Alt
29 Apr 2025 12:32 PM

খেৰকটীয়া নৈ, অতীত আৰু বৰ্তমান  
ৰাজীৱ পাতিৰ

মাজুলীৰ জন-জীৱনৰ সৈতে সংপৃক্ত হৈ থকা চিৰ-পৰিচিত এখন নৈ হ’ল, খেৰকটীয়া নৈ৷ যাৰ নাম নল’লে হয়তো মাজুলীবাসীৰ জন-জীৱনৰ কথাই অসম্পূৰ্ণ হৈ ৰ’ৱ৷ নিজস্ব স্বকীয়তা ৰক্ষা কৰি খেৰকটীয়া নৈখন খুৱ শান্তভাৱে মাজুলীৰ বুকুৰে বৈ আছে৷ খেৰকটীয়া নৈখন মাজুলী জিলাৰ উত্তৰ পূবকোণত অৱস্থিত৷ নৈখনে মাজুলী আৰু লক্ষীমপুৰ জিলাক ভৌগোলিকভাৱে দ্বিখণ্ডিত কৰি পূৱা-পশ্চিমাকৈ বৈ গৈছে৷ খেৰকটীয়া নৈৰ জন্মগত কাহিনীয়েই হওক কিম্বা উৎপত্তিস্থলেই হওক ইয়াৰ ইতিহাস বিচাৰ কৰিলে বহুতো তথ্য পোৱা যায়৷ খেৰকটীয়া নৈখন মাজুলীৰ সীমান্তৱৰ্তী কলাবাৰী গাঁৱৰ সমীপৰ এটা অংশইদি ব্ৰহ্মপুত্ৰৰ পৰা ফাটি মাজুলীৰ পশ্চিম দিশলৈ সোমাই আহিছে৷ এই অংশটোৱে ক্ৰমে টাকাৰচুক, গেজেৰা, ৰতনপুৰ মিৰি, মাজৰদেউৰী, জেংৰাইমুখ, জেংৰাই মঘুৱাচুক, জেংৰাই চাপৰি, বালি চাপৰি, যমুদচুক, নামনি জকাইবোৱা, বালি জকাইবোৱা আৰু কুলামুৱা চাপৰিক স্পৰ্শ কৰিছে৷ কুলামুৱা চাপৰিৰ পৰা নৈখন বৈ গৈ বৃহত্তৰ গড়মূৰ অঞ্চলৰ মাজেৰে যোৱা লোহিত নৈত সংযোজিত হৈছে৷ লোহিত নৈৰ পৰা বৈ গৈ ই  ব্ৰহ্মপুত্ৰত মিলিছেগৈ৷ এটা সৰু  সুঁতিৰ পৰা নৈত পৰিণত হোৱা কাৰণে ইয়াক খেৰকটীয়া সুঁতি বুলিও জনা যায়৷ 

নৈখনক কেন্দ্ৰ কৰিয়েই  ইয়াৰ পাৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্যৰ সাঁকো নিৰ্মাণ হৈছে৷ মিচিং, দেউৰী, কৈৱৰ্ত, বঙালী, নেপালী আদি জাতিয়ে কালক্ৰমত খেৰকটীয়া নৈৰ পাৰতেই বসতি কৰিবলৈ লয়৷ অতীজৰে পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ এটা মূল অংশ লোহিত নদীৰেই প্ৰৱাহিত হৈ আছে৷ খেৰকটীয়া নৈখনেও এই লোহিত নদীত সংযোজিত হৈ ক্ৰমশঃ পশ্চিমলৈ বৈ যোৱা দেখা যায়৷ আনহাতে ঢকুৱাখনাৰ বুকুৱেদি বৈ যোৱা চাৰিকড়ীয়া, কুমতীয়া, চেলাজান আদি নদীৰ কিছু কিছু অংশ জেংৰাইমুখৰ উজনি অংশত খেৰকটীয়া নৈত মিলিত হৈছে৷

খেৰকটীয়া নৈ, ১৯৭৭ চন: 

১৯৭৭ চনৰ বানপানী মাজুলীৰ বাবে আছিল এক অভিশাপ৷ ১৯৭৭ চনৰ এই প্ৰলয়ংকাৰী বানে মাজুলীৰ ভৌগোলিক মানচিত্ৰখন সম্পূৰ্ণৰূপে সাল-সলনি কৰি পেলালে৷ বহুকেইখন গাঁও মাজুলীৰ মানচিত্ৰৰ পৰা নোহোৱা হৈ গ’ল৷ জনগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ পৰিবৰ্তনে দেখা দিলে৷ বানপানীৰ এই প্ৰভাৱ উজনি মাজুলীৰ ৰতনপুৰ মিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত গেজেৰা অঞ্চলত সৰ্বাধিক পৰিল৷ এই গেজেৰা অঞ্চল আছিল অসমৰে এখন অন্যতম উল্লেখযোগ্য ঠাই৷ খেতি বাতিৰ পৰা ধৰি অন্যান্য সা-সম্পত্তিৰে এখন চহকী অঞ্চল ৷ মিচিং জাতীয় সংগঠনে “মিচিং বানে কেবাং”ৰ দৰে মিচিং জনগোষ্ঠীৰ প্ৰথমটো বৃহৎ অধিৱেশন এই গেজেৰা অঞ্চলতে অনুষ্ঠিত কৰিছিল৷ সেই সময় তথা দৃশ্যবোৰ অঞ্চলবাসীৰ চকুত আজিও ভাহি আছে৷ কিন্তু ১৯৭৭ চনৰ বানপানীৰ ফলত এই  বৃহত্তৰ এলেকাটো নিমিষতে ছিন্ন ভিন্ন হ’ল৷ গেজেৰা অঞ্চলৰ লোকে জনোৱা মতে ব্ৰহ্মপুত্ৰৰ পৰা এই অঞ্চলক সুৰক্ষিত কৰাৰ বাবে নিৰ্মাণ কৰা বেচামৰা-টেকেলিফুটা মথাউৰি এই বানতে ছিগিল৷ অস্তিত্বৰ সংকটে দেখা দিলে৷ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ গেজেৰা অঞ্চলবাসী ঢকুৱাখনাৰ ওচৰলৈ পিছুৱাই আহি বৰ্তমানৰ ঠাইত অৱস্থান কৰিলেহি৷ দৰাচলতে বানৰ এই সংসাৰী ৰূপে মাজুলীক বহু পিছুৱাই নিলে৷

প্ৰত্যাহ্বান আৰু সহাৱস্থান: 

পঞ্চাশ দশকৰ পূৰ্বে ব্ৰহ্মপুত্ৰত কোনোধৰণৰ খহনীয়া নাছিল৷ সময়ৰ চাকনৈয়াত বদ্ধিৰ্ত জনসংখ্যাৰ লগে লগে বৰলুইতৰ নানান পৰিবৰ্তন ঘটিল৷ সুবিধাবাদী মানুহে আশা-আকাংক্ষা পূৰণ কৰিবলৈ গৈ নিৰ্বিচাৰ অত্যাচাৰ চলালে৷ শান্ত-সমাহিত চৰিত্ৰৰ ব্ৰহ্মপুত্ৰই পৰৱৰ্তী পৰ্যায়ত ক্ৰমান্বয়ে নিজৰ চৰিত্ৰ সলনি কৰি খহনীয়াৰ বিধ্বংসী ৰূপ ধাৰণ কৰে৷ ফলত জাঁজী আৰকেপ, কলাবাৰী, টেকেলিফুটা, টাকাৰচুক আদিকে ধৰি বিভিন্ন গাঁৱে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰকোপ সহিব নোৱাৰি নতুন ঠাইত নতুন বসতি [বৰ্তমান ঢকুৱাখনা মহকুমা যি ঠাইত আছে] আৰম্ভ কৰে৷ নামনি গেজেৰা গাঁৱৰ নিবাসী তথা শিক্ষাবিদ জীৱনাথ দলেই সদৰী কৰামতে প্ৰায় ১৯৭৯ চনত ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ পৰা অঞ্চলটোক সুৰক্ষিত কৰাৰ স্বাৰ্থত বেচামৰা-টেকেলিফুটা সুবিশাল মথাউৰি নিৰ্মাণ কৰা হৈছিল৷ ইয়াৰ পাছতে এক প্ৰকাৰ খেৰকটীয়া সঁুতিৰ বৃহৎ অংশ মৃত্যু হোৱা বুলি স্থানীয় সমাজে সদৰি কৰিছে৷

নৈ সকলোৰে প্ৰাণ৷ সভ্যতা-সংস্কৃতি বিকাশৰ ক্ষেত্ৰত নৈয়ে অতীজৰে পৰা অনবদ্য অৱদান আগবঢ়াই আহিছে৷ খেৰকটীয়া নৈৰ পাৰত গঢ়ি উঠিছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমাহাৰ৷ প্ৰধানত খেৰকটীয়া নৈৰ পাৰত মিচিং জনগোষ্ঠীয় লোকৰ বসতি সকলোতকৈ অধিক৷ নৈপৰীয়া জনগোষ্ঠীয় লোকসকলে নদীক সম্পদ হিচাপে গণ্য কৰে৷ নৈৰ পানীৰ সৈতে সহাৱস্থান কৰাটো নৈপৰীয়া জাতিৰেই বৈশিষ্ট্য৷ আধুনিকতাই কোঙা কৰা সময়ত যান্ত্ৰিকতাৰ আৱেষ্টনীৰ পৰা নিজকে নিলগত ৰাখি প্ৰকৃতিৰ ৰম্যভূমি হিচাপে নৈপৰীয়া ঠাইক লাহে লাহে চিহ্নিত কৰা হয়৷ একেদৰে খেৰকটীয়া নৈখনো কোনোমতেহে জীয়াই আছে৷ বৰ্তমান নৈখনৰ সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব আহি পৰিছে, যিহেতু এই খেৰকটীয়া নৈখনক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে নদীকেন্দ্ৰিক সভ্যতাৰ৷ বছৰি হোৱা বানপানীয়ে পলস পেলাই সৃষ্টি কৰা সাৰুৱা মাটিত খেৰকটীয়া নৈৰ কৃষিজীৱি জাতিটোয়ে সোণগুটিৰ ৰঙীন সপোন ৰচে৷ নৈখনে অত্যধিক বস্তুৰ পৰিবহন তথা যাতায়তৰ দিশটোক সহজসাধ্য কৰি তুলিছে৷ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত যাতায়াত ব্যৱস্থা এক অতি গুৰুত্বপূৰ্ণ মাধ্যম৷ খেৰকটীয়া নৈৰ গুৰুত্ব যাতায়াত ব্যৱস্থাৰ দিশতো অতিকৈ উল্লেখনীয়৷ নৈখনৰ বুকুৰে বৈ অহা মূল্যৱান বয়-বস্তু নৈপৰীয়া মানুহখিনিৰ মূলধন হিচাপে পৰিগণিত হৈছে৷ অৰ্থনৈতিক উন্নয়ন সমাজ ব্যৱস্থাৰ আন এক গুৰুত্বপূৰ্ণ দিশ৷ খেৰকটীয়া নৈক কেন্দ্ৰ কৰি আৰ্থ সামাজিক দিশটোৱে গুৰুত্ব লাভ কৰিছে৷ তদুপৰি যোগাযোগৰ মাধ্যম হিচাপে গঢ় লৈ উঠা পাৰঘাটৰ পৰা সংগ্ৰহ কৰা ৰাজহ, মৎস্য উৎপাদন, বিভিন্ন পৰ্যায়ৰ নিবিদাত সংগ্ৰহ কৰা বুজন পৰিমাণৰ ধন, গাঁও উন্নয়নৰ বাবে পুঁজি গঠন আদি বিভিন্ন ধৰণৰ ইতিবাচক দিশ খেৰকটীয়া নদীখনৰ সৈতে জড়িত হৈ আছে ৷

খেৰকটীয়া নৈখনৰ দৈৰ্ঘ্য সঠিকভাৱে নিৰূপণ কৰিব নোৱাৰি৷ বছৰি হোৱা বানপানীয়ে মাজে সময়ে ক্ষতিসাধন কৰা দেখা যায় যদিও ই বৰ বিশেষ প্ৰভাৱ নেপেলায়৷ কিন্তু বিভিন্ন প্ৰাকৃতিক ঘটনা পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান নৈখনৰ উৎপত্তি অংশৰ পৰা মাজৰ দেউৰীৰ খেৰকটীয়া দলঙলৈকে নৈখনৰ বৃহৎ অংশ জহি-খহি যোৱাত নিজৰ বৈশিষ্ট্য হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে৷ ইয়াক পুনৰুদ্ধাৰ কৰাৰ কোনো অৱকাশ নাই৷ এই নৈখন বিভিন্ন প্ৰাকৃতিক প্ৰলয়ৰ প্ৰকোপত পৰিবলগীয়া হৈছে৷ বহু উত্থান-পতনৰ মাজেদি আহি বৰ্তমানৰ খেৰকটীয়া নৈখন মৃতকত পৰিণত হৈছে৷

সম্পদ আৰু সম্ভাৱনীয়তা: 

খেৰকটীয়া নৈখনত দেখিবলৈ পোৱা পলস তিনি প্ৰকাৰৰ নতুন পলস, পুৰণা পলস আৰু অৰণ্য ভূমি৷ এই ভূমিৰ প্ৰায় ৬৯ শতাংশই খেতিৰ উপযোগী আৰু বাকীবোৰ খেতিৰ উপযোগী নহয়৷ খেৰকটীয়া নৈ বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, শিহু, সৰীসৃপ, পতংগ আদিৰ আৱাসভূমি হিচাপে পৰিচিত৷

খেৰকটীয়া নৈয়ে মাজে সময়ে খহনীয়াৰে ত্ৰাসৰ সৃষ্টি কৰে৷ নৈখনৰ খহনীয়া আক্ৰান্ত অঞ্চল যেনে-জেংৰাইমুখ টাউন, কুমাৰবাৰী, বৰপমুৱা, জেংৰাই, স্বৰ্ণশিৰি, জেংৰাই  বালিচাপৰি, বালি জকাইবোৱা আদি অঞ্চলত চৰকাৰে সুৰক্ষামূলক অত্যাধুনিক জিঅ’ বেগ প্ৰকল্প ৰূপায়ণ কৰিছে৷ বৰ্তমান অঞ্চলটো বহু পৰিমাণে খহনীয়াৰ পৰা মুক্ত৷ খেৰকটীয়া নৈৰ পানীসমূহ ভৱিষ্যতে সম্পদ হিচাপে ৰূপান্তৰ কৰাৰ থল আছে৷ নদীৰ পাৰত পৰ্যটকৰ আকৰ্ষণথলী হিচাপে এক সুপৰিকল্পিত পৰ্যটন ব্যৱস্থা গঢ়ি তুলিব লাগে৷ খেৰকটীয়াত খৰালি সময় অহাৰ লগে লগে দেশী-বিদেশী আলহী চৰাইৰ বিচৰণ ঘটে৷ পৰিভ্ৰমী চৰাইবোৰৰ মাজৰ পৰা নিগৰিত চৰাইৰ মাত পৰ্যটকৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ আনহাতে খেৰকটীয়া নৈৰ পানী জলসিঞ্চন ব্যৱস্থাৰ সৈতে সংযোজন হ’লে হেজাৰ হেজাৰ কৃষকৰ মুখত হাঁহি বিৰিঙিব৷ ইয়াৰ লগে লগে বৈজ্ঞানিক পদ্ধতিৰে বছৰত কেইবাবিধো খেতি কৰি অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ প্ৰৱল সম্ভাৱনা আছে৷ এনেবোৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ দিনত খেৰকটীয়া নৈখনক সুৰক্ষিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা উচিত৷
 

State: Assam
Map location:

Geolocation is 27.085738, 94.348563