![]() |
কাকৰিকটা গাঁও আৰু বিল
অসীম দাস
কাকৰিকটা গাঁও৷ সামগ্ৰিক উত্থান-পতন আৰু বহু পৰিবৰ্তনৰ মাজেৰে আহি কাকৰিকটা গাঁওখনে আজিৰ ৰূপ গ্ৰহণ কৰিছেহি৷ কাকৰিকটা গাঁওখনৰ এক সু-গভীৰ ইতিহাস আছে৷ এই ইতিহাস বহু পুৰণি৷ আজিৰ পৰা প্ৰায় ৫০০ বছৰ আগৰ কাহিনী৷ সেই সময়ত এই অঞ্চলত [বৰ্তমানৰ কাকৰিকটা] কিছু সংখ্যক কৈৱৰ্ত সম্প্ৰদায়ৰ লোকে বসতি স্থাপন কৰিছিল৷ অঞ্চলটোত উপলব্ধ নদ-নদীৰ পানীৰে বিভিন্ন যাৱতীয় কাৰু-কাৰ্য সম্পাদন কৰিছিল৷ নদ-নদীৰ পানীৰেই খেতি বাতিও কৰিছিল৷ আজিৰ তুলনাত অতীতত অঞ্চলটোত গছ-গছনি যথেষ্ট পৰিমাণে থকাৰ কথা আমাৰ দেউতা, ককা, আজুককা সকলে মাজে সময়ে কোৱা শুনিবলৈ পাওঁ৷ দেউতাহঁতকো তেওঁলোকৰ উত্তৰ পুৰুষে এই সম্পৰ্কে অৱগত কৰিছিল৷ সেই সময়ছোৱাত বৰ্তমানৰ কাকৰিকটা বিলৰ পাৰত অন্যান্য গছ-গছনিৰ লগতে সাঁচি গছেৰে ভৰি আছিল বুলি শুনিবলৈ পোৱা যায়৷ এক জনশ্ৰুতিমতে ৫০০ বছৰ আগতে মহাপুৰুষ শঙ্কৰদেৱে বৰ্তমানৰ কাকৰিকটা বিলৰ পাৰত থকা সাঁচি গছৰ পৰা সাঁচিপতীয়া পুথি লিখিবলৈ কাকত [এক বিশেষ প্ৰকাৰৰ গছৰ ছাল] কাটিছিল৷ সাঁচি গছৰ পৰা এই কাকত কটা পদ্ধতিৰ পৰাই কালক্ৰমত গাঁওখনৰ নাম কাকৰিকটা হয়৷
কাকৰিকটা অঞ্চলটো ঘন জন-বসতিৰে পৰিপূৰ৷ অঞ্চলটোৰ পূবে বৰগঞা, পশ্চিমে পহুমৰা, উত্তরে বিৰিণাবাৰী আৰু দক্ষিণে আলিমূৰ গাঁও অৱস্থিত৷ বৰ্তমান এই কাকৰিকটা গাঁৱত প্ৰায় ২৫০ৰো অধিক ঘৰ লোকে বসবাস কৰি আছে৷ অঞ্চলটোৰ ৯০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ আনহাতে অঞ্চলটোৰ অন্যান্য ১০ শতাংশ লোক শ্ৰমদান, ব্যৱসায় আৰু ভিন্ন ক্ষেত্ৰৰ চৰকাৰী-বেচৰকাৰী চাকৰিত মকৰল হৈ আছে৷ জনগাঁথনিৰ দিশৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায় যে, কাকৰিকটা গাঁওখনৰ ১০০ শতাংশৰ অধিকাংশই কৰ্মদক্ষ লোক৷ যুৱক-যুৱতী, বয়োজ্যেষ্ঠ আৰু শিশুৰ সমাহাৰেৰে গাঁওখন এখন সুস্থ জনগাঁথনিৰে সংপৃক্ত৷ ২০১১ চনৰ লোকপিয়ল মতে গাঁওখনৰ মুঠ জনসংখ্যা ৩১৪৷ তাৰে ১৬৪ জন পুৰুষ আৰু ১৫০ গৰাকী মহিলা৷ গাঁওখনৰ সাক্ষৰতাৰ হাৰ ৭৬.৭৫ শতাংশ৷ সাক্ষৰতাৰ দিশেৰে ৮০.৪৯ শতাংশ পুৰুষ আৰু ৭২.৬৭ শতাংশ মহিলা৷ গাঁওখনত, মুঠ ঘৰৰ সংখ্যা ৬৷ প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান এই অঞ্চলৰ মুঠ জনসংখ্যা প্ৰায় ১৪৫০ গৰাকী৷ তাৰে পুৰুষৰ সংখ্যা ৭৩৪, মহিলা ৬৫৭ গৰাকী৷
কাকৰিকটা গাঁওখন ভিন্ন ক্ষেত্ৰত চহকী৷ গাঁওখনৰ মাটিকালিৰ মুঠ ১৩৪.৬৪ হেক্টৰ ভৌগোলিক এলেকাৰে আৱৰি আছে৷ এই এলেকাসমূহ বাস-গৃহ, কৃষি-ভূমি, জলাহ, পিতনি, নলা, নৰ্দমা, ব্যৱহৃত আৰু অব্যৱহৃত ভূমিৰে আগুৰি আছে৷ আগতেই এই কথা উল্লেখ কৰা হৈছে যে গাঁওখনৰ অধিকাংশ লোক কৃষি-কাৰ্যৰ লগত জড়িত৷ প্ৰতিবছৰে গাঁওখনত ভিন্ন প্ৰকাৰৰ শস্য যেনে- ধান, মাহ, সৰিয়হ, আলু, কচু আদি উৎপাদন কৰা হয়৷ গাঁওখনত উৎপাদিত ধানৰ ভিন্ন প্ৰকাৰ দেখিবলৈ পোৱা যায়৷ গাঁওখনত উৎপাদিত ভিন্ন প্ৰকাৰৰ ধান যেনে- আহু, শালি, বাও আদিয়েই প্ৰধান৷ শেহতীয়াকৈ গাঁওখনত বড়ো ধানৰ উৎপাদন লাহে লাহে বাঢ়িব ধৰিছে৷ অঞ্চলটোত প্ৰত্যেক বছৰে প্ৰায় ৩,০০০ মেট্ৰিক টন ধান উৎপাদন কৰা হয়৷ ধানৰ এই উৎপাদনে মাজুলীৰ অৰ্থনীতিলৈ প্ৰতিবছৰে এক বৃহৎ অৱদান আগবঢ়াই আহিছে৷ ইয়াৰোপৰি এই অঞ্চলৰ অন্যতম খেতি হ’ল সৰিয়হ৷ সৰিয়হৰ উৎপাদন যথেষ্ট বেছি৷ বাৰ্ষিক ১.৫-২ মেট্ৰিক টন সৰিয়হ অঞ্চলটোৰ পৰা উৎপাদিত কৰা হয়৷ সমান্তৰালভাৱে মাটিমাহ আৰু মগুমাহৰ খেতিও বৃহৎ পৰিমাণে উৎপাদিত হয়৷ আন আন শাক-পাচলি যেনে- আলু, কচু আদিও যথেষ্ট পৰিমাণে উৎপাদন হোৱা দেখা যায়৷ অঞ্চলটোত বনজ সম্পদৰ উৎপাদন বৰ বিশেষভাৱে হোৱা দেখা নাযায়৷ তথাপিতো গাঁওখনৰ চুকে-কোণে তথা গাঁওৰ বাৰীসমূহত ভিন্ন প্ৰকাৰৰ ফল-মূল যেনে- আম, কঁঠাল, লিচু আদি উপলব্ধ৷ শিমলু, আজাৰ, চেগুন আদি ভিন্ন প্ৰকাৰৰ গছৰ লগতে বাঁহ অঞ্চলটোত আছে৷ গছৰ লগতে অঞ্চলটোত সৰু-বৰ বিবিধ প্ৰকাৰৰ ফুলৰো সমাৱেশ দেখা পোৱা যায়৷
কাকৰিকটাৰ এই বৃহৎ অঞ্চলটোত এখন বিল আছে৷ বিলখনৰ নাম কাকৰিকটা বিল৷ কাকৰিকটা গাঁওখনৰ নামেৰেই বিলখনৰ নাম কাকৰিকটা বিল হৈছে৷ ব্ৰহ্মপুত্ৰৰ নদী পৰা ওলোৱা একটি সুঁতি এই কাকৰিকটা বিলৰ লগত সংযোজিত হৈছে৷ কাকৰিকটা বিলখনৰ ওপৰত নিৰ্ভৰ কৰি গাঁওখনৰ বহুলোকে মৎস্য উৎপাদনেৰে জীৱন-নিৰ্বাহ কৰি আছে৷ ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ যেনে- ৰৌ, বৰালি, নাৰ, বাত, কুঢ়ি, আঁৰি, মাগুৰ, শ’ল আদি দেখিবলৈ পোৱা যায়৷ বাৰ্ষিক এই বিলৰ মৎস্য উৎপাদন প্ৰায় ৫০০ মেট্ৰিক টন৷ আনহাতে ব্ৰহ্মপুত্ৰৰ নদী পৰা ওলোৱা এই সুঁতি আৰু কাকৰিকটা বিলখনৰ বাবে কৃষি-কৰ্মৰ সৈতে জড়িত লোকসকলৰ বাবে যথেষ্ট সুবিধা হোৱা দেখা যায়৷ প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ পৰা বৈ অহা এই সুঁতিয়ে অঞ্চলটোত সৃষ্টি কৰা বানপানীৰ ফলত খেতি-বাতিৰ বিশেষভাৱে উপকাৰ সাধন কৰি আহিছে৷
কাকৰিকটা অঞ্চলটোৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰাটো অতিকৈ প্ৰয়োজনীয়৷ সাম্প্ৰতিক সময়ত সমগ্ৰ পৃথিৱী বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা দেখা গৈছে৷ বৃহত্তৰ কাকৰিকটা অঞ্চলতো তেনে কিছু সমস্যা দেখিবলৈ পোৱা যায়৷ পানীক কেন্দ্ৰ কৰিয়েই অঞ্চলটোত এই সমস্যাৰ উদ্ভৱ হৈছে৷ অতীজত ইয়াৰ স্থানীয় লোকসকলে নৈ-বিল আৰু পুখুৰীৰ পানী খাই জীৱন অতিবাহিত কৰিছিল৷ পৰৱৰ্তী সময়ত কুঁৱা আৰু দমকলৰ পানী ব্যৱহাৰ কৰিবলৈ লয়৷ যাৰ ফলত অঞ্চলটোৰ লোকসকল পানীৰ পৰা হোৱা বিভিন্ন ৰোগৰ কৱলত পৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল পানীত থকা আচেৰ্নিক৷ আৰ্চেনিক এবিধ মাৰাত্মক পানীৰ প্ৰদূষক৷ ই এবিধ ৰাসায়নিক প্ৰদূষক৷ আৰ্চেনিক দমকল আৰু গভীৰ নলীনাদৰ পানীত থাকে৷ আৰ্চেনিক থকা পানী খালে মানুহৰ শৰীৰত বিভিন্ন ৰোগ যেনে- কৰ্কট ৰোগ, ছালৰ ৰোগ আদি হোৱা দেখা যায়৷ আচেৰ্নিকৰ এই প্ৰভাৱ অঞ্চলটোৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে৷ ইতিমধ্যে ইয়াৰ বাবে বহু লোকে প্ৰাণ হেৰুৱাবলগা হৈছে৷ এই সমস্যাই বিশেষকৈ নৱজাতকৰ প্ৰতি এক ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰিছে৷ ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ অৰ্থে চৰকাৰে যদিও পানী যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছে তথাপিও সেইয়া ফলপ্ৰসু হৈ উঠা নাই৷ কেৱল খোৱা পানীৰ অসুবিধাই নহয় বরঞ্চ খেতিৰ বাবে উপযোগী পানীৰ ক্ষেত্ৰতো অভাৱ-অনাটন দেখা পোৱা যায়৷
পৰিবৰ্তিত সমাজ ব্যৱস্থাৰ ভিন্ন দিশে কাকৰিকটা গাঁওখনক কিছু প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়৷ বনাঞ্চল হ্ৰাস বৰ্তমান সময়ৰ আন এক গুৰুত্বপূৰ্ণ সমস্যা৷ বৰ্তমান সময়ত অন্য চাহিদা পূৰণৰ অৰ্থে সকলোৱে প্ৰকৃতিক নিৰ্মম ভাৱে অত্যাচাৰ চলাইছে৷ যাৰ বাবে আমি এক সুস্থ প্ৰাকৃতিক পৰিৱেশ লাভ কৰাৰ পৰা বিৰত থাকিব লগাহৈছে৷ ইয়াৰ প্ৰভাৱ কাকৰিকটা গাঁৱতো দেখিবলৈ পোৱা গৈছে৷ ব্যক্তিগত, সামাজিক, অৰ্থনৈতিক আদি ভিন্ন কাৰণত গছ-গছনি কটা, নদ-নদী বন্ধা আদিৰ বাবে পৰিস্থিতি তন্ত্ৰত ব্যাঘ্যাত সৃষ্টি হৈছে৷ যাৰ বাবে গাঁওখনৰ মানুহে পৰ্যাপ্ত সুবিধা লাভ কৰিব পৰা নাই৷ এনেধৰণৰ সমস্যাসমূহে কৃষি-কাৰ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা দেখা যায়৷ যাৰ ফলস্বৰূপে কাকৰিকটা গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে উপযুক্ত মাটি থকাৰ সত্বেও উৎপাদন কৰিব পৰা নাই৷ ইয়াৰোপৰি অন্ধবিশ্বাসৰ দৰে, কু-সংস্কৃতি আজিও কাকৰিকটা অঞ্চলটোৰ সমাজ-ব্যৱস্থাত বৰ্তি আছে৷ যাৰ বাবে বেমাৰ-আজাৰ, উচ্ছ-নীচ, জাতি- কুল আদিৰ প্ৰয়োভৰো অঞ্চলটোত দেখা পোৱা যায়৷ প্ৰকৃততে ই সমাজৰ ব্যাধি স্বৰূপ৷ সেইবাবে কাকৰিকটা গাঁৱৰ শিক্ষিত মহলে এনে এক জটিল সমস্যাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ কিন্তু আজিৰ বৈজ্ঞানিক যুগত এনে চিন্তাৰ পৰা পৰিত্ৰাণ পাবলৈ প্রথমতে বৈজ্ঞানিক চিন্তাই সুদুৰ-প্ৰসাৰী ৰূপ লাভ কৰিব লাগিব৷ এইক্ষেত্ৰত কাকৰিকটা গাঁৱৰ জনগণে জনসচেতনতা বৃদ্ধি কৰি একত্ৰিতভাৱে আগবাঢ়িব পাৰিলেহে বিকাশ সম্ভৱপৰ হৈ উঠিব৷
Geolocation is 26.9184544, 94.1040522