Alt
13 Sep 2023 2:21 PM

মাজুলীৰে বৈ যোৱা এখন অন্যতম নদী হ’ল লুইত৷ সোৱণশিৰিৰ বুকুৰে বৈ অহা লুইত নদীখন মাজুলীৰ জন-জীৱনৰ এক অপৰিহাৰ্য অংগ৷ অতীজৰে পৰা এই লুইত নদীৰ পাৰতেই মাজুলীৰ আচল নৈপৰীয়া জীৱন সংগ্ৰামৰ অলেখ কাহিনী সিঁচৰতি হৈ আছে৷ প্ৰকৃততে নদীদ্বীপ বুলি ক’লে মাজুলী সম্পৰ্কে যি ধাৰণা আমাৰ মনলৈ আহে, সেই ধাৰণাক এনেবোৰ কাৰকেই সমৃদ্ধ কৰি তোলা দেখা পোৱা যায়৷ এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে সোৱণশিৰিৰ অংগ লুইত নদীক বহুতে লোহিত নদী বুলিও ক’ব খোজে,কিন্তু ব্যৱহাৰিক  বা কথিত ভাষাৰ ক্ষেত্ৰত ইয়াক সচৰাচৰ লুইত বুলিয়েই কোৱা শুনিবলৈ পোৱা যায়৷

মাজুলী বুলি ক’লে পোনতে নদ-নদীৰ ধাৰণা এটাকে সকলোৱে গ্ৰহণ কৰে৷ ব্ৰহ্মপুত্ৰৰ পাছতেই লুইত নৈৰ পানীয়ে মাজুলীৰ অধিকাংশ ঠাই আগুৰি আছে৷ লুইত নদীক কেন্দ্ৰ কৰি মাজুলীৰ বুকুত সৰু-বৰ অলেখ নৈ-বিল তথা সৰু সৰু সুঁতিৰ সৃষ্টি হৈছে৷ তাৰে ভিতৰত এটা অন্যতম সুঁতি হৈছে সাৰজান সুঁতি৷ লুইত নদীয়েদি উজনিলৈ বৈ যোৱা এটি সুঁতি হৈছে সাৰজান সুঁতি৷ লুইত নদীৰ এটা সুঁতি নামনিৰ ঢেঁকীয়াজুলি, চিলাকলা গাঁও হৈ পুনৰ লুইত নদীত পৰিছেগৈ৷ তাৰে আনটো সুঁতি উজনিলৈ অৰ্থাৎ মধুপুৰ গাঁও হৈ ফুটুকী, সাৰজান, জালুকবাৰী হৈ বৈ গৈছে৷ এই সুঁতিটো মাজুলীৰ মূল নদী টুনী নৈৰে বৈ গৈ ব্ৰহ্মপুত্ৰ নদীত পৰিছেগৈ৷ পোনপ্ৰথমতে সাৰজান সুঁতিটো ব্ৰহ্মপুত্ৰৰে এটি সুঁতি আছিল৷ ১৯৫২ চনত হোৱা ভূমিকম্পৰ ফলতহে এই সুঁতিটো গৈ লুইত নদীৰ সৈতে সংযোজিত হৈছে৷ আহোম ৰজাৰ দিনত ৰজা-বিষয়াসকলে যেতিয়া মাজুলীলৈ বা লক্ষীমপুৰলৈ আহে তেতিয়া তেওঁলোকৰ যাতায়তৰ মূল উৎস আছিল সাৰজান নদী৷ বিশেষকৈ সৈন্য বাহিনী বা ৰাজবিষয়াসকল এই নদীয়েদি ভ্ৰমণ কৰিছিল৷ সাউদসকলে মাজুলীৰ মানুহৰ কাৰণে প্ৰয়োজনীয় সূতা, মাৰ্কিন কাপোৰ, নিমখ আৰু কেৰাচিন আনি আমাৰ ইয়াত উৎপাদন হোৱা মাহ আৰু সৰিয়হৰ বিনিময় প্ৰথা চলাইছিল৷ সাউদসকলে এই নদীয়েদি বেপাৰ কৰা কাৰণে এই গাঁওখনৰ নাম সাউদৰ জান বুলি জনা যায়৷ কালক্ৰমত সাউদৰ জানৰ পৰা অপভ্ৰংশ হৈ সাৰজান হয়গৈ৷

সাৰজান সুঁতিৰ পৰাই কালক্ৰমত একোটা বিস্তৃত অঞ্চলৰ জন্ম হয়৷ কিন্তু ইতিহাস লক্ষ্য কৰিলে দেখা পোৱা যায় যে সাৰজান সুঁতিৰ উৎপত্তিৰ আগেয়ে ইয়াৰ ভৌগোলিক অৱস্থিতি সম্পৰ্কে সঠিকভাৱে অনুমান পোৱা টান৷ সামগ্ৰিকভাৱে বিশ্লেষণ কৰিলে নিশ্চিতভাৱে আমি এই কথাত পতিয়ন যাৱই লাগিব যে নদীক কেন্দ্ৰ কৰিয়েই একোটা জন-জীৱন ব্যৱস্থাৰ পৰিবৰ্তন হয়৷ যাৰ বাবে আমি নদীকেই স্ৰষ্টা তথা নদীৰেই এক বিৰ্ৱতিত ৰূপ দেখিবলৈপাওঁ৷ লুইত নদীয়ে সৃষ্টি কৰা সাৰজান সুঁতিও ইয়াৰ অনুৰূপ৷ সাৰজান সুঁতিৰ পৰাই প্ৰথমে সাৰজান আৰু তাৰ পিছত সাৰজান গাঁৱৰ উৎপত্তি হৈছে৷ মধুপুৰ হৈ বৈ অহা সাৰজান সুঁতিয়ে কেইবাখনো গাঁওক সামৰি লৈছে৷ তাৎপৰ্যৰ কথা এইয়ে যে সাৰজান সুঁতিক কেন্দ্ৰ কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ এক সমন্বয় দেখিবলৈ পোৱা যায়৷ বিশেষকৈ ইয়াৰ উৎপত্তি কেন্দ্ৰ স্বৰূপ মধুপুৰে ফুটুকী, পুৰণিবাৰী, খাৰজান পাৰকে প্ৰমূখ্য কৰি বিভিন্ন জাতি জনগোষ্ঠী যেনে- মিচিং, বেংগলী, যোগী আদিৰ স্বকীয়তাই সকলোকে এক অসমীয়াৰ ডোলেৰে বান্ধি ৰাখিছে৷ আনহে নালাগে এই সাৰজান সুঁতিৰ পাৰতেই নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠা হোৱা দেখা যায়৷

উত্তৰৰ পৰা দক্ষিণলৈ বৈ যোৱা এই সাৰজান নদীৰ পাৰতেই ১৬৭১ চনত বদলা পদ্ম আতাৰ প্ৰিয় শিষ্য কৃষ্ণ আতায়ে সত্ৰ স্থাপন কৰে৷ বদলা পদ্ম আতাৰ নেতৃত্বত প্ৰতিষ্ঠা হোৱা সত্ৰ খনৰ নাম হ’ল- শ্ৰীশ্ৰী সাৰজান ন-সত্ৰ৷ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি প্ৰতিষ্ঠা কৰা সত্ৰখন সাৰজান সুঁতিৰ নামেৰেই নামকৰণ কৰা হয়৷ অৰ্থাৎ পৰৱত¹ সময়ত এই সাৰজান বিলৰ পাৰতেই সত্ৰীয়া সংস্কৃতিৰ আন এক স্থান বা অংশ সাৰজান ন-সত্ৰই সত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে৷ সত্ৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে অঞ্চলটোত জন-বসতিৰ স্থাপন হোৱা দেখিবলৈ পোৱা যায়৷ উল্লেখযোগ্য যে গড়মূৰ পঞ্চায়তৰ অন্তৰ্গত সাৰজান ন-সত্ৰ মাজুলীৰ মুঠ ৩৬ খন সত্ৰৰ ভিতৰৰ এখন উল্লেখযোগ্য সত্ৰ৷ ইতিমধ্যে গৃহস্থী পৰম্পৰাৰে সমৃদ্ধ সাৰজান ন-সত্ৰই  মাজুলীৰ সংস্কৃতিক বিশেষ মাত্ৰা প্ৰদান কৰি আছে৷

সময় বাগৰাৰ লগে লগে সাৰজান নদীৰ যথেষ্ট পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে৷ ই নিতান্তই স্বাভাৱিক৷ কিন্তু এই পৰিবৰ্তনে অঞ্চলটোত যে প্ৰভাৱ নেপেলাব, সেই কথাও নুই কৰিব নোৱাৰি৷ কিছুবছৰ আগলৈকে এই সাৰজান নদীখন চিৰ প্ৰৱাহিত হৈ আছিল৷ বিশেষকৈ বাৰিষা কালত এই নদীখনেৰে বিশেষকৈ ব্যৱসায়- বাণিজ্য কৰা হৈছিল৷ এই নদীখনৰ উৎপত্তিৰ পিছতেই মুদৈ সকলে মাজি নাওৰে আহি বিভিন্ন স্থানত বেপাৰ-বাণিজ্য কৰিছিল৷ এই সাৰজান সুঁতিটো বৰ্তমান মধুপুৰৰ গাঁৱৰ কাষেৰে গৈছে৷ ইয়াৰ পৰা গড়মূৰ সৰু-সত্ৰ গাঁৱৰ পিছফালেৰে আৰু চিতাদাৰৰ মাজেৰে গৈ বৰ্তমানৰ বালিচাপৰিৰ এটা সুঁতিত পৰিছেগৈ৷ আনহাতে  বাৰিষাকালত ব্ৰহ্মপুত্ৰৰ পৰা অহা বাঢ়নি পানীয়ে এই সুঁতিৰে আহি মধ্য মাজুলীৰ সমগ্ৰ অঞ্চলটোক জাৱৰ-জোঁথৰ সমূহৰ পৰা পৰিষ্কাৰ কৰি পেলায়৷ ব্ৰহ্মপুত্ৰৰ পৰা অহা পানীৰ লগত আহে পলস৷ পলস পৰাৰ কাৰণে মাটিৰ উৰ্বৰা শক্তি বেছি হোৱাৰ লগতে সমগ্ৰ অঞ্চলটো খেতিৰে উপচি পৰে৷ লগতে নদীখনত মাছ, কাছৰে উভৈনদী হৈ পৰাৰ লগতে বাৰিষা কালত শিহু পৰ্যন্ত দেখা পোৱা যায়৷ সাৰজান নদীত মাঘ বিহুৰ আগে আগে সমগ্ৰ অঞ্চলৰ পুৰুষ-মহিলা একত্ৰিত হৈ মাছ ধৰা প্ৰথাও উল্লেখনীয় ৷

যি কোনো উপাদানৰেই বিভিন্ন কাৰণত উত্থান-পতন দেখিবলৈ পোৱা যায়৷ সাৰজান নদীখনৰ ক্ষেত্ৰতো তেনে কাৰকে ক্ৰিয়া নকৰা নহয়৷ গড়মূৰ, জেংৰাইমুখ পথ আৰু কমলাবাৰী-বনগাঁও পথ নিৰ্মাণ কৰাৰ ফলত নদীখনৰ প্ৰৱাহমান গতি সম্পূৰ্ণ পৰিমাণে বন্ধ হোৱাৰ উপক্ৰম ঘটিছে৷ শেহ¸তীয়াকৈ নদীখন মাজে মাজে বাম হোৱাৰ কাৰণে কেইবাটাও ডোবাৰ সৃষ্টি হ’ল৷ কালক্ৰমত এই নদীখন বিললৈ পৰিবৰ্তন হ’ল৷ বাৰিষাকালত গোটেই নদীখনত পানী থাকে যদিও খৰালি কালত বহু অংশ শুকাই যোৱা দেখা যায়৷ বৰ্তমান মধুপুৰৰ পৰা ফুটুকীৰ এক অংশ, সাৰজান, জালুকবাৰী, মৰিটুনীৰ অংশলৈকে গোটেই বছৰ জুৰি পানী জমা হৈ থাকে কাৰণে এই নদীখনক চৰকাৰী ডাকত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ভৱিষ্যতেও সাৰজান সুঁতিক উপযুক্তভাৱে সংৰক্ষণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে৷


তথ্য দাতা : শ্ৰী নিত্যানন্দ শইকীয়া (অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক), শ্ৰী মাখন শইকীয়া (অৱসৰ প্ৰাপ্ত সহ শিক্ষক)৷

State: Assam