![]() |
মাজুলীৰ মধ্যভাগত অৱস্থিত এখন বিল হৈছে পোলোঙা বিল৷ মাজুলীৰ সদৰ ঠাই গড়মূৰৰ পৰা প্ৰায় ১৭ কিঃ মিঃ নিলগত থকা ফুলনি গাঁও পঞ্চায়তৰ অন্তৰ্গত পোলোঙা বিলখন ফুলনি অঞ্চলটোৰ দক্ষিণ-পশ্চিম প্ৰান্তত অৱস্থিত৷ পোলোঙা বিলৰ পশ্চিম দিশত ২ নং ফুলনি গাঁও আৰু দক্ষিণ দিশত হাতীমূৰীয়া গাঁও আছে৷ পোলোঙা বিলৰ উৎপত্তিৰ বিষয়ে সঠিকভাৱে জনা নাযায়৷ পূৰ্বতে মাজুলীত বিস্তৰ পৰিমাণৰ সৰু-সুৰা জান বা সুঁতি আছিল৷ তেনে সুঁতিৰ পৰাই বিলখন সৃষ্টি হোৱা বুলি অনুমান কৰা হয়৷ অৱশ্যে বিলখনৰ নামকৰণৰ কথা মানুহৰ মুখে মুখে বাগৰি আহিছে৷ জনশ্ৰুতিমতে এসময়ত বিলখনৰ পাৰত এজোপা বৃহৎ পোলোঙা [গুৰিত ডাল-পাত নেমেলাকৈ পোনে পোনে ওখকৈ বাঢ়ি যোৱা] শিমলু গছ আছিল আৰু সেই অনুসৰিয়েই বিলখনৰ নাম পোলোঙা বিল ৰখা হয়৷ আনহাতে কিছুমানৰ মতে বিলৰ পাৰত এজোপা নহয় বহুতো পোলোঙা গছ আছিল যাৰ বাবে বিলখনৰ নাম পোলোঙা বিল ৰখা হৈছিল৷ বিলখনৰ নামকৰণক লৈ লোকসকলৰ মাজত নানান মত পাৰ্থক্য আছে যদিও বিলখনৰ নামটো যে বিলৰ পাৰত থকা পোলোঙা গছৰ পৰাই আহিছে তাত কাৰো দ্বিমত নাই৷
পূৰ্বতে পোলোঙা বিলৰ ওচৰৰ ঠাইবোৰ হাবি-জংঘলেৰে ভৰপূৰ আছিল৷ বনৰীয়া জীৱ-জন্তুৰ বিচৰণ দেখা গৈছিল৷ পৰৱৰ্তী সময়ত এই বিলখনক কেন্দ্ৰ কৰিয়েই পোলোঙানী গাঁও গঢ় লৈ উঠিল৷ জনপ্ৰবাদ মতে ১৯৩০-৩১ চনত অভয়াপুৰ নৰসিংহৰ পৰা কৃতীনাথ শইকীয়া আৰু জোনাৰাম শইকীয়া নামৰ ব্যক্তি দুজন আহি এই ঠাইত পাম সাজিছিল৷ সেইয়াই আৰম্ভণি৷ ইয়াৰ আগলৈকে কোনো লোক এই ঠাইত বসতি কৰাৰ তথ্য নাই৷ তাৰ পাছৰ পৰাই এঘৰ-দুঘৰকৈ মানুহবোৰে অঞ্চলটোত বসতি স্থাপন কৰিবলৈ ল’লে৷ গাঁও পাতিলে৷ পোলোঙা বিলৰ নামেৰে গাঁওখনৰ নাম ৰখা হ’ল - পোলোঙানী গাঁও৷ বৰ্তমান গাঁওখনত ৬০ ঘৰ মানুহ আছে৷ গাঁওখনৰ সৰ্বমুঠ জনসংখ্যা ২৬৫ জন৷ গাঁওখন প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ বিভিন্নজনে আন বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত হৈ আছে যদিও গাঁওখনৰ প্ৰত্যেকঘৰ মানুহেই কম বেছি পৰিমাণে কৃষিকাৰ্য কৰে৷ গাঁওখনৰ অধিকাংশ কৃষিভূমিয়েই পোলোঙা বিলৰ পাৰত অৱস্থিত৷ উল্লেখযোগ্য যে পোলোঙা বিলে গাঁওখনৰ কৃষিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷
প্ৰকৃতিৰ বিভিন্ন সম্পদেৰে পোলোঙা বিলখন চহকী৷ ভৰপূৰ মাছ-কাছ, বিভিন্ন জলজ উদ্ভিদ, পাৰৰ গছ-গছনি, বিভিন্নধৰণৰ পক্ষীৰে মুখৰিত বিলৰ পৰিৱেশ আছিল অতিকৈ মনোমোহা৷ গাঁওখনৰ লগতে সমগ্ৰ ফুলনি অঞ্চলটোৰ মাছ-পুঠিৰ প্ৰয়োজন পূৰণ পোলোঙা বিলখনে কৰিছিল৷ বিলখনত প্ৰকাণ্ড ওজনৰ মাছ-পুঠি পোৱা যায়৷ বিলৰ একোটা বৰালি মাছ বেৰত ওলোমাই ৰাখিলে তাৰ ফিছা অংশ আহি মাটি পৰেহি৷ এময়ত ৰাইজে বিশেষকৈ বিহুৰ সময়ত সমূহীয়াকৈ মাছ মাৰিছিল৷ গৰু বিহুৰ দিনা গাঁৱৰ ৰাইজে একেলগে মিলি বিলত গৰুক¸ গা-ধুৱাইছিল৷ এনেদৰে পোলোঙা বিলখনে বৃহত্তৰ ফুলনি অঞ্চলৰ লোকসকলক একতাৰ জৰীৰে বান্ধ খাই থকাত সহায় কৰিছিল৷
সৃষ্টিৰ পাতনিৰ পৰা প্ৰকৃতিৰ যিসমূহ উপাদানে সোণত সুৱগা চৰাইছে, তাৰ ভিতৰত নৈ, জান, জুৰি, বিল, জলাহ আদি অন্যতম৷ প্ৰকৃতিৰ এই উপাদানসমূহে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপে খ্যাত মাজুলীৰ চহকী জৈৱ বৈচিত্ৰ্যত অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷ চৰকাৰী হিচাপ মতে মাজুলীৰ এক বৃহৎ এলেকাই প্ৰাকৃতিক জলাশয়৷ এই জলাশয় সমূহ বিভিন্ন জলজ জীৱ তথা দেশী-বিদেশী পক্ষীৰ আৱাসভূমি৷ অতীজত পোলোঙা বিলখনো বছৰৰ বিভিন্ন সময়ত বিভিন্ন পক্ষীৰ বিচৰণস্থলী আছিল৷ বিশেষকৈ জাৰকালি বিলখনত স্থানীয় আৰু পৰিভ্ৰমী বিভিন্ন চৰাইৰ সমাগম দেখিবলৈ পোৱা গৈছিল৷ পুৱা-গধূলি পক্ষীৰ কল-কলণি তথা উঠা-নমাৰ দৃশ্য আছিল অতি আকৰ্ষণীয়৷ বিলত দেখা পোৱা পক্ষীবোৰ হ’লঃ মাছোৰোকা, ধেৰা, পানী-কাউৰী, দৰিকলা, মণিয়ৰী, আজান, কণামুছৰি, বগলী, শামুকভঙা, কনুৱা, বৰটোকোলা, শৰালি, চাকৈ-চকোৱা, ডাউক, কাম চৰাই, দলম’ৰা, পাকৈঢোঁৰা আদি৷ বিলত চৰাইবোৰে মাছ ধৰাৰ দৃশ্যও অতি দৃষ্টিনন্দন৷ এই সকলোবোৰ গাঁৱৰ জে্যষ্ঠ ব্যক্তিসকলৰ পৰা শুনা কথা৷ বৰ্তমান ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি এখনহে পোলোঙা বিলত দেখিবলৈ পোৱা যায়৷
মাজুলীৰ বৃহত্তৰ ফুলনি অঞ্চলটোৰ বাবে মাছ-পুঠিৰ যোগান ধৰা পোলোঙা বিলখন বৰ্তমান সংৰক্ষণৰ অভাৱত পৰিছে৷ জৈৱ-বৈচিত্ৰ্যৰ কেন্দ্ৰস্থল, জনসাধাৰণৰ জীৱন নিৰ্বাহৰ সম্বল পোলোঙা বিল বৰ্তমান প্ৰায় নিশ্চিহ্ন হোৱাৰ পথত৷ পূৰ্বতে বছৰি অহা বানপানীয়ে বিলৰ জলস্তৰ বৃদ্ধি কৰি ৰখাৰ লগতে মাছ উৎপাদনতো অৰিহণা যোগাইছিল৷ কিন্তু যোৱা কিছু বছৰ ধৰি বানপানী সমস্যাৰ পৰা অঞ্চলটো নিৰাপদে থকাৰ বাবে বিলৰ জলস্তৰ হ্ৰাস পালে৷ ফলত বিভিন্ন জলজ জীৱৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে বিলখন গতিত বাধা আহি পৰিছে৷ আনহাতে বিলখন সম্পূৰ্ণৰূপে পিটনীৰে ঢাক খাই পৰিছে৷ যাৰ বাবে বিলৰ পানী দেখা পোৱা নাযায়৷ জনসংখ্যা বৃদ্ধিৰ বিপৰীতে খেতি মাটিৰ পৰিমাণ কমি অহাৰ ফলত বিলৰ একেবাৰে কাষলৈকে মানুহে খেতি কৰিবলৈ ল’লে৷ ফলত বিলৰ পৰিসীমাও হ্ৰাস হৈ আহিল৷ তদুপৰি কৃষিভূমিৰ বোকা মাটি, অবাবত গজা উদ্ভিদসমূহৰ গেলা আৱৰ্জনা আদিবোৰে বিলৰ বুকু বাম কৰি তুলিছে৷ এনেদৰে বিভিন্ন প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণৰ বাবে বিলখন মৃত্যুৰ মুখলৈ গতি কৰিছে৷ এনে অৱস্থাৰ বাবে বিললৈ আগৰ দৰে পক্ষীৰ আহ-যাহ নোহোৱা হ’ল৷ বৰ্তমান দুই এটা স্থানীয় পক্ষীৰ বাদে আন চৰাই বিলত দেখিবলৈ পোৱা নাযায়৷ আগতে বানপানীয়ে বিলখনত প্ৰতি বছৰে নতুনত্ব আনি দিছিল আৰু মাছৰ উৎপাদনো ভাল হৈছিল৷ কিন্তু এতিয়া অলাগতিয়ালভাৱে গজি উঠা বিভিন্ন ধৰণৰ জলজ উদ্ভিদে বিলখন পুতি পেলোৱাত পানীৰ ভিতৰৰ পৰিবেশতন্ত্ৰ বেয়া হৈ পৰিছে৷ ফলত মাছৰ উৎপাদনো কমি আহিল৷ এনে হৈ থাকিলে বিলখন যে এদিন নিশ্চিহ্ন হৈ পৰিব তাত কোনো সন্দেহ নাই৷
খাল, বিল, জলাহ আদিবোৰ হৈছে প্ৰকৃতিৰ মহামূল্যবান সৃষ্টি৷ আমাৰ ৰক্ষাকৱচ এই সম্পদসমূহ হৈছে প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ৷ কিন্তু বিশ্বায়নৰ কৰাল গ্ৰাসত পৰি এনে বহু আদ্ৰৰ্ভূমি বৰ্তমান ধ্বংসৰ পথত৷ তাৰ উপযুক্ত উদাহৰণ হৈছে ফুলনি অঞ্চলক আৱৰি ৰখা পোলোঙা বিল৷ আদ্ৰৰ্ভূমিসমূহ মৃত্যুৰ মুখলৈ গতি কৰাৰ প্ৰধান কাৰণটোৱেই হৈছে মানুহৰ অসজাগতা আৰু গুৰুত্বহীনতা৷ সময় থাকোতেই যদি এইবোৰ সংৰক্ষণ কৰা নহয় অনাগত দিনত সমগ্ৰ জৈৱ-বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব৷ সমাজৰ প্ৰতিজন ব্যক্তি এইক্ষেত্ৰত সচেতন হোৱা প্ৰয়োজন৷ এই বিলসমূহৰ অনেক সম্ভাৱনীয়তা আছে৷ বিলসমূহ মৎস্য উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি আৰু তাৰ লগতে কিছুমান আনুষংগিক উদ্যোগ গঢ়ি তুলিব পাৰিলে বহু লোক লাভৱান হ’ব পাৰিব৷ তদুপৰি বিলসমূহক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তুলিব পাৰি৷ পৰিকল্পিতভাৱে বৈজ্ঞানিক উপায়েৰে বিলসমূহ আগৰ অৱস্থালৈ ঘূৰাই আনি উপযুক্তভাৱে ব্যৱহাৰ তথা সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ৷ এনে কৰিলেহে ভৱিষ্যৎ প্ৰজন্মক এখন সুন্দৰ বাতাবৰণৰ পৃথিৱী উপহাৰ হিচাপে দিব পাৰিম, অন্যথা নৈ-বিলৰ কাহিনীবোৰ কিতাপৰ পাততেই সীমাবদ্ধ হৈ থাকিব৷
Geolocation is 27.054662, 94.291404