জনগোষ্ঠীয় লোককথাত পানী
পানীয়ে জীৱন পানীয়ে কাৰণ
পানীকে কৰিবা সাৰ
জ্ঞানী পুৰুষে তাকে বখানিছে
পানীতে বৈকুণ্ঠ পাৰ৷
আৰম্ভণি
সম্পূৰ্ণ পৃথিৱীখন প্ৰথম অৱস্থাত পানীৰে পৰিপূৰ্ণ হৈ আছিল৷ সেয়ে পৃথিৱীত মাটিতকৈ পানীৰ পৰিমাণ বা অৱস্থিতি অধিক৷ পানীয়ে সকলো উৎসৰ কাৰণ, পানীয়ে জীৱৰ প্ৰাণ- এই কথাষাৰ ষোল্ল অনাই সঁচা৷ কিয়নো এই পৃথিৱীত সৰ্বপ্ৰথমে পানীৰ পৰাই জীৱৰ সৃষ্টি হৈছিল৷ পানীৰ অবিহনে কোনো প্ৰাণীয়েই জীয়াই থাকিব নোৱাৰে৷ আনহাতে, লোকবিশ্বাসমতে মুক্তি লাভৰ পৰম ধাম বৈকুণ্ঠ পানীতেই অৱস্থিত৷ সেয়ে পানীৰ মহিমা, পানীৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাও অধিক৷
সম্পূৰ্ণ জীৱজগতৰ তথা বিশ্বৰ বাবে পানীৰ প্ৰয়োজনীয়তাক যুক্তিৰে প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই বুলিয়েই সকলোৱে বোধ কৰে৷ যেতিয়ালৈকে এই পৃথিৱীত পানীৰ অস্তিত্ব আছে, তেতিয়ালৈকে জীৱৰ অস্তিত্বও অৱশ্যেই থাকিব৷ ৰন্ধা-বঢ়া, কাপোৰ ধোৱা, খেতি-বাতি আদি প্ৰাথমিক কাৰ্যত ব্যৱহাৰ হোৱাৰ ওপৰিও বিভিন্ন জলপ্ৰকল্প, নানা মহৎ কাৰ্য, আধুনিক যুগত বিলাসবহুল জীৱন-যাপন কৰিবলৈ পানীৰ দ্বাৰা নানান কৃত্ৰিম উপায়েৰে শক্তি অৰ্জন কৰা হৈছে৷ এই সকলোবোৰ কাৰণৰ ওপৰত ভিত্তি কৰিয়েই কোৱা হয় যে পানীয়ে জীৱনৰ প্ৰাণ দাতা৷
বিভিন্ন জনগোষ্ঠীত পানীকলৈ চলি অহা লোককথা, বিশ্বাস তথাপৰম্পৰা সমূহ
বড়ো জনগোষ্ঠীৰ ঐতিহ্যময় উৎসৱটি হৈছে বাথৌ পুজা৷ এই উৎসৱটিৰ মাজেৰেই বড়োসকলৰ পৰম্পৰা, বিশ্বাস তথা আনন্দ পৰিস্ফুত হয়৷ বাথৌ পূজাৰ মহত্বপূৰ্ণ অৰ্থ হৈছে ‘বা’ মানে পঞ্চ আৰু ‘থৌ’ৰ অৰ্থ হ’ল দশৰ্ন বা মিলন৷ এই ‘পঞ্চ’ৰ ভিতৰত মাটি, পানী, বায়ু, আকাশ আৰু সূৰ্য অন্তৰ্নিহিত৷ বড়ো ভাষাত ‘আগ্ৰাং’ৰ বিশেষ মহত্ব থকা বাবে পানী অথাৰ্ৎ আগ্ৰাঙক দেৱতা বুলি গণ্য কৰা হয়৷
সোণোৱাল কছাৰীসকলে অতি পুৰণি ‘বাইথ’ পূজাত ব্যৱহাৰ কৰা বিশেষ দ্ৰব্য বিধ হৈছে বুঢ়া সাগৰৰ জল৷ ই হৈছে প্ৰকৃততে মদ৷ তেওঁলোকে পূজাৰ দিনা সন্ধিয়া ভাৰ এখনত চাউল, শাক, পানী, নিমখ আদি ঢালি পূজাৰী বা ৰাজগুৰুক অৰ্পণ কৰে৷ সোণোৱাল কছাৰীসকলৰ জনবিশ্বাসত পূজাৰী বা ৰাজগুৰুজনে সেই ভাৰখনৰ পৰা অলপ পানী লৈ তাকে সকলোৰে মংগলাৰ্থে শান্তি জল বুলি ছটিয়াই দিয়ে৷ এই পানী তেওঁলোকে তামৰ পাত্ৰত ৰাখি ‘তং-লতি’ পাতৰ আগটোৰে মন্ত্ৰ মাতি শান্তি জল স্বৰূপে গ্ৰহণ কৰে৷ এয়াই হ’ল বুঢ়া সাগৰৰ জল৷ এইবিধ পানীক অতি পবিত্ৰ বুলি গণ্য কৰা হয়৷
তিৱাসকল নানা উৎসৱ- পাৰ্বণত চহকী৷ তেওঁলোকৰ মূখ্য উৎসৱ হৈছে বৰত উৎসৱ৷ মূলতে বৰত পূজাৰ আগদিনা দেৱী সৰস্বতীৰ সেৱাৰ্থে এক সপ্তাহ ধৰি নদীৰ সাতটা ঘাটৰ সাত ঘটি পানী তুলি আনি ব্ৰত পালন কৰি দেৱীক সন্তুষ্ট কৰা হয়৷ পানী তোলা আয়তীসকলে এমাহজুৰি বৰতানীক নোৱায়৷
অসমৰ এটা বৃহৎ জনগোষ্ঠী মিচিং সকলে ন-ছোৱালীক ঘৰত তুলিবৰ সময়তো নতুন জখলা দুৱাৰ মুখত দুকলহ পানী, দুপাচি ধান আদি ৰাখে৷ পানী দুকলহ মুখ পাতেৰে ঢাকি টানকৈ বান্ধি দিয়া হয়৷ নৱ-দম্পত্তিয়ে একেলগে নতুন জখলায়েদি উঠি বন্ধাপাত যালি কলহৰ পানী স্পৰ্শ কৰে৷ তেওঁলোকৰ লোকবিশ্বাসত এনে কৰিলে দম্পত্তিয়ে সুখেৰে সংসাৰত ধৰ্ম পালন কৰিব পাৰে৷ আনহাতে মিচিং সকলে মানুহৰ মৃত্যুৰ সম্ভাৱনা দেখিলে মৃত্যুৰ পূৰ্বে সেই ব্যক্তিৰ মুখত পাত এখিলা চুপি আকৃতিৰ কৰি পানী নাইবা আপং ঢালি দিয়া হয়৷ অসমৰ কাৰ্বি, গাৰো আদি কিছুমান জনজাতিৰ মাজত বষাৰ্নৃত্যৰ প্ৰচলন আছে৷ তেওঁলোকে সময়মতে পানী ঢালি বা পানী ছটিয়াই বষাৰ্নৃত্য কৰে৷ এনেকুৱা কৰিলে বৰষুণ হয় বুলি তেওঁলোকৰ মাজত জনবিশ্বাস আছে৷ বৰষুণৰ প্ৰয়োজন হ’লে কিছুমান জনগোষ্ঠীৰলোকে গোট খাই বষাৰ্নৃত্য কৰে৷ বৰষুণৰ আগমন যিদৰে হয়, পানী যিদৰে পৰে- এই সকলো প্ৰাকৃতিক ঘটনা তেওঁলোকৰ নৃত্যত প্ৰকাশ পায়৷
অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলে এক বিশেষ পানীৰ দেৱতা অথাৰ্ৎ প্ৰভূ শ্যামনৰ পূজা-অৰ্চনা কৰে৷ তেওঁলোকৰ লোককথাৰ পৰাই এই দেৱতাৰ সৃষ্টি হয়৷ দেৱতাক তুষ্ট কৰিবলৈ তেওঁলোকে পানী আৰু তেলেৰে সৃষ্ট জলফুল নামৰ এক পনীয়া সামগ্ৰীৰ দ্বাৰা বৰাহক নিধন কৰি শ্যামন দেৱতালৈ আগবঢ়ায়৷
সামৰণি
অমৃত জলধাৰাৰ বাৰিয়ে নানে কেৱল
পলসুৱা মাটি,
বোৱাই আনে কত
লোকবিশ্বাস আৰু জনশ্ৰুতি,
যাৰ দ্বাৰাই নৱ ছন্দেৰে
মুখৰিত ধৰিত্ৰি৷
বিভিন্ন সমাজত, জনগোষ্ঠীত পানীক লৈ বহুতো বিশ্বাস লোককথা আৰু পৰম্পৰা আছে৷ যেনে আমাৰ অসমীয়া সমাজতো জনশ্ৰুতি আছে যে কোনোবাফালে যোৱাৰ পূৰ্বে পানীৰে পৰিপূৰ্ণ পাত্ৰ স্পৰ্শ কৰি গ’লে যাত্ৰা শুভ হয়৷ এই বিশ্বাসবোৰ অতীজৰে পৰা চলি আহিছে৷ ইয়াৰ সৈতে জড়িত হৈ আছে বহুতো সম্প্ৰদায়ৰ লোকসংস্কৃতি, পৰম্পৰা৷ সেয়ে এইবোৰ জীয়াই ৰাখিবলৈ পানীৰ অনন্য মহিমা থকা লোক বিশ্বাস বা লোক কথাবোৰ জীৱিত থকাটো অত্যন্ত প্ৰয়োজনীয়৷