Alt
10 Mar 2022 8:52 PM

উজনি অসমৰ য’ত ব্ৰহ্মপুত্ৰ নদী অসমত প্ৰৱেশ কৰে, তাতে আছে এই ক্ষুদ্ৰতম দ্বীপটো; নাম কবু চাপৰি। প্ৰতিটো বাৰিষাতে বানপানীৰ ৰূপত দ্বীপটোলৈ দুৰ্যোগ নামি আহে। জৰুৰীকালীন সাহাৰ্যৰ বাবে আহ্বান জনোৱা হয়। তীব্ৰতৰ বানপানীৰ প্ৰকোপত পৰা লোকসকলৰ ৰক্ষাৰ বাবে উদ্ধাৰ কাৰ্য চলোৱা হয়। সকলোতে যুদ্ধকালীন তৎপৰতা। কিছুদিনৰ অন্ততঃ সকলো শাম কাটে। পিছে বানপানী হৈ যোৱাৰ পাছৰ সময়খিনি বেছি গুৰুত্বপূৰ্ণৰূপে বিবেচিত। বহিঃজগতৰ পৰা বিচ্ছিন্ন হৈ পৰা কবু চাপৰিবাসী বহুদিনলৈ জীৱন আৰু জীৱিকাৰ অনিশ্চয়তাত ভোগে। লাহে লাহে সকলো পাহৰি পুনৰ প্ৰতিষ্ঠাৰ সক্ৰিয় মনেৰে ব্যস্ত  হৈ পৰে বাসিন্দাসকল। কিন্তু এই পাহৰণিৰ স্থায়ীত্ব মাথো পুনৰ আন এটা দুৰ্যোগ নহালৈকেহে। কবু চাপৰিয়ে বহু বছৰ পুনৰাবৃত্তিত বানপানী আৰু খহনীয়াৰ প্ৰকোপ দেখি আহিছে।   

"এয়াই আমাৰ কবু চাপৰিৰ কাহিনী", ২ নং কবু চাপৰি গাঁৱৰ গাঁও বুঢ়া কুলদীপ তামাঙে দুখ প্ৰকাশ কৰিলে। লগতে ক’লে যে, দ্বীপটোৰ বাসিন্দাসকল কেৱল বানপানীসদৃশ প্ৰাকৃতিক দুৰ্যোগৰে বলি হয় তেনে নহয়, তেওঁলোকৰ সমস্যাসমূহৰ প্ৰতি চৰকাৰী বিভাগবোৰো সমানে উদাসীন।

কবু চাপৰি কোনো সাধাৰণ নদী-দ্বীপ নহয়। ই এক অনন্য পাৰিপাৰ্শ্বিক ক্ষেত্ৰ যি এক গুৰুত্বপূৰ্ণ বন্যপ্ৰাণীৰ কৰিডৰক প্ৰতিনিধিত্ব কৰে। উত্তৰ দিশত পবা সংৰক্ষিত বনাঞ্চলক অৰুণাচল প্ৰদেশৰ দায়িং ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য আৰু দক্ষিণে অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোগ কৰে। অঞ্চলটো চিয়াং, ডিবাং আৰু লোহিত নদীৰ সংগমস্থলীৰ পৰা মাত্ৰ কেইকিলোমিটাৰ মান নামনিত 95°13.8′E  দ্ৰাঘিমাংশ আৰু 27°43′N অক্ষাংশৰ মাজত অৱস্থিত।  

বৰ্তমানে কবু চাপৰি ৭৩০০ হেক্টৰ ভূমিলৈ হ্ৰাস পালে। চাপিৰটোত  চাৰিখন গাঁও  ১ নং কবু চাপৰি, ২ নং কবু চাপৰি, ৩ নং কবু চাপৰি আৰু ৪ নং কবু চাপৰি। মুঠ ৬৫৪ টা পৰিয়ালৰ সৈতে জনসংখ্যা ৩৮৪০ জন। অঞ্চলটো প্ৰশাসনিকভাৱে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ চিলি পঞ্চায়তৰ অধীনৰ। আপুনি যদি নদী দ্বীপটোলৈ যাব বিচাৰে তেন্তে জোনাইৰ পৰা প্ৰায় এক ঘণ্টাৰ নাও যাত্ৰা কৰিব লাগিব।

 

 চাপৰিটোৰ অতীতৰ বিষয়ে 

কবুচাপৰিৰ পৰিৱেশ আৰু মানৱ বসতিৰ ইতিহাস এক তৈল্য-চিত্ৰ সদৃশ। তামাঙৰ মতে  স্বাধীনতাৰ বহু আগতেই  দ্বীপটোত বসতি আৰম্ভ হৈছিল।  তেওঁক  তেওঁৰ পিতৃ-মাতৃয়ে কৈছিল যে কবুচাপৰি বন্যপ্ৰাণীৰ আৰু গছ-গছনিৰে সমৃদ্ধ এটা প্ৰাচীন দ্বীপ আছিল। "ভূমি অতি উৰ্বৰা আছিল, যাৰ ফলত গ্ৰীষ্ম আৰু শীতকালীন শস্য প্ৰচুৰভাৱে উৎপাদন হৈছিল। লগতে পশুধনৰ বাবে উপযুক্ত পশুখাদ্য আৰু চৰণীয়াপথাৰ উপলব্ধ আছিল।" এই সকলোবোৰে ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাত বাস কৰা বিভিন্ন সম্প্ৰদায়ৰ লোকক কবু চাপৰিত আহি বসতি স্থাপন কৰিবলৈ আকৰ্ষিত কৰিছিল। দ্বীপটোত সকলোৰে প্ৰয়োজনীয়তা পূৰাবৰ বাবে প্ৰাচুৰ্যৰে ভৰি আছিল।

তেওঁ কয়, "মোৰ দেউতাই তেখেতৰ শেষ সময়লৈকে প্ৰায়ে কৈছিল, '১৯৫০ চনৰ ভূমিকম্পই সকলোবোৰ পুতি পেলোৱাৰ আগলৈকে আমি অবিচলিত শান্ত ব্ৰহ্মপুত্ৰৰ দ্বাৰা সদায়েই আশীৰ্বাদপুষ্ট হৈ আহিছোঁ'।

 

 ১৯৫০ চনৰ ভূমিকম্প আৰু ইয়াৰ প্ৰভাৱ 

১৯৫০ চনৰ মূল ভূমিকম্প আৰু পাছৰ কম্পনবোৰৰ ফলত ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ ভূ-পৃষ্ঠ, পানীৰ প্ৰবাহ আৰু নদীৰ গুণাগুণ সম্পৰ্কীয় চৰিত্ৰবোৰৰ পৰিৱৰ্তন হ’ব লাগিছিল। লগতে বহু বছৰ ধৰি নদীবক্ষত চলি থকা ব্যাপক খনন, নদী পাৰৰ খহনীয়া, নদীৰ গতি সলনি, বনাঞ্চল ধ্বংস, ভূমিস্খলনৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ উজনিত নদীপথ বন্ধ হৈ পৰা আদিবোৰ চলি থাকিল। "এইবোৰেই কবুচাপৰিকে ধৰি সমগ্ৰ উজনি ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাত বানপানী আৰু খহনীয়াৰ বৃদ্ধিৰ মূল কাৰণ আছিল" ১৯৯০ চনৰ পৰা পবা সংৰক্ষিত বনৰ সুৰক্ষাৰ বাবে কাম কৰি থকা এজন শিক্ষক আৰু পৰিৱেশ কৰ্মী তোখেশ্বৰ মিৰি আগৰৱালাই এনেদৰেই আমাক কয়।

তদুপৰি তামঙে কয়, "আমাৰ আগৰ পিতৃসকলে আমালৈ স্থানান্তৰ কৰা জ্ঞান আৰু দক্ষতা লগতে আমি নিজ অভিজ্ঞতাৰ জৰিয়তে যি শিকিছিলোঁ (অৰ্থাৎ সেই সময়ত বিভিন্ন দ্বীপ সম্প্ৰদায়ৰ মাজত জ্ঞান আৰু দক্ষতাৰ বিনিময়) ভূমিকম্পৰ পিছৰ সময়ত আমি সহৱস্থান কৰি  জীয়াই থকাৰ বাবে পৰ্যাপ্ত নাছিল।" অনিশ্চিত পৰিস্থিতিৰ ফলত কবু চাপৰিৰ পৰা বৃহৎ বাহ্যিক প্ৰব্ৰজন হৈছিল আৰু আক্ষৰিকভাৱে ঠাইখন 'জংঘল'লৈ ৰূপান্তৰিত কৰিছিল। কিন্তু, আমাৰ পৰিয়ালৰ কিছুমান স্ব-ইচ্ছাৰে বা অনিচ্ছুকভাৱে দ্বীপটোলৈ পুনৰ ঘূৰি আহিছিল। "শান্ত, নিৰবধি  ব্ৰহ্মপুত্ৰৰ পানীয়ে এটা সময়ত আমাক কবুলৈ আদৰণি জনাইছিল। কিন্তু সেই নদীখন ভূমিকম্পৰ পাছত খঙাল হৈ পৰিল, যাৰ ফলত আমি দ্বীপটো এৰি যাবলৈ বাধ্য হৈছিলোঁ," কথাষাৰ কৈ তেওঁ উশাহ সলালে।

২০০০ চনৰ জুন মাহত পৰিস্থিতি বৰ বেয়া হৈছিল। কবু চাপৰিৰ মাজেৰে এক ভয়ানক বানপানী পাৰ হৈ গ’ল। মুঠ ১৬ খন গাঁৱৰ ভিতৰত ১২ খন গাঁও নিশাটোৰ ভিতৰতে উটুৱাই নিলে। শ শ পৰিয়ালে তেওঁলোকৰ ঘৰ, শস্যভূমি আৰু পশুধন হেৰুৱাই পেলালে। বিপদজনক জৰুৰীকালীন অভিযানৰ জৰিয়তে  প্ৰায় ১৬৮ টা পৰিয়ালক উদ্ধাৰ কৰা হয়। উদ্ধাৰকাৰ্যত বিমান চালনা কৰিবলগা অৱস্থা হ’ল। আৰু তাৰ পাছত কবু অঞ্চলৰ বাসিন্দাসকল, কবুৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ চিমেন চাপৰিত পুনৰ বসতি আৰম্ভ কৰিব লগা হয়।

২০০০ চনৰ বানপানীক এক মানৱসৃষ্ট বানপানী বুলি বিশ্বাস কৰা হয়। জানিব পৰা মতে, তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ য়াৰলং চাংপোত (চীনা দখলৰ অধীনত) ভুস্খলনৰ ফলত বন্ধ হোৱা পানীৰ এক বৃহৎ প্ৰবাহ চীনে মুকলি কৰি দিয়ে। যাৰ ফলত অৰুণাচল প্ৰদেশ আৰু অসমত নদীৰ পানী দ্ৰুত গতিত বৃদ্ধি পায়। অৰুণাচল প্ৰদেশত ছিয়াং নদী অৱবাহিকাত হোৱা বনধ্বংসৰ ফলত নামি অহা পানীৰ সোঁতৰ এই তীব্ৰ গতি কম কৰাত অঞ্চলটোৰ পৰিৱেশতন্ত্ৰ ব্যৰ্থ হয়। ফলত উজনি অসমত ধ্বংসাত্মক বানপানী হয়। বাৰ্ষিক বানপানী আৰু খহনীয়াৰ ৰূপত কবু চাপৰিয়ে এতিয়াও সেই বানপানীৰ অনুভৱক প্ৰতিফলিত কৰি থাকে। 

১৯৫০ চনৰ ভূমিকম্পৰূপী প্ৰাকৃতিক দুৰ্যোগটোৱে  ব্ৰহ্মপুত্ৰ অৱবাহিকাত এক নতুন জল আৰু ভূ-পাৰিপাৰ্শ্বিক সংহতি সৃষ্টি কৰে। অৱশ্যে যোৱা ৫০ বছৰত নদীকেন্দ্ৰিক সমাজখনে  এই পৰিৱৰ্তনৰ সৈতে জীয়াই থাকিবলৈ শিকিছিল। কিন্তু, ২০০০ চনৰ আকস্মিক বানপানী মানুহৰ মূৰ্খতাৰ ফল আছিল। "এইটো আমি প্ৰকৃতিক কৰা শোষণৰ ফল আছিল – অৱবাহিকাটোৰ উজনি অঞ্চলত ব্যাপক বন ধ্বংস, নদীৰ পৰা বালি খনন, শিল নিষ্কাষণ আৰু  উপনদীসমূহত হোৱা নিৰ্মাণকাৰ্য – আদিবোৰে নদীৰ অপ্ৰত্যাশিত আচৰণ আৰু তাৰ সৈতে সম্পৰ্কিত বিপদ আৰু মানুহৰ দুখত অৰিহণা যোগাইছিল," তামাঙে মত প্ৰকাশ কৰে।

 

 ২০০০ চনৰ আকস্মিক বানপানীৰ এক ব্যক্তিগত প্ৰতিফলন 

বানপানীৰ ঠিক পিছত, ২০০০ চনৰ আগষ্টৰ মাজভাগত, মই কৃষ্ণ চেত্ৰীৰ সৈতে কবু চাপৰিত ভৰি দিছিলোঁ। ধেমাজি জিলাৰ আকাজানস্থিত গ্ৰাম্য স্বেচ্ছাসেৱক কেন্দ্ৰৰ (আৰভিচি) সঞ্চালক ৰবীন্দ্ৰনাথৰ পৰামৰ্শত মানৱীয় সঁহাৰিৰ এক আৰ্হি প্ৰস্তুত কৰিবলৈ আমি কবুত উপস্থিত হ’লো।

বিপৰ্যস্থ দ্বীপটোৰ দূখী বাসিন্দাসকলক দেখি আচৰিত হৈছিলোঁ। প্ৰায় ১০০০ লোক এটা  অস্থায়ী শিবিৰত (বাঁহ আৰু জংঘল পাতৰে নিৰ্মিত) আশ্ৰয় লৈ আছিল। তেওঁলোকৰ বেছিভাগেই মহিলা আৰু শিশু। টুকুৰা সদৃশ বস্ত্ৰ পৰিধান কৰি পাৰি দিয়া খেৰৰ মজিয়াত তেওঁলোক পৰি আছিল। ব্ৰহ্মপুত্ৰ নদীৰ অবিৰত খহনীয়াৰ বাবে অস্থায়ী শিবিৰবোৰ স্থানান্তৰ কৰিবলৈ সুৰক্ষিত অঞ্চলৰ সন্ধানত পুৰুষসকল ব্যস্ত আছিল। থিয় হৈ থকা শস্য বা সঞ্চিত শস্যৰ কোনো চিন-মোকাম নাছিল। মাত্ৰ দুদিন আগতে চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰা সকাহৰ ওপৰত নিৰ্ভৰ কৰি দুৰ্গতসকল জীয়াই আছিল। পুখুৰী আৰু নদী আছিল একমাত্ৰ খোৱা পানীৰ উৎস। ইতিমধ্যে প্ৰায় ১০৮ টা পৰিয়ালক (প্ৰায় ৭৫০ জন লোকৰ ওচৰত) চৰকাৰে জোনাইৰ সাহায্য শিবিৰলৈ বিমানৰ সহায়েৰে প্ৰেৰণ কৰিছিল।

তাৎক্ষণিক কাম আছিল ৩১৩ টা পৰিয়ালৰ বাবে এক মাহৰ খাদ্য প্ৰদান কৰা। আমি গাঁওবুঢ়া, মণ্ডল (চক্ৰ বিষয়া, জোনাই ৰাজহ চক্ৰৰ প্ৰতিনিধি) আৰু আৰভিচিৰ তত্বাৱধানত স্থাপন কৰা সম্প্ৰদায়ভিত্তিক দুৰ্যোগ প্ৰতিৰোধ সমিতি (ডিপিএছ)ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিলোঁ। মূখ্য উদ্দেশ্য আছিল ডিপিএছ সদস্যসকলক প্ৰশিক্ষণ দিয়া আৰু সম্প্ৰদায়ৰ স্তৰত এক কাৰ্যকৰী জৰুৰীকালীন সঁহাৰি প্ৰদান কৰাৰ বাবে তেওঁলোকৰ ক্ষমতা গঢ়ি তোলা, তাৰ পাছত এক সম্প্ৰদায় ভিত্তিক দুৰ্যোগ প্ৰস্তুতি (চিবিডিপি) আৰু ব্যৱস্থাপনা পৰিকল্পনা প্ৰতিষ্ঠা কৰা।

আৰভিচিয়ে দুই প্ৰকাৰৰ কৌশল অৱলম্বন কৰিছিল-প্ৰথমতে বানপানী প্ৰভাৱিত পৰিয়ালবোৰৰ বাবে তাৎক্ষণিক সকাহ, দ্বিতীয়তে বানপানীৰ পিছত তেওঁলোকৰ পুনৰবাসত সহায় কৰা। কেইবাটাও টাস্ক গঠন কৰাৰ এক পৰিকল্পনা কৰা হ’ল-প্ৰাৰম্ভিক সতৰ্কতা টিএফ, উদ্ধাৰ টিএফ, কেম্প ব্যৱস্থাপনা আৰু যোগাযোগ টিএফ, পানী আৰু অনাময় টিএফ আৰু প্ৰাথমিক চিকিৎসা টিএফ), খাদ্যৰ বাবে কামৰ জৰিয়তে আশ্ৰয় আৰু গাঁও-পথ নিৰ্মাণ, বহনক্ষম ৱাছ প্ৰক্ৰিয়াৰ প্ৰচাৰ আৰু ৰাইজৰ বাবে দমকল আৰু শৌচাগাৰ স্থাপন কৰি সম্প্ৰদায়ৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাত সহায় কৰিবলৈ নিৰ্ধাৰিত কৰা হৈছিল।

কেইবছৰমানৰ বাবে ডিপিএছ-ৰ নেতৃত্বত দুৰ্যোগ প্ৰস্তুতি পদ্ধতিৰ ধাৰণাটো ভালদৰে কাম কৰা যেন লাগিছিল। পাছত কবু চাপৰি অঞ্চলৰ পৰা যুৱসকলৰ ব্যাপক বাহ্যিক প্ৰব্ৰজনৰ বাবে চিবিডিপি প্ৰক্ৰিয়াটো দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

 

আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰব্ৰজন 

১৯৫০ চনৰ ভূমিকম্পৰ পাছৰ কেইবা দশকত  কবু চাপৰি পুনৰাবৃত্তিত হৈ থকা  বানপানী আৰু খহনীয়াৰ ফলত  চাপৰিটোত বাস কৰা লোকসকল বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰব্ৰজনৰ সন্মুখীন হয়।১৯৫০ৰ পৰা ১৯৬৫ চনৰ ভিতৰত বহুতো পৰিয়ালে সুৰক্ষিত ভূমি আৰু জীৱিকাৰ সন্ধানত ক্ষতিগ্ৰস্ত কবু চাপৰি এৰিছিল। লাহে লাহে দ্বীপটো প্ৰাকৃতিকভাৱে সহজ হ’বলৈ ধৰিলে। ফলত কেইবাটাও পৰিয়াল পুনৰ দ্বীপটোলৈ ঘূৰি আহিল। তামাঙে কয়, "আমাৰ লোকসকলে কবু চাপৰি, ইয়াৰ ভূমি, জলাহ ভূমি, অৰণ্য, ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা সমৃদ্ধ জলবায়ু, আশ্চৰ্যকৰ দৃশ্য আদিৰ পৰা বহু সময় আঁতৰি থাকিব পৰা নাছিল।" এইটোও নহয় যে, কবু চাপৰিয়ে ইয়াৰ অতীতৰ গৌৰৱ পুনৰ লাভ কৰিছিল। তথাপিতো কবুচাপৰি আকৰ্যণৰ কেন্দ্ৰ আছিল আৰু তাৰ লোকসকলে পানীৰ চাৰিওফালে তেওঁলোকৰ জীৱন পুনৰ নিৰ্মাণৰ অন্বেষণ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কয়, "মাছ, দুগ্ধজাত দ্ৰব্য, জলপথ, কৃষি আৰু পশুপালনৰ সুচল পৰিবেশৰ লগতে সকলোবোৰ থান থিত লাগিছিলহে।" কিন্তু হঠাতে অহা ২০০০ চনৰ বানপানীয়ে সকলোবোৰ ধুই পেলালে।

চৰকাৰী ৰেকৰ্ড অনুসৰি, যোৱা ২০ বছৰত দ্বীপটোৱে খহনীয়াৰ বাবে প্ৰায় ৩৫৫ হেক্টৰ মাটি হেৰুৱাই, আন ৩৮৮ হেক্টৰ উৰ্বৰ ভূমি বালি পৰি অনুপযুক্ত  হৈ পৰিল। "আমি এতিয়া ৰবি শস্যৰ খেতি কৰিবলৈ যাব নোৱাৰো, কিয়নো আমাৰ মাটিবোৰ অতিকৈ বালিয়া হৈ পৰিছে। আমাৰ শীতকালৰ শস্যত পানী আৰু আমাক প্ৰচুৰ মাছ যোগান ধৰা জলাভূমিবোৰ এতিয়া বূলিৰে ভৰ্তি হৈ আছে" তামাঙে আমাক কয়। জীয়াই থকাৰ সংকট ইমান উচ্চ পৰ্যায়ত উপনীত হৈছে যে,  অঞ্চলটোৰ পৰা আন ৰাজ্যলৈ হোৱা প্ৰব্ৰজন শীৰ্ষত উপনীত হৈছে। আজিৰ তাৰিখত ৩০০ পৰিয়ালৰ ৫০৫ জন পুৰুষ, যুৱক, কিশোৰসহ ৪০ গৰাকী মহিলা যোৱা ৫-৭ বছৰত ভিতৰত চাকৰিৰ সন্ধানত আন ৰাজ্যলৈ প্ৰব্ৰজন কৰিছে।

যদিও কবু চাপৰি  পানীৰে পৰিবেষ্টিত হৈ আছে, তথাপিতো বাসিন্দাসকলে খোৱা পানী বাবে কষ্ট কৰিব লাগে। আমাৰ প্ৰশ্নৰ উত্তৰত তামাঙৰ পত্নীয়ে কৈছিল যে, মহিলাসকলে খোৱা পানী বিচাৰি কেইবা কিলোমিটাৰ খোজ কাঢ়িব লগা হয়। "আনকি গ্ৰীষ্মকালত যেতিয়া আমি পানীৰ মাজত বাস কৰোঁ তেতিয়াও খোৱা পানী আমাৰ বাবে সুলভ নহয়", তেখেতে কৈছিল।

খোৱা পানীৰ সমান্তৰালকৈ পৰিচ্ছন্নতা সম্পৰ্কীয় সমস্যাটো আমি ভুগি আছো। সংশ্লিষ্ট বিভাগ, পি্ আৰ্ আই্ , স্বায়ত্তশাসিত পৰিষদসমূহে স্থাপন কৰা দমকল আৰু শৌচাগাৰবোৰ বানপানীৰ সহাৱস্থান সম্পৰ্কীয় দিশটোৰ প্ৰতি লক্ষ্য নকৰাকৈ নিৰ্মাণ কৰাৰ ফলত নামমাত্ৰ কেইটামানহে এটা বাৰিষাৰ পৰা আনটো বাৰিষালৈকে টিকি থাকেগৈ। খোলা ঠাইতে মল-মূত্ৰ পৰিত্যাগ কৰিবলৈ বাধ্য হয়। মহিলাসকলে শৌচ কৰাৰ বাবে সুৰক্ষিত আৰু সুবিধাজনক স্থান বিচাৰি বহুদূৰ খোজ কাঢ়িব লগা হয়। যিটো তেখেতসকলৰ বাবে যথেষ্ট কঠিন কাম। তামাঙৰ পত্নীয়ে অভিযোগ কৰি কৈছিল।

 

 পৰিস্থিতিৰে মোকাবিলাৰ ৰণনীতি – আমি কি কৰিব পাৰোঁ

কবু চাপৰি হৈছে এক গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক সংবহন ক্ষেত্ৰ। বিশুদ্ধ বায়ুৰ একপ্ৰকাৰৰ হটস্পট। এটা মুখ্য বন্য কৰিডৰ হিচাপে ইয়াৰ গুৰুত্ব অতিকে বেছি। বিশেষকৈ হাতীৰ বাবে। গতিকে দ্বীপটোৰ সুৰক্ষা সংক্ৰান্তত ল'বলগীয়া যিকোনো পদক্ষেপই অতি সাৱধান আৰু গুৰুত্বসহকাৰে লোৱা উচিত। বিশেষকৈ অঞ্চলটোৰ জলবহন ক্ষমতাক প্ৰাধান্য প্ৰদান কৰাটো নিত্যান্তই আৱশ্যক।  

আৰভিচি,  দুৰ্যোগ ব্যৱস্থাপনা সমস্যাৰ সৈতে মোকাবিলা কৰাৰ দক্ষতা থকা সংগঠনবোৰৰ ভিতৰত এটা। সংগঠনটোৱো অত্যধিক বানপ্ৰৱণ অঞ্চলত কাম কৰে। ধেমাজি আৰু মাজুলী জিলাৰ কেইখনমান অত্যন্ত বানপ্ৰৱণ পঞ্চায়তত বিপদাশংকা-অৱগত গাঁও পঞ্চায়ত উন্নয়ন আঁচনি (আৰ আই-জিপিডিপি) প্ৰস্তুত আৰু প্ৰচাৰ কৰাৰ বাবে ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (এছআইপিআৰডি) সৈতে আৰভিচিক লগ কৰা হৈছিল। চিলে পঞ্চায়ত হৈছে এক অংশ যাৰ ভিতৰত কবু চাপৰিও অন্তৰ্গত।

যোৱা বছৰৰ (২০১৯) অক্টোবৰৰ পৰা, জিপি-পৰ্যায়ৰ বিপদাশংকা-অৱগত মানচিত্ৰৰ বাবে পিআৰআই সদস্য, সম্প্ৰদায়ৰ জ্যেষ্ঠ, মহিলা আত্মসহায়ক গোটৰ সৈতে আৰু দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাৰ আলোচনা আৰু বৈঠক আৰম্ভ কৰা হৈছে। গাঁও পঞ্চায়তৰ নেতৃত্ব আৰু ৰাইজৰ সৈতে কবু চাপৰিত অংশগ্ৰহণমূলক অনুশীলনৰ এক কাৰ্যক্ৰমনিকাও অনুষ্ঠিত কৰা হৈছিল। উক্ত অনুশীলনসমূহৰ পৰা উদ্ভৱ হোৱা বিষয় দুটা হৈছে, ১) সুৰক্ষিত খোৱা পানী আৰু অনাময়, ২) ঋতুস্ৰাৱৰ সৈতে সম্পৰ্কিত পৰিচ্ছন্নতা ।

আৰভিচিয়ে কেইবাটাও কম ব্যয়ৰ সুৰক্ষিত, বান-স্থিতিস্থাপক পানী আৰু অনাময় আন্তঃগাঁথনি উদ্ভাৱন কৰিছে। ২০০৫ চনৰে পৰা ধেমাজি, মাজুলী আৰু লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ অন্যান্য বানপানী অধ্যুষিত অঞ্চলত সংস্থাপন কৰা হৈছে। যেতিয়াই কবু চাপৰিৰ গাঁও পঞ্চায়তে এইধৰণৰ ব্যৱস্থাবোৰ বিচাৰিছিল তেতিয়াই আৰভিচিয়ে সমৰ্থন আগবঢ়াইছিল।