লোককথা কিঃ কোনো এক সমাজ ব্যৱস্থাৰ প্ৰচলিত আচাৰ-ব্যৱহাৰ, গীত-মাত, প্ৰবচন, ডাকৰ বচন, কৃষ্টি-সংস্কৃতি আদি সকলো দিশ লোককথাই সামৰি লয়৷ ই মৌখিক সাহিত্যৰ ভিতৰুৱা৷
লোককথাসমূহত পানীৰ প্ৰভাৱনঃ অসমীয়াৰ বাপতিসাহোন বিহুটি কৃষি ভিত্তিক উৎসৱ৷ গতিকে ইয়াৰ সৈতে পানীৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে৷ নৈ-নিজৰাসমূহত ন-পানী নাহিলে -‘ন-পানী বঢ়া নাই৷ কুলিৰ মাতো শুনা নাই৷ শুনা নাই কেতেকীৰ মাত’ - এই বুলি মুখে মুখে গুণগুণায়।
চিৰিলুইতক লৈও বহুতো বিহুগীত পূৰ্বৰে পৰা চলি আহিছে৷ তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল -
চিৰিক চিৰিক কৰিকাপোৰ ধুই আছিলো,চিৰি লুইতলে চায়।চিৰিলুইতে কিৰিলি মাৰিলেধনে নাও মেলি যায়৷
তুমি কথা কোৱা নৈৰ পানী গৰাত ৰৈ,আমি উত্তৰ দিওঁ কাষত পানী কলহ লৈ৷
ব্ৰহ্মপুত্ৰৰ সিটো পাৰে সোণোৱালী গাঁও,সেই গাঁৱৰে জীয়াৰী মই তৰাকে ভাল পাওঁপ্ৰথমতে মাতিছিলো মৰমৰ ভনী;কথা দিলে হ’ব হেনো জীৱন লগৰী৷
ইয়াৰোপৰি ব’হাগ বিহুত পানীৰ লগত জড়িত কেইটামান লোকবিশ্বাস তলত উল্লেখ কৰা হৈছে-
১) গৰু বিহুৰ দিনা মাহ-হালধিৰে গৰুক নোৱাই ধোৱাই পানীৰ উৎসত সমূহীয়াভাৱে হৰি ধ্বনি দি গা ধুৱাই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰে৷
২) গৰু নোৱাবলৈ ব্যৱহাৰ কৰা মাহ-হালধিৰ অৱশিষ্ট পানীত মিহলাই ঘৰৰ ভেঁটিৰ চাৰিওফালে ছটিয়াই দিয়া হয়৷ এনে কৰিলে সৰীসৃপ জাতীয় প্ৰাণী ঘৰত প্ৰৱেশ নকৰে বুলি বিশ্বাস কৰে৷
৩) বতৰৰ অপায়-অমংগল দূৰ কৰি বছৰটো সুকলমে পাৰ হ’বলৈ নাহৰ পাতত তলৰ মন্ত্ৰটি লিখি দুৱাৰ মুখত গুজি দিয়া হয়৷ মন্ত্ৰটি হৈছে-
দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জঁটাধৰবাত সৃষ্টি হৰংদেৱ মহাদেৱ নমেস্তুাতে৷৷
৪) মানুহৰ বিহুৰ দিনাখন এশ এবিধ শাকেৰে পঁইতা ভাত খোৱাৰ নিয়ম আছে৷ ইয়াৰ ফলত দেহা শাত পৰে বুলি জনবিশ্বাস আছে৷
পানীৰ সৈতে জড়িত এক অন্যতম লোক বিশ্বাস হৈছে ভেকুলী বিয়া। চ’ত-ব’হাগ মাহত যদি বৰষুণ নিদিয়ে, তেন্তে কৃষিজীৱী লোকসকলে ভেকুলী বিয়াৰ আয়োজন কৰে৷ জ্যোতিষীৰ দ্ধাৰা দিন-বাৰ চোৱাই ঠিক কৰা হয়৷ এই মতা ভেকুলী আৰু এটা মাইকী ভেকুলী ধৰি আনি দুঘৰত ৰখা হয়৷ অসমীয়া বিবাহৰ সকলো ৰীতি-নীতি এই বিয়াত পালন কৰা হয়৷ তাৰ লগতে সৰ্বশক্তিমান নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰা হয় এইদৰে -
মেঘে কৰে এনাগুমাভেকুলীৰ বিয়া।আজি প্ৰভু ৰক্ষা কৰাসুৰুযলে বাকা৷৷
ভেকুলী বিয়াৰ নামত মেঘে আকাশ ঢাকি বৰষুণ অনাৰ দৃশ্য পৰিস্ফুট হোৱা দেখা যায়৷ তাৰ ভিতৰত উল্লেখযোগ্য হৈছে -
বৰগছ কাটিলে ঘিটিঙাই পৰিলেলতাগছ কাটিলে বেৰে৷ভেকুলী কটকীক বঙালে কাটিলেসাদিন বৰষিলে দেৱে৷
ইয়াৰ উপৰিও বিভিন্ন লোক-সাংস্কৃতিক অনুষ্ঠান বৰষুণ কামনাৰ বাবে পতা হয়৷ ইয়াৰ ভিতৰুৱা হৈছে-
১) উৰল টনাঃ খৰাং বতৰত বৰষুণ কামনা কৰি ৰাতি ভাত খাই গৃহস্থ টোপনি যোৱাৰ পিছত কেইগৰাকীমান মহিলা-যুৱতী লগ হৈ গাঁৱৰ প্ৰত্যেক ঘৰতে গীত গায়৷ দলটিৰ দুগৰাকী প্ৰধানে মাজ চোতালত গাঁত এটি খান্দি লয়৷ তামোলৰ ঢকুৱা এখনৰ মাজত অকণমান ফুটা কৰি এডাল চোতাল সৰা বাঢ়নীৰ আগত জোখমতে বাঁহৰ সৰু টুকুৰা এটা বান্ধি দি ঢকুৱাখনৰ ফুটাটোৰ মাজেৰে পাৰ কৰি গাঁতটোত বাঢ়নীৰ সৈতে স্থাপন কৰে৷ ঢকুৱাখনৰ দুইফালে মূৰত দুগৰাকীয়ে বাঢ়নীডাল টানিবলৈ ধৰে৷ সেই সময়তে আন এগৰাকী মহিলাই গীত গাই গাই আনি গাঁতটোত ঢালি দিয়ে আৰু বাঢ়নী টানি থকা মহিলা গৰাকীৰ ওপৰতো পানী ঢালি দিয়ে৷ পানী পৰাত আৰু বাঢ়নীডাল টানি থকাত ভেকুলীৰ মাতৰ দৰে শব্দ হয়৷ তাৰ পাছত প্ৰতিঘৰতে কোৰেৰে চোতাল খান্দি এঘৰৰ নঙলা, জপনা অন্য এঘৰৰ সৈতে সাল-সলনি কৰে৷
পুৱা গৃহস্থ উঠি ঘৰৰ নঙলা, জপনা সঠিক ঠাইত নোপোৱাত উৰল টনা দলটিক নানান গালি গালাজ কৰে৷ সেই গালি শপনিত বৰুণ দেৱতা সন্তুষ্ট হৈ দুই-তিনি দিনৰ ভিতৰতে বৰষুণ দিয়ে বুলি প্ৰবল জনবিশ্বাস আছে৷
২) ঢেঁকী পোতাঃ গাঁৱৰ মানুহৰ ঘৰত পূবা-পশ্চিমাকৈ পতা ঢেঁকী গৃহস্থই গম নোপোৱাকৈ চুৰ কৰি ৰাতি পুখুৰী, খাল-ডোং, বিল আদিত পুতি থয়৷ যাৰ ঘৰৰ ঢেঁকী সহজতে চুৰ কৰিব পাৰে, সেই ঘৰৰ ঢেঁকীটো নি ফুলৰ মালা পিন্ধাই পূবমূৱাকৈ বোকাৰে লুতুৰি-পুতুৰি কৰি পুতি থয়৷ এই অনুষ্ঠানত পুৰুষ আৰু মহিলাৰ দল বেলেগকৈ থাকে৷ ঠাই বিশেষে মহিলাৰ দলৰ প্ৰধানগৰাকীয়ে বিবস্ত্ৰ হৈ এই কাৰ্য সম্পাদন কৰে৷ তাৰোপৰি কোঁচ ৰাজবংশীসকলে ‘হুদুমদেও’ পূজা পাতি বৰষুণ কামনা কৰে৷ পানীৰ সৈতে জড়িত এনে বহুতো লোক কথা প্ৰচলিত হৈ আহিছে৷ উদাহৰণস্বৰূপে, মৰাণসকলে পানীত ডুবাইহে জীৱ-জন্তু উৎসৰ্গা কৰে৷ আমাৰ স্থানীয় অঞ্চলতো কেতবোৰ লোকবিশ্বাস প্ৰচলিত আছে৷ ইয়াৰে ভিতৰত-