Alt

যোৱা ২০২২ বৰ্ষৰ নৱেম্বৰ মাহৰ কথা৷ চিচিবৰগাঁওস্থ মোৰ নিজগৃহৰ পৰা ধেমাজি সদৰলৈ বুলি ৰাওনা হোৱা পৰত বাটতে দেখিলোঁ ‘গাই নৈ’ বুলি কোৱা নৈখনৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অনেক লোকে ৰৈ সমীপৰ  জলাশয়টোত আপোন মনে জলকেলি কৰি থকা ৰং-বিৰঙৰ পক্ষীবোৰক চাই নয়ণ জুৰাইছে৷ বিগত এটা দশক ধৰি প্ৰতি শীতকালত গাইনৈৰ পাৰৰ জলাশয়টোত এইয়া  চিনাকি দৃশ্য৷ শীতকালৰ আগমনৰ লগে লগে অসমৰ নদ-নদী, বিল, জলাশয়সমূহৰ পানীত যেন চৰাইৰ উৎসৱ হয়৷ এই সময়ত অসমৰ বিভিন্ন  অঞ্চলত থকা অসংখ্য নদ-নদী, বিল, জলাশয়সমূহত সমবেত হয় হাজাৰ হাজাৰ দেশী-বিদেশী পক্ষী, আৰু এই  পক্ষীৰ কলৰৱত মুখৰিতঅসমৰ বিভিন্ন অঞ্চলৰ চৌপাশ৷ পক্ষীকুলৰ সংগীতমধুৰ এই কোলাহলৰ সৈতে যিসকলে মুখামুখি হৈছে সেইসকলে এবাৰ বাবে হ’লেও অনুভৱ কৰে প্ৰকৃতিৰ এই মধূৰ সৌন্দৰ্যৰ কথা৷ বাৰিষা ধলে ধেমালি কৰি পানীৰ উৎসৱ পতা গাইনৈৰ পাৰত শীতকালৰ আগমনৰ লগে লগে প্ৰতি বছৰে নৱেম্বৰ মাহৰ আৰম্ভনিৰ পৰা মাৰ্চ মাহৰ মাজভাগলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাই নৈ পকী দলঙৰ সমীপৰ ‘গাইনৈ জলাশয়’ বুলি জনাজাত জলাশয় বা জলাহভূমিডোখৰ আৰু ইয়াৰ আশে-পাশে হয় চৰাইৰ উৎসৱ৷ আনহাতে সমীপৰ লোকসকলে এই জলাশয়টোত জাকপাতি মস্য চিকাৰ কৰাটোও এটা চিনাকী দৃশ্য৷

জলাহভূমি মানে কিঃ

প্ৰকৃতিৰ বাবে এনে জলাশয় বা জলাহভূমিবোৰ অতি গুৰুত্বপূৰ্ণ অংগ৷ কিন্তু এই জলাহভূমি মানেনো কি? সাধাৰণ অৰ্থত বছৰটোৰ অধিকাংশ সময় পানী জমা হৈ থকা বা পানীৰে আগুৰি থকা এলেকাকে জলাশয় বা জলাহভূমি বা আদ্ৰভূমি বুলি কোৱা হয়৷ নৈৰ সমীপৰ পানী বন্ধ হৈ থকা ঠাই, হ্ৰদ, খাল-বিল, খেতি-বাতি থকা দ’ পথাৰ, দলনি, পিটনি বা অনান্য উদ্ভিদ থকা পানী থকা অঞ্চল আদিকে সাধাৰণতে জলাহ অঞ্চল বুলি চিহ্নিত হৈ আহিছে৷

জলাহভূমিৰ গুৰুত্বঃ

কেইবাটাও দিশৰপৰা জলাহভূমিসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ৷ ইয়াৰে ভিতৰত প্ৰাকৃতিক আৰু অৰ্থনৈতিক দিশৰপৰা জলাহভূমিসমূহৰ যথেষ্ট গুৰুত্ব আছে৷ কাৰণ, একোটা অঞ্চলৰ জলবায়ু, মাটিৰ গুণাগুণ, জলপ্ৰৱাহ, পৰিস্থিতিতন্ত্ৰ আদিৰ ওপৰত জলাহভূমিবোৰে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়৷ যিহেতু জলাহভূমিসমূহ পানী আৰু জলজ-উদ্ভিদৰ ক্ষেত্ৰত অতি চহকী, সেয়ে ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷  সাধাৰণতে জলাহভূমিত ওপঙি থকা জলজ উদ্ভিদ আৰু শুকান এলেকা সমূহত জন্মা ঘাঁহজাতীয় উদ্ভিদসমূহ গছতকৈ কোনোগুণে কম নহয়৷ জলাহত থকা সেউজীয়া জলজ উদ্ভিদৰ ফাইটপ্লাবকবোৰে যিমান পৰিমাণৰ অক্সিজেন গেছ এৰি দিয়ে সি অনান্য উদ্ভিতকৈ কম নহয়৷ তদুপৰি এই জলজ উদ্ভিদবোৰে পানীত হোৱা প্ৰদূষণ ৰোধ কৰে৷ নদ-নদীৰ আশে-পাশে সৃষ্টি হোৱা জলাহভূমিসমূহে বাৰিষাৰ সময়ত পানী ধৰি ৰাখি বানৰ প্ৰাবল্য হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰাৰ লগতে কোনো অঞ্চলৰপৰা বৈ অহা দূষিত জলভাগ বিশুদ্ধ কৰি তোলাৰ উপৰি পৰিৱেশো সজীৱ কৰি ৰাখে৷ সম্প্ৰতি আমাৰ ৰাজ্যখনত জলাহভূমি বিলাকৰ আয়তন ক্ৰমে হ্ৰাস হৈ অহাৰ পৰিপ্ৰেক্ষিতত প্ৰতি বছৰে বাৰিষা জলপৃষ্ঠ ঠায়ে ঠায়ে বৃদ্ধি পাই ভয়ংকৰ ৰূপ ধাৰণ কৰাটো সৰ্বজনবিদিত৷

অৰ্থনৈতিক দিশৰপৰাও এই জলাহভূমি বিলাক অতি গুৰুত্বপূৰ্ণ৷ অসমৰ নদ-নদী আৰু জলাহভূমি বিলাকে ৰাজ্যখনক মাছ-কাছৰ ক্ষেত্ৰত অধিক সমৃদ্ধিশালী কৰি তুলিছে৷ আমাৰ ৰাজ্যখনৰ প্ৰধান মৎস্য ক্ষেত্ৰ হ’ল এই জলাহভূমি বিলাকেই৷ অসমৰ থলুৱা মাছৰ ভঁৰালস্বৰূপ এই জলাহভূমিৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহু মৎসজীৱী পৰিয়াল বৰ্তি আছে৷ আনহাতে মস্য চিকাৰৰ উপৰিও  শীতকালি এনে জলাহভূমিবোৰত পক্ষী পৰ্যবেক্ষণ কৰিবলৈ বহুলোকে ভিৰ কৰাৰ পৰিলক্ষিত হোৱা পৰিপ্ৰেক্ষিতত মস্য চিকাৰ, নৌকা বিহাৰ আদিৰ সুবিধাসমূহ উপলব্ধ হ’লে জলাহভূমিসমূহত পৰ্যটন উদ্যোগৰ যে অপাৰ সম্ভাৱনা আছে তাক নিশ্চিতভাৱে ক’ব পাৰি৷

অকল মাছেই নহয়, অন্যান্য জীৱ প্ৰজাতিৰ লগতে যিহেতু পক্ষীকুলো জলাহভূমিৰ অবিচ্ছেদ্য অংগ৷ খাদ্য-শৃংখলাৰ পিৰামিডত এটা আনটোৰ পৰিপূৰক৷ পক্ষীকুলৰ উপস্থিতিয়ে ফছফৰাছ, নাইট্ৰ’জেন আদি মৌলৰ বঢ়া টুটা কৰি বিৰল পৰিৱেশতন্ত্ৰৰ ৰক্ষণাবেক্ষণ কৰে৷ সেয়েহে জলাহভূমিৰ পক্ষী নিধন যজ্ঞ যিকোনো প্ৰকাৰে গাঁওবাসীয়ে প্ৰতিহত কৰা উচিত৷ তদুপৰি ইয়াত থকা বিভিন্ন জলজ উদ্ভিদে পানীৰ সোঁত প্ৰতিৰোধ কৰে আৰু বানপানীৰ ভয়াবহতা কম কৰাত, গৰাখহনীয়া ৰোধ কৰাত সহায় কৰে৷

গাইনৈ জলাশয়ঃ

‘ধলৰ ধেমালিৰ স্থলী’ ধেমাজিৰ মাজেৰে বৈছে অনেক নদ-নদী৷ সৰু-ডাঙৰ কেইবাখনো বিল, জলাশয় বা জলাহ ভূমি আছে৷ তাৰে ভিতৰত চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গাই নৈৰ সমীপত থকা ‘গাই নৈ জলাশয়ো’ এটি ক্ষুদ্ৰ জলাহভূমি৷ ভৌগোলিক ঠিকনা অনুসৰি গাই নৈ জলাশটো প্ৰায় ২৭০.৫৬৬ অক্ষাংক্ষ আৰু ৯৪০.৬৬০ দ্ৰাঘিমাংক্ষক কেন্দ্ৰ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গাই নৈ পকী দলঙৰ উত্তৰ-পশ্চিমে আৰু ৰঙিয়া-মুৰ্কংচেলেক্‌ ৰে’লপথৰ দুয়োপাৰে থকা প্ৰায় এশ বিঘাৰো বেছি এলেকাৰ ‘গাইনৈ জলাশয়’ বুলি জনাজাত৷ এই জলাশয় বা জলাহভূমিডোখৰলৈ অক্টোবৰ-নৱেম্বৰ মাহৰপৰা প্ৰব্ৰজন কৰা বহু প্ৰজাতিৰ চৰাইবোৰ মূল আকৰ্ষণৰ কেন্দ্ৰ৷ উল্লেখযোগ্য যে অসমত দেকাপোৱা প্ৰায় ১৮০ বিধমান জলচৰ পক্ষীৰ ভিতৰত ১০৫ বিধমানেই পৰিভ্ৰমী৷ আনহাতে ভাৰতবৰ্ষত পোৱা প্ৰায় ১২৮৫ বিধ প্ৰজাতিৰ পক্ষীৰ ভিতৰৰে অসমত প্ৰায় ৮১৪ মান বিধ পক্ষী পোৱা যায়৷ উল্লেখযোগ্য যে পৃথিৱীৰ বিভিন্ন অঞ্চলত হেৱা ঋতু পৰিবৰ্তনৰ ফলত সৃষ্টি হোৱা শীত বা গৰমৰ বাবে আৰু খাদ্যবস্তুৰ সন্ধানত পক্ষীবোৰে এইদৰে এঠাইৰ পৰা আন এঠাইলৈ প্ৰব্ৰজন বা পৰিভ্ৰমণকৰে৷ পক্ষীৰ এই পৰিভ্ৰমণ ইহঁতৰ পাৰিপাশ্বৰ্কতা আৰু প্ৰজননৰ লগত সম্বন্ধ আছে৷ জলচৰ চৰাইবোৰে পানীত থকা বিভিন্ন খাদ্য খায় যদিও মাছ ইহঁতৰ প্ৰধান খাদ্য৷ সেয়েহে ইহঁতে বিল, পিটনিবোৰত বিচৰণ কৰে৷ জলাহভূমিবোৰক পক্ষীকুলৰ বিচৰণ আৰু প্ৰজননৰ কেন্দ্ৰৰূপে বাছি লয়৷

অক্টোবৰৰপৰা নানা বিধ পক্ষী গাই নৈ জলাহভূমিলৈ আহি মধুৰ কলৰৱেৰে নান্দনিক পৰিবেশৰ সৃষ্টি কৰে৷ প্ৰতি বছৰে ৰং-বিৰঙৰ পক্ষীৰ জলকেলী, জাকে জাকে অহা-যোৱা কৰা নান্দনিক দৃশ্য আৰু ভিন্ন সুৰ-মাতত সৃষ্টি হোৱা কলৰৱত দিনে-নিশাই মুখৰিত হৈ পৰা ধেমাজি জিলাৰ গাই নৈৰ পাৰৰ এই জলাশয়টি আৰু ইয়াৰ আশে-পাশে আমি কৰা নিজা অনুসন্ধানত চিনাক্ত হোৱা কিছু জলচৰ বা জলাহৰ আশে-পাশে বিচৰণ কৰা চৰাই-চিৰিকতিসমূহৰ ভিতৰত ঘিলা হাঁহ, শৰালি, চাকৈচকুৱা, মুগী হাঁহ, গোধাকলী হাঁহ, ৰঙামূৰী হাঁহ, খেৰী হাঁহ, পাতি হাঁহ,ফুটুকী হাঁহ, জোঙানেজী হাঁহ, পানী কাউৰী, শামুক ভঙা, হাড়গিলা, বৰটোকোলা, আজান, বৰ আজান, মাছুৰোকা, বগলী, বগ, কণামুচুৰি, ইটাগুৰীয়া, ৱাক চৰাই, বৰডুবি, পানী ডুবি, দৈকলা, সাগৰ চিলনী, গংগা চিলনী, কামচৰাই, দলপুঙা, নল ঢেকৰ, চহা, জিকৰ, ৰঙাঠেঙী, বলি বগুৱা, বালিঘোৰা আদি স্থানীয় আৰু পৰিভ্ৰমী মিলাই প্ৰায় পঞ্চাশ বিধমান পক্ষী দেখা যায়৷

আন সময়ৰ উপৰিও বিশেষকৈ শীতকালি হাজাৰ হাজাৰ দেশী-বিদেশী পৰিভ্ৰমী জলচৰ পক্ষীয়ে জলাশয়টোত ভিৰ কৰেহি৷ এই জলাশয়টোত সমবেত হোৱা হাজাৰ হাজাৰ পক্ষীৰ সংগীতমধুৰ কোলাহলতহে যেন ৰাতিপুৱায় সমীপৰ টকৌবাৰী, ভেবেলী, থেকেৰাগুৰি, গাইজান, গাইদেউৰী, হাতীগড়, জনকল্যান, সাপেখাতী আদি গাঁও সমূহৰ গঞাৰ৷ ৰং-বিৰঙৰ পক্ষীৰ জলকেলী, জাকে জাকে অহা-যোৱা কৰা নান্দনিক দৃশ্য আৰু ভিন্ন সুৰ-মাতত সৃষ্টি হোৱা কলৰৱত দিনে-নিশাই মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল৷ স্থানীয় লোকে মাছ-কাছ চিকাৰ কৰা জৈৱ বৈচিত্ৰপূৰ্ণ এই জলাশয়টোত অৱশ্যে পক্ষী অনুসৰি বিচৰণ সময় বেলেগ বেলেগও হয়৷ জলাশয়টোক কেন্দ্ৰ কৰি অঞ্চলটোৰ কেইবাখনো গাঁৱৰ বাঁহনি বাৰীত হাজাৰ-বিজাৰ বগলী,পানী কাউৰী, কণামুচুৰীয়ে বছৰ পিছত বছৰ ধৰি বাস কৰি আছে৷

মানুহৰ অবাধ বিচৰণ, অপৰিকল্পিতভাবে মাছ-কাছৰ চিকাৰৰ লগতে একাংশ কাণ্ডজ্ঞানহীন অবিবেচক লোকে জাল পাতি, বিহ প্ৰয়োগ কৰি পৰিভ্ৰমী পক্ষী হত্য কৰা ঘৃণনীয় কাৰ্যৰ বাবে গভীৰ সংকটত পৰিছে জলাশয়টোত বিচৰণ কৰা চৰাই সমূহে৷ জলাশয়টোৰ সোঁমাজেৰে পাৰহৈ যোৱা ৰঙিয়া-মুৰ্কংচেলেক্‌ ৰে’ল পথ আৰু কাষেৰে পাৰহৈ যোৱা১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বাবেও সমস্যাত পৰিছে জলাশয়টোৰ জীৱকুল৷ দিপাৱলীত এটা কথা লক্ষ্য কৰিছোঁ যে সমীপৰ গাঁও সমূহত ফটকা ফুটুৱাৰ ফলত জলাশয়টোৰ পক্ষীবোৰে ভয়ত আতংকিত হৈ ইফালে-সিফালে উৰি ফুৰিব লগীয়া হয়৷ চৰকাৰ, বন বিভাগ, প্ৰশাসন, প্ৰকৃতিপ্ৰেমী সংগঠন আৰু আগ্ৰহী লোকে উদ্যোগ লৈ উক্ত জৈৱ-বৈচিত্ৰপূৰ্ণ জলাশয়টো উপযুক্তভাবে সংৰক্ষণ কৰি ইয়াৰ জীৱকুলক ৰক্ষা কৰিব পাৰে৷ যাতায়ত, যোগাযোগ আৰু কাষত পৰ্যাপ্ত অঞ্চল থকালৈ চাই জলাশয়টো এখন ক্ষুদ্ৰ পক্ষীউদ্যানলৈ ৰূপান্তৰিত কৰিব পৰা যায়৷ মাত্ৰ লাগে সকলো পক্ষৰ সদিচ্ছা৷

সংকটত ধেমাজিৰ জলাহভূমিঃ

পানীয়েই প্ৰাণ, পানীক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে সভ্যতা৷ ধেমাজি জিলাতো মূলতঃ নৈ-বিলসমূহৰ কাষতেই গাঁও পথাৰ সকলো সৃষ্টি হৈছে৷ কৃষিৰ পৰা আৰম্ভ কৰি খোৱা, ধোৱা সকলো কামৰ বাবে প্ৰয়োজন হোৱা পানী মানুহে নদ-নদী, বিল, পুখুৰীৰ পৰাই সংগ্ৰহ কৰিছিল৷ পঞ্চাশ চনৰ বৰভূঁইকঁপৰ পিছৰ পৰা অঞ্চলটোত হোৱা ব্যাপক ভূ-প্ৰাকৃতিক পৰিঘটনাৰ ফলত অঞ্চলটোত এক ভয়ানক ভূ-পৰিৱৰ্তন হৈছে৷ বৰ ভূঁইকঁপত অসমৰ লগতে বৰ্তমানৰ ধেমাজি জিলৰো বহু নদ-নদী, বিলসমূহ তচ-নচ হৈ পৰে৷ আনহাতে এই নদ-নদীসমূহৰ উৎস অৰুণাচল প্ৰদেশৰ পাহাৰসমূহৰ ভয়ানক প্লাৱনে ধেমাজিৰ নদ-নদীসমূহৰ বুকু বালি-বোকাই পুতি তৰাং কৰা উপৰিও সমীপৰ জলাহভূমিসমূহো পুতি পেলায়৷ প্ৰতি বাৰিষাত নদ-নদীসমূহে কঢি.য়াই অনা বোকা-বালিয়ে জিলাখনৰ অনেক জলাহভূমি পুতি নিচিহ্ন কৰি হৈ আছে৷ আনহাতে বনাঞ্চলৰ অবাধ ধ্বংস আৰু সমান্তৰালকৈ সৃষ্টি হোৱা ধাৰাবাহিক বানৰ বাবে জিলাখনৰ অনেক খাল-বিল, জলাশয় পুতি নিঃচিহ্ন হ’বলৈ ধৰিলে৷

পানীৰ সংকট হৈছে, পানীয়ে বিপদ সৃষ্টি কৰিছেঃ

খাল-বিল, জলাশয় পুতি নিঃচিহ্ন হ’বলৈ ধৰাত অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশত লাহে লাহে পানীকেন্দ্ৰিক ঘাত-সংঘাত বাঢি.বলৈ ধৰিছে৷ বিগত প্ৰায় ছয়-সাতটা দশকত ধেমাজিৰ অন্যতম চকুলোস্বৰূপ গাইনৈৰ ধাৰাবাহিক বানে বোকা-বালি পেলাই চিচিবৰগাঁও অঞ্চলৰ পদুমনি, কাছমাৰি, কাণিবিল, ভেহেকি, লেচিয়া, কুকুৰাউৰা, বেট ভঁৰাল, কেৰেকনি, খাৰবিল আদি অনেক জৈৱ-বৈচিত্ৰপূৰ্ণ খাল-বিল, জলাহ তথা আদ্ৰভূমি নাইকিয়া কৰে। অনেক হাবি-বননিৰ কোনো চিন-চাব নাইকিয়া কৰাত অঞ্চলটোত চৰাই-চিৰিকটি, মাছ-কাছ আদি জলচৰ প্ৰাণীৰ লগতে অনান্য বন্য জীৱ-জন্তুৰ বাবে প্ৰয়োজনীয় বিচৰণ ভূমি আৰু আৱাসস্থলী নোহোৱা হ’ল৷

বৰ্তমান ব্ৰহ্মপুত্ৰৰ কাষৰীয়া কিছু অঞ্চলৰ লগতে বাকী ৰোৱা মাত্ৰ দুই-এটা এনে ধৰণৰ জলাশয়হে পৰিভ্ৰমী আৰু থলুৱা প্ৰজাতিৰ পক্ষীৰ লগতে মাছ-কাছ আৰু অনান্য জলচৰ প্ৰাণীৰ বিচৰণ স্থলী হৈআছেগৈ যদিও সকলোবোৰ সংকটৰ গৰাহত৷ গাই নৈৰ পাৰৰ এই ক্ষুদ্ৰ জলাশয়টোৰ সুৰক্ষাৰ বাবে কোনোধৰণৰ বান্ধৰ ব্যৱস্থা নথকা বাবে বিগত কেইবছৰত গাইনৈৰ বাঢ়নী পানীয়ে উটুৱাই অনা বালি-বোকাই পুতি সংকুচিত কৰি আনিছে৷

বৰ্তমান বেদখল, খহনীয়া, বাট-পথ নিৰ্মাণ, জলাহভূমিসমূহক ডাম্পিং গ্ৰউণ্ড আদি বিভিন্ন কাৰণত জলাহভূমিসমূহ ক্ৰমে ধ্বংসৰ গৰাহত পৰিবলৈ ধৰিছে৷ এফালৰপৰা পুতি ঘৰ-দুৱাৰ, সুউচ্ছ অট্টালিকা, বিভিন্ন ধৰণৰ উদ্যোগ, কল-কাৰখানা আদি নিৰ্মাণ কৰা সহজে আমাৰ চকুত পৰে৷ বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন “ফ্ৰেণ্ডছ অব নেচাৰ”ৰ সমীক্ষা মতে বিগত এটা দশকত অসমত প্ৰায় ২০ শতাংশ জলাহভূমি নোহোৱা হ’ল৷ তদুপৰি প্ৰতি বছৰে ৰাজ্যখনত বিভিন্ন কাৰণত প্ৰায় প্ত শতাংশকৈ জলাহভূমি হ্ৰাস পাই আহিছে৷ বিগত সময়ত গাই নৈ জলাশয়টোত ধেমাজি নগৰৰ পৰা নগৰসমিতিয়ে কেইবাবাৰো আবৰ্জনা পেলাই পৰিৱেশ বিনষ্ট কৰিছিল৷ আনহাতে বৰ্তমান জলাশয়টোৰ আশেপাশে প্ৰতিষ্ঠা কৰা হোটেল, ধাবা আদিৰ পৰাও আবৰ্জনা পেলাই জলাশয়টোৰ পৰিৱেশ বিনষ্ট কৰিছে৷ জলাশত এইদৰে বিভিন্ন উৎসৰ পৰা পেলুৱা আবৰ্জনাসমূহত থকা প্লাষ্টিক, পলিথিন বেগ, বিভিন্ন ৰাসায়নিক সামগ্ৰী, কীটনাশক ঔষধ আদিয়ে ইয়াৰ সামগ্ৰিক পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে প্ৰতিখন নগৰ-চহৰৰ পেলনীয়া আৱৰ্জনা বিলাকেও জলাহভূমি বিলাকৰ আয়তন সংকুচিত কৰি আনিছে৷

গাই নৈৰ আশে-পাশে জলাহভূমি বোৰ নোহোৱা হোৱাত স্থানীয় ৰাইজে কি সমস্যাৰ সন্মুখীন হৈছেঃ গাইনৈৰ ধাৰাবাহিক বানেও বোকা-বালি পেলাই চিচিবৰগাঁও অঞ্চলৰ অনেক বিল, আদ্ৰ অঞ্চলৰ চিন-চাব নাইকীয়া কৰাত অঞ্চলটোত চৰাই-চিৰিকটি, মাছ-কাছ আদি জলচৰ প্ৰাণীৰ লগতে অনান্য বন্য জীৱ-জন্তুৰ বাবে প্ৰয়োজনীয় বিচৰণ ভূমি আৰু আৱাসস্থলী নোহোৱা হ’ল৷ প্ৰাপ্ত তথ্য অনুসৰি–১৯৫৩, ১৯৫৫, ১৯৬৩, ১৯৬৫, ১৯৭০,  ১৯৭৩, ১৯৭৫, ১৯৭৮, ১৯৮২, ১৯৯০, ১৯৯৪, ১৯৯৫, ১৯৯৬, ১৯৯৮, ২০০৩, ২০০৭, ২০১১ চনত গাই ৈনৰ বানে আটাইতকৈ ভয়ঙ্কৰ ৰূপ ধাৰণ কৰি অঞ্চলটোৰ বিস্তৰ ক্ষতি কৰিছে৷ এই বানবোৰত আৱাসিক অঞ্চলৰ ওপৰিও খেতি-পথাৰ ওপৰিও চৰাইপৰা বিল, কানি বিল, কাছমাৰি বিল, পদুমনি বিল, কুকুৰাউৰা বিল, ভেহেকী-বেটভঁৰাল বিল, কেৰেকনি আদি জৈৱ-বৈচিত্ৰপূৰ্ণ বহুকেইখন বিল, লালুং তিনিআলিৰ সমীপৰ আদ্ৰঅঞ্চল, অৰণ্য আদি গাইনৈয়ে পুতি নিঃচিহ্ন কৰিলে৷ এইদৰে জলাহ বা আদ্ৰ অঞ্চলসমূহ নোহাৱা হোৱাত অঞ্চলটোৰ প্ৰকৃতিৰ ওপৰত পৰা প্ৰভাৱ স্পষ্ট৷ এই সম্পৰ্কত স্থানীয় কেইবাজনো লোকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁলোকৰ মন্তব্যত প্ৰকাশ পাইছে৷

মন্তব্য [১]

গাই নৈৰ পাৰৰ ভেবেলি গাঁৱৰ লাট গাঁও বুঢ়া চন্দন জিয়ামৰীয়াই কয় যে– ‘‘গাই নৈৰ বান আৰু মানুহৰ বেদখলত কেৰেকণি নামৰ বিশাল জলাহভূমি আৰু অৰণ্যখন নোহোৱা হল। ফলত সমগ্ৰ অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিছে৷ অঞ্চলটোৰ প্ৰাকৃতিক ভাৰসাম্যতাও নোহাৱা হৈছে৷ পূৰ্বতে অনবৰতে জীপাল হৈ থকা অঞ্চলটোত এতিয়া খৰালি পানীৰ সংকট হয়৷ নাদ-পুখুৰী বা নলীনাদৰ পানীৰ স্তৰ বহু তললৈ অৱনমিত হয় ফলত স্থানীয় ৰাইজৰ প্ৰয়োজনীয় পানী সংগ্ৰহ কৰাত সমস্যাৰ সৃষ্টি হয়৷’’

মন্তব্য [২]

গাই নৈৰ পাৰৰ জলাহ ভূমিসমূহ নোহোৱা হোৱাত লাহে লাহে অঞ্চলটোৰ প্ৰকৃতিৰ পৰিৱৰ্তনে অঞ্চলটোৰ ৰাইজক চিন্তিত নকৰাও নহয়৷ এই সম্পৰ্কত গাইজান গাঁৱৰ নিবাসী নৰকান্ত চুতীয়াই জানিবলৈ দিয়ে যে– ‘‘পূৰ্বতকৈ গাই নৈৰ কাষৰীয়া অঞ্চলসমূহৰ প্ৰাকৃতিক পৰিৱেশ কিছু সাল-সলনি হৈছে৷ বিশেষকৈ খৰালি গাইনৈৰ বুকুত কেতিয়াবা একেবাৰে পানী নোহোৱাৰ দৰে হয়৷ ফলত স্থানীয় ৰাইজে ব্যৱহাৰ কৰিবলৈ নথকা হয়; আনকি জীৱজন্তুৱে খাবলৈও পানী বিচাৰি নাপায়৷ জলাহভূমিবোৰ নোহোৱা হোৱাত খৰালি অঞ্চলটোত পানীৰ স্তৰ বহু তললৈ নিম্নগামী হোৱা দেখা গৈছে৷’’

মন্তব্য [৩]

‘গাই নৈ’ৰ নামটোৰ সম্পৰ্কত এষাৰ কথা প্ৰচলিত আছিল যে এসময়ত এই নৈৰ পাৰৰ অঞ্চলটোত শস্য-মস্যই নদন-বদন হোৱা বাবে স্থানীয় লোকসকলে নৈখনক ‘গাই’ গৰুৰ লগত তুলনা কৰা বাবে নৈখনক প্ৰথমতে ‘গাইজান’ বুলিছিল৷ পৰবৰ্তী সময়ত অধুনালুপ্ত ‘চিচি নৈ’ৰ এটা সুঁতি গাই জানেৰে বোৱাত নৈখনৰ আকৃতি ডাঙৰ হয় আৰু মানুহে ‘গাই নৈ’ বুলি ক’বলৈ ধৰিলে এই সম্পৰ্কত গাইনৈৰ পূব পাৰত অৱস্থিত ভেবেলি গাঁৱৰ তোলধৰ হাজৰিকা নামৰ বয়োজ্যেষ্ঠ ব্যক্তিজনে কয় যে– ‘‘গাই নৈৰ সমীপৰ জলাহ ভূমিসমূহৰ বাবে অঞ্চলটো মাছ-কাছৰে উভয়নদী আছিল৷ কিন্তু লাহে লাহে কানিবিল, কেৰেকনি, লালুংতিনিআলি, ভেহেকি, কুকুৰাউৰা, বেতভঁৰাল আদি বিশাল বিল, জলাহভূমিবোৰ নোহোৱা হোৱাত অঞ্চলটোত মাছ-কাছও নোহাৱা হ’ল৷ অঞ্চলটোৰ একাংশ লোকৰ অৰ্থনীতিৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰে৷’’

প্ৰাকৃতিক বিলৰ ব্যৱস্থাপনা বিভাগৰ মতে যোৱা ৫০ বছৰত অসমৰ ৭০ শতাংশ পানী ঔদ্যোগিক আৰু আবৰ্জনাজনিত প্ৰদূষণৰ বাবে দূষিত হৈছে৷ ‘ৱাশ্বিংটনৰ ৱল্ডৰ্ ৱাচ্ছ ইনষ্টিটিউট’ৰ মতে ২০২০ চনৰ পাছৰপৰা ভাৰতবৰ্ষ পানীৰ অতিশয় অভাৱগ্ৰস্ত দেশ হিচাপে পৰিগণিত হ’ব৷ এতিয়াও কোনো কোনো ঠাইত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ বিল, পিটনি আৰু জলাশয়বোৰৰ ৰক্ষণাবেক্ষণৰ বাবে লবলগা প্ৰয়োজনীয় ব্যৱস্থাপনাবোৰ– বিলবোৰত প্ৰাকৃতিকভাৱে থকা মাছবোৰ নিধন কৰাৰ পৰিবৰ্তে ইয়াক মাছৰ উৎপাদনৰ কামতো ব্যৱহাৰ কৰা উচিত৷ পানীৰ এই উৎসবোৰৰ কাষত বাস কৰা গাঁওবাসীয়ে মাজে-সময়ে সমূহীয়াকৈ পাৰবোৰ বান্ধি জলজ উদ্ভিদবোৰ চাফা কৰিলে সূৰ্যৰ কিৰণ পানীৰ গভীৰলৈ যাব আৰু তাৰ জৰিয়তে বিল-জলাশয়বোৰক আৰু উৎপাদনক্ষম কৰিব পাৰি৷

এইদৰে বিভিন্ন কাৰণত জলাহভূমি বিলাক নোহোৱা হৈ গ’লে প্ৰকৃতি বা সমগ্ৰ জৈৱ-বৈচিত্ৰ্যৰ ওপৰত এক ঋণাত্মক প্ৰভাৱ পৰিব৷ সেয়েহে জীৱশ্ৰেষ্ঠ মানুহে এই জলাহভূমি ৰক্ষণাবেক্ষণ দিবৈ লাগিব৷ সময় থাকোতেই যদি জলাহভূমিবোৰ উপযুক্তভাৱে সংৰক্ষণ সম্ভৱ নহয়, তেন্তে ভৱিষ্যতে পৃথিৱী আৰু জীৱকুলৰ ওপৰত কুপ্ৰভাৱ পৰিব৷ ইতিমধ্যেই বৰ্তমানৰ জ্যেষ্ঠসকলে সেই কথা নিজ চকুৰে দেখাৰ দৰে পূৰ্বৰ সুন্দৰ পৃথিৱীখনৰ বাতাৱৰণত কৈ যেন আজিৰ পৃথিৱীৰ বাতাবৰণ তুলনামূলকভৱে কিছু বিঘিন্ন হৈছে৷ পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে নোহোৱা হৈ গৈছে জীৱৰ বিভিন্ন জাতি-প্ৰজাতি৷

মৃদু পৱন চুতীয়া,

৭০০২৯৭৪৩১২