হৈছে, যি ছৈবাৰীক ৰিহাবাৰী আৰু বাকী বিশ্বৰ সৈতে সংযোগ কৰিলে। মোৰ দেউতা অঞ্চলটোৰ বিধায়ক হোৱাৰ পাছত দলংখন নিৰ্মাণ কৰা হৈছিল। ছৈবাৰীলৈ যোৱাটো আজিকালি সহজ। আমি আগতে শ্লুইটচ গেটৰ কাষেৰ লোৱা দীঘলীয়া পথটোৰ আৰু প্ৰয়োজন নাই।
কিন্তু নদীৰ পাৰত থকা সেই নীৰৱ-নিৰ্জন পৰিৱেশ ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। মানুহবোৰ লাহে লাহে নদীৰ ওচৰলৈ আহি বসতি স্থাপন কৰিব ধৰিছে। ৰিহাবাৰীৰ ফালে এতিয়া ঘৰৰ শাৰী দেখিবলৈ পোৱা যায়। ভৱিষ্যতে হয়তু তাত আৰু অধিক ঘৰ নিৰ্মাণ হ'ব। তাৰ লগে লগে বৃদ্ধি পাব নদী- মানুহৰ সংঘাত।
কালদিয়া এখন অতি সুন্দৰ সৰু নদী। সৰুতে শীতকালত মই ত্ৰৈলক্য খুৰাৰ বাহুত ওলমি তৰাং নদীখন পাৰ হৈছিলো।ত্ৰৈলক্য খুৰা চিকাৰী হিচাপে অঞ্চলটোত জনাজাত। সেই সময়ত নদীৰ জলস্তৰ কম আছিল। প্ৰায় দুই ফুট মান।খুৰাই চিংগল ব্যাৰেল (একনলীয়া) বন্দুকটো কান্ধত ওলোমাই লৈ মোক তেওঁৰ বাহুত ওলমি থাকিবলৈ কৈছিল যাতে মই পানী স্পৰ্শ নকৰোঁ। দুলি দুলি মজা লৈ মই ত্ৰৈলক্য খুৰাৰ বাহুত ওলমি নদী পাৰ হৈছিলো। কালদিয়া এনেকুৱাই; কেতিয়াবা খোজ কাঢ়িবৰ বাবে বাট এৰি দিব আৰু কেতিয়াবা আপোনাৰ ওপৰেৰে বৈ যাব। সকলো নদীখনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে।
সময়ৰ লগে লগে কালদিয়াৰ চাৰিওফালে যথেষ্ট পৰিৱৰ্তন ঘটিছে আৰু ঘটিব। তাৰ মাজতে আশা কালদিয়া চিৰ প্ৰবাহিত হৈ থাকিব ।
লেখকঃ অৰূপজ্যোতি দাস