২০২০ চনৰ ছেপ্টেম্বৰ মাহ, বান বিধ্বস্ত জিলা ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অধীনৰ দিৰপাইত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ (IARI) অসম চৌহদ উদ্বোধন কৰা হয়। এই প্ৰতিস্থান উদ্বোধনে জিলাখলৰ হাজাৰ হাজাৰ পীড়িত লোকলৈ বহু সমস্যা সমাধান হোৱাৰ আশাৰ ৰেঙণি কঢ়িয়াই আনিলে। গোগামুখ, জীয়াঢল-কুমাতীয়া নদী অৱবাহিকাৰ কেন্দ্ৰত অৱস্থিত। জীয়াঢল আৰু কুমতীয়াৰ ওপৰিও ন-নদী, কোৰাণ নদী, চাৰিকৰীয়া আৰু চিলা নদীয়ে নামনিত জীয়াঢল-কুমাতীয়া নদী অৱবাহিকা গঠন কৰিছে।সকলোবোৰ অঞ্চলটোৰ উত্তৰ ফালে অৱস্থিত অৰুণাচল পাহাৰৰ পৰা বৈ আহিছে। পলসুৱা মাটি, বানপানী, সমভূমিৰ এক বিশাল অংশ প্ৰায়ে বৃহৎ বালি-গেদ জমা হোৱা, তৰাং নদীবক্ষ, অপ্ৰত্যাশিত নদীৰ প্ৰবাহ আৰু স্থানান্তৰ হৈছে অঞ্চলটোৰ প্ৰধান বিশেষত্ব। জীয়াধল-কুমাতীয়া নদী অৱবাহিকা পূবে মৰিধল নদীৰ অৱবাহিকা আৰু পশ্চিমে সোৱণশিৰি নদী অৱবাহিকা অৱস্থিত, আনহাতে দক্ষিণত শক্তিশালী ব্ৰহ্মপুত্ৰ নদী। সু-উচ্চ অৰুণাচল প্ৰদেশৰ পৰা জীয়াঢল ঠেক খাদৰ মাজেৰে নামি আহি ধেমাজি জিলাৰ মাজেৰে অসমৰ সমভূমিত প্ৰৱেশ কৰে আৰু প্ৰায় ১২০ কিলোমিটাৰ পথ অতিক্ৰমি নদীখন নামনিৰ খেৰকটীয়া সুঁতিত লগ হয়গৈ। খেৰকটীয়া আগতে বহ্মপুত্ৰৰ এক মূল সুঁতি আছিল। কিন্তু পিছত, প্ৰায় ১৯৬৫-৬৬ চনমানত ইয়াৰ মুখখন মথাউৰি দি বন্ধ কৰি সোৱণশিৰি নদীলৈ পৰিচালিত কৰা হয়। জীয়াঢলৰ দক্ষিণ দিশে অন্য অক সুঁতি সৃষ্টি হয়, যাক কুমাতিয়া/কুমোটিয়া নামেৰে জনা য়ায়। গোগামুখ- ধেমাজি পথ আহি পোৱাৰ হোৱাৰ পিছত, জীয়াঢল-কুমাতীয়া, দক্ষিণ-পশ্চিমলৈ বৈ যায় আৰু তললৈ বৈ গৈ চামপৰা নাম লৈ সোৱণশিৰি নদীত ইয়াৰ দীঘলীয়া যাত্ৰা সমাপ্ত কৰে। গোগামুখ অঞ্চলটো বহুকেইটা নদী প্ৰণালীৰ মধ্যস্থলত অৱস্থান থকা স্বত্বেও সুৰক্ষিত খোৱা পানী আৰু জলসিঞ্চনৰ অসুবিধাৰ সন্মুখীন হ'ব লগা কথাষাৰ বিশ্বাস কৰাটোৱেই টান। ধেমাজি জিলাত বাৰ্ষিক গড় ৩৫০০ মিঃমিঃতকৈ অধিক বৰষুণ হয়। এই বৰষুণৰ অধিকভাগেই জুলাই-ছেপ্টেম্বৰৰ মাত্ৰ দুই/তিনি বাৰিষা মাহতে হয়। অৱশ্যে ইয়াৰ ভৌগোলিক কাৰকৰ বাবে, যেনে অগভীৰ নদীবক্ষ, নদীসমূহে পাহাৰৰ তললৈ পলস-ভৰ্তি পানী বোৱাই অনা আদি কাৰকৰ ফলত অৱবাহিকাটোৰ প্ৰায় সকলো সমভূমি বানত প্লাবিত হয়। গোগামুখ ৰাজহ চক্ৰৰ ভিতৰত ১৭৩ খন গাঁও আছে। ইয়াৰ ভিতৰত অন্যতম হল গোগামুখ সদৰ অঞ্চলটো য'ত মিছিং স্বায়ত্তশাসিত পৰিষদ(MAC)ৰ ৰাজনৈতিক মুখ্য কাৰ্যালয় অৱস্থিত। গোগামুখ নগৰাঞ্চলটো বৰ্তমানে ৭,০০০ ৰো অধিক লোকেৰে এখন সৰু কিন্তু বৰ্ধিত চহৰ। যদিও গোগামুখক এতিয়াও পৌৰ নিগমৰ অধীনৰ নগৰ হিচাপে ঘোষণা কৰা হোৱা নাই, ইয়াৰ উন্নত পথ আৰু ৰে'ল সংযোগৰ বাবে ই এক জনপ্ৰিয় বাণিজ্যিক কেন্দ্ৰ। ই পশ্চিম চিয়াং জিলা আৰু উত্তৰে অৰুণাচল প্ৰদেশৰ অন্যান্য অংশ আৰু দক্ষিণৰ লখিমপুৰ জিলাৰ অংশ ঢকুৱাখনা আৰু মাজুলী জিলাৰ সংযোজক হিচাপে কাম কৰে। দৰাচলতে আশী দশকৰ পৰাই গোগামুখৰ জনগাঁথনি আৰু ভূমি-ব্যৱহাৰ পদ্ধতিৰ পৰিৱৰ্তন হোৱা বুলি স্থানীয় লোকসকলে কয়। নগৰায়ন, বাণিজ্যিক সম্ভাৱনা, বানপীড়িত অঞ্চল, শিশুসকলৰ শিক্ষা আৰু বাবে উন্নত জীৱিকাৰ বাবে গ্ৰাম্য অঞ্চলৰ পৰা প্ৰব্ৰজন, পৰা প্ৰব্ৰজন ইত্যাদি বিভিন্ন কাৰকে গোগামুখৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছিল। নিকটৱৰ্তী প্ৰায় ২০০ খন গাঁৱৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী আৰু পশুধন বিক্ৰী কৰিবলৈ গোগামুখলৈ আহে আৰু বজাৰৰ পৰা সকলো প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰে। জলসম্পদ, বিশেষকৈ ভূ-গৰ্ভস্থ পানীৰ ওপৰত তাৎক্ষণিক চাপ অনুভৱ কৰা হৈছে। খোৱা, ঘৰুৱা কামৰ পৰা হোটেল আৰু কাৰখানাৰ পানীৰ চাহিদা পূৰণ কৰিবলৈ মুখ্যত ভূ-গৰ্ভস্থ পানী ব্যহাৰ কৰা হয়। কিন্তু ভূ-গৰ্ভস্থ পানীৰ অত্যধিক ব্যৱহাৰে এতিয়া জলাশয় আৰু পানীৰ মানদণ্ডৰ উপৰত প্ৰভাৱ পেলাইছে। অসমৰ বানপীড়িত সম্প্ৰদায়সমূহৰ মাজত কাম কৰা এক আঞ্চলিক বেচৰকাৰী সংগঠন ইণ্ডো-গ্লোবেল ছ'চিয়েল চাৰ্ভিচ চ'চাইটি (IGSSS)ৰ কৰ্মচাৰী, গোগামুখৰ বাসিন্দা ৰাজেন শইকীয়াই অঞ্চলটোত পানীত উচ্চ পৰিমাণৰ লো আৰু অন্যান্য ৰাসায়নিক প্ৰদূষক যেনে আৰ্ছেনিক আৰু ফ্ল'ৰাইডৰ উপস্থিতি নিশ্চিত কৰিছে। দুৰ্ভাগ্যবশতঃ গাঁওবাসীয়ে এই পানীকেই গ্ৰহণ কৰে। যাৰ ফলত তেওঁলোক বিপদাশংকাৰ সন্মুখীন হৈছে। গোগামুখৰ বাসিন্দা ড০ প্ৰণৱ জ্যোতি হাজৰিকাই একে ধৰণৰ উদ্বেগ প্ৰকাশ কৰি কয় যে অঞ্চলটোৰ প্ৰায় ৭০ শতাংশ ৰোগী পানীৰ দ্বাৰা হোৱা ৰোগত আক্ৰান্ত। গোগামুখত থকা জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ অধীনত থকা পানী পৰীক্ষা কেন্দ্ৰটোৱে অঞ্চলটোত পানীৰ নমুনা পৰীক্ষা অভিযান চলাইছিল, যিয়ে কেৱল উচ্চ স্তৰৰ লো (3 mgl), ভূ-গৰ্ভস্থ পানীত মেঙ্গানিজ, ফ্ল'ৰাইড, ক্ষাৰক, আৰ্চেনিক আদিৰ দৰে অন্যান্য ৰাসায়নিক পদাৰ্থৰ উপস্থিতি প্ৰকাশ কৰিছিল। পি এইচ ই ডিৰ এজন ৰসায়নবিদ ৰিপেন কুমাৰ গগৈয়ে কয় যে গোগামুখৰ কিছু অংশত ভূ-গৰ্ভস্থ পানীত পোৱা আৰ্ছেনিকৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদিত মাত্ৰাতকৈ যথেষ্ট বেছি। তেওঁ কৈছিল: "পানী পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়, কিন্তু এতিয়া আমি লক্ষ্য কৰিছোঁ যে মানুহে নকৰে কাৰণ ইয়াৰ বাবে যথেষ্ট ধন ব্যয় হয়। প্ৰতিটো নমুনাত ৭০০-৮০০ টকা, যিটো গ্ৰাম্যাঞ্চলত একোটা সাধাৰণ পৰিয়ালে বহন কৰিব নোৱাৰে।" পি এইচ ই বিভাগে কেৱল সেই অঞ্চলবোৰতহে পানী পৰীক্ষা কৰিছিল, য'ত তেখেতসকলে য'ত য'ত খোৱা পানী যোগান আঁচনি ৰূপায়ণ কৰি আছিল। বিভাগটোৱে সাধাৰণতে স্থানীয় লোকসকলৰ মাজত পানী, অনাময় আৰু পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা কাৰ্যসূচী চলায়। কিন্তু বিনামূলীয়াকৈ কোনো ব্যক্তিগত পৰিয়ালৰ পানী পৰীক্ষা নকৰে। ৰাসায়নিক পদাৰ্থৰ উপৰিও বেক্টেৰিয়া, ভেঁকুৰ আৰু অন্যান্য প্লাঙ্কটনৰ দূষিত কাৰক অঞ্চলটোৰ পানীত পোৱা যায় বুলি গগৈয়ে দাবী কৰে। প্ৰায় এটা দশকৰ আগলৈকে গোগামুখ অঞ্চলৰ লোকসকলে কুঁৱা আৰু অগভীৰ নলী-নাদ পানীৰ উৎস হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু এতিয়া তেওঁলোকৰ ৮০ শতাংশই বৈদ্যুতিক পাম্প ব্যৱহাৰ কৰি ভূ-গৰ্ভস্থ পানী আহৰণ কৰে। স্থানীয় লোকে এই লেখকক কৈছিল যে আগতে শুকান, শীতৰ মাহবোৰতো ভূ-পৃষ্ঠৰ ১৫ ফুট তলতেই পানী পোৱা গৈছিল, কিন্তু এতিয়া ভূ-গৰ্ভস্থ পানী যথেষ্ট হ্ৰাস পাইছে। চহৰখনৰ পশ্চিম ফালে, বিশেষকৈ চাউলধোৱা বালি গাঁও আৰু নগাঁও অঞ্চলত মাটিৰ তলত প্ৰায় ২০ ফুটত শিলৰ স্তৰ আছে, যাৰ ফলত তাতোকৈ তলত টিউবৱেল বা বৈদ্যুতিক পাম্প স্থাপন কৰাটো অতি কঠিন হৈ পৰে। আনহাতে, মইনাপাৰা মিৰি ৰাজহ গাওঁৰ অন্তৰ্গত চহৰখনৰ উত্তৰ-পূব অংশত তুলনামূলকভাৱে পানীৰ মানদণ্ড উন্নত। "হয়, এইটো সঁচা, কিন্তু সেই অঞ্চলত মাত্ৰ কেইটামান পৰিয়াল আছে, যি ফিল্টাৰ নকৰাকৈ পানী ব্যৱহাৰ কৰিব পাৰে আৰু বাকীবোৰ বালি ফিল্টাৰৰ ওপৰত নিৰ্ভৰ কৰে" এজন গাওঁবাসীয়ে কয়। ৰংপুৰীয়া গাঁৱৰ বাসিন্দা ৰমেশ দত্তই কৈছিল যে এক দশক আগলৈকে, তেওঁ তেওঁৰ কুঁৱাৰ পৰা পৰিষ্কাৰ পানী পাইছিল, কিন্তু লাহে ভূ-গৰ্ভস্থ পানীত লোৰ পৰিমাণ বাঢ়ি অহাৰ ফলত পানীৰ মানদণ্ড অৱনতি হ'বলৈ ধৰিলে। সাধাৰণতে, সংলগ্ন বৈদ্যুতিক পাম্পৰ সৈতে পানীৰ টেংক এটা নিৰ্মাণ কৰিব পৰা পৰিয়ালবোৰে এক কংক্ৰিট বালি ফিল্টাৰ নিৰ্মাণ কৰে। বালি ফিল্টাৰৰ দ্বাৰা পৰিষ্কাৰ কৰা পানীৰে ঘৰৰ কাপোৰ ধোৱা, গা ধোৱা, ৰন্ধা, শৌচাগাৰৰ ব্যৱহাৰ ইত্যাদি কামত ব্যৱহাৰ কৰে। যিসকলে এই ধৰণৰ পানীফিল্টাৰ বহন কৰিব নোৱাৰে তেওঁলোকে পানী বিশুদ্ধ কৰিবলৈ সৰু বালি ফিল্টাৰ প্ৰস্তুত কৰে। সৰু বালি ফিল্টাৰবোৰেও লো আঁতৰ কৰাত সহায় কৰে, কিন্তু ই সময় সাপেক্ষেহে উপযোগী। বেছিভাগ পৰিয়ালে তেওঁলোকৰ ঘৰত কেণ্ডেল ফিল্টাৰ বা অত্যাধুনিক ফিল্টাৰ ব্যৱহাৰ কৰে। ঘৰৰ বাহিৰত বালি ফিল্টাৰত পানী বিশুদ্ধ কৰাৰ পিছত কেণ্ডেল ফিল্টাৰ বা অত্যাধুনিক ফিল্টাৰত পানী দি খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়।
প্ৰাকৃতিক সম্পদৰ পৰা বজাৰ সামগ্ৰীলৈ পানী
গোগামুখ কমিউনিটি হেল্থ চেণ্টাৰৰ ওচৰৰ মাজগাঁওৰ দক্ষিণফালে বাস কৰা পৰিয়ালৰ বাবে পানীৰ কাহিনী কিছু বেলেগ। তেখেতসকলৰ বাবে পানী এতিয়া প্ৰকৃতিৰ উপহাৰ নহয়। ই ইতিমধ্যে এটা সামগ্ৰীলৈ পৰিৱৰ্তিত হৈছে। পবিত্ৰ সন্দিকৈ নামৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে মনত পেলাই কয় যে, মাত্ৰ দুই/তিনি বছৰ আগতে গোগামুখ অঞ্চলত কেইটামান পানী-পেকেজিং প্ৰকল্প স্থাপন কৰা হৈছিল। যিয়ে বটলৰ পানী বিক্ৰি কৰিবলৈ আৰম্ভ কৰিছিল। কিছুলোকে খোৱাৰ উদ্দেশ্যে বটলৰ পানীক সহজ বিকল্প লৈছিল। কিছুমান মহিলাই কৈছিল যে তেওঁলোকে যোৱা দুই/তিনি বছৰ ধৰি খোৱাৰ বাবে পানী ক্ৰয় কৰি আহিছে। এটা সৰু পৰিয়ালে দৈনিক কমেও ৮০-১০০ টকা, ৬০-৮০ লিটাৰ খোৱা পানীৰ বাবে ব্যয় কৰে। পৰিয়াল এটাত পাৰিবাৰিক অনুষ্ঠান অনুষ্ঠিত হ'লে মানুহে অধিক পানী কিনিবলৈ বাধ্য হয়। এগৰাকী মহিলাই কৈছিল যে কেৱল ধনী পৰিয়ালবোৰেহে পানীৰ ওপৰত ইমান টকা খৰচ কৰিব পাৰে, কিন্তু দৈনিক উপাৰ্জনকাৰী সকলৰ পৰিয়ালবোৰৰ বাবে এইটো কঠিন আছিল। তেওঁলোকৰ বেছিভাগেই কেনেবাকৈ ঘৰত বনোৱা বা কম খৰচী ফিল্টাৰ ব্যৱহাৰ কৰি প্ৰদূষিত পানী বিশুদ্ধ কৰিবলৈ চেষ্টা কৰে। আন এগৰাকী মহিলাই লগতে কয়, "দূষিত পানীৰ প্ৰভাৱ মানুহৰ নখ, দাঁত আৰু কাপোৰৰ ওপৰত সহজে বিচাৰি উলিয়াব পাৰি।" গোগামুখ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জয়জ্যোতি চুতীয়াই কয়, "পানী দূষিত হোৱাৰ বাবে, বহুলোক, বিশেষকৈ মহিলা আৰু শিশুসকলে যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে।" হোটেল, ৰেষ্টুৰেণ্ট, চাহৰ দোকান, আৰু কাৰখানাবোৰত অধিক পৰিমাণৰ পানী ব্যৱহাৰ কৰা হয়। চাহ দোকানৰ মালিক মলয় দে নামৰ এগৰাকীয়ে কৈছিল যে, কাৰখানা আৰু ঘৰত থকা তেওঁৰ ডাঙৰ পানীৰ ফিল্টাৰবোৰ সপ্তাহত কমেও এবাৰ পৰিষ্কাৰ কৰিব লগা হয়। ফিল্টাৰ পৰিষ্কাৰ কৰা আৰু বালি সলনি কৰাটো এটা কঠিন কাম। মাজ গাঁৱৰ বিজ্ঞানৰ স্নাতকোত্তৰ খানিন্দ্ৰ ডেকাই কয়, "অনাগত দিনত অধিক সংখ্যক পৰিয়ালে খোৱা পানী ক্ৰয় কৰিবলৈ বাধ্য হব।" অঞ্চলটোত কাম কৰা এগৰাকী সামাজিক আৰু পৰিৱেশ কৰ্মী কেশৱ কৃষ্ণ ছত্ৰধৰাই মত প্ৰকাশ কৰি কয় যে, "পানী ক্ৰয় ক্ষমতাৰ ক্ষেত্ৰত নিৰ্ভৰ কৰি সমাজত ইতিমধ্যে পানীকেন্দ্ৰীক ধনী আৰু দৰিদ্ৰ দুটা পৃথক শ্ৰেণী সৃষ্টি হৈছে।" গোগামুখত ভৱিষ্যতৰ পানীৰ পৰিস্থিতিৰ প্ৰতি শংকিত হৈ কিছুমান শিক্ষিত ব্যক্তিয়ে পানীৰ নিৰাপত্তাহীনতাৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এফালে, অত্যাধিক শোষণৰ ফলত ভূ-গৰ্ভস্থ পানী দ্ৰুতগতিত হ্ৰাস পাইছে আৰু আনফালে খৰালি কালত বৰষুণ অনিয়মীয়া আৰু কম হৈ আহিছে। এই কাৰকবোৰে ইতিমধ্যে অঞ্চলটোৰ ৰবি শস্যৰ খেতি, পুষ্পপালন আৰু উদ্যানশস্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। গোগামুখ অঞ্চলত বসতি স্থাপন কৰা বিভিন্ন সম্প্ৰদায়ে তেওঁলোকৰ ঘৰুৱা ভূমিত পাচলি খেতি কৰে, কিন্তু খৰাং আৰু প্ৰদূষিত পানীয়ে এই কাৰ্যক বিপদত পেলায়। গোগামুখৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, কিন্তু নাগৰিক সুবিধাসমূহ যেনে– সুৰক্ষিত খোৱা পানী, ৰাস্তা আৰু ভাল নিষ্কাশন নেটৱৰ্ক আদিৰ ব্যৱস্থা এতিয়াও অঞ্চলটোত সৃষ্টি হোৱা নাই। তদুপৰি, নগৰ পৰিকল্পনা আৰু মৌলিক আন্তঃগাঁথনিৰ অভাৱ। বিভিন্ন আন্তঃগাঁথনিৰ অবৈজ্ঞানিক নিৰ্মাণৰ বাবে, চহৰখনৰ বহুতো অংশ বাৰিষাৰ বৰষুণত দ্ৰুতগতিত ডুব যায়। চহৰখনৰ উত্তৰ-পূবত এটা নলা আগতে নিৰ্মাণ কৰা হৈছিল, আৰু ২০২০ চনৰ ডিচেম্বৰত চহৰখনৰ দক্ষিণ-পশ্চিমত আন দুটা নলা নিৰ্মাণাধীন আছিল। যদি চহৰখনৰ নিষ্কাশন প্ৰণালী পৰিকল্পিতভাৱে উন্নত কৰা হয় তেন্তে পানী জমা হোৱা আৰু বোৱাই নিয়া আদি সমস্যাবোৰ এৰাই চলিব পাৰি। শেহতীয়াকৈ, পি এইচ ই বিভাগে দুটা পানী যোগান আঁচনি আৰম্ভ কৰিছে-এটা গোগামুখত আৰু আনটো নগাঁৱত; ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী প্ৰকল্পৰ (এনআৰডিডব্লিউপি) অধীনত, যিবোৰ শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে বুলি বিভাগটোৰ কনিষ্ঠ অভিযন্তা অংশুমান বৰুৱাই জনায়। এই আঁচনিবোৰে ৰাজহুৱাকৈ ব্যৱহাৰৰ বাবে নিৰ্দিষ্টস্থানত ৰাস্তাত পানীৰ নলৰ ব্যৱস্থা কৰে। কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিছনৰ (জেজেএম) অধীনত ব্যক্তিগত পৰিচ্ছন্নতা, অনাময় আৰু মুকলিত শৌচ কৰাৰ সমস্যাৰ বিষয়ে জনসজাগতাৰ পৰিকল্পনা কৰা হৈছে। পানীৰ সাক্ষৰতা, অৰ্থাৎ পানীৰ সঠিক ব্যৱহাৰ, সুৰক্ষা, আৰু জলাশয়ৰ সংৰক্ষণ, বৰষুণৰ পানী সংৰক্ষণ আদিবোৰ কেৱল গোগামুখৰ বাসিন্দাসকলৰ বাবেই নহয়, বিশ্বৰ সমগ্ৰ জনগনৰ বাবে অত্যাৱশ্যকীয়। আশা কৰা হৈছে যে গোগামুখত নতুন কৃষি গৱেষণা কেন্দ্ৰটো স্থাপনৰ লগে লগে আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক সমস্যাসমূহ, বালিপৰা, ভূ-গৰ্ভস্থ পানীৰ নিষ্কাষণ আৰু বৰষুণ বৰষুণৰ সংগ্ৰহৰ কৌশল আদিবোৰ, উজনি অসমৰ বানপ্ৰৱণ সমভূমি জিলাসমূহত কৃষি আৰু আনুসংগিক খণ্ডৰ গৱেষণাৰ লগতে পৰ্যাপ্তভাৱে সমাধান কৰিব পৰা যাব। এই প্ৰতিষ্ঠানটোত আৰম্ভণিতে তিনিটা বিভাগে কাম কৰা আৰম্ভ কৰিবঃ শস্য উন্নয়ন বিভাগ, উদ্যানশস্য বিভাগ, পশু বিজ্ঞান আৰু মীন পালন বিভাগ।