Alt
28 Mar 2023 9:56 AM
সম্ভৱতঃ ২০০৯ চনৰ গ্ৰীষ্মকাল আছিল।  প্ৰথমবাৰৰ বাবে আমাৰ দমকলটোৰ (নলীকুৱা) পৰা পানী পোৱাত অসুবিধাৰ সন্মুখীন হৈছিলোঁ। সেয়েহে আমাৰ পানীৰ সমস্যা সমাধানৰ কাৰিকৰ বাবুল আলিক মাতি পঠিয়ালো। বাবুল আমাৰ পৰিয়ালৰ সৈতে বহু বছৰ ধৰি কাম কৰি আছিল। আমাৰ ঘৰটো গুৱাহাটী চহৰৰ দক্ষিণ অংশৰ বেলতলা অঞ্চলৰ লক্ষী মন্দিৰৰ কাষত, য'ত আমি ১৯৯৯ চনৰ পৰা বাস কৰি আছো।
 
বাবুল সদায় ব্যস্ত থাকে। সকলোৱে বাবুলক বিছৰাৰ কাৰণটো আছিল মিস্ত্ৰী কামৰ লগতে সি সমগ্ৰ বেলতলা অঞ্চলত মাটিৰ তলৰ পানীৰ অৱস্থিতিৰ বিষয়ে যথেষ্ট অভিজ্ঞ আছিল। বাবুল আহিল। দমকলটোৰ লোৰ পাইপবোৰৰ পুঙ্খানুপুঙ্খভাৱে চোৱাৰ পাছত, সি ক্ষতি হোৱা পুৰণি পাইপবোৰ সলনি কৰাৰ পৰামৰ্শ দিলে। পৰামৰ্শ মানি লোৱাৰ বাহিৰে আমাৰ কোনো বিকল্প উপায় নাছিল। দুটা ২০ ফুট দীঘল পাইপ খান্দি উলিয়াই নতুন পাইপৰে সলনি কৰা হল। কিন্তু কাম নহল। পানী নোলাল। ‘’ সম্ভৱত পানীৰ স্তৰ হ্ৰাস পালে। আন এটা পাইপ কিয় নবহুৱাও?’’ বুলি বাবুলে আৰু অধিক খনন কৰিব বিছাৰিলে। তাৰ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি যি কৰিব লাগে কৰিবলৈ ক’লো। আমি আমাৰ দমকলটো  যিকোনো মূল্যত বিনিময়ত ঠিক কৰিব বিছাৰিছিলোঁ।
 
 
বাবুল আৰু তেওঁৰ সহকৰ্মীসকলে দিনটো লাগি লাগি আৰু দুটা ২০ ফুট পাইপ যোগ কৰি মুঠ ৮০ ফুটলৈকে খনন কৰিলে। তথাপিও পানীৰ এটাও টোপাল পোৱা নগল। বাবুলক যথেষ্ট চিন্তিত আৰু আচৰিত হোৱা দেখিলোঁ। পৰিস্থিতিটোৱে তাৰ বহুবছৰৰ পানীবিষয়ক অভিজ্ঞতাৰে পৰিপুষ্ট জ্ঞানক প্ৰত্যাহ্বান জনাই ঠাট্টা কৰা যেন তাৰ অনুভৱ হল। লগতো আমাকো উদ্বিগ্ন কৰি তুলিলে। আমি ভাবিছিলো কি ভুল হৈছে,  পানীবোৰ কলৈ গল?
 
বেলতলা এটা পানীৰে সমৃদ্ধ এলেকা। আমি কেতিয়াও পানী বিষয়ক সমস্যাৰ সন্মুখীন হোৱা নাছিলো। ভৰলু নদীৰ দুটা মুখ্য ধাৰা – বশিষ্ঠ আৰু বাহিনী বেলতলা অঞ্চলেৰেই পাৰ হৈ গৈছে। অৱশ্যে দুয়োখন নদীয়েই এতিয়া মুক্তভাৱে প্ৰবাহিত হৈ থকা নাই। দুয়োখনেই এতিয়া মৃতপ্ৰায়। প্ৰকৃততে নদী দুখনক হত্যা কৰা হৈছে বুলি কব পাৰি। এতিয়া নদী দুখন গুৱাহাটীৰ নাগৰিকৰ আৱৰ্জনা বাহক হৈ পৰিছে।
 
লক্ষ্মী মন্দিৰটোৰ সন্মুখতো এটা ৰাজহুৱা কুঁৱা আছিল। ৰাস্তাৰ কাষৰ বিক্ৰেতা আৰু সৰু দোকানীসকলে ৰাজহুৱা কুঁৱাটোৰ পানীকেই ব্যৱহাৰ কৰিছিল। ২০০৪-০৫ চনত বেলতলাৰ পৰা লাষ্ট গেটলৈ ৰাস্তাটো সম্প্ৰসাৰিত কৰি দুটা লেন কৰা হৈছিল। সেই সময়তেই কুঁৱাটোও তাৰপৰা উঠাই পেলোৱা হল। আৰু তাৰ লগে লগে পদপথ বিক্ৰেতাসকলে সেই কুঁৱাটোৰপৰা পানী অনা দৃশ্যটোও লোপ পালে। কোনেও কুঁৱাটো উঠাই পেলোৱা বা বিকল্প ৰাজহুৱা পানীৰ সুবিধাৰ আগ্ৰহ কৰি প্ৰতিবাদ, দাবী কৰা নাছিল। এতিয়া, অঞ্চলটোৰ প্ৰায় মানুহে ব্যক্তিগত পানী যোগানকাৰীৰ পৰা পানী ক্ৰয় কৰি ব্যৱহাৰ কৰে।
 
 
সেই সময়ত পানী যোগানৰ পাইপ আমি বাস কৰা অঞ্চল আহি পোৱা নাছিল। মাটিৰ তলৰ পানী সহজতে উপলব্ধ আছিল বাবে আমাৰ ঘৰত ৰিং কুঁৱা আৰু দমকল দুয়োটাই আছিল। দমকলটো আমাৰ খোৱা পানীৰ প্ৰধান উৎস আছিল। ৰিং কুঁৱাটো আন প্ৰয়োজনীয় ঘৰুৱা কামৰ বাবে ব্যৱহাৰ কৰা হৈছিল।  ৰিং কুৱাটো সদায় পানীৰে ভৰি আছিল, আনকি বাৰিষা কুঁৱাৰ পানীৰ স্তৰ হাতেৰে স্পৰ্শ কৰিব পৰা হৈছিল। এক প্ৰকাৰ, আমি পানীৰ বাবে কোনো সমস্যাৰ সন্মুখীন নোহোৱা এক সুখী পৰিয়াল আছিলোঁ। তেতিয়া আমি পানীৰ পাম্প ব্যৱহাৰ কৰা নাছিলো। ২০০৬-০৭ চনত আমি এটা পানীপাম্প কিনিলোঁ। আন আধুনিক পৰিয়ালৰ দৰে আমাৰো ৰান্ধনি ঘৰ আৰু বাথৰুমত একেৰাহে আহি থকা পানী ব্যৱস্থাৰ প্ৰয়োজন অনুভৱ কৰিছিলোঁ। তেতিয়া মাটিৰ তলৰ পানী প্ৰচুৰ পৰিমানে থকাৰ বাবে বাবুলে দমকলৰ নলৰ পৰা নলীটো বিচ্ছিন্ন কৰি পাইপৰ মুখত ১.৫ অশ্ব শক্তিৰ পানীৰ পাম্প এটা সংযুক্ত কৰি দিছিল। বেলেগকৈ কোনো পাইপ বহুৱাবৰ প্ৰয়োজন হোৱা নাছিল। লগে লগে আমাৰ কুঁৱাটোও অব্য়ৱহৃত হৈ পৰিছিল। অৱশ্যে আমাৰ অতিৰিক্ত পানীৰ প্ৰয়োজনৰ সময়ত আমি কুঁৱাটো ব্যৱহাৰ কৰিছিলো। আমাৰ পানীৰ ব্যৱস্থা অতি সুবিধাজনক আছিল আৰু আমি পানীৰ বাবে আন কোনো উৎসৰ কথা কেতিয়াও ভৱা নাছিলোঁ।
 
কিন্তু ২০০৯ চনৰ ঘটনাটোৱে পানীৰ উৎস হ্ৰাস হোৱাৰ এক শক্তিশালী সংকেত প্ৰেৰণ কৰিছিল – আমাৰ সুখী, ভাল দিনবোৰ শেষ হোৱাৰ উপক্ৰম হৈছিল। মাটিৰ তলত ৮০ ফুট গভীৰতাতো পানীৰ স্তৰ নোপোৱাৰ ঘটনাটোৱে আমাক আচৰিত কৰি তুলিছিল। এতিয়া কি কৰিব পাৰি? কুঁৱাটোৰ অৱস্থা কি হৈ আছে? যদি এইটোও শুকাই গ'ল তেন্তে কি হ'ব?  ইতিমধ্যে বাবুল আলীয়ে কুঁৱাটোৰ পানী নিৰীক্ষণ কৰি মুখত হাঁহি লৈ ঘূৰি আহিছিল – "দাদা, আপুনি ভাগ্যবান যে আপোনাৰ কুঁৱাত পানী আছে," সি কলে যে পানীপাম্প আৰু পাইপবোৰ কুঁৱাৰ পৰা পানী উঠাবলৈ ব্যৱহাৰ কৰিব পাৰি। সি পানীৰ পাম্পটো কুঁৱাটোৰ সৈতে সংলগ্ন কৰিছিল। আমি সকাহৰ নিশ্বাস লৈছিলোঁ। আমাৰ বাবে এইটো এক প্ৰকাৰৰ অলৌকিক ঘটনা আছিল!
 
পৰিৱৰ্তনশীল পৰিস্থিতি
 
 
যোৱা দশকবোৰত গুৱাহাটী চহৰখন সলনি হৈছে। জনসংখ্যাৰ বৃদ্ধি, নগৰীকৰণ আৰু ইয়াৰ সম্পৰ্কিত আন্তঃগাঁথনি যেনে ওখ-ডাঙৰ, বহুমুখী এপাৰ্টমেণ্ট, ৰাস্তাৰ সম্প্ৰসাৰণ, বিদ্যুৎ আৰু কেবল লাইন, পানীৰ পাইপ আদিবোৰ সৰ্বত্ত বিয়পি পৰিল। পানীৰ পৰিস্থিতি অৱনতি হ'বলৈ আৰম্ভ কৰিলে। এফালে মাটিৰ তলৰ পানীৰ স্তৰ দ্ৰুতভাৱে হ্ৰাস হৈ আহিল, আৰু  আনফালে সকলো অঞ্চলতে পানী জমা হৈ কৃত্ৰিম বানপানী হব ধৰিলে।  ২০০৯-১০ চনত মই এটা কথা লক্ষ্য কৰিছিলো, আমাৰ অঞ্চলৰ বৰষুণৰ পানীবোৰ আগতে দক্ষিণ দিশলৈ প্ৰবাহিত হৈছিল, এতিয়া সেই প্ৰবাহ বন্ধ হৈ পৰিছিল। বৰঞ্চ পানীবোৰ উত্তৰ দিশলৈ  প্ৰবাহিত হবলৈ সংগ্ৰাম কৰিছিল। এই সকলোবোৰ আমাৰ চকুৰ আগতে ঘটি আছিল। বেলতলা আৰু ইয়াৰ চুবুৰীয়া অঞ্চলবোৰত ওখ ওখ এপাৰ্টমেণ্টবোৰ কাঠফুলাৰ দৰে বাঢ়িব ধৰিলে। লাহে লাহে সকলোবোৰ প্ৰাকৃতিক বিল পুতি পেলোৱা হল।
 
উচ্চহাৰত হোৱা নিৰ্মাণকাৰ্যই ইয়াৰ একমাত্ৰ কথা নাছিল। অতিমাত্ৰাত মাটিৰ তলৰ পানীৰ ব্যৱহাৰ আছিল অতি গুৰুত্বপূৰ্ণ বিষয়। ২০১০ চনৰ পৰা, আমাৰ অঞ্চলত বহুতো নতুন নতুন  অট্টালিকা নিৰ্মাণ কৰা হল। আমাৰ ঘৰৰ সন্মুখৰ খালী খেলপথাৰখনতেই নিৰ্মাণ কৰা হৈছিল তিনিটা অট্টালিকা (জি+৩)। অট্টালিকাবোৰত বহুলভাৱে অতিগভীৰ নলীনাদ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰতিটো এপাৰ্টমেণ্টৰ বাবে এটা কৈ গভাৰ নলীনাদ।
সেইসময়ত অতিগভীৰ নলী নাদৰ পানী ব্য়ৱহাৰ এক মৰ্যদাৰ চিহ্ন হৈ পৰিছিল। কিয়নো ইয়াৰ বাবে প্ৰয়োজনীয় লাখ লাখ টকা কেৱল ধনীসকলেহে বহন কৰিব পাৰিছিল। দমকল বা ৰিং কুঁৱাক এক পুৰণিকলীয়া পানীৰ উৎস বুলি গণ্য কৰা হল । ফলশ্ৰূতিত লাহে লাহে দমকল বা ৰিং কুঁৱা সম্পূৰ্ণৰূপে অদৃশ্য হৈ গ'ল।
 
 
ইয়াৰ উপৰিও, আন এটা প্ৰৱণতা বৃদ্ধি হৈছিল; প্ৰায় প্ৰতিটো ঘৰৰ চৌহদ চিমেণ্ট আৰু সুন্দৰ টাইলেৰে পকা কৰি পেলোৱা হল। ফলত বৰষুণৰ পানী মাটিত প্ৰৱেশ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে। পৃষ্ঠভাগৰ পানীবোৰ বন্ধ হৈ থকা নলাবোৰ ক্ষন্তেকতে ভৰি পৰি পানীবোৰ উফন্দি পৰিব ধৰে। আমি আমাৰ চৌহদতো পানী সোমোৱা প্ৰত্যক্ষ কৰিছিলোঁ। লাহে লাহে সেই পানীৰ স্তৰ মাটিৰ পৰা ২.৫ ফুট ওপৰলৈকে বৃদ্ধি পাইছিলগৈ।
 
২০০৩ চনত আমি আমাৰ ঘৰৰ সৰু কোঠা এটা সম্প্ৰসাৰণ কৰিছিলোঁ। এইটো একে বছৰৰে  নৱেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হৈছিল। নিৰ্মাণৰ বছৰ আৰু মাহ মোৰ দেউতাই সম্প্ৰসাৰিত কোঠাটোৰ বেৰত লিখি ৰাখিছিল। কোঠাটো মাটিৰ পৰা তিনি ফুট ওপৰত নিৰ্মাণ কৰা হৈছিল, যিটো আমাৰ মূল ঘৰৰ একে স্তৰত আছিল। মোৰ দেউতা বা মই এবাৰো ভবা নাছিলো যে মাত্ৰ কেইবছৰমানৰ ভিতৰত আমি মাটিৰ উচ্চতা বৃদ্ধি কৰিব লাগিব।২০১১ চনত, আমি পানীৰ পৰা পৰিত্ৰাণ পাবলৈ আন আন অঞ্চলৰ লোকৰ দৰে ঘৰৰ চৌহদটো মাটিৰে ভৰ্তি কৰি প্ৰায় তিনি ফুটমান ওখ কৰি পেলালোঁ।  ঘৰৰ সকলোবোৰ চিৰি মাটিত পুত গৈছিল আৰু ঘৰটো মাটিৰ পৰা মাত্ৰ ছয় ইঞ্চি ওপৰত উলাই আছিল। তদুপৰি, চৌহদটোৰ এটা ডাঙৰ অংশ কংক্ৰিটেৰে ঢাকি পেলোৱা হল। কমাটোৰ মই বিৰোধিতা কৰিছিলো যদিও শেষত মাৰ মতেই কৰিবলৈ সন্মত হৈছিলোঁ।
 
পানীৰ স্ব-নিৰ্ভৰশীলতাৰ পৰা পানী পৰনিৰ্ভৰশীলতালৈ
 
এনে লাগে যেন সকলোৰে একো একোটা পানী বিষয়ক কাহিনী আছে। কাহিনীবোৰ নিজৰ ঘৰৰ বাবে সুৰক্ষিত পানীৰ বাবে কৰা সংগ্ৰাম, উদ্বেগ আৰু অসহায়তাৰ কাহিনী। সাধাৰণতে, আমি পানীৰ বাবে সংগ্ৰাম কৰা সাধাৰণ মানুহৰ কথাবোৰতো নাপাতোৱেই। কিন্তু চহৰখনৰ যিকোনো ব্যক্তিৰ সৈতে যদি পানীৰ ওপৰত বাৰ্তালাপ কৰাৰ হয়। তেখেতসকলৰ কাহিনীবোৰ আপোনা আপুনি ওলাই আহে। কাহিনীবোৰৰ বেছিভাগেই সুখকৰ কাহিনী নহয়। মই এনে কেইজনমান ব্য়ক্তিৰ সৈতে কৰা বাৰ্তালাপৰ কিছু অংশ উপস্থাপন কৰিব বিছাৰিছোঁ যিয়ে দ্ৰুতভাৱে বৰ্ধিত আৰু আচৰিত এই চহৰখনৰ পানীৰ এক চিত্ৰ ডাঙি ধৰিব।
 
শ্ৰীযুত মণিৰজ জামানঃ
মণিৰজ জামান, এজন অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ চৰকাৰী বিষয়া। চাকৰীকালতে তেখেতে বসতি স্থাপনৰ বাবে হাতী গাৱত এডুখৰ মাটি কিনি ৰাখিছিল। কামক্ষেত্ৰ আৰু লৰা-ছোৱালীৰ শিক্ষাৰ সহজতাৰ বাবে সপৰিয়ালে তেখেত গান্ধীবস্তীৰ এটা ভাড়া ঘৰত বাস কৰিছিল। গান্ধীবস্তীত কম পৰিমানৰ পানী যোগানৰ বহিৰে পৰিয়ালটোৰ আন কোনো সমস্যা নাছিল। মিঃ জামান কৈছিল, "২০১৪ চনত মই অৱশেষত হাটিগাওঁৰ মোৰ নিজৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিলো। মই মাটি কিনাৰ ঠিক পিছতে প্ৰায় ১৯৯৭ চনত মই তাত এটা কুঁৱা খান্দি লৈছিলোঁ। তেতিয়া সেই অঞ্চলত পানী ৪০ ৰ পৰা ৬০ ফুটৰ গভীৰতাৰ ভিতৰত আছিল সেইবাবে কুঁৱা খন্দাটোৱোই ভাল হব বুলি ভাৱিছিলোঁ। কুঁৱাটোৰ পানীখিনিও পৰিষ্কাৰ আছিল। চুবুৰীয়া লোকসকলে আমাৰ কুঁৱাটো ব্যৱহাৰ কৰিছিল। আমিও বাধা দিয়া নাছিলোঁ।“
 
তেখেতে যেতিয়া হাতীগাৱৰ মাটিলে স্থানান্তৰিত হৈছিল, কুঁৱাটো থকাৰ বাবে পানীৰ বাবে যে সমস্যাৰ সন্মুখীন হ'ব, সেই কথা ভৱাই নাছিল। কিন্তু কুঁৱাত পানী নাছিল।  "মই প্ৰতি ১০০০ লিটাৰ টেংকাৰত ২৫০ ৰ পৰা ৩০০ টকাত ব্যক্তিগত যোগানকাৰীসকলৰ পৰা পানী ক্ৰয় কৰিব লগা হৈছিল। সপ্তাহত এবাৰ বা দুবাৰ আমি পানী কিনিব লগা হৈছিল," শ্ৰী জামানে আকৌ কলে, "মই লক্ষ্য কৰিছিলোঁ যে অঞ্চলটোত বহুতো এপাৰ্টমেণ্ট হল আৰু এই প্ৰতিটো এপাৰ্টমেণ্টে পানীৰ বাবে নিজা নিজা গভীৰ নলীনাদ ব্য়ৱহাৰ কৰিছিল। ইয়াৰ ফলতেই নিশ্চয় পানীৰ স্তৰ হ্ৰাস হৈছে। কিছু লোকে পানীৰ সন্ধানত তেওঁলোকৰ কুঁৱাবোৰ বহু তললৈ খান্দিছিল।," পানী কিনা ব্যয়ৰ বাবে চিন্তিত হৈ শ্ৰী জামানে তেখেতৰ কুঁৱাটো অধিক খনন কৰিবলৈ মানুহ মাতিলে। সেইয়া ২০২০ চনৰ মাৰ্চ মাহৰ কথা। কুঁৱাটো আৰু প্ৰায় ১৪ ফুট অধিক খনন কৰাৰ পিছত, তেওঁলোকে পানী পালে। তেখেতে হাঁহি এটা মাৰি কলে, " অন্তত মই সুখী যে আমি এতিয়া আমাৰ বাবে পৰ্যাপ্ত পানী কুঁৱাটোৰ পৰা পাওঁ," তেখেতৰ আশা যে কুঁৱাটোৱে আগন্তুক বহু বছৰলৈ তেখেতলোকৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰি ৰাখিব।
 
শ্ৰীযুত দাসৰ কাহিনীঃ
জন্মৰ পৰাই কাহিলিপাৰা পাহাৰৰ কাষৰ অঞ্চলত বাস কৰি থকা স্থানীয় ঠিকাদাৰ জয়ন্ত দাসৰ কাহিনী বেলেগ। তেখেতে কৈছিল যে এক দশক আগলৈকে, তেওঁলোকৰ কুঁৱাত খোৱা পানীসহ ঘৰুৱা ব্যৱহাৰৰ বাবে পৰ্যাপ্ত পানী আছিল। পাহাৰীয়া ঠাই হোৱাৰ বাবে তাত গভীৰ নলীনাদ বহুওৱা সম্ভৱ নাছিল। "গুৱাহাটীৰ অন্যান্য স্থানৰ তুলনাত আমাৰ সমস্যা অতুলনীয়। মৌচুমী ঋতুত কুঁৱাটো পানীৰে ভৰি পৰিছিল, আনহাতে শুকান শীতৰ মাহবোৰত, পানীৰ স্তৰ হ্ৰাস পাইছিল। সময় পাৰ হোৱাৰ লগে লগে, শীতকালত কুঁৱাৰ পানী  নাইকিয়া হ'বলৈ আৰম্ভ কৰিলে আৰু আমাৰ পানীৰ তীব্ৰ সমস্যা সৃষ্টি হবলৈ ধৰে।" পাহাৰৰ কাষৰ অঞ্চলবোৰত সাধাৰণতে পাইপৰ পানী যোগানৰ সুবিধা নাছিল। আন পৰিয়ালবোৰেও একেটা পানীৰ সমস্যাত ভুগিছিল। পৰ্যাপ্ত পানী পোৱাৰ এই অনিশ্চয়তাক লৈ, "আমি আৰু আন ছয়টা পৰিয়ালে লগ হৈ নামনিৰ ফালে এটা গভীৰ নলীনাদ বহুৱাৰ সিদ্ধান্ত ললো। আমি সকলোৱে মিলি সমগ্ৰ ব্যয় বহন কৰিলোঁ।  যোৱা কেইবছৰমানত ই ভালদৰে কাম কৰি আছে আৰু আমাৰ পানীৰ প্ৰয়োজনীয়তা দূৰ কৰি ৰাখিছে," শ্ৰী দাসে কয়। এতিয়া,  ওচৰৰ অন্যান্য লোকসকলেও নিজ নিজ অঞ্চলত এই সামূহিক প্ৰকল্পটো অনুসৰণ কৰি নিজাকৈ নলীনাদ বহুৱাই লৈছে।
 
বৰষুণ, বোকা আৰু ফুলৰ মাজত সম্ভাৱনা বিচাৰি
 
অনলাইন দোকানৰ স্বত্বাধিকাৰ শ্ৰুতিধাৰা দাস। এগৰাকী স্বতন্ত্ৰ মহিলা। শেহতীয়াকৈ বেলতলা অঞ্চলৰ চন্দন নগৰত থকা নিজৰ ঘৰত থাকিবলৈ লৈছে। ঘাঁহ, বন আৰু সেউজীয়া গছেৰে আৱৰি থকা এক মহলাৰ ডাঙৰ ঘৰটো অঞ্চলটোৰ আটাইতকৈ পুৰণি ঘৰ। উত্তৰাধিকাৰী সূত্ৰে ঘৰটো দেউতাক ড০ শংকৰ দাসৰ পৰা লাভ কৰা। শ্ৰুতিধাৰাৰ মতে "এইটো মোৰ বাবে এক অমূল্য উপহাৰ!" ঘাঁহ বনেৰে ভৰা ল'নখন, ফল আৰু ফুলগছৰ মাজত ঘৰটোত এক অপূৰ্ব পৰিৱেশ বিৰাজ কৰিছে। মোক ভিতৰলৈ আগবঢ়াই লৈ যাওতে প্ৰায় ১০০ টাতকৈও অধিক ফুলৰ টাব তেখেতে দেখুৱাইছিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল ঘৰটোত পৰিষ্কাৰ পানীৰ উপলব্ধতা।
"মই ঘৰটো এনেদৰেই ৰাখিব বিচাৰো," তেখেতে গৌৰৱ আৰু দৃঢ়তাৰে কৈছিল। " চৌহদটোৰ  দক্ষিণ-পূব কোণত আপুনি দেখা কুঁৱাটো সদায় পানীৰে ভৰি থাকে। পানী পৰিষ্কাৰ, ফিল্টাৰ কৰা পানীৰ দৰে। চাৰি ফুটমান স্তৰৰ ভিতৰতে পানী আছে। মই মোৰ চৌহদত কোনো ধৰণৰ গভীৰ নলীনাদ বহুৱাব নিবিচাৰো; মই সকলো দৈনিক কাৰ্যৰ বাবে কুঁৱাৰ পানী ব্যৱহাৰ কৰি আছো – খোৱা, গা ধোঁৱা, বাগানৰ পৰা গাড়ী ধোঁৱালৈ। যেতিয়া মই গুৱাহাটীৰ পানীৰ অভাৱৰ কাহিনী শুনো আৰু আনকি নিজৰ চকুৰে দেখিছোঁও, মই সঁচাকৈয়ে ভাগ্যৱান অনুভৱ কৰোঁ যে মোৰ চৌহদত এতিয়াও যথেষ্ট  পৰিমানে প্ৰাকৃতিক পানী আছে," শ্ৰুতিধাৰাই কয়। অৱশ্যে লগতে কয়, " যেতিয়া মই চাৰিওফালে ডাঙৰ এপাৰ্টমেণ্টবোৰ দেখু, যিবোৰে গভীৰ নলীনাদ  ব্যৱহাৰ কৰি আছে, তেতিয়া মই ভৱিষ্যতৰ কথা ভাৱি ভয় কৰোঁ। মই শুনিছোঁ, এই গভীৰ নলীনাদৰ ফলত ভূ-গৰ্ভৰ পানীৰ স্তৰৰ উপৰত প্ৰতিকূল প্ৰভাৱ পৰে। তদুপৰি, এই এপাৰ্টমেণ্টবোৰৰ চৌহদবোৰ সদায় ইটা আৰু চিমেণ্টেৰে পকী কৰা হয়, পানী মাটিৰ তললৈ যোৱা বাট বন্ধ কৰে আৰু বৰষুণৰ পানী বন্ধ হৈ উফন্দি উঠে।" কিন্তু এতিয়াৰ বাবে মই অঞ্চলটোৰ আন বহুতো লোকৰ বিপৰীতে পানী সমৃদ্ধ। জীৱনত আপোনাক আৰু কিনো লাগে?" তেখেতে ক'লে।
 
নদী সমৃদ্ধ চহৰখনত এতিয়ো পানীৰ সংকট
 
এই কথাটো অস্বীকাৰ কৰাৰ যুক্তি নাই যে, ব্ৰহ্মপুত্ৰ নদী আৰু  মেঘালয়ৰ শ্বিলং মালভূমিৰ পাদদেশৰ গুৱাহাটী চহৰৰ বাসিন্দাসকল দৈনিক তীব্ৰ পানীৰ সংকটত ভূগি আছে।  কিন্তু আচৰ্যজনকভাৱে বশিষ্ঠ, বাহিনী, ভৰালু আদি মেঘালয়ৰ পৰা প্ৰবাহিত হোৱা গুৰুত্বপূৰ্ণ নদীসমূহ এই অঞ্চলৰ মাজেদিয়েই পাৰ হৈ গুৱাহাটী চহৰৰ মাজেৰে বৈ বহ্মপুত্ৰত লগ লাগিছেগৈ। অৱশ্য়ে এই অঞ্চলটোৱেই কিয়, গোটেই চহৰখনেই এতিয়া পানীৰ সংকটত!
নদীৰ প্ৰাকৃতিক পানী নিষ্কাশন প্ৰণালীবোৰ বাধাৰ সন্মুখীন নোহোৱাহলে গুৱাহাটীত আজিৰ আৱস্থা নহলহেতেন। গুৱাহাটী চহৰত তিনিটা প্ৰধান ভূ-প্ৰাকৃতিক বৈশিষ্ট্য আছে –
(১) দক্ষিণ আৰু পূবে মেঘালয় মালভূমিৰ পানীপূৰ্ণ অৱবাহিকাৰ পাহাৰ, যৰপৰা চাৰিখন মুখ্য নদী বশিষ্ট, বাহিনী, ভৰালু আৰু মৰা ভৰালু উলাই আহিছে;
(২) চহৰখনৰ চাৰিওফালে সিঁচৰিত হৈ থকা নিম্নস্তৰৰ পাহাৰসমূহ নিলাচল, ফাটাচিল, সৰনিয়া (বেইষ্ঠ), কলাফাৰ নৰকাসুৰ, খাৰঘুলি আৰু চিত্ৰাচল (নৱগ্ৰহ); আৰু
(৩) পাহাৰৰ মাজত থকা বিস্তৃত সমভূমিৰ ভিতৰতেই আছে বিল আৰু পতিত ভূমি, যি চহৰখনৰ কেন্দ্ৰীয় অংশটো গঠন কৰিছে, য'ত বেছিভাগ গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়, ব্যৱসায়-বাণিজ্যিক প্ৰতিষ্ঠান আৰু আৱাসিক কমপ্লেক্স অৱস্থিত। এই সকলোবোৰ নদী আৰু পাঁচখন গুৰুত্বপূৰ্ণ অধিসূচনা অন্তৰ্ভূক্ত জলাশয়ঃ বৰসোলা, চাৰুসোলা, শিলশাকো, বণ্ডাজান আৰু দীপৰ বিল– প্ৰাকৃতিক পানী নিষ্কাশন প্ৰণালীৰ অন্তৰ্ভুক্ত।
 
 
দুৰ্ভাগ্যবশতঃ, যোৱা দশকত, চহৰখনে ৰাজ্যৰ আৰু বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ অসংৰক্ষণহীন প্ৰব্ৰজনৰ সাক্ষী হবলগা  হৈছে। ফলত আৱাসিক বাসস্থান, ব্যৱসায় আৰু ঔদ্যোগিক আন্তঃগাঁথনিৰ অপৰিকল্পিত সম্প্ৰসাৰণ হব ধৰিলে। সমান্তৰালকৈ অন্যান্য সামাজিক আৰু অৰ্থনৈতিক সেৱাৰ দাবীও আৰম্ভ হল। স্বাভাৱিকভাৱে, এই সকলোবোৰৰ ফলত এফালে নামনিৰ অঞ্চলসমূহ, পাহাৰ, আনকি মজলীয়া ভূমিত অপযাপ্ত বেদখল হল। আৰু আনফালে অবৈধভাৱে গছ কটা, পাহাৰ কটা,মাটি আৰু শিল নিষ্কাশনৰ বাবে অৱবাহিকা আৰু পাহাৰৰ তীব্ৰ অৱক্ষয় হবলৈ ধৰে। এই অমানৱীয় কাৰ্যকলাপবোৰে প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াৰ পৰিৱেশতন্ত্ৰৰ ওপৰত প্ৰভাৱ পেলালে।
 
 
নগৰৰ আন্তঃগাঁথনিৰ দুৰ্বল ৰূপায়ণ আৰু সম্পাদন  যেনে, নিষ্কাশন প্ৰণালী, পথ নিৰ্মাণ, পানী যোগান, বিদ্যুৎ, সঠিক নৰ্দমা, ঔদ্যোগিক আৱৰ্জনা, চিকিৎসা, নিষ্কাশন প্ৰণালীৰ অনুপস্থিতি আদি বিদ্যমান। বিশেষকৈ, চহৰখনৰ সকলো আৱৰ্জনা, প্লাষ্টিক আৰু অন্যান্য বিষাক্ত দ্ৰৱ নদীবোৰত এৰি দিয়াৰ ফলত নদীবোৰৰ প্ৰাকৃতিক প্ৰবাহ বন্ধ হৈ পৰে আৰু তাৰ ফলত বৃহৎ পৰিমানৰ পানী জমা হৈ উফন্দি পৰি বানপানীৰ সৃষ্টি কৰে।
 
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (এ্ পি্ চি্ বি্, ২০১০) দ্বাৰা কৰা এক অধ্যয়নত গুৱাহাটীৰ আটাইতকৈ জনবহুল অঞ্চলৰ মাজেৰে যোৱা ভৰালু আৰু বাহিনীত উচ্চ হাৰত পানী দূষিত হোৱাটো নিশ্চিত কৰা হৈছে। চহৰখনৰ প্ৰায় সকলোবোৰ নদী এতিয়া কেৱল লেতেৰা, দুৰ্গন্ধযুক্ত নলালৈ ৰূপান্তিৰত হৈছে।
 
উপসংহাৰ
 
২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰায় এক নিযুত লোকৰ জনসংখ্যাৰ সৈতে গুৱাহাটী ভাৰত আৰু দক্ষিণ এছিয়াৰ আটাইতকৈ দ্ৰুততম বিকাশশীল চহৰসমূহৰ ভিতৰত এখন। যি অৰুণাচল প্ৰদেশৰ দৰে এখন ৰাজ্যৰ প্ৰায় সমতুল্য আৰু ছিকিম ৰাজ্যৰ প্ৰায় দুগুণ।
 
 
চহৰখনৰ পৃষ্ঠভাগত সকলোবোৰ পানী অত্যাধিক দূষিত আৰু ঘৰুৱা ব্যৱহাৰৰ বাবে অনুপযুক্ত। আনহাতে আগন্তুক সময়ত চহৰখনত মাটিৰ তলৰ পানীৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি হৈ থাকিব। ইতিমধ্যে অনিয়ন্ত্ৰিত ভূমিপানী নিষ্কাশনক চহৰখনত পানীসংকটৰ মুখ্য কাৰণ হিচাপে চিনাক্ত কৰা হৈছে। বৰ্তমানে চহৰখনৰ ৩০ ৰ পৰা ৪০ শতাংশ জনসংখ্যাহে পানী যোগান পাইপৰ দ্বাৰা সংযুক্ত হৈছে। গুৱাহাটীৰ বাসিন্দাসকলৰ লগতে চৰকাৰী কৰ্তৃপক্ষ উভয়ে পৰিস্থিতিৰ গুৰুত্ব অনুভৱ কৰাৰ এয়াই উচিত সময়। দুৰ্ভাগ্যজনকভাৱে অসম চৰকাৰে শক্তিমান বহ্মপুত্ৰ আৰু অন্যান্য উপনদীসমূহৰ পানী উপয়ুক্ত ৰূপত ব্যৱহাৰ কৰিবলৈ ব্যৰ্থ হৈছে। সময় সমাগত, কেৱল দায়িত্বশীল নাগৰিক আৰু এক আন্তৰিক চৰকাৰৰ একক প্ৰচেষ্ঠায়েহে বৰ্তমানৰ গুৱাহাটীৰ পানীসংকটৰ পৰিৱৰ্তন আনিব পাৰিব।