Alt
01 Aug 2023 3:51 PM
 আৰম্ভণি 
পৃথিৱীৰ বুকুত নদী প্ৰকৃতিৰ অনন্য সৃষ্টি৷ বৰষুণৰ পানী ভূ-পৃষ্ঠত গোট খাই ঢাল, খাল, বাম অনুসৰি সৃষ্টি কৰে পানীৰ এক ভাণ্ডাৰ৷ যাক সোঁত, আকাৰ-অৱস্থিতি আদিৰ ফালৰ পৰা নদী, জান, জুৰি, বিল, পুখুৰী, সাগৰ-মহাসাগৰ আদি ভাগত ভাগ কৰা হৈছে৷ এই সকলোবোৰেই পৃথিৱীৰ বুকুত বোৱঁতী জালিৰ সৃষ্টি কৰি পানীৰ প্ৰয়োজন থকা সকলো প্ৰাণীকে একেডাল এনাজৰীৰে বান্ধি ৰাখিছে৷ এই বান্ধোন চিৰন্তন, অনাদি আৰু অনন্ত৷

নৈৰ প্ৰশস্ত পাৰলৈ গ’লে এই মনোৰম পৰিৱেশত সকলোৰে মন প্ৰফুল্লিত হৈ উঠে৷ এক পবিত্ৰ প্ৰাকৃতিক চেতনা আৰু প্ৰেৰণাই মন-প্ৰাণ জাগ্ৰত কৰি তোলে৷ নৈৰ পাৰলৈ গ’লে কেতিয়াবা ভাব হয় যে - নদীয়েই হয়তো আছিল মানুহৰ প্ৰথম লক্ষ্য; তাৰ পাছত সাগৰ-মহাসাগৰ, আকাশ আৰু মহাকাশ৷ সেয়ে হয়তো নৈৰ পাৰে পাৰে ইমান মানুহ, নৈৰ প্ৰতি মানুহৰ ইমান মোহ৷ মানুহৰ অবিৰত যাত্ৰা যেন নদীৰ পৰা এখন বিশাল নদীৰ পাৰলৈ - মহামিলনৰ তীৰ্থলৈ৷ হয়তো সেই কাৰণেই আমাৰ ভূপেন মামাৰ কণ্ঠত জীপাল হৈছিল -

মহাবাহু ব্ৰহ্মপুত্ৰ
মহামিলনৰ তীৰ্থ
ক’ত যুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ...৷

নদ-নদী মহামিলনৰ তীৰ্থ হোৱাৰ প্ৰধান আধাৰ হৈছে নদীৰ পবিত্ৰ পানী আৰু পাৰৰ উৰ্বৰ প্লাৱনভূমি৷ কৃষি আৰু উদ্যোগ বিপ্লৱৰ পূৰ্বৰ কালছোৱাত মানুহে নদীৰ পানীক প্ৰদূষিত কৰা নাছিল৷ অৱবাহিকাৰ ভৌগোলিক অৱস্থান, পৰিৱেশ-পৰিস্থিতি সাপেক্ষে অৱশ্যে ভিন্ন নদীৰ গুণাগুণো আছিল ভিন্ন৷ আমাৰ ভাৰতৰ গংগা নদীক ভাৰতীয়সকলে মাতৃজ্ঞান কৰে৷ গংগাৰ পানীভাগক পবিত্ৰ বুলি আন্তৰিকতাৰে বিশ্বাস কৰা পবিত্ৰ গংগাৰ পাৰে পাৰে অনেক তীৰ্থস্থান৷ বহুতৰ মতে গংগা হৈছে ভাৰতীয় সংস্কৃতিৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ চিৰপ্ৰবাহিত ৰূপ, পবিত্ৰতাৰ প্ৰতীকি প্ৰকাশ৷ একেদৰে ব্ৰহ্মপুত্ৰও সমন্বয়ৰ সোঁতত গঢ় লোৱা বহল অসমীয়া সমাজ-সংস্কৃতিৰ প্ৰাণ জাতিৰ আয়ুস ৰেখা৷ ব্ৰহ্মপুত্ৰক বাদ দি যেন অসম আৰু অসমীয়া জাতিৰ কথা ভাবিব নোৱাৰি, সমন্বয়ৰ সত্ত্বাক বুজাব নোৱাৰি৷ সেয়েহে, ভূপেন মামাই আকৌ অন্য এক প্ৰসংগত গাইছিল-

অস্ত আকাশৰ সপোন ৰহন সানি
ক্লান্ত লুইতৰে হেঙুলীয়া পানী
বৈয়ে যায়, বৈ যায় বৈ যায়
...
দুয়ো পাৰে ক’ত মানুহ ক’ত যে ইতিহাস...৷

 

 লোককথাত পানী 
পানীয়েই প্ৰাণীৰ প্ৰাণ৷ পানীৰ অবিহনে জীৱৰ জীৱন সম্ভৱপৰ নহয়৷ পানী তৃষ্ণা পূৰণৰ পাছতে খেতি-বাতি, পৰিষ্কাৰ-পৰিচ্চন্ন হৈ থকাত, উদ্যোগ ক্ষেত্ৰত আদি বিভিন্ন ধৰণৰ কাৰ্যক্ষেত্ৰত ব্যৱহাৰ হয়৷ পূৰ্বৰ পৰা পানী বিষয়ক নানা লোককথা, ডাকৰ বচন মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে৷
যদি বৰষে আঘণে৷
ৰাজা যায় মাগনে৷৷ ১
যদি বৰষে পুহে৷
ধান হয় তূঁহে৷৷২
যদি বৰষে মাঘৰ শেষে৷
ধন্য ৰাজা, ধন্য দেশে৷৷ ৩
যদি বৰষে ফাগুনে
চিটা ধান হয় দুগুণে৷৷৪

অৰ্থাৎ- যদি আঘোণত বৰষুণ দিয়ে, তেতিয়া শস্য উৎপাদন নহয়৷ তেতিয়া প্ৰজাতো বাদেই, ৰজাইও মাগিবলগীয়া অৱস্থা আহি পৰে৷ যদি পুহ মাহত বৰষুণ দিয়ে তেতিয়া ধান পতান হয়৷ যদি মাঘ মাহৰ শেষৰ ফালে বৰষুণ হয় তেতিয়া ভাল শস্য উৎপাদন হয়৷ আনহাতে, যদি ফাগুণ মাহত বৰষুণ দিয়ে তেতিয়া দুগুণ শস্য উৎপাদন হয়৷

মেঘক দেখি হালক বায়৷
জানা শস্যক লাভত পায়৷৷৫
যদি বৰষে জলৰ কনা৷
ৰঙ্গ কৰিৰ নাচে কৃষক ৰজনা৷৷৬  
মাঘত ৰ’দ বহাগত সিত৷
চাৰি মাহে অল্প বৃষ্টি ভূমিত৷৷ ৭
মাঘৰ শেষত যদি বাৰিষে পানী৷
তেৱে অল্প বৃষ্টি আগলৈ জানি৷৷ ৮
পশ্চিমৰ ধেনু নিত্য মৰা৷
পূৱৰ ধেনু বৰিষে ধাৰা৷৷ ৯

অৰ্থাৎ - যি কৃষকে মেঘ চায় হাল বাই খেতিৰ প্ৰস্তুতি চলায়, তেওঁ অধিক শস্য উৎপাদন কৰিব পাৰে৷ যেতিয়া বৰষুণৰ পানী ধৰালৈ আগমন ঘটে, কৃষকৰ মন প্ৰফুল্লিত হৈ পৰে৷ যদি মাঘত ৰ’দ আৰু ব’হাগত ঠাণ্ডা হয়, তেতিয়া অনাগত চাৰি মাহলৈ অলপ অলপকৈ বৰষুণ দি হয়৷ তেনেকৈয়ে যদি মাঘৰ শেষৰ ফালে বৰষুণ দিয়ে তেতিয়া পৰৱৰ্তী দিনত বৰষুণৰ পৰিমাণ কমি যায়৷ যদি পূবত ৰামধেনু ওলায়, তেতিয়া বৰষুণৰ দ্বাৰা এই ধৰা জীপাল হৈ উঠে৷

এনে ধৰণৰ লোককথাৰ জৰিয়তে বিভিন্নজন উপকৃত হৈছিল৷ ইয়াৰ উপৰিও পানী খেতি-বাতিত অনাটন ঘটিলে কিছুমান কাৰ্য কৰিছিল, যিবোৰ বিজ্ঞানসন্মত নহয় যদিও জনবিশ্বাস অনুসৰি কৰা হয়৷ যেনে- বৰষুণ নহ’লে এযোৰ ভেকুলী ধৰি আনি ৰাইজে বিয়া পাতি দিয়ে আৰু আনন্দ কৰে৷ জনবিশ্বাসমতে ভেকুলীয়ে টোৰ্‌-টোৰালে বৰষুণ দিয়ে৷ বিয়াৰ আনন্দত ভেকুলীয়ে টোৰ্‌-টোৰালে বৰষুণ দিব বুলি বিশ্বাস কৰা হয়৷ তেনেদৰে, নাঙল ওলোটাকৈ পুতি থ’লে বা কাৰোবাৰ ঢেঁকীটো নি লুকুৱাই থ’লে বৰষুণ দিয়ে বুলি কিছু কিছু ঠাইত তেনে কৰা দেখা পোৱা যায়৷ আনহাতে যিদৰে অতি মাত্ৰা সকলোৰে বেয়া তেনে ধৰণে অতি বৰষুণ বা পানী হৈ বান সৃষ্টি হ’লেও মানুহৰ অসুবিধা হয়৷

আমে বানকঁঠালে ধান

পানীক বহুতে অমৃতৰ লগতে তুলনা কৰিব খোজেজ্ব মৰাৰ সময়ত মুখত দিয়া পানীৰ কণটোও হেনো অমৃতৰ সমান৷ লোককথা অনুসৰি পূৰ্বতে সাগৰৰ পানী মন্থন কৰিলে দেৱতাসকলে অমৃত পান কৰিছিল৷ শ্ৰীমন্ত শঙ্কৰদেৱেও বানগ্ৰস্ত ৰাইজৰ সহায়ৰ বাবে অতি শান্তি ৰাধিকাৰ সহযোগত এটা পলৰ দ্বাৰা পানী আনি দিয়াত ৰহস্যজনকভাৱে শুকাই আহিছিল৷

এনে পানীৰ লগত জড়িত বিভিন্ন লোককথা আছে-

১) আইৰ সমান হ’ব কোন,
   নৈৰ সমান ব’ব কোন৷

২) আইৰো বাৰ্তা, গংগাৰো যাত্ৰা৷

৩) চল পালে মাগিবা,
     পানী পালে হাগিবা৷
 
৪) আছে বগলী আছো চাই,
    ক’ৰ পানী ক’লৈ যায়৷
 
৫) দুখীয়াৰ দুখ, ক’তো নাই সুখ৷
     ঘোটে ঘোটে পানী খায়, শুকাই যায় মুখ৷৷
 
৬) আহিন কাতিত ৰাখিবা পানী,
      যেনে ৰাখে নৰে ৰজাৰ ৰাণী৷
 
৭) গংগা জলত চাৰিবে প্ৰাণ,
    মুকুতি বিনে নাপাইবে আন৷

 

 সামৰণি 
পানীৰ বাবেই জীৱজগত আৰু প্ৰাকৃতিক জগত চলি থকা সম্ভৱ হৈছে৷ পানীৰ বাবেই গছ-গছনি, শাক-পাচলি আদি জীয়াই আছে৷ মানুহে পিয়াহ গুচাবলৈ বা খোৱা বস্তু হজম কৰিবলৈ পানী খাবই লাগিব৷ পানীৰ বাবেই আমি মাছ-পুথিৰ দৰে পুষ্টিকৰ খাদ্য পাইছো৷ সাগৰৰ পানীৰ তলত থকা বিভিন্ন মনি-মুকুতা গোটাব পাৰিছো৷ পানী থকাৰ বাবে অতীতত দেশে-বিদেশে ব্যৱসায় বাণিজ্য আৰু যথাসময়ত পানী নাপালে, মানুহৰ কোনো শস্য উৎপাদন নহলহেতেন৷ কিন্তু আমাৰ মানুহৰ কিছুমান কাৰ্য যেনে - নদীত কাপোৰ ধোৱা, পেলনীয়া জাৱৰ বা সামগ্ৰী পেলোৱা, খেতি পথাৰত কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা আৰু উদ্যোগৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰ পানীৰ উৎসত পেলোৱা বাবে পানী ক্ৰমান্বয়ে প্ৰদূষিত হ’বলৈ ধৰিছে৷ যি গংগা নদীত স্নান কৰিলে পাপ খণ্ডন হয় বুলি কোৱা হয়, সেই গংগাও এতিয়া প্ৰদূষণৰ কৱলত৷ পৃথিৱীৰ চাৰিটা প্ৰধান মণ্ডল - স্থল মণ্ডল, জল মণ্ডল, বায়ু মণ্ডল আৰু জীৱ মণ্ডল এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে৷ ইয়াৰ এটা মণ্ডল প্ৰদূষিত হ’লেই বাকী কেইটাৰ ওপৰতো ইয়াৰ বেয়া প্ৰভাৱ পৰিব৷ অৰ্থাৎ জল, স্থল, আৰু বায়ু মণ্ডল প্ৰদূষিত হ’লে ইয়াৰ প্ৰভাৱ জীৱমণ্ডল পৰিব আৰু জীৱকূল ধ্বংস বা জীয়াই থাকিবলৈ টান হ’ব৷ গতিকে এই মণ্ডল সমূহ প্ৰদূষিত হোৱা কাৰ্যৰ পৰা আমি বিৰত থাকিব লাগিব৷