পৃথিৱীৰ অতি সহজতে পোৱা এবিধ মহত্বপূৰ্ণ দ্ৰব্য পানী৷ পানী জীৱজগতৰ সবাতোকৈ লাগতিয়াল দ্ৰব্য৷ পানী অবিহনে জীৱৰ অস্তিত্ব নাই৷ সেইকাৰণেই পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়৷ পৃথিৱীত জীৱৰ সৃষ্টি প্ৰথমেই পানীতেই হৈছিল৷ ৰসায়ন বিজ্ঞানৰ মতে পানী হৈছে অক্সিজেন আৰু হাইড্ৰ’জেনৰ মিশ্ৰণ৷ ইয়াৰ বৈজ্ঞানিক সংকেত হৈছে H2O ৷ মানুহে ধোৱা-পখলা, কৃষি কাৰ্য, পনীয়া দ্ৰব্যৰ উৎপাদন, খাদ্য, মাধ্যম মেচিন-কল কাৰখানা চলোৱা, বিদুৎ উৎপাদনৰ কাৰনে, বৈজ্ঞানিক অনুসন্ধানৰ কাৰণে আদি বিভিন্ন কাৰণত পানী ব্যৱহাৰ কৰে। হিন্দুসকলে পানীক পবিত্ৰতা আৰু উৰ্বতাৰ প্ৰতীক বুলি ভাৱে। পানী এবিধ তৰল পদাৰ্থ৷ ইয়াৰ কোনো ৰং নাই, আকাৰ নাই, নাই কোনো সোৱাদ৷ ইয়াক যি পাত্ৰতেই থোৱা হয় তাৰেই আকাৰ লয়। পানীৰ তিনিটা অৱস্থা- কঠিন, জুলীয়া আৰু গেছীয়৷ অসম এখন নদীমাতৃক ৰাজ্য৷ পৃথিৱীৰ বহু ৰাজ্যৰ তুলনাত অসমতেই সৰ্বাধিক নদী আছে৷ নদীসমূহক কেন্দ্ৰ কৰিয়েই বিভিন্ন সভ্যতাই গঢ় লৈ উঠিছিল৷ পূৰ্বৰ ঋষি-মুনিসকলে নদীৰ পাৰতেই তেওঁলোকৰ তপোবন পাতি বিভিন্ন পূজা-উপাসনা কৰিছিল৷ পূৱা স্নান কৰি সূৰ্য দেৱতাক জল অৰ্পণ কৰিছিল৷ বৃহৎ অসমীয়া জাতিৰ লোক-সাংস্কৃতি তথা এই পানীক অৰ্থাত্ নদীক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছিল৷ মিচিং, বড়ো, টাই আহোম, চুতীয়া, মৰাণ, মটক, লালুং, দেউৰী আদি নানা জনগোষ্ঠীৰ বাসভূমি হৈছে আমাৰ অসম৷
বৃহত্তৰ অসমীয়া জনগোষ্ঠীৰ লোকসকলে পানীক কেন্দ্ৰ কৰি সাধুকথা, ডাকৰ বচন, ফকৰা যোজনা, বিহুগীত, বনগীত, আই নাম, বিয়া নাম, মন্ত্ৰ, ফুল কোঁৱৰ-মণিকোঁৱৰৰ গীত, ধাই নাম, ল’ৰা-ধেমালী গীত, টোকাৰী গীত, দেহবিচাৰৰ গীত আদিৰে অসমীয়া লোক সাহিত্য, চহকী কৰি থৈছে৷ অসমীয়া লোক কথা বা লোক সাহিত্য হৈছে মনোধৰ্মী, লোক মানসত প্ৰতিফলিত হয় লোক জীৱনৰ আবেগ, অনুভূতি, অভিজ্ঞতা। লোক সাহিত্যত সময়ৰ সীমা নাথাকে৷ অসমীয়া লোক সাহিত্যৰ অন্যতম বাহন হৈছে মুখ৷ লোক-কথা সমুহ মানুহৰ মুখে-মুখে যুগে চলি আহিছে৷ এইদৰে আহোঁতে সময়ৰ আচোৰ লাগিছে, কল্পনাৰ ৰহন লাগিছে৷ লোক সাহিত্যৰ ধৰ্ম বোৱতী নৈৰ গতি৷
অসমীয়া মন্ত্ৰ সাহিত্যত জুইয়ে পোৰা ঘাঁ শুকাবলৈ মৰা মন্ত্ৰ এফাকি তলত উল্লেখ কৰা হৈছে -
অসমীয়া ভাষাত সৰ্ব সাধাৰণতে প্ৰচলিত সাঁথৰবোৰৰ অধিকাংশৰ বিষয়বস্ত ঘৰুৱা জীৱনত লাগি থকা আহিলা৷ যেনে ‘টিলিকি নাদৰ পানী খায়, উলুৱনিত খপ জপায়৷’ ডাকৰ বচন সমূহত পানীৰ বিষয়ে অনেক প্ৰবচন প্ৰচলিত হৈ আহিছে-
কৃষিৰ বাবে আটাইতকৈ বেছি প্ৰয়োজনীয় বস্তু হ’ল পানী৷ বৰষুণে সেই পানী দিয়ে৷ খেতিয়কে প্ৰকৃতিৰ আলেখ-লেখ চাই বৰষুণ সম্পৰ্কে কিছুমান সিদ্ধান্তত উপনীত হৈছে৷ ডাকৰ বচন কেইফাকি মান তলত উল্লেখ কৰা হ’ল-
প্ৰকৃতিৰ লক্ষণ চাই কেতিয়া খৰ মাৰিব, কেতিয়া বানপানী হ’ব তাকো ডাকে কৈছে-
আগৰ বছৰ কেইটামান মাহ, তিথি আৰু দিনত হোৱা বৰষুণৰ পৰা পিছৰ বছৰৰ খেতি আৰু বৰষুণ কেনেকুৱা হ’ব তাকো নিৰ্ধাৰণ কৰিছে-
লোক বিশ্বাসৰ গইনা লৈ সৃষ্টি হোৱা আন এটি লোক সাহিত্য হৈছে ভেকুলী বিয়াৰ নাম। মন্ত্ৰ বা গীতেৰে আধিভৌতিক শক্তিক জয় কৰি মানুহৰ উপকাৰৰ স্বাৰ্থত প্ৰয়োগ কৰাৰ যি প্ৰকৃতি, সিয়েই লোক বিশ্বাসক জড়িত কৰি গীতবোৰৰ জন্ম দিয়ে৷ ভেকুলীৰ লগত বৰষুণৰ সম্পৰ্কে থকা লোক বিশ্বাসৰ ফলতেই এটা উত্সৱৰ জন্ম হ’ল- ভেকুলীৰ বিয়া৷ খেতিৰ বতৰত বৰকৈ খৰাং হ’লে ভেকুলী বিয়া পাতে৷ এহাল চুক-ভেকুলী ধৰি এজনীক কইনা আৰু এটাক দৰা পাতি মানুহ দুঘৰত থয়৷ মানুহৰ মাজত এটা গভীৰ বিশ্বাস আছে যে ভেকুলী বিয়া পাতিলে নিৰ্মল আকাশৰ বুকুলৈ ডাৱৰৰ চপৰা উৰি আহে আৰু ধাৰাসাৰে বৰষুণ দিয়ে৷ অৰ্থববেদত বৰষুণ কামনা কৰি ভেকুলীক প্ৰাৰ্থনা জনাইছে-
এনেধৰণেৰে ভেকুলী বিয়া নামৰ পৰিমাণ তাকৰীয়া হ’লেও লোক-বিশ্বাস ঐতিহ্য জড়িত কৃষিজীৱী সমাজৰ গীত হিচাপে লোক সাহিত্যত ইয়াৰ মূল্য বৈশিষ্ট্যপূৰ্ণ৷
অসমীয়া লোক-সাহিত্যত পানী সম্পৰ্কে কৈ ওৰকে নপৰে৷ বড়ো, মিচিং, দেউৰী, লালুং আদি জনগোষ্ঠীয় ভাষা সমূহতো পানীক লৈ কবিতা লিখিছে, গীত ৰচিছে, উপন্যাস লিখিছে, অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷