![]() |
মাজুলীৰ এক বৃহত্তম অঞ্চল হ’ল বনগাঁও৷ অঞ্চলেটোৱে প্ৰায় ওচৰে-পাঁজৰে ১০ খনৰো অধিক গাঁও আৱৰি আছে৷ বনগাঁও অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে অৱস্থিত৷ অৱস্থিতিৰ ফালৰ পৰা আচলতে বনগাঁও অঞ্চলটো মধ্য মাজুলীৰ অন্তৰ্গত বুলিয়েই ক’ব পাৰি৷ কিন্তু বনগাঁওৰ কিছু অংশ উজনি মাজুলীৰ পৰিসীমাৰ অন্তৰ্ভুক্ত হৈ আছে৷ বনগাঁও অঞ্চলেটোৰ এখন উল্লেখযোগ্য গাঁও হ’ল মুদৈ গাঁও৷ মুদৈ গাঁওখনক কেন্দ্ৰ কৰি সমগ্ৰ বনগাঁও অঞ্চলটোৱে এক বিশেষ প্ৰাধান্য লাভ কৰা দেখিবলৈ পোৱা যায়৷ মুদৈ গাঁওখনৰ ইতিহাস মন কৰিবলগীয়া৷
ইতিহাস বিচাৰ কৰি চালে দেখা যায় যে মানৱ সভ্যতাৰ প্ৰায় সকলো প্ৰধান উপাদান নদীক আশ্ৰয় কৰিয়েই গঢ় লৈ উঠিছিল৷ নদীক কেন্দ্ৰ কৰিয়েই পৰৱত¹ সময়ত আধুনিক সমাজখনো গঠিত হৈছে৷ নদীৰ পাৰতেই প্ৰতিষ্ঠা হৈছে প্ৰাচীন বন্দৰ, চহৰ আৰু নগৰ৷ ৰাস্তা-ঘাটৰ বিকাশৰ বহু পূৰ্বে নদীকেই পৰিৱহন ব্যৱস্থাৰ মূল আহিলা হিচাপে গণ্য কৰা হৈছিল৷ বৰ্তমানেও যোগাযোগৰ অন্যতম বাটকটীয়া হিচাপে নদীকেই প্ৰধানত মূল স্তৰ হিচাপে বিবেচিত কৰা হৈছে৷ নদীৰ বুকুৱেদিয়েই পৃথিৱীৰ প্ৰায়বোৰ উপাদান এটা মূৰৰ পৰা আনটো মূৰলৈ কঢ়িয়াই নিয়াটো সম্ভৱ হৈ উঠিছে৷ সামগ্ৰিকভাৱে পৰ্যবেক্ষণ কৰিলে দেখা পোৱা যায় যে মানুহৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সকলো সম্পদৰ একমাত্ৰ উৎস হ’ল নদী৷
মুদৈ গাঁওখনৰ উৎপত্তিৰ আঁৰতো এক নদীকেন্দ্ৰিক ধাৰণাই লুকাই আছে৷ মুদৈ গাঁওখনৰ নামকৰণ তেনে প্ৰেক্ষাপটতেই হোৱা বুলি ক’ব পাৰি৷ প্ৰায় ১০০ বছৰ মান আগত মাজুলীৰ চাৰিওকাষ উন্মুক্ত অৱস্থাত আছিল৷ অৰ্থাৎ কোনোধৰণৰ মথাউৰিয়ে মাজুলীক আৱৰি থকা নাছিল৷ সেই সময়ত ব্ৰহ্মপুত্ৰৰ এটা সৰু সঁুতি মেৰাগড় আৰু যোগী গাঁৱৰ মাজৰ এটা অংশ ‘বালিচাত’ নামে ডুবি এটাৰ পৰা আহিছিল৷ এই ‘বালিচাত’ ডুবিটো বনগাঁও অঞ্চলৰ পিছফালেৰে আহি মুদৈ গাঁওৰ মাজেৰেই বৈ গৈছিল৷ মুদৈ গাঁওৰ মাজেৰেই বৈ ‘বালিচাত’ ডুবিটো মাজুলীৰ হৃদপিণ্ড স্বৰূপ ‘টুনী’ নৈত পৰিছিলগৈ৷ সেই সময়ত দূৰণিৰ মুদৈসকল বেপাৰ বাণিজ্যৰ বাবে ব্ৰহ্মপুত্ৰ নদীয়েদি ‘বালিচাত’ বিলেৰে আহি মুদৈ গাঁওখনত প্ৰৱেশ কৰিছিল৷ তাৰ পাছত তেওঁলোকে অঞ্চলটোত বিভিন্ন ধৰণৰ বেপাৰ-বাণিজ্য কৰিছিল৷ মুদৈসকলে গাঁওখনত থাকি বেপাৰ-বাণিজ্য কৰাৰে পৰা গাঁওখনৰ নাম মুদৈগাঁও হয়৷
বালিচাত বিলখনৰ লগত বনগাঁও অঞ্চলেটোৰ জন-জীৱনৰ ওতপ্ৰোত সম্পৰ্ক৷ বিশেষকৈ মুদৈ গাঁওখনৰ মানুহৰ সৈতে বালিচাত বিলখনৰ ঘনিষ্ঠতা অতিকৈ বেছি৷ এই বিলখনে মানুহৰ দৈনন্দিন জীৱনৰ বহু সমস্যা সমাধান কৰি আহিছে৷ মুদৈ গাঁওখনৰ প্ৰায় লোকেই অতীজৰে পৰা কৃষি-কৰ্ম কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ বালিচাত বিলখনে আমাৰ ককা, আজোককাৰ দিনত খেতি-বাতিৰ লগতে মাছ ধৰাকে আদি কৰি বিভিন্ন কাৰ্য আৰু মানুহৰ খাদ্য উৎপাদনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে তাৰ বিপৰীত ৰূপ এটা দেখিবলৈ পোৱা যায়৷ তথাপিও, বালিচাত নৈখনৰ বৰ্তমানৰ ভূমিকাক একেবাৰে নস্যাৎ কৰিব নোৱাৰি৷
বালিচাত নৈখনে মুদৈ গাঁও আৰু ইয়াৰ বিস্তৃত অঞ্চলটোকবিভিন্ন সময়ত বহু ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰি আহিছে বুলি ক’ব লাগিব৷ ইয়াৰ প্ৰভাৱ বিশেষকৈ বাৰিষাকালত দেখিবলৈ পোৱা যায়৷ বাৰিষাকালত সময়ে সময়ে মাজুলীৰ মথাউৰিসমূহ পানীৰ কৱলত পৰে৷ যাৰ ফলত মথাউৰিসমূহ বাৰিষা কালত পানীয়ে ভাঙি পেলোৱাৰ উপক্ৰম ঘটে৷ মথাউৰিসমূহ ভাঙি পেলালে ব্ৰহ্মপুত্ৰৰ বিশাল জলধাৰা আহি মাজুলীৰ ভিতৰত প্ৰৱেশ কৰে৷ ফলত মথাউৰিৰ ভিতৰৰ লোকসকল সমস্যাৰ সন্মুখীন হ’বলগা হয়৷ মুদৈ গাঁওখন ব্ৰহ্মপুত্ৰৰ নিকটৱত¹ অঞ্চলত হোৱা বাবে ইয়াৰ সামগ্ৰিক প্ৰভাৱ একোটা দেখিবলৈ নোপোৱা নহয়৷ কিন্তু মথাউৰি ভাঙি সোমাই অহা পানী পুনৰ এই বালিচাত নৈৱেদি বৈ গৈ পুনৰ ‘টুনী’ নৈ হৈ ব্ৰহ্মপুত্ৰত পৰে৷ ইয়াৰ ফলত মুদৈ গাঁও অঞ্চলটো পানীত বুৰ যাবলগীয়া নহয়৷ মথাউৰিসমূহ ভাঙি পেলোৱাৰ সময়ত যিদৰে বাৰিষা কালত বালিচাত নৈখন পানীৰে ওপচি পৰে ঠিক তেনেদৰে খৰালি কালত এই নৈখনৰ প্ৰায়বোৰ অংশ শুকায় যোৱা দেখিবলৈ পোৱা যায়৷ নৈ খন শুকায় যোৱাৰ ফলত বৃহৎ পৰিমাণৰ মেটেকা পিতনিৰ সৃষ্টি হয়৷ এই মেটেকা, পিতনিসমূহ ব্যৱহাৰ কৰি অঞ্চলটোৰ লোকসকলে বিভিন্ন ধৰণৰ খেতি-বাতি কৰে৷ গাঁওখনৰ খেতিয়কসকলে নহৰু, পনৰু আদি কৰি বছৰটোৰ বাবে নিজাববীয়াকৈ উৎপাদন কৰাৰ লগতে আৰ্থিকভাৱেও স্বাৱলম্বী হৈ আহিছে৷
১৯৭৪ চনৰ কথা৷ সমগ্ৰ মাজুলী পানীত বুৰি আছিল৷ পানীৰ এই প্ৰকোপ বনগাঁও অঞ্চলটোত ভয়াৱহভাৱে পৰিছিল৷সেই সময়ৰ বনগাঁও অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান হিচাপে পৰিচিত আছিল মেৰাগড় গাঁৱত অৱস্থিত ‘মেৰাগড় হাই স্কুল’৷ বানপানীৰ ভয়াৱহতাই এই শিক্ষানুষ্ঠানখন ভাঙি নিঃশেষ কৰি পেলাইছিল৷ শিক্ষানুষ্ঠানখনৰ ভগ্নাংশবোৰ বালিচাত নৈৰে বৈ আহি মুদৈ গাঁৱৰ আশে-পাশে থকা পথাৰৰ বালিত পোত যায়৷ অৱশ্যে পৰৱৰ্তী সময়ত সেই ভগ্নাংশবোৰ উদ্ধাৰ কৰা হয়৷ উদ্ধাৰ কৰা অংশবোৰেৰে পুনৰ বনগাঁও অঞ্চলত নতুনকৈ ‘মেৰাগড় হাই স্কুল’ৰ প্ৰতিষ্ঠা কৰা হয়৷ ১৯৭৪ চনৰ সেই ডাঙৰ বানপানীয়ে বনগাঁও অঞ্চলটোৰ লগতে প্ৰায়বোৰ গাঁও আৰু পথাৰত বালি পেলাই খেতি কৰিবৰ বাবে অনুপযোগী কৰি তোলে৷ পৰিণতিত মুদৈ গাঁৱৰ লগতে পহুমৰা গাঁৱৰ লোকসকলে খেতি-বাতি কৰিবৰ বাবে মাটি বিচাৰি বহু কষ্টত পৰিবলগীয়া হৈছিল৷
এসময়ত বালিচাত নৈখনৰ বাবে অঞ্চলটোৰ মানুহে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছিল৷ বাৰিষা কালত নৈখনত পানী উপচি পৰাৰ লগে লগে মুদৈ গাঁও আৰু গায়নগাঁও- ধুৱাছলা সংযোগী পথছোৱা পানীয়ে খহাই দ’ কৰি পেলাইছিল৷ ইয়াৰ ফলত সকলোৱে দুৰ্ভোগত ভুগিবলগা হৈছিল৷ বিশেষকৈ স্কুললৈ অহা ল’ৰা-ছোৱালী আৰু বিভিন্ন কামত যোগাযোগৰ ক্ষেত্ৰত অঞ্চলটোৰ মানুহে বহু সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছিল৷ বৰ্তমান সেই সমস্যা দূৰ হোৱাৰ পথত৷ বালিচাত নৈখনৰ ওপৰত চৰকাৰৰ দ্বাৰা বৰ্তমান এটি বৃহৎ ‘পুল’ নিৰ্মাণ কৰা হৈছে৷ এই নিৰ্মাণ কাৰ্যই মুদৈ গাঁৱকে প্ৰমূখ্য কৰি বৃহত্তৰ বনগাঁও অঞ্চলটোৰ ৰাইজক ভৱিষ্যতৰ দিনত নিশ্চিতভাৱে সকাহ প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে৷
শেষত এই কথা ক’ব পাৰি যে বালিচাত নৈখনে মুদৈ গাঁও অঞ্চলৰ লোকসকলক সকলো ক্ষেত্ৰত উপকাৰে সাধন কৰি আহিছে৷ পানীৰ অভাৱৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ সকলো ধৰণৰ প্ৰয়োজনীয়তাকে নৈখনে পূৰণ কৰি আহিছে৷ নৈখনৰ পৰা আটাইতকৈ বেছি লাভৱান হোৱা দেখা যায় অঞ্চলটোৰ খেতিয়কসকলক৷ খেতি-বাতিৰ বাবে প্ৰয়োজনীয় জলৰাশি নৈখনে অঞ্চলটোক প্ৰদান কৰি আহিছে৷ প্ৰকৃততে মুদৈ গাঁও আৰু বালিচাত নৈখন অতীজৰে পৰা একেডাল ৰচীৰ সংপৃক্ততাৰে বান্ধ খাই আছে৷ নৈখনৰ অৱস্থিতি আৰু সম্ভাৱনীয়তাক লৈ মুদৈ গাঁও অঞ্চলৰ লোকসকল ভালদৰেই জ্ঞাত৷ নৈখন অঞ্চলটোৰ বাবে মেৰুদণ্ড স্বৰূপ৷ সমান্তৰালভাৱে বালিচাত নৈখন অঞ্চলটোৰ অধিকাংশ লোকৰ বাবে জীৱন আৰু জীৱিকা৷ মুদৈ গাঁওৰ কিছু লোকে বাৰমাহেই এই নৈত জাল মাৰি মাছ-পুথি ধৰি খোৱাৰ লগতে আৰ্থিকভাৱে টনকিয়াল হোৱা দেখা গৈছে৷ বৰ্তমান অৱস্থাত যিদৰে চৰকাৰে বিলসমূহ অৰ্থৰ বিনিময়ত ‘ডাক’ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ফলত বণিক গোষ্ঠীৰ লাভালাভ হ’লেও এটা অঞ্চল মৎস্য উৎপাদনৰ সামগ্ৰিক ব্যৱস্থা এটাৰ পৰা আঁতৰি আহিবলগা হৈছে৷ সৌভাগ্যক্ৰমে ‘বালিচাত নৈ’খনৰ ক্ষেত্ৰত এই পৰ্যন্ত চৰকাৰে তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা দৃষ্টিগোচৰ হোৱা নাই৷
Geolocation is 26.952541599238206, 94.292138